অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰতি মুখাৰ্জী

আৰতি মুখাৰ্জী ( Aarti Mukherjee; জন্ম: ১৯৪৩) এগৰাকী ভাৰতীয় বঙালী গায়িকা। তেওঁ বিভিন্ন ভাষাত গীত গাইছে। মূলতঃ তেওঁ বঙালী চলচ্চিত্ৰ আৰু আধুনিক গীত গোৱাৰ বাবে বিখ্যাত।

হালনাগাদ: ২৩ মে’ ২০২৬ ৪০৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আৰতি মুখাৰ্জী ( Aarti Mukherjee; জন্ম: ১৯৪৩) এগৰাকী ভাৰতীয় বঙালী গায়িকা। তেওঁ বিভিন্ন ভাষাত গীত গাইছে। মূলতঃ তেওঁ বঙালী চলচ্চিত্ৰ আৰু আধুনিক গীত গোৱাৰ বাবে বিখ্যাত। গীত গাতা চল (১৯৭৫), তপস্যা (১৯৭৬), মনোকামনা, মাচুম (১৯৮৩) আদি বহুতো হিন্দী ছবিত গীত গোৱাৰ উপৰিও১ বহুকেইখন অসমীয়া ছবিতো তেওঁ গীত গাইছে।২

প্ৰাৰম্ভিক জীৱন

আৰতি মুখাৰ্জী এটা সমৃদ্ধ, সাংস্কৃতিক আৰু সংগীত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, তেওঁ ঘৰতেই সৰু বয়সৰ পৰাই তেওঁৰ মাকে তেওঁক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছিল। পৰৱৰ্তীকালত, তেওঁ সুশীল বন্দ্যোপাধ্যায়, ওস্তাদ মোহাম্মদ ছাগিৰউদ্দিন খান, পণ্ডিত চিন্ময় লাহিড়ী, পণ্ডিত লক্ষ্মণ প্ৰসাদ জয়পুৰৱালা আৰু পণ্ডিত ৰমেশ নাদকৰ্ণিৰ পৰা শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল।

সংগীত জীৱন

আৰতি মুখাৰ্জী কম বয়সৰ পৰাই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল। পিছত, তেওঁ মেট্ৰো-মৰফি কনটেষ্ট সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তেওঁ বিজয়ী হয় য'ত বিচাৰকসকলৰ মাজত আছিল অনিল বিশ্বাস, নৌচাদ, বসন্ত দেশাই আৰু চি. ৰামচন্দ্ৰৰ নিচিনা সংগীত পৰিচালক। তাৰ পিছৰ পৰা তেওঁক আকৌ পিছলৈ উভতি চাবলৈ প্ৰয়োজন হোৱা নাই, তেওঁ ১৯৫৮ চনত মীনা কুমাৰীৰ অভিনীত হিন্দী ছবি'চাহাৰা'ত নেপথ্য কণ্ঠশিল্পী হিচাপে প্ৰথম সুযোগ পায়, কিন্তু সেই ছবিৰ সংগীত সিমান সফল হোৱা নাই। পিছত, গাৰ্ল ফ্ৰেণ্ড (ৱাহীদা ৰহমান অভিনীত)-ৰ নিচিনা ফ্লপ ছবিৰ পিছত তেওঁ বঙালী ছবিত গান গাবলৈ সিদ্ধান্ত লৈছিল। ১৯৬২ চনত "কন্যা" নামৰ এখন বঙালী ছবিৰ যোগেদি তেওঁলৈ সুযোগ আহে।

তেওঁৰ অসামান্য গায়কী আৰু অতি মধুৰ কণ্ঠই সকলোকে ইমানেই মোহিত কৰিছিল যে শীৰ্ষস্থানীয় গায়িকা সন্ধ্যা মুখোপাধ্যায়ৰ প্ৰতি শ্ৰোতাই মনোযোগ হেৰুওৱা আৰম্ভ কৰিছিল। ষাঠিৰ দশকৰ শেষভাগৰ ফালে, সন্ধ্যা মুখাৰ্জীৰ কণ্ঠ শীৰ্ষস্থানীয় অভিনেত্ৰী সুচিত্ৰা সেনৰ নেপথ্য কণ্ঠ হিচাপে প্ৰথম ব্যৱহৃত হয়। ১৯৬৬ চনত তেওঁ গল্প হলেও সত্যি ছবিত গীত গাইছিল, যাৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ 'বি.এফ.জে' পুৰষ্কাৰ লাভ কৰিছিল। ১৯৭৬ চনত তেওঁ ছুটিৰ ফাদে ছবিৰ বাবে আকৌ একেটা পুৰষ্কাৰ লাভ কৰে। ষাঠিৰ দশকৰ শেষভাগত মাধবী মুখাৰ্জী, শৰ্মিলা ঠাকুৰ, অপৰ্ণা সেন, দেৱশ্ৰী ৰায়, তনুজা আদি অভিনেত্ৰী সকলৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে কাম কৰে আৰু বহুতৰে মতে তেওঁৰ এই উত্থান সন্ধ্যা মুখাৰ্জীৰ শিল্পী জীৱনৰ পতনৰ এটা ডাঙৰ কাৰণ হিচাপে বিবেচিত হয়। ১৯৭৬ চনত ৰাখী অভিনীত ছবি তপস্যা ছবিত দুটা গীত গাইছিল। প্ৰথম গীত 'বাচ্চে হো তুম খেল খিলনে' আৰু কিশোৰ কুমাৰৰ লগত গোৱা 'দো পাঁচি দো তিনকে' বহু জনপ্ৰিয় হৈছিল। তেওঁ বঙালী ভাষাত আনুমানিক ১৫০০০ গীত গাইছে আৰু হিন্দীসহ অন্যান্য ভাষাৰ গীততো নিজৰ কৃতিত্বৰ ছাপ ৰাখি গৈছে।

চলচ্চিত্ৰপঞ্জী

হিন্দী ছবি

  • চাহাৰা
  • তালাক
  • চাৰ দিল চাৰ ৰহে
  • অপনা ঘৰ
  • বয় ফ্ৰেণ্ড
  • দো দিল
  • জল বিন মচলী১

বঙালী ছবি

  • কান্না
  • দেয়া-নেয়া
  • জীৱন কাহিনী
  • অভয়া ও শ্ৰীকান্ত
  • সুবৰ্ণৰেখা
  • জোৰাদীঘিৰ চৌধুৰী পৰিবাৰ
  • শঙ্খবেলা
  • মিচ প্ৰিয়ম্বদা
  • বুধু বৰ্ধন
  • গড় নাসিমপুৰ
  • কখনো মেঘ
  • কৃষ্ণভক্ত সুদামা
  • আৰোগ্য নিকেতন
  • পৰিণীতা
  • সমান্তৰাল
  • পদ্ম গোলাপ
  • মঞ্জৰী অপেৰা
  • বিলম্বিত লয়
  • জননী
  • খুজে বেড়ায়
  • ধান্যী মেয়ে
  • আজকেৰ নায়ক১

অসমীয়া ছবি

তথ্যসূত্ৰ

  1. ↑ Aarti Mukherjeeː Filmography. IMDb
  2. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীবঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীঅসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীপশ্চিমবঙ্গৰ ব্যক্তিফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰতি মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬০৮০১২ (২৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।