ভাৰতীয় কণ্ঠশিল্পী
১৭৯ প্ৰবন্ধ
-
মাধুৰী চট্টোপাধ্যায়
মাধুৰী চট্টোপাধ্যায় ( Madhuri Chattopadhyay; ১৬ ডিচেম্বৰ ১৯৪০ – ১৯ অক্টোবৰ ২০১৩) এগৰাকী বঙালীভাষী ভাৰতীয় সঙ্গীত শিল্পী, যিয়ে ১৯৬০ৰ পৰা ১৯৮০ৰ দশকলৈ অসংখ্য জনপ্ৰিয় বাঙালী গীতত কণ্ঠদান কৰিছে।
-
যুথিকা ৰায়
যুথিকা ৰায় (Juthika Roy, ২০ এপ্ৰিল ১৯২০- ৫ ফেব্ৰুৱাৰী ২০১৪) এগৰাকী ভাৰতীয় ভজন গায়িকা আছিল। তেওঁ ২০০তকৈও অধিক হিন্দী আৰু ১০০তকৈও অধিক বঙালী চলচ্চিত্ৰৰ আৰু আধুনিক গীত গাইছে।
-
শিবানী দাণ্ডেকাৰ
শিবানী দাণ্ডেকাৰ-আখটাৰ (জন্ম- ২৭ আগষ্ট ১৯৮০) হৈছে এগৰাকী ভাৰতীয়-অষ্টেলিয়ান গায়িকা, অভিনেত্ৰী, ঘোষিকা, আৰু মডেল৷ আমেৰিকান টেলিভিছনত এগৰাকী ঘোষিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি শিবানীয়ে পৰৱৰ্তী সময়ত ভাৰতলৈ ঘূৰি আহে আৰু হিন্দী টেলিভিছন জগতৰ বহুকেইটা অনুষ্ঠানত পৰিৱেশিকাৰ ভূমিকা পালন কৰে৷…
-
সুচিত্ৰা পিল্লাই
সুচিত্ৰা পিল্লাই (Suchitra Pillai; জন্ম: ২৭ আগষ্টত ১৯৭০) হৈছে এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, মডেল, অভিযন্তা আৰু ধাৰাভাষ্যকাৰ।
-
হেমা ছৰদেশাই
হেমা ছৰদেশাই এগৰাকী ভাৰতীয় নেপথ্য গায়িকা আৰু গীতিকাৰ। মূলতঃ ভাৰতৰ উপকূলীয় ৰাজ্য গোৱা ৰাজ্যৰ হেমাৰ জন্ম হয় মুম্বাইত। ১৯৯৭ চনত চপনে, বিৱি নং ১ আৰু জানম সমঝা কৰো আদি চিনেমাৰ গীতেৰে তেওঁ খ্যাতি লাভ কৰে।
-
ৰাজজ্যোতি কোঁৱৰ
ৰাজজ্যোতি কোঁৱৰ (জন্ম- ৭ অক্টোবৰ ১৯৭৫) অসমৰ উত্তৰ লক্ষীমপুৰৰ এজন গায়ক আৰু সুৰকাৰ। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ লগতে বলিউডৰো বহুকেইখন চলচ্চিত্ৰৰ সংগীতত কণ্ঠদান কৰিছে।
-
ৰূপ কুমাৰ ৰাথোৰ
ৰূপ কুমাৰ ৰাথোৰ (Roop Kumar Rathod) এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য কণ্ঠশিল্পী৷ তেওঁ হিন্দী, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, বঙালী, উড়িয়া, অসমীয়া, নেপালী, ভোজপুৰী আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে৷
-
অন্তৰা মিত্ৰ
অন্তৰা মিত্ৰ ( Antara Mitra) জন্ম; ১০ জুলাই ১৯৮৭, এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। ২০০৬ চনত জনপ্ৰিয় গায়কী ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডল ২ৰ প্ৰতিযোগী হোৱাৰ পিছত মিত্ৰাই লাইমলাইটলৈ আহে। অৰিজিৎ সিঙৰ সৈতে যুটীয়াভাবে গোৱা গীত গেৰুৱা আৰু জনম জনম মুক্তি পোৱাৰ পিছত মিত্ৰ অধিক পৰিচিত হৈ স্বীকৃতি লাভ কৰে।
-
অভিজিৎ শাৱন্ত
অভিজিৎ শাৱন্ত (अभिजीत सावंत; জন্ম অক্টোবৰ ৭, ১৯৮১) মূলতঃ এজন ভাৰতীয় নেপথ্য গায়ক, অভিনেতা আৰু উপস্থাপক।
-
অমৃতা সুৰেশ
অমৃতা সুৰেশ (জন্ম: ২ আগষ্ট, ১৯৯০) হ'ল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পজাৰ, গীতিকাৰ আৰু ৰেডিঅ' জ'কি। এছিয়ানেটত ২০০৭ চনত অনুষ্ঠিত ৰিয়েলিটি টিভি সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণৰ পাছত তেওঁ জনপ্ৰিয় হৈ পৰে। তেতিয়াৰেপৰা তেওঁ কেইবাখনো চিনেমা আৰু মিউজিক এলবামত কাম কৰিছে।
-
আৰতি অংকলীকৰ-টিকেকৰ
আৰতি অংকলীকৰ-টিকেকৰ (Arati Ankalikar-Tikekar, জন্ম: ২৭ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ লগত জড়িত আৰতিয়ে বেছিভাগ মাৰাঠী, কোংকণী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত নেপথ্য কণ্ঠশিল্পী হিচাপে জড়িত।
-
এপি ঢিল্লোঁ
অমৃতপাল সিং "এপি" ঢিল্লোঁ (Amritpal Singh Dhillon) হৈছে পঞ্জাবী সংগীতৰ সৈতে জড়িত এগৰাকী ইণ্ডো-কানাডীয় ৰেপাৰ, কণ্ঠশিল্পী, আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁৰ পাঁচটা একক গীতে অফিচিয়েল চাৰ্টছ কোম্পানী ইউ কে এছিয়ান আৰু পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰে।
-
কজ্জনবাঈ
জাহানাৰা কজ্জন বা মিচ কজ্জন ( Jahanara kajjan, ১৫ ফেব্ৰুৱাৰী ১৯১৫- ডিচেম্বৰ ১৯৪৫) প্ৰাৰম্ভিক সবাক চলচ্চিত্ৰৰ একচ্ছত্ৰী সম্ৰাজ্ঞী, প্ৰশিক্ষিত শাস্ত্ৰীয় কণ্ঠশিল্পী, ফেচন আইকন, ধাৰা প্ৰৱৰ্তক জাহানাৰা কজ্জনক ‘লাৰ্ক অফ হিন্দী চিনেমা’ ‘বিউটিফুল নাইটিংগেল অফ বেংগল স্ক্ৰীণ’ বুলি জনা যায়।
-
কালিকাপ্ৰসাদ ভট্টাচাৰ্য
কালিকাপ্ৰসাদ ভট্টাচাৰ্য ( ১১ ছেপ্টেম্বৰ ১৯৭০ – ৭ মাৰ্চ ২০১৭ ) এজন ভাৰতীয় বাঙালী লোকসঙ্গীত শিল্পী আৰু লোকসংগীতৰ গৱেষক। তেওঁৰ জন্ম অসমৰ শিলচৰত। যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য অধ্যয়ন কৰিছিল। তেওঁৰ সংগীত-চৰ্চাৰ প্ৰেৰণা আছিল তেওঁৰ খুড়াক অনন্ত ভট্টাচাৰ্য।
-
চিত্ৰা সিং
চিত্ৰ সিং ( Chitra Singh); জন্ম নাম চিত্ৰা সোম এগৰাকী ভাৰতীয় গজল গায়িকা। স্বামী জগজিৎ সিঙৰ সৈতে তেওঁ গজলৰ ধাৰাটো জনপ্ৰিয় কৰি তুলিছিল। সন্মানসহকাৰে কোৱা "গজল জগতৰ ৰজা আৰু ৰাণী" হিচাপে পৰিচিত এই স্বামী-স্ত্ৰী যুটীয়ে ১৯৭০ আৰু ৮০ৰ দশকৰ কিছুমান সফল ভাৰতীয় সংগীতৰ সৃষ্টি কৰিছিল।
-
জ্যোতিকা টাংগ্ৰী
জ্যোতিকা টাংগ্ৰী (Jyotica Tangri) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ হাফ গাৰ্লফ্ৰেণ্ডৰ “ফিৰ ভি তুমকো চাহুংগী” গীতৰ জৰিয়তে আত্মপ্ৰকাশ কৰে৷ তেওঁৰ সংস্কৰণটো ছবিখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, যদিও তেওঁ কণ্ঠদান কৰা গীতটো শ্ৰদ্ধা কাপুৰৰ সংস্কৰণটিত জনপ্ৰিয় হৈছিল।
-
দিলশাদ আখতাৰ
দিলশাদ আখতাৰ (ইংৰাজী: Dilshad Akhtar) আছিল পঞ্জাবী লোক সংগীতৰ গায়িক। তাৰোপৰি তেওঁ বহুকেইখন পঞ্জাবী চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চাৰিজন ভাই-ভনীৰ ভিতৰত দিলশাদ আছিল সৰু। তেওঁৰ ভগ্নী মনপ্ৰীত আখতাৰো গায়িকা আছিল। দিলশাদ আখতাৰৰ জন্ম হৈছিল ভাৰতৰ পঞ্জাৱৰ শ্ৰীমুক্তসাৰ চাহিব জিলাৰ গিলজেৱালা গাঁৱত।
-
নচিকেতা চক্ৰৱৰ্তী
নচিকেতা চক্ৰৱৰ্তী (Nachiketa Chakraborty) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সংগীতকাৰ, সুৰকাৰ, গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী, যাক চমুকৈ নচিকেতা নামেৰে জনা যায়। নচিকেতা আধুনিক বাংলা গীতৰ বাবে জনাজাত। তেওঁ ১৯৯০ ৰ দশকৰ আৰম্ভণিতে তেওঁৰ প্ৰথম এলবাম “এই বেশ ভালো আছি” মুক্তিৰ পাছত জনপ্ৰিয়তা অৰ্জন কৰে।
-
নিখিতা গান্ধী
নিখিতা গান্ধী (Nikhita Gandhi; জন্ম: ১ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে পাঁচটা ভাৰতীয় ভিন্ন ভাষাৰ চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ তামিল, হিন্দী, তেলেগু, বাংলা আৰু কানাড়া চলচ্চিত্ৰ প্ৰকল্পত কাম কৰিছে। তেওঁ ৰাবতাত দীপিকা পাডুকনৰ মুখ হিচাপে "ৰাবতা" টাইটেল ট্ৰেকটো গাইছিল।
-
নীতা সেন
নীতা সেন (Neeta Sen; ১৩ নৱেম্বৰ ১৯৩৫ – ১ এপ্ৰিল ২০০৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত পৰিচালিকা আৰু গায়িকা।
-
নুৰান চিষ্টাৰ্চ
নুৰান চিষ্টাৰ্চ বা নুৰান ভগ্নীদ্বয় (Nooran Sisters) দুগৰাকী ভগ্নী জ্যোতি নুৰান আৰু চুলতানা নুৰানৰ বেণ্ড। ভাৰতৰ জলন্ধৰৰ এই বেণ্ড তেওঁলোকৰ চুফী সংগীতৰ প্ৰদৰ্শনৰ বাবে বিখ্যাত। ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত পৰম্পৰাত তেওঁলোক শাম চৌৰাছিয়া ঘৰাণাৰ অন্তৰ্গত।
-
পাৰ্বতী বাউল
পাৰ্বতী বাউল এগৰাকী ভাৰতীয় বাউল লোকসংগীত শিল্পী, সংগীতজ্ঞ আৰু কাহিনী কথক। তেওঁ বাউল সংগীত জনপ্ৰিয় মাধ্যমত প্ৰকাশ কৰাৰ বাবে বিখ্যাত। তেওঁ বাউল গীতৰ তত্ত্ব কথা তেওঁৰ সাধক শিষ্যসকলৰ মাজত গল্পৰ মাধ্যমত তুলি ধৰে।
-
পীয়ূষ মিশ্ৰ
পীয়ূষ মিশ্ৰ (Piyush Mishra) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা। তেওঁ গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপেও সুপৰিচিত। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ ১৯৮৬ চনৰ এজন স্নাতক।
-
বছেন মুৰ্মু
বছেন মুৰ্মু (৯ এপ্ৰিল ১৯৮৭ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ ঘাইকৈ চাঁওতালি ভাষাত সংগীতচৰ্চা কৰিছিল। তেওঁ চাঁওতালি চলচ্চিত্ৰ আৰু এলবামৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীত পৰিগণিত হৈছিল। ২০২০ চনৰ ৮ জুন তাৰিখে মাত্ৰ ৩৩ বছৰ বয়সত বছেন মুৰ্মুৰ মৃত্যু হয়।
-
বনশ্ৰী সেনগুপ্ত
বনশ্ৰী সেনগুপ্ত (Banasree Sengupta) ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।
-
বিজয়লক্ষ্মী নৱনীতাকৃষ্ণণ
বিজয়লক্ষ্মী নৱনীতাকৃষ্ণন (জন্ম: ২৭ জানুৱাৰী, ১৯৪৬) এগৰাকী তামিল লোক কণ্ঠশিল্পী, সুৰকাৰ আৰু তামিল লোক কলাৰ প্ৰসিদ্ধ ভাষ্যকাৰ। শেহতীয়াকৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰিছে। তেওঁৰ স্বামী এম.
-
মমতা চন্দ্ৰকৰ
মমতা চন্দ্ৰকৰ (Mamta Chandrakar, জন্ম: ৩ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ছত্তীছগঢ়ী লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁক ছত্তীছগঢ়ৰ নাইটিংগেল বুলি কোৱা হয়।
-
মালিনী অৱস্তী
মালিনী অৱস্তী (Malini Awasthi; জন্ম: ১১ ফেব্ৰুৱাৰী, ১৯৬৭) হ'ল এগৰাকী ভাৰতীয় লোক গায়িকা। তেওঁ হিন্দী ভাষাৰ লগতে ভোজপুৰী, অৱধী আৰু বুন্দেলখণ্ডি ভাষাত গীত গায়। তেওঁ কজৰী আৰু থুমৰিও পৰিৱেশন কৰে। তেওঁ বহুতকেইখন চলচ্চিত্ৰৰ বাবেও গীত গাইছে।
-
য়ুমলেম্বম গম্ভিনী দেৱী
য়ুমলেম্বম গম্ভিনী দেৱী (Yumlembam Gambhini Devi, জন্ম: ১ জানুৱাৰী ১৯৪৫) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা নৃত্য শিল্পী। তেওঁ মূলতঃ মণিপুৰৰ নাট সংকীৰ্তন আৰু মণিপুৰী ৰাসৰ লগত জড়িত। তেওঁ জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীৰ অনুষদৰ সদস্য। তেওঁ ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটাৰ লাভ কৰিছিল।
-
লাথা ৰাজু
লাথা ৰাজু (ইংৰাজী: Latha Raju; জন্ম: ২৫ জুন ১৯৫১) ১৯৭০ চনৰ আত্মপ্ৰকাশ কৰা মালয়ালম চিনেমাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ গায়িকা আৰু অভিনেত্ৰী। তেওঁৰ কিছুমান জনপ্ৰিয় মালয়ালম গীত হ'ল সেতুবন্ধনম ছবিৰ "পিঞ্চু হৃদয়ম দেৱালম" আৰু "মঞ্জক্কিলী স্বৰ্ণকিলী ময়িলপ্পীলিক্কাআট্টিলে বৰ্ণাক্কিলী", "ইভিদুথে…