ভাৰতীয় কণ্ঠশিল্পী
১৭৯ প্ৰবন্ধ
-
নিৰ্মলা মিশ্ৰ
নিৰ্মলা মিশ্ৰ (নির্মলা মিশ্র; ২১ অক্টোবৰ ১৯৩৮-৩১ জুলাই ২০২২) এগৰাকী বিশিষ্ট বঙালী আধুনিক গীত আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তেওঁৰ অৱদানৰ তালিকাত অসংখ্য চিৰসেউজ গীত আছে।
-
কল্পনা পাটোৱাৰী
কল্পনা পাটোৱাৰী (Kalpana Patowary) অসমৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও বলীউডৰ লগতে অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে।
-
কুণাল গাঞ্জাৱালা
কুণাল গাঞ্জাৱালা (કુણાલ ગાંજાવાલા, Kunal Ganjawala) (জন্ম: ১৪ এপ্ৰিল, ১৯৭২) হৈছে এজন ভাৰতীয় নৱাগত নেপথ্য গায়ক কাম কৰি আছে। তেওঁ হিন্দী, কান্নাড়া, তামিল, তেলেগু, মাৰাঠী, বঙালী, অসমীয়া, ওড়িয়া, মালয়ালম, পঞ্জাবী আৰু উৰ্দু আদি ভাৰতৰ বিভিন্ন ভাষাৰ গানত কণ্ঠদান কৰিছে।
-
জংকী বৰঠাকুৰ
জংকী বৰঠাকুৰ (১ অক্টোবৰ ১৯৭৫-১২ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী আছিল যিয়ে অসমীয়া আৰু হিন্দী ভাষাত গান গাইছিল। তেওঁ কপিল ঠাকুৰৰ জীয়ৰী আৰু পালমী বৰঠাকুৰৰ ভগ্নী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গ এজন গায়ক আৰু অভিনেতা।
-
সন্ধ্যা মুখাৰ্জী
সন্ধ্যা মুখাৰ্জী অথবা সন্ধ্যা মুখোপাধ্যায়, (Sandhya Mukherjee; ৪ অক্টোবৰ ১৯৩১-১৫ ফেব্ৰুৱাৰী ২০২২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ১৯৩১ চনৰ ৪ অক্টোবৰত তেওঁ কলকাতাত জন্মগ্ৰহণ কৰে। ২০১১ চনত পশ্চিমবঙ্গৰ সৰ্বোচ্চ অসামৰিক সন্মান বঙ্গবিভূষণ লাভ কৰে।
-
সুৰেশ ৱাডকৰ
সুৰেশ ঈশ্বৰ ৱাডকৰ (Suresh Ishwar Wadkar; सुरेश वाडकर; জন্ম ৭ আগষ্ট ১৯৫৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৫৫ চনৰ ৭ আগষ্ট তাৰিখে কোলাহপুৰত তেওঁ জন্মগ্ৰহণ কৰে৷ তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী ভাষাৰ চলচ্চিত্ৰত গীত গায়।
-
গিৰিজা দেৱী
গিৰিজা দেৱী (৮ মে' ১৯২৯ – ২৪ অক্টোবৰ ২০১৭) এগৰাকী বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ চেনিয়া আৰু বেনাৰছ ঘৰণাৰ শিল্পী আছিল। তেওঁ শাস্ত্ৰীয় আৰু উপ-শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান কৰিছিল।
-
পণ্ডিত যশৰাজ
পণ্ডিত যশৰাজ (২৮ জানুৱাৰী ১৯৩০ – ১৭ আগষ্ট ২০২০) প্ৰায় আঠ দশক জোৰা তেওঁৰ সাংগীতিক জীৱনত বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁ মূলতঃ শাস্ত্ৰীয় আৰু অৰ্ধ শাস্ত্ৰীয় গীতসমূহ বহুতো এলবাম আৰু চলচ্চিত্ৰত সিঁচৰতি হৈ আছে।
-
ৰচুলন বাঈ
ৰচুলন বাঈ (Rasoolan Bai; ১৯০২- ১৫ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় শীৰ্ষস্থানীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আছিল। বেনাৰচ ঘৰানাৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল আৰু 'তপ্পা' আৰু থুমৰীৰ এটা বিভাগ 'পূৰব অংগ'ত তেওঁ বিশেষত্ব অৰ্জন কৰিছিল।
-
ৰবীন্দ্ৰ জৈন
ৰবীন্দ্ৰ জৈন (Ravindra Jain, रवीन्द्र जैन, ২৮ ফেব্ৰুৱাৰী ১৯৪৪ – ৯ অক্টোবৰ ২০১৫) এগৰাকী ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী। ১৯৭০ৰ দশকৰ পৰা তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেওঁ কম্পোজ কৰা জনপ্ৰিয় ছবিসমূহ হৈছে- 'ছোৰ মাচায়ে শোৰ' (১৯৭৪), 'গীত গাতা চল' (১৯৭৫), 'চিচোৰ' (১৯৭৬) আৰু 'আঁখিওঁ কে…
-
অনিন্দিতা পাল
অনিন্দিতা পাল (ইংৰাজী: Anindita Paul) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইটা অসমীয়া শ্ৰব্য এলবামত কণ্ঠদান কৰিছে। দীনবন্ধু চলচ্চিত্ৰৰ ক'ৰ এজাক সপোন যেন বৰষুণ গীতটিৰ বাবে তেওঁ জ্যোতিৰূপা বঁটা আৰু প্ৰাগ চিনে বঁটা লাভ কৰে।
-
আৰতি মুখাৰ্জী
আৰতি মুখাৰ্জী ( Aarti Mukherjee; জন্ম: ১৯৪৩) এগৰাকী ভাৰতীয় বঙালী গায়িকা। তেওঁ বিভিন্ন ভাষাত গীত গাইছে। মূলতঃ তেওঁ বঙালী চলচ্চিত্ৰ আৰু আধুনিক গীত গোৱাৰ বাবে বিখ্যাত।
-
টুন টুন
টুন টুন বা উমা দেৱী খাত্ৰি (Tun Tun, ১১ জুলাই ১৯২৩ – ২৪ নৱেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। টুন টুন তেওঁৰ ৰূপালীপৰ্দাৰ নাম। তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰথম কৌতুক অভিনেত্ৰী আখ্যা দিয়া হয়।
-
পদ্মিনী কোলহাপুৰী
পদ্মিনী কোলহাপুৰী (Padmini Kolhapure; ১ নবেম্বৰ ১৯৬৫) মূলতঃ হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ ১৯৭২ চনত সাত বছৰ বয়সত শিশুশিল্পী ৰূপে জিদ্দী (১৯৭৬) আৰু ড্ৰীমগাৰ্ল্ (১৯৭৭) ছবিৰে অভিনয় জগতত প্ৰবেশ কৰে।
-
প্ৰীতম চক্ৰৱৰ্তী
প্ৰীতম চক্ৰৱৰ্তী (Pritam Chakraborty; জন্ম: ১৪ জুন ১৯৭১) জনপ্ৰিয়ভাৱে প্ৰীতম নামেৰেও পৰিচিত৷ তেওঁ এজন ৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাৰতীয় সুৰকাৰ, বাদ্যযন্ত্ৰবাদক, সংগীত প্ৰযোজক আৰু গায়ক।
-
বাদশ্বাহ
আদিত্য প্ৰতীক সিং (১৯ নৱেম্বৰ ১৯৮৪ জন্ম) বাদশ্বাহ নামত অধিক জনাজাত, এজন ভাৰতীয় ৰেপাৰ, গায়ক, গীতকাৰ, সংগীত প্ৰযোজক, দূৰদৰ্শন ব্যক্তিত্ব আৰু ব্যৱসায়ী। তেওঁ হিন্দী, পঞ্জাবী, ইংৰাজী আৰু হাৰিয়াণভী ভাষাত গান গাইছে।
-
বাপ্পী লাহিড়ী
আলোকেশ লাহিড়ী (Alokesh Lahiri) (জন্ম ২৭ নৱেম্বৰ ১৯৫২ - ১৬ ফেব্ৰুৱাৰী ২০২২) এজন ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক আছিল। তেওঁ বাপ্পী লাহিড়ী নামেৰে জনাজাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰত সমন্বিত ডিস্কো সংগীতক জনপ্ৰিয় কৰি তুলিছিল আৰু নিজৰ কিছুসংখ্যক সৃষ্টিত কণ্ঠদান কৰিছিল।
-
মোনালী ঠাকুৰ
মোনালী ঠাকুৰ (জন্ম: ৩ নৱেম্বৰ, ১৯৮৫) এগৰাকী ভাৰতীয় সংগীত শিল্পী আৰু অভিনেত্ৰী। তেওঁ বৰ্তমানলৈকে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
শ্যামল মিত্ৰ
শ্যামল মিত্ৰ (Shyamal Mitra, ১৪ জানুৱাৰী ১৯২৯-১৫ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় বহুমুখী প্ৰতিভাৰ নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক আছিল। বঙালী সঙ্গীত উদ্যোগৰ সোণালী সময়চোৱাৰ তেওঁ প্ৰসিদ্ধ ব্যক্তিত্ব আছিল। তেওঁৰ বেৰিটোন কণ্ঠত বহুমাত্ৰিক আবেগৰ প্ৰতিফলন ঘটিছিল।
-
আদেশ শ্ৰীবাস্তৱ
আদেশ শ্ৰীবাস্তৱ (৪ ছেপ্টেম্বৰ ১৯৬৬ – ৫ ছেপ্টেম্বৰ ২০১৫) এজন ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক আছিল। সমগ্ৰ কৰ্মজীৱনত তেওঁ এশখনতকৈও বেছি হিন্দী বোলছবিত সংগীত দিছিল। জবলপুৰৰ এক কায়স্থ হিন্দু পৰিয়ালত জন্মলাভ কৰা শ্ৰীবাস্তৱে ১৯৯৩ চনত কন্যাদান ছবিত সংগীত পৰিচালনা কৰাৰ সুযোগ লাভ কৰে।
-
আৰমান মালিক
আৰমান মালিক (Armaan Malik; জন্ম ২২ জুলাই ১৯৯৫) এজন প্ৰতিভাৱান নৱাগত ভাৰতীয় সংগীত শিল্পী। প্ৰথমে তেওঁ ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ টিছিৰিজৰ লগত চুক্তিবদ্ধ।
-
গংগুবাঈ হংগল
গংগুবাঈ হংগল (Gangubai Hangal, ৫ মাৰ্চ ১৯১৩ - ২১ জুলাই ২০০৯) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ। তেওঁ কৰ্ণাটকৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ এগৰাকী কণ্ঠশিল্পী আছিল। তেওঁ তেওঁৰ গভীৰ আৰু শক্তিশালী কণ্ঠৰ বাবে জনাজাত আছিল। গংগুবাঈ হংগল হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ কিৰানা ঘৰাণাৰ লগত জড়িত আছিল।
-
গৌহৰ জান
গৌহৰ জান (Gauhar Jaan, জন্ম: এঞ্জেলিনা ইয়োৱাৰ্ড; ২৬ জুন ১৮৭৩ – ১৭ জানুৱাৰী ১৯৩০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু নৃত্যশিল্পী আছিল। তেওঁ ভাৰতৰ ৭৮ আৰপিএম ৰেকৰ্ডত সংগীত ৰেকৰ্ড কৰা প্ৰথম প্ৰদৰ্শনকাৰীসকলৰ ভিতৰত অন্যতম আছিল। এয়া পিছলৈ গ্ৰামোফোন কোম্পানীৰ দ্বাৰা মুকলি কৰা হৈছিল।
-
জদ্দনবাঈ
জদ্দনবাঈ হুছেইন ( Jaddanbai Hussain, ১৯৯২-৮ এপ্ৰিল ১৯৪৯, বৃত্তিগত নাম জদ্দনবাঈ) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সঙ্গীত পৰিচালক, অভিনেত্ৰী, ছবি নিৰ্মাতা আৰু ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম অগ্ৰদূত। সৰস্বতী দেৱীৰ সৈতে তেওঁক একেলগে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা সঙ্গীত পৰিচালক বুলি গণ্য কৰা হয়।
-
জুবিন নৌটিয়াল
জুবিন নৌটিয়াল (জন্ম: ১৪ জুন ১৯৮৯) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু সংগীত পৰিবেশক। ২০২২ চনৰ জুন মাহত তেওঁ “ৰাতাঁ লাম্বিয়াঁ” গীতটোৰ বাবে “নেপথ্য কণ্ঠশিল্পী (পুৰুষ)”ৰ বাবে আইফা বঁটা লাভ কৰে।
-
মোহিত চৌহান
মোহিত চৌহান (Mohit Chauhan) ৰোমাণ্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
সিদ্ধেশ্বৰী দেৱী
সিদ্ধেশ্বৰী দেৱী (Siddheswari Devi; ১৯০৮ – ১৮ মাৰ্চ ১৯৭৭) বাৰাণসীৰ এগৰাকী কিংৱদন্তী হিন্দুস্তানী সংগীতৰ কণ্ঠশিল্পী আছিল। তেওঁক 'মা' বুলিও জনা গৈছিল। তেওঁৰ জন্ম ১৯০৮ চনত হৈছিল আৰু অতি কম বয়সতে মাক-দেউতাকক হেৰুৱাইছিল। তেওঁক ডাঙৰ দীঘল কৰে মাহীয়েক ৰাজেশ্বৰী দেৱীয়ে, যি এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী আছিল।
-
সীমান্ত শেখৰ
সীমান্ত শেখৰ (Simanta Shekhar, জন্ম: ১৮ মে' ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ। সীমান্ত শেখৰৰ সংগীত শৈলী মূলতঃ লোক সংযোজন আৰু ইণ্ডি-পপেৰে গঠিত আৰু তেওঁৰ অসমীয়া একক এলবাম গীতৰ বাবে সুপৰিচিত।
-
হৰিহৰণ (গায়ক)
হৰিহৰণ অনন্ত সুব্ৰমণি ( Hariharan Anantha Subramani; জন্ম ৩ এপ্ৰিল ১৯৫৫) এগৰাকী ভাৰতীয় প্লেবেক গায়ক, ভজন আৰু গজল গায়ক যিয়ে মূলতঃ তামিল, মালয়ালম, হিন্দী, কানাড়া আৰু তেলেগু ভাষাত গীত গায়।
-
ৰেখা ভৰদ্বাজ
ৰেখা ভৰদ্বাজ (Rekha Bhardwaj, জন্ম: ২৪ জানুৱাৰী ১৯৬৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী ভাষাৰ উপৰিও বঙালী, মাৰাঠী, পঞ্জাবী আৰু মালায়ালম ভাষাতো গান গাইছে। তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত দুটাকৈ ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।