সীমান্ত শেখৰ (Simanta Shekhar, জন্ম: ১৮ মে' ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক। তেওঁ বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ।১ সীমান্ত শেখৰৰ সংগীত শৈলী মূলতঃ লোক সংযোজন আৰু ইণ্ডি-পপেৰে গঠিত আৰু তেওঁৰ অসমীয়া একক এলবাম গীতৰ বাবে সুপৰিচিত। তেওঁৰ প্ৰথমটো ৰেকৰ্ডিং কৰা মূলসুঁতিৰ গীত 'তৰা দৈ' জনপ্ৰিয় হিট হৈছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৮২ চনৰ ১৮ মে' তাৰিখে অসমৰ নলবাৰী জিলাৰ টিহুত সীমান্ত বৰ্মন হিচাপে সীমান্ত শেখৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দয়া ৰাম বৰ্মন আৰু মাতৃ আৰাতি বৰ্মন।২ স্কুলীয়া দিনৰ পৰাই তেওঁ গায়ক হ’ব বিচাৰিছিল। তেওঁ টিহু হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তাৰপিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্মাচিউটিকেল ছায়েন্স বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল।
কৰ্মজীৱন
২০১৩ চনত কোক ষ্টুডিঅ’ (ভাৰত)ৰ পঞ্চম খণ্ডত সীমান্ত শেখৰে বিখ্যাত ট্ৰেক ‘ঝুমূৰ’ত, সহযোগী গায়ক অংগৰাগ মহন্ত আৰু দুলাল মানকিৰ সৈতে কণ্ঠ দিছিল আৰু লগতে অভিনয় কৰিছিল। পখিলাকে আদি কৰি তেওঁ কেইবাখনো অসমীয়া বোলছবিত অভিনয় কৰিছে। শেখৰৰ সংগীতৰ বহুখিনি সফল আৰু জনপ্ৰিয় বুলি বিবেচিত হৈছে। তেওঁৰ উল্লেখযোগ্য গীতসমূহ হৈছে: গাঞ্জা লিয়া,৩ লৈ আনিছোঁ কেমেৰা, মুৰ বেবে, ডেগাৰ মাৰি মৰি যাম, বিউটি বেটেৰা, মোৰ বাবে তুমি, জিলেলে জিলেলে আৰু বিহুৰ সৈতে সংযোজন কৰা দেখা এক খ্যাব ইত্যাদি।
সীমান্ত শেখৰে বিশ্বৰ বিভিন্ন ঠাইৰ কনচাৰ্টত কণ্ঠদান কৰিছে। ইউনাইটেড আছাম এছ'চিয়েচন অৱ দ্য ইউনাইটেড কিংডমৰ দ্বাৰা আয়োজিত বাৰ্ষিক দুদিনীয়া অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিল।৪ সহজ পৰব- বাংলা মূল সংগীত উৎসৱটো যোগদান কৰিছিল।৫ তেওঁ গুৱাহাটীৰ ফাৰ্ষ্ট ডাইৰেক্ট হেয়াৰ ইমপ্লাণ্টেচন ক্লিনিকৰ দৰে কামকো সমৰ্থন কৰিছে।৬ সা ৰে গা মা পা বাংলা গ্ৰেণ্ড ফাইনেলত তেওঁ বিহু আৰু বলীউডৰ সংযোজন উপস্থাপন কৰিছিল আৰু বাংলা অনুৰাগীক আকৰ্ষণ কৰিছিল।
ব্যক্তিগত জীৱন
সীমান্ত শেখৰে প্ৰীতি কংগনাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰীতি কংগনা এগৰাকী প্ৰাক্তন মডেল আৰু জনপ্ৰিয় অসমীয়া অভিনেত্ৰী। তেওঁলোকৰ এজন পুত্ৰ আৰু তেওঁৰ নাম কাব্যিক শেখৰ। তেওঁলোকে গুৱাহাটীত বসবাস কৰে।২
গীতৰ তালিকা
এলবাম
| বছৰ | এলবাম | গীত | সুৰকাৰ | সহ শিল্পী | Ref. |
|---|---|---|---|---|---|
| ২০১৬ | সীমন্তজ ইণ্ডি | "জিলে জিলেলে" | সীমান্ত শেখৰ | বৰ্ণালী কলিতা | |
| "ডেগাৰ মাৰি" |
নেপথ্য সংগীত
| বছৰ | বোলছৱি | গীত | সুৰকাৰ | সহ শিল্পী | ভাষা | উৎস |
|---|---|---|---|---|---|---|
| ২০১৭ চনত | পুৰব কি আৱাজ | "লুইতপৰীয়া" | অজয় ফুকন, হিতেশ বৰুৱা | প্ৰিয়ংকা, মাধুৰী গগৈ, অজয়, ৰিচি | হিন্দী |
তথ্যসূত্ৰ
- ↑ Coke Studio fame Simanta Shekhar's folk fusion of Bappi Lahiri's number a big success. Orissa Diary
- ↑ Simanta Shekhar: Most Professional Singer. All About Assam
- ↑ (9 December 2014). Simanta Shekhar set to release music album 'Gaanja Liya'. India TV News
- ↑ Sahaj Parab — A gala fest of Bengal's root music. Times of India
- ↑ Goswami, Nina. Talent and fundraising take centre stage at Assam Day 2013. Assam Times
- ↑ (14 October 2015). North East Briefcase. The Shillong Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমান্ত শেখৰ” প্ৰবন্ধৰ সংশোধন ৬১৭৮৭১ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।