অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টুন টুন

টুন টুন বা উমা দেৱী খাত্ৰি (Tun Tun, ১১ জুলাই ১৯২৩ – ২৪ নৱেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। টুন টুন তেওঁৰ ৰূপালীপৰ্দাৰ নাম। তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰথম কৌতুক অভিনেত্ৰী আখ্যা দিয়া হয়।

হালনাগাদ: ২১ জুন ২০২৫ ৪৫৪ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

টুন টুন বা উমা দেৱী খাত্ৰি (Tun Tun, ১১ জুলাই ১৯২৩ – ২৪ নৱেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। টুন টুন তেওঁৰ ৰূপালীপৰ্দাৰ নাম। তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰথম কৌতুক অভিনেত্ৰী আখ্যা দিয়া হয়।১২

শৈশৱ

টুন টুনৰ ১৯২৩ চনত বৰ্তমানৰ উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ এখন সৰু গাঁৱত জন্ম হৈছিল। ভূমি সংক্ৰান্তীয় বিবাদত তেওঁৰ মাক-দেউতাক আৰু ককায়েকক হত্যা কৰা হৈছিল। মৃত্যুৰ দুদিন আগত সমালোচক আৰু ইতিহাসবিদ শিশিৰ কৃষ্ণ শৰ্মাই লোৱা এটা সাক্ষাৎকাৰত তেওঁ কৈছিল,

"মোৰ মা-দেউতা কোন বা তেওঁলোক দেখিবলৈ কেনেকুৱা মোৰ মনত নাই। তেওঁলোকৰ মৃত্যুৰ সময়ত মোৰ বয়স দুই বা আঢ়ৈ বছৰ। মোৰ এজন আঠ-ন বছৰীয়া ককাই এজন আছিল, যাৰ নাম আছিল হৰি। মোৰ কেবল মনত আছে, আমি আলিপুৰ নামৰ গাঁও এখনত বাস কৰিছিলো। এদিনাখন মোৰ ককাইক হত্যা কৰা হৈছিল আৰু মই সম্পৰ্কীয় মানুহৰ ঘৰত মাত্ৰ দুসাজ ভাতৰ বাবে চাকৰনী খাটিবলগীয়া হৈছিল। তেতিয়া মোৰ বয়স চাৰি কি পাঁচ।"

কৰ্মজীৱন

২৩ বছৰ বয়সত টুন টুনে বোম্বেলৈ পলাই আহে। তেওঁ সঙ্গীত পৰিচালক নৌশাদৰ ঘৰত উপস্থিত হৈ কয় যে তেওঁ গীত গাব পাৰে আৰু যদি গীত গাবলৈ সুবিধা দিয়া নহয়,তেন্তে তেওঁ সাগৰত জঁপিয়াই দিব। নৌচাদে তেওঁৰ অডিচন লয় আৰু ঠাইতে চুক্তিবদ্ধ কৰে। নাজিৰৰ ছবি ‘ৱামিক আজৰা’ত (১৯৪৬) তেওঁ এককভাবে গীত গাই সঙ্গীতৰ জগতত পদাৰ্পন কৰে। অতি সোনকালেই তেওঁ নৌচাদৰ হতুৱাই সঙ্গীতৰ কাম কৰোঁৱা প্ৰযোজক-পৰিচালক এ.আৰ. কাৰদাৰৰ সৈতে চুক্তিবদ্ধ হয় আৰু ‘নুৰ জাহাঁ’, ‘ৰাজকুমাৰী’, ‘খুৰচিদ বানু’, ‘জোহৰাবাই অম্বেৱালী’ আদি ছবিত গীত গাই মুম্বাইৰ সঙ্গীত জগতত এখন নিগাজী আসন তৈয়াৰ কৰি লয়।৩

১৯৪৭ত এ.আৰ. কাৰদাৰৰ ‘দৰ্দ কে আফচানা সে’ ছবিত নায়িকা মনোৱাৰা চুলতানাৰ ওঠত দিয়া সুৰাইয়াৰ সৈতে টুন টুনে গোৱা গীত- ‘আফচানা লিখ ৰহা হুঁ দিল সে’, ‘য়ে কৌন চলা মেৰী আঁখো মেঁ’ আৰু ‘আজ মচি হ্যায় ধুম ঝুম খুচী সে ঝুম’ অতি জনপ্ৰিয় হয়। দিল্লীৰ এজন ভদ্ৰলোকে ‘আফচানা লিখ ৰহা হুঁ দিল সে’ গীতটো ইমানে ভাল পালে যে তেওঁ বোম্বেলৈ আহি টুন টুনৰ সৈতে থাকিব ললে। দুয়ো বিয়া পাতে আৰু যুগ্মজীৱনৰ স্বাক্ষৰ স্বৰূপে দুজনী ছোৱালী আৰু দুটা ল’ৰাৰ জন্ম হয়। ১৯৯২ চনত গিৰিয়েকৰ মৃত্যু হয়।৪৫

পৰৱৰ্তী বছৰবোৰত পুৰণি তথা সীমিত গায়ন শৈলীৰ বাবে লতা মংগেশকাৰ,আশা ভোছলে আদি উঠি অহা সঙ্গীত তাৰকাবোৰৰ সৈতে প্ৰতিযোগিতা চলাই যোৱাটো টুন টুনৰ বাবে কষ্টকৰ হৈ পৰিল। সেয়েহে নৌচাদৰ পৰামৰ্শত তেওঁ অভিনয় জগতত সোমোৱাৰ মনস্থ কৰিলে। দিলীপ কুমাৰৰ অভিনয়ে তেওঁক আকৰ্ষণ কৰিছিল। সেয়েহে তেওঁৰ প্ৰথম অভিনয় দিলীপ কুমাৰৰ সৈতে কৰাৰ ইচ্ছাৰ কথা নৌচাদক জনালে। নৌচাদৰ অনুৰোধত দিলীপ কুমাৰে তেওঁৰ ‘বাবুল’ (১৯৫০) ছবিৰ বাবে টুন টুনক কাষ্টিং কৰিলে। দিলীপ কুমাৰেই তেওঁৰ পৰ্দাৰ নাম উমা দেৱীৰ সলনি টুন টুন ৰাখিলে; যি নামেৰে পৰৱৰ্তী বছৰবোৰত এগৰাকী কৌতুক অভিনেত্ৰী হিচাপে তেওঁ প্ৰখ্যাত হৈ পৰিল।৬

পাঁচ দশকৰ কৰ্মজীৱনত তেওঁ হিন্দী, উৰ্দু, পঞ্জাবী আদি বিভিন্ন ভাষাত প্ৰায় ২০০খন চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ সময়ৰ ভগৱান দাদা, আগা, সুন্দৰ, মুক্ৰি, ধুমল,জনী ৱাকাৰ, কেষ্ট মুখাৰ্জী আদি প্ৰায় সকল শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ সৈতে তেওঁ যুঁটি বান্ধিছিল। তেওঁক শেষবাৰৰ বাবে ‘কসম দন্দে কী’ত (১৯৯০) দেখা গৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ...THE DEATH OF ACTRESS TUN TUN Press Release, Ministry of Information & Broadcasting, 25 November 2003
  2. ↑ Pandya, Haresh. (2004-01-08). Obituary: Tun Tun. The Guardian
  3. ↑ Obituary – Tun Tun The Guardian, 8 January 2004
  4. ↑ Tun Tun (Uma Devi)—a tribute The Tribune (Chandigarh), 13 December 2003
  5. ↑ टुन तुन की जीवनी
  6. ↑ (7 December 2003). Hindi cinema's first-ever comedienne. The Tribune (Chandigarh)

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুন টুন” প্ৰবন্ধৰ সংশোধন ৫১৯৭২৯ (২১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।