অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্পনা পাটোৱাৰী

কল্পনা পাটোৱাৰী (Kalpana Patowary) অসমৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও বলীউডৰ লগতে অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে।

হালনাগাদ: ২০ নৱেম্বৰ ২০২৫ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

কল্পনা পাটোৱাৰী (Kalpana Patowary) অসমৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও বলিউডৰ লগতে অসমৰ চলচ্চিত্ৰতো কণ্ঠদান কৰিছে। তেওঁ এনডিটিভি ইমাজিনৰ সংগীতৰ ৰিয়েলিটী শ্ব' জুনুন: কুচ্চ কৰ দিখানে কা (২০০৮) টো অংশগ্ৰহণ কৰিছিল। তেওঁ কণ্ঠদান কৰা চলচ্চিত্ৰ সমূহৰ ভিতৰত বলীউডৰ ৱেলকাম, বিল্লু, আক্ৰোশ, আৰ. ৰাজুকুমাৰ আৰু অসমীয়া চলচ্চিত্ৰ কন্যাদান, অহেতুক আৰু ৰণাংগন উল্লেখযোগ্য।১

তেওঁ অসমীয়া লোক সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল তেখেতৰ পিতৃ তথা লোক সংগীতশিল্পী বিপিন পাটোৱাৰীৰ পৰা। ইয়াৰোপৰি তেওঁ লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত প্ৰতিষ্ঠানৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল। তেওঁ যথেষ্ট সংখ্যক লোক সংগীত চৰ্চা কৰিছে যদিও ভোজপুৰী সংগীত জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভোজপুৰী সংগীতৰ বিভিন্ন প্ৰকাৰ যেনে উৰ্বি, পাচ্ৰা, কাজ্ৰি, চোহাৰ, বিবাহ গীত, চাইতা নৌতাংকী আদিক ন-ৰূপ দি প্ৰদৰ্শিত কৰিছে।২

সংগীতপঞ্জী

মাৰাঠী চলচ্চিত্ৰৰ গান

চনগানচলচ্চিত্ৰ
২০১৬"কলানা"তালীম

অসমীয়া চলচ্চিত্ৰৰ গান

চনগানচলচ্চিত্ৰ
২০০২"নীলা নীলা"কন্যাদান
২০০৪"হৰিণী নয়না"হৃদয় কঁপোৱা গান
২০১৩"আই এম চেক্সী"ৰণাংগন
২০১৫"ননচেন্স হৃদয়ে"অহেতুক
২০১৬"মাতাল এই ৰাতি"বহ্নিমান

বাংলা চলচ্চিত্ৰৰ গান

চনগানচলচ্চিত্ৰ
২০০৭"ঢুকুপুকু বুক"মিনিস্টাৰ ফাটাকেষ্ট
২০১০"ঝুম ঝুম জা"টাৰ্গেট: দি ফাইনাল মিচন
২০১০"কি জে আগুন"
২০১১"ক'কা কোলা"ফান্দে পৰিয়া বগা কান্দে ৰে
২০১২"মধুবালা"মাচো মস্তানা
২০১৬"আতা গেছে"অংগাৰ
2016"3G"হিৰ' 420

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kalpana Patowary - Biography
  2. ↑ Assamese singer Kalpana Patowary resurrects Bhojpuri Shakespeare ~ Eastern Fare Music Foundation - Music Classes in Bangalore. easternfare.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পীভাৰতীয় কণ্ঠশিল্পীভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা পাটোৱাৰী” প্ৰবন্ধৰ সংশোধন ৫৫৪০৬৬ (২০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।