অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গিৰিজা দেৱী

গিৰিজা দেৱী (৮ মে' ১৯২৯ – ২৪ অক্টোবৰ ২০১৭) এগৰাকী বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ চেনিয়া আৰু বেনাৰছ ঘৰণাৰ শিল্পী আছিল। তেওঁ শাস্ত্ৰীয় আৰু উপ-শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান কৰিছিল।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২০ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

গিৰিজা দেৱী (৮ মে' ১৯২৯ – ২৪ অক্টোবৰ ২০১৭) এগৰাকী বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ চেনিয়া আৰু বেনাৰছ ঘৰণাৰ শিল্পী আছিল। তেওঁ শাস্ত্ৰীয় আৰু উপ-শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান কৰিছিল। শাস্ত্ৰীয় সংগীৰ এটি ভাগ থুমৰী সংগীতৰ লোকপ্ৰিয়কৰণত তেওঁৰ অপৰিসীম অৱদান আগবঢ়াইছিল। সেয়ে তেওঁক থুমৰীৰ ৰাণী উপমাৰে বিভূষিত কৰা হৈছে। শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৬ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটা প্ৰদান কৰে।

২০১৭ চনৰ ২৪ অক্টোবৰৰ নিশা কলিকতাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰাৰম্ভিক জীৱন

১৯২৯ চনৰ ৮ মে তাৰিখে ব্ৰিটিছ ইণ্ডিয়াৰ অন্তৰ্গত ইউনাইটেড প্ৰভিন্সৰ বেনাৰছত তেওঁৰ জন্ম হৈছিল। বৰ্তমান এই ঠাই উত্তৰ প্ৰদেশৰ বাৰাণসী বুলি জনা যায়। তেওঁৰ পিতৃ ৰামদেও ৰায় এজন জমিনদাৰ আছিল।১ তেওঁৰ পিতৃয়ে হাৰমনিয়াম বজাইছিল আৰু সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। গিৰিজায়ে পাঁচ বছৰ বয়সৰে পৰা বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী আৰু সাৰেংগী বাদক সৰজু প্ৰসাদ মিশ্ৰৰ ওচৰত খেয়াল আৰু তাপ্পা শিকিছিল।২ মাত্ৰ ন বছৰ বয়সতে তেওঁ "য়াদ ৰহে" বোলছবিত অভিনয় কৰিব সুযোগ পাইছিল। তাৰ পিছত তেওঁ শ্ৰী চান্দ মিশ্ৰৰ ওচৰত বিভিন্ন শৈলীৰ সংগীতৰ শিক্ষা গ্ৰহণ কৰে।২

কৰ্ম জীৱন

২০০৬ চনত গিৰিজা দেৱী
২০০৬ চনত গিৰিজা দেৱীছবি: Aparna from Pune, India · CC BY-SA 2.0

গিৰিজা দেৱীয়ে ১৯৪৯ চনত আকাশবাণী এলাহাবাদত অনুষ্ঠান পৰিবেশন কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৪৬ চনত এজন ব্যৱসায়ীৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ৰাজহুৱা অনুষ্ঠানত পৰিবেশন নকৰিবলৈ তেওঁ মাক আৰু আইতাকৰ পৰা বাধাৰ সন্মুখীন হৈছিল। সেই সময়ত পাৰম্পৰিক নীতি মতে উচ্চ বৰ্ণৰ মহিলা সলকে ৰাজহুৱাকৈ অনুষ্ঠান পৰিবেশন কৰাত নিষেধ আছিল।১২৩ গিৰিজায়ে এই নীতি মানি ললে যদিও পিছলৈ ১৯৫১ চনত বিহাৰত প্ৰথম ৰাজহুৱা অনুষ্ঠানত পৰিবেশন কৰিলে।২ তেওঁ ১৯৬০ৰ দশকলৈ শ্ৰী চান্দ মিশ্ৰৰ মৃত্যুৰ লৈকে গিৰিজায়ে তেওঁৰ ওচৰত শিক্ষা লাভ কৰি আছিল। তাৰ পিছত ১৯৮০ৰ দশকত তেওঁ কলকাতাৰ আইটিচি সংগীত গৱেষণা প্ৰতিষ্ঠানত অধ্যাপক হিচাপে যোগ দিয়ে। ১৯৯০ৰ দশকৰ আৰম্ভণিত তেওঁ বানাৰছ হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়।২ তেওঁ প্ৰায়ে দেশ বিদেশ ভ্ৰমণ কৰি নিজৰ কলা প্ৰদৰ্শন কৰে।২৪

গিৰিজা হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বানাৰছ ঘৰণাৰ অন্তৰ্ভুক্ত। তেওঁ মূলতঃ পুৰৱী অংগ থুমৰী শৈলীৰ বাবে বিখ্যাত।৩৫ তেওঁ উপ শাস্ত্ৰীয় সংগীতৰ কাজৰী,চাইটি আৰু হোলীৰ লগতে খেয়াল, তাপ্পা আৰু ভাৰতীয় লোক সংগীতৰ পাৰদৰ্শী আছিল।৩৬ তেওঁ শাস্ত্ৰীয় সংগীতৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোক সংগীতৰ বিদগ্ধ পণ্ডিত আছিল।২

গিৰিজা দেৱীক থুমৰীৰ ৰাণী বুলি বিভূষিত কৰা হৈছে।

মৃত্যু

২০১৭ চনৰ ২৪ অক্টোবৰৰ নিশা কলকাতাৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৮৮ বছৰ বয়সত গিৰিজা দেৱীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

বঁটা আৰু সন্মাম

লগতে পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Ramnarayan, Gowri. (11 November 2008). Queen of thumri. দ্য হিন্দু
  2. ↑ Dutta, Amelia. (2001). Devi, Girija. The New Grove dictionary of music and musicians. Macmillan Publishers. পৃ. 265–266. ISBN 0-333-60800-3
  3. ↑ Tandon, Aditi. (17 February 2004). Future of folk music uncertain, warns Girija Devi. The Tribune
  4. ↑ Trivedi, Sukumar. (5 January 2009). Pandit Hariprasad Chaurasia works a charm with his magic flute. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  5. ↑ Dorian, Frederick; Broughton, Simon; Ellingham, Mark. (2000). World Music: The Rough Guide. Rough Guides. পৃ. 91. ISBN 1-85828-636-0
  6. ↑ Kumar, Raj. (2003). Essays on Indian music. Discovery Publishing House. ISBN 81-7141-719-1
  7. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  8. ↑ Padma Awards. Ministry of Communications and Information Technology
  9. ↑ Sangeet Natak Akademi Awards – Hindustani Music – Vocal. সংগীত নাটক একাডেমী

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিৰিজা দেৱী” প্ৰবন্ধৰ সংশোধন ২৫৪৬৪৫ (১৫ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।