অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাদশ্বাহ

আদিত্য প্ৰতীক সিং (১৯ নৱেম্বৰ ১৯৮৪ জন্ম) বাদশ্বাহ নামত অধিক জনাজাত, এজন ভাৰতীয় ৰেপাৰ, গায়ক, গীতকাৰ, সংগীত প্ৰযোজক, দূৰদৰ্শন ব্যক্তিত্ব আৰু ব্যৱসায়ী। তেওঁ হিন্দী, পঞ্জাবী, ইংৰাজী আৰু হাৰিয়াণভী ভাষাত গান গাইছে।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আদিত্য প্ৰতীক সিং (১৯ নৱেম্বৰ ১৯৮৪ জন্ম)১ বাদশ্বাহ নামত অধিক জনাজাত, এজন ভাৰতীয় ৰেপাৰ, গায়ক, গীতকাৰ, সংগীত প্ৰযোজক, দূৰদৰ্শন ব্যক্তিত্ব আৰু ব্যৱসায়ী। তেওঁ হিন্দী ভাষা, পঞ্জাবী, ইংৰাজী আৰু হাৰিয়াণভী ভাষাত গান গাইছে।

বাদশ্বাহে ২০১২ চনৰ একক "Saturday Saturday"-ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে, যি ২০১৪ চনৰ চলচ্চিত্ৰ হম্প্টি শৰ্মা কী দুলহনিয়া-ৰ সংগীতত অন্তৰ্ভুক্ত হৈছিল। তেওঁৰ জনপ্ৰিয় বলিউড সংগীতৰ ভিতৰত আছে — খুবসুৰত (২০১৪ চলচ্চিত্ৰ)-ৰ "অভি তো পাৰ্টী শুৰু হুই হ্যায়", কাপুৰ এণ্ড চন্স-ৰ "কৰ গয়ী চিল", ষ্ট্ৰিট ডেন্সাৰ 3D-ৰ "গৰ্মী", Crew-ৰ "নেইনা", নমস্তে ইংলেণ্ড-ৰ "Proper Patola" আদি। তেওঁ আন্তঃৰাষ্ট্ৰীয় শিল্পী জে বেলভিন আৰু টাইনিৰ সৈতে "Voodoo" নামৰ গীতত সহকৰ্মী হিচাপে কাম কৰিছে,২ য'ত লিল বেবিৰ অতিথি পদৰ শ্লোকো আছে।

বাদশ্বাহে এমটিভি হাছল, ইণ্ডিয়ান আইডল, দিল হে ভাৰতীয়, ইণ্ডিয়াজ গট টেলেণ্ট আৰু ইণ্ডিয়াজ গট লেটেণ্টত বিচাৰক হিচাপে অংশ গ্ৰহণ কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

আদিত্য প্ৰতীক সিং ১৯৮৪ চনৰ ১৯ নৱেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰিছিল।৩ তেওঁৰ পিতৃ এজন চৰকাৰী বিষয়া আছিল যিজন দিল্লীৰ, আৰু মাতৃ এজনী শিক্ষক আছিল যিজন পঞ্জাবৰ। তেওঁৰ এজনী সৰু ভনী আছে যাৰ নাম অপৰাজিতা সিং।৪৫

তেওঁ দিল্লীৰ পিতামপুৰস্থিত বাল ভাৰতী পাব্লিক স্কুলৰ পৰা পঢ়াশুনা সম্পূৰ্ণ কৰে, য'ত তেওঁ বিদ্যালয়ৰ কোৱাৰ দলৰ সৈতে সংগীত পৰিবেশন কৰিছিল।৫ পূৰ্ণ-সময়ৰ সংগীতজ্ঞ হোৱাৰ আগতে তেওঁ চণ্ডীগড়স্থিত পাঞ্জাব ইঞ্জিনিয়াৰিং কলেজত নাগৰিক অভিযান্ত্ৰিকৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰিছিল। তাত তেওঁ নতুন নতুন পঞ্জাবী সংগীতৰ সৈতে পৰিচিত হোৱাৰ পাছতে হিপ-হপ সংগীতৰ ৰেপ লিখাৰ ফাললৈ আকৃষ্ট হয়।৬৭৮৯

ব্যক্তিগত জীৱন

বাদশ্বাহে ২০১২ চনত জাছমিন মাসীহৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়। ২০১৭ চনৰ জানুৱাৰীত তেওঁলোকৰ এটি কন্যা সন্তান জন্মগ্ৰহণ কৰে, যাৰ নাম জেছেমী গ্ৰেছ মাসীহ সিং।১০ ১১ তেওঁলোকে ২০২০ চনত বিবাহবিচ্ছেদ কৰে।১২

ভাৰতীয় ৰেপাৰ বাদশ্বাহে আতিথ্য উদ্যোগতো নিজৰ উপস্থিতি গঢ়ি তুলিছে। তেওঁ দিল্লী আৰু মুম্বাইত “Dragonfly Experience” নামৰ ৰেষ্টুৰেণ্টৰ সহ-স্বত্বাধিকাৰী। চণ্ডীগড়ত তেওঁৰ “Sago Spice Symphony”, “Seville”, আৰু “Sidera” নামৰ তিনিটা উন্নত মানৰ ৰেষ্টুৰেণ্ট আছে।১৩ ২০২৫ চনত তেওঁ মুম্বাইত “Badboy Pizza” নামৰ এটা কিউএসআৰ (QSR) চেইন আৰম্ভ কৰে, যাৰ জৰিয়তে তেওঁ ভাৰতজুৰি বিস্তাৰ কৰাৰ পৰিকল্পনা কৰিছে।১৪

তথ্যসূত্ৰ

  1. ↑ Badshah – AISE NA DEKH MUJHE
  2. ↑ BadshahVEVO. (2022-04-21). Badshah, J Balvin, Tainy - Voodoo
  3. ↑ (2025-01-15). Musician Profiles - Badshah. We Wishes
  4. ↑ (30 April 2019). Badshah buys Rolls Royce Wraith priced at Rs 6.4 crore, says 'Apna time aa gaya'. Hindustan Times. Indo-Asian News Service (IANS)
  5. ↑ (2014-07-12). Whenever I need inspiration, I go to Delhi: Badshah. The Times of India
  6. ↑ Hebbar, Prajakta. 'If I wasn't a rapper, I'd have been an IAS officer': Everything you wanted to know about Badshah, who calls himself a 'prime-time' version of Honey Singh. IBN Live
  7. ↑ I don't want to compose Bollywood albums: Badshah - Full News. kerala.indiaeveryday.in
  8. ↑ (2016-07-04). Packed in promise · chandigarh · Hindustan Times. archive.ph
  9. ↑ (14 July 2018). Badshah: I still have my St Stephen's ID, that is something worth flaunting. The Times of India
  10. ↑ sahay, gaurav. Singer-rapper Badshah: I hated kids.. until my daughter was born. Hindustan Times
  11. ↑ (2023-04-03). 'This is super lame.' Badshah says he is 'not getting married' to Isha Rikhi. The Economic Times
  12. ↑ (7 September 2024). Badshah opens up on divorce from ex-wife Jasmine Masih: 'We tried our best'. Hindustan Times
  13. ↑ Badshah Restaurants
  14. ↑ Badshah Mumbai restaurant

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাদশ্বাহ” প্ৰবন্ধৰ সংশোধন ৬০২৫১৩ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।