মোনালী ঠাকুৰ (জন্ম: ৩ নৱেম্বৰ, ১৯৮৫) এগৰাকী ভাৰতীয় সংগীত শিল্পী আৰু অভিনেত্ৰী। তেওঁ বৰ্তমানলৈকে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ২০১৫ চনৰ "দম লগা কে হাইচ্ছা" বোলছবি খনৰ "মোহ মোহ কে ধাগে" শীৰ্ষক গীতৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা ২০১৫ আৰু ২০১৩ চনৰ "লুটেৰা" বোলছবিৰ "সৱাৰ লু" গীতৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটা লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
কলকাতাৰ এটি সংগীতময় বাঙালী পৰিয়ালত মোনালী জন্ম হৈছিল। তেওঁৰ পিতৃ শক্তি ঠাকুৰ এজন বাঙালী গায়ক।১ তেওঁৰ ভনীয়েক গৰাকীয়ো এগৰাকী নেপথ্য সংগীত শিল্পী।২ তেওঁ পণ্ডিত জগদীশ প্ৰসাদ আৰু পণ্ডিত অজয় চক্ৰৱৰ্তীৰ ওচৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল।৩ লগতে তেওঁ হিপ-হপ, চালচা আৰু ভাৰতনাট্যমৰ নৃত্য শিকে।৪
মোনালীয়ে স্কুল, কলেজৰ বিভিন্ন প্ৰতিযোগিতা আৰু স্থানীয় অনুষ্ঠানত নিজৰ কলা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে।৫ তেওঁ ১৪ বছৰ বয়সতে"শ্ৰী ৰামকৃষ্ণ" ধাৰাবাহিকৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ"আনন্দলোক বঁটা" লাভ কৰিছিল।৩ টিভি ৰিয়েলিটি শ্ব"ইণ্ডিয়ান আইডল-২" প্ৰতিযোগিতাত নৱম স্থান লাভ কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল।৬
কৰ্মজীৱন

ইণ্ডিয়ান আইডলত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো সংগীতৰ জগতত খোপনি পুতিবলৈ তেওঁক অশেষ কষ্ট কৰিব লগীয়া হৈছিল। পিছলৈ তেওঁ সংগীত নিদেৰ্শক প্ৰীতম চক্ৰৱৰ্তীৰ পৰা বলিউডৰ বোলছবি"ৰেচ"ৰ বাবে দুটা গীত গোৱাৰ সুযোগ পায়।৬১ তেওঁ গোৱা"জাৰা জাৰা তাচ মি" গীতটি ২০০৮ চনত সংঘাতিকভাৱে জনপ্ৰিয় হৈছিল আৰু ৰেডিঅত বজোৱা শ্ৰেষ্ঠ গীতৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছিল।৭ এই গীতটিৰ বাবে তেওঁ আই.আই. এফ.এ. শ্ৰেষ্ঠ নেপথ্য গায়িকা বঁটা আৰু অপ্সৰা শ্ৰেষ্ঠ নেপথ্য গায়িকা বঁটালৈ মনোনীত হৈছিল।
দুবছৰৰ বাবে তেওঁ জী বঙালীৰ ৰিয়েলিটি শ্ব"বাঙালী সা ৰে গা মা পে লিটিল চেম্প"ৰ বিচাৰকৰ এখন শুৱনি কৰিছিল।৪৮ তেওঁ বঙালী শ্ব"কে হবে বিগগেষ্ট ফেন"৮ আৰু এম টিভি কক ষ্টুডিওৰো অংশ আছিল।৯১০১১ তেওঁ ২০১৫ চনৰ"দম লগা কে হাইচ্ছা" বোলছবি খনৰ"মোহ মোহ কে ধাগে" শীৰ্ষক গীত ৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা ২০১৫ আৰু ২০১৩ চনৰ"লুটেৰা" বোলছবিৰ"সৱাৰ লু" গীতৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটা লাভ কৰিছিল।
অভিনয়
শিশুশিল্পী হিচাপে তেওঁ বঙালী টিভি ধাৰাবাহিক আলোকিত এক ইন্দুত অভিনয় কৰিছিল। ইয়াত তেওঁ প্ৰধান চৰিত্ৰ 'ইন্দুবালা'ৰ ভূমিকাত অভিনয় কৰিছিল।১২ তাৰ পিছত তেওঁ তন্মধ্যে সুদেষ্ণা ৰায়ৰ ফাগুনে আগুন অভিনয় কৰিছিল।১৩কৃষ্ণকান্তেৰ উইল বোলছবিৰ জৰিয়তে তেওঁ বঙালী ছবি জগতত প্ৰৱেশ কৰে।১৪১৫ ২০১৪ চনত তেওঁ নাগেশ কুঙ্কুনোৰ বলিউড চলচ্চিত্ৰ লক্ষ্মীত অভিনয় কৰে।১৬ এই চলচ্চিত্ৰ মানৱ দেহ সৰবৰাহকাৰী আৰু শিশু বেশ্যা বিষয়ক কাহিনীৰ ভিত্তিত তৈয়াৰী। ইয়াত তেওঁ এগৰাকী ১৫ বছৰীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে যি মানৱ দেহ সৰবৰাহ কৰি চক্ৰৰ কৱলত পৰে।১৭
অভিনীত বোলছবি
| চন | বোলছবি | চৰিত্ৰ | উল্লেখ |
|---|---|---|---|
| ২০০৭ | কৃষ্ণকান্তেৰ উইল | ভ্ৰমৰ | প্ৰথম বঙালী বোলছবি |
| ২০১৪ | লক্ষ্মী | লক্ষ্মী | |
| ২০১৪ | মেঙ্গ | কাম চলি আছে | |
| ২০১৪ | পিকে | কাশ্মীৰী ছোৱালী | অতিথি শিল্পী |
বঁটা আৰু মনোনয়ন
| বৰ্ষ | শিতান | গীত আৰু বোলছবি | ফলাফল |
|---|---|---|---|
| ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |||
| ২০১৫ | শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | "মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) | |
| ফিল্মফেয়াৰ বঁটা | |||
| ২০১৪ | শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ফিল্মফেয়াৰ বঁটা | "সৱাৰ লু" (লুটেৰা) | |
| ২০১৬ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | "মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) | |
| স্ক্ৰীন এৱাৰ্ড | |||
| ২০১৪ | শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ স্ক্ৰীন এৱাৰ্ড | "সৱাৰ লু" (লুটেৰা) | |
| ২০১৬ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | "মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) | |
| আন্তৰাষ্ট্ৰীয় ভাৰতীয় বোলছবি একাডেমী বঁটা | |||
| ২০০৯ | শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ আই আই এফ এ বঁটা | "জাৰা জাৰা তাচ মি" (ৰেচ) | |
| ২০১৪ | শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ আই আই এফ এ বঁটা | "সৱাৰ লু" (লুটেৰা) | |
| ২০১৬ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) | |
| জী চিনে এৱাৰ্ড | |||
| ২০১৪ | শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ জী চিনে এৱাৰ্ড | "সৱাৰ লু" (লুটেৰা) | |
| ২০১৬ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) | |
| টাইমচ অব ইণ্ডিয়া ফিল্ম এৱাৰ্ড | |||
| ২০১৬ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) | |
| গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী এৱাৰ্ড | |||
| ২০১৪ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | "সৱাৰ লু" (লুটেৰা) | |
| ২০১৬ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) | |
| মিৰচী মিউজিক এৱাৰ্ড | |||
| ২০১৪ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | ""সৱাৰ লু" (লুটেৰা) Loon" (Lootera) | |
| ২০১৬ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) | |
| ষ্টাৰ গিল্ড এৱাৰ্ড | |||
| ২০০৯ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | "জাৰা জাৰা তাচ মি" (ৰেচ) | |
| ২০১৪ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | "সৱাৰ লু" (লুটেৰা) | |
| ২০১৬ | শ্ৰেষ্ঠ নেপথ্য গায়িকা | ""মোহ মোহ কে ধাগে" (দাম লগা কে হাইচ্ছা) |
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Pavithran, Eva."Oomph In Her Voice", Verve magazine, Volume 16, Issue 5, May, 2008
- ↑ "Monali Thakur out of Idol race! ", Telly Chakkar, 7 February 2006
- ↑ Mohua Das. (4 January 2007). The Telegraph – Calcutta: Metro. Telegraphindia.com
- ↑ (12 July 2013). Singing is like acting: Monali Thakur – Times Of India. Articles.timesofindia.indiatimes.com
- ↑ Shruti, I.L."Katrina liked my voice", The Deccan Herald, 26 August 2008
- ↑ (15 September 2009). Language no bar – DNA – English News & Features – Lifestyle & Leisure. dnasyndication.com<
- ↑ "And the most popular songs playing on radio are...; AirCheck India takes stock ", exchange4media News Service, 5 July 2008
- ↑ (3 September 2010). Pep & Fizz. Indian Express
- ↑ Monali Thakur. Coke Studio India
- ↑ We are very happy together, says Meiyang Chang
- ↑ Monali Thakur has been my anchor & support: Chang
- ↑ AMRITA ROYCHOUDHURY, TNN. (December 14, 2007). 'I was sidelined in Krishnakanter Will' – Times of India. Articles.timesofindia.indiatimes.com
- ↑ Mohua Das. (January 4, 2007). The Telegraph – Calcutta: Metro. Telegraphindia.com
- ↑ (April 4, 2013). Singer Monali Thakur in Nagesh Kukunoor's next. Indian Express
- ↑ Reshmi Sengupta. (December 2, 2007). The Telegraph – Calcutta: Entertainment. Telegraphindia.com
- ↑ (April 26, 2013). Working with Nagesh Sir was like going back to school: Monali Thakur – Times Of India. Articles.timesofindia.indiatimes.com
- ↑ (June 11, 2013). Actress needs to live a disciplined life: Monali Thakur – Times Of India. Articles.timesofindia.indiatimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোনালী ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৭২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।