সন্ধ্যা মুখাৰ্জী অথবা সন্ধ্যা মুখোপাধ্যায়, (Sandhya Mukherjee; ৪ অক্টোবৰ ১৯৩১-১৫ ফেব্ৰুৱাৰী ২০২২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ১৯৩১ চনৰ ৪ অক্টোবৰত তেওঁ কলিকতাত জন্মগ্ৰহণ কৰে। ২০১১ চনত পশ্চিমবংগৰ সৰ্বোচ্চ অসামৰিক সন্মান বঙ্গবিভূষণ১ লাভ কৰে। ১৯৭০ চনত ‘জয় জয়ন্তী’ আৰু ‘নিশি পদ্ম’ নামৰ দুখন বঙালী ছবিত তেওঁ গোৱা গীতৰ বাবে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁ বঙালী, ওড়িয়া, হিন্দী,অসমীয়া আদি ভাষাৰ ৫০০তকৈও অধিক ছবিত গীত গাইছে।২
প্ৰাৰম্ভিক জীৱন
১৯৩১ চনৰ ৪ অক্টোবৰত কলকাতাৰ ঢাকুৰীয়াত সন্ধ্যা মুখাৰ্জীৰ জন্ম হৈছিল। তেওঁৰ দেউতাক নৰেন্দ্ৰনাথ মুখাৰ্জী এজন ৰেল কৰ্মচাৰী আছিল। মাক আছিল হেমপ্ৰভা দেৱী। মাক-দেউতাকৰ ছয়টা সন্তানৰ তেওঁ কনিষ্ঠ আছিল। তেওঁৰ ককাক এজন আৰক্ষী বিষয়া আছিল আৰু পৰিয়ালটো ১৯১১ চনৰ পৰা ঢাকুৰীয়াত বাস কৰিছিল। মুখাৰ্জীয়ে পণ্ডিত সন্তোষ কুমাৰ বসু,অধ্যাপক এ.টি. কেনন আৰু অধ্যাপক চিন্ময় লাহিড়ীৰ ওচৰত সঙ্গীতৰ প্ৰশিক্ষণ আৰম্ভ কৰে। অৱশ্যে তেওঁৰ গুৰু আছিল উস্তাদ বড়ে গোলাম আলী খান আৰু তেওঁৰ পুত্ৰ উস্তাদ মুনাৱাৰ আলী খান। তেওঁলোকৰ অধীনত মুখাৰ্জীয়ে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত আয়ত্ত কৰিছিল।১২ মনোৰমা শৰ্মাই তেওঁৰ বিষয়ে লিখিছে, “নেপথ্য কণ্ঠশিল্পী হিচাপে গৌৰৱ অৰ্জন কৰাৰ পিছতো এগৰাকী শাস্ত্ৰীয় কণ্ঠশিল্পী হিচাপে তেওঁ জনপ্ৰিয়তা বজাই ৰাখিবলৈ সক্ষম হৈছিল।”
কৰ্মজীৱন
১৯৫০ চনত ‘তাৰানা’ ছবিৰ যোগেদি তেওঁ মুম্বাইত হিন্দী গীত গাবলৈ আৰম্ভণি কৰে। তেওঁ সোতৰখন হিন্দী ছবিত গীত গাইছিল। ১৯৫২ চনত তেওঁ ব্যক্তিগত কাৰণত কলকাতালৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। ১৯৬৬ চনত তেওঁ বঙালী কবি শ্যামল গুপ্তক বিয়া কৰায়। গুপ্ত তেওঁ গোৱা বহু গীতৰ গীতিকাৰ আছিল। তেওঁৰ আটাইতকৈ জনপ্ৰিয় জুটি হৈছিল হেমন্ত মুখাৰ্জীৰ সৈতে। সন্ধ্যা-হেমন্তৰ জুটিটোয়ে বঙালী ছবিৰ মহানায়ক বুলি খ্যাত উত্তম কুমাৰ আৰু তেওঁৰ নায়িকাসকলৰ, বিশেষকৈ সুচিত্ৰা সেনৰ নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল। সন্ধ্যা মুখাৰ্জীয়ে ৰবীন চট্টোপধ্যায় আৰু নচিকেতা ঘোষৰ সৈতেও বহুতো কাম কৰিছে।১
বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত কলকাতা তথা পশ্চিমবংগত প্ৰবেশ কৰা লাখ লাখ ভগনীয়াৰ বাবে তেওঁ অন্যান্য ভাৰতীয় বঙালী শিল্পীসকলৰ সৈতে গণ-আন্দোলনত যোগ দিয়ে আৰু তেওঁলোকৰ বাবে ধন সংগ্ৰহ কৰে। স্বাধীন বঙালী অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰোঁতা বাংলাদেশী সঙ্গীতশিল্পী সমৰ দাসৰ সৈতে তেওঁ বিভিন্ন দেশপ্ৰেমমূলক গীতৰ বাণীবন্ধন কৰে। বাংলাদেশৰ নেতা শেখ মুজিবুৰ ৰহমান কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত তেওঁৰ “বঙ্গবন্ধু তুমি ফিৰে এলে” গীতটো মুক্তি পায়। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা পোৱাৰ পিছত প্ৰথম একৈশ ফেব্ৰুৱাৰী উপলক্ষে ঢাকাৰ পল্টন ময়দানত আয়োজন কৰা কনচাৰ্টত উপস্থিত থকা বিদেশী শিল্পীসকলৰ তেওঁ অন্যতম আছিল।
ভূপেন হাজৰিকা পৰিচালিত এৰা বাটৰ সুৰ ছবিত মুখাৰ্জীয়ে গীত গাইছে। হৈছিল।৩
বঁটা আৰু স্বীকৃতি
- ২০১১ চনত বঙ্গ বিভূষণ১
- ১৯৯৯ চনত জীৱন জোৰা সাধনাৰ ভাৰত নিৰ্মাণ বঁটা
- শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ১৯৭০ চনৰ ১৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা২
- 'সন্ধ্যা দীপেৰ শিখা' ছবিৰ বাবে ১৯৬৫ চনৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বি.এফ.জে.এ. বঁটা
- 'জয় জয়ন্তী' ছবিৰ বাবে ১৯৭২ চনৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বি.এফ.জে.এ. বঁটা
- ২০২২ বৰ্ষত তেওঁলৈ ভাৰত চৰকাৰে পদ্মশ্ৰী আগবঢ়ায়; কিন্তু বিশেষ কাৰণত তেওঁ এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে৷৪
মৃত্যু
২০২২ বৰ্ষৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে পুৱা প্ৰায় ৭:৩০ বজাত কলিকতাত সন্ধ্যা মুখাৰ্জীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।৫
তথ্যসূত্ৰ
- ↑ (4th October 2019). Legendary playback singer Sandhya Mukherjee turns 88. The Samikhsya
- ↑ 18th National Film Award. Directorate of Film Festivals, India. পৃ. PDF page 91
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 44
- ↑ www.anandabazar.com/entertainment/an-obituary-of
- ↑ Santanu Chowdhury. (15 February 2022). Bengali singer Sandhya Mukhopadhyay, whose golden voice enthralled generations, passes away at 90. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্ধ্যা মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৩৩৬৯৯ (১৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।