ভাৰতীয় কণ্ঠশিল্পী
১৭৯ প্ৰবন্ধ
-
ইলা অৰুণ
ইলা অৰুণ এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, ৰাজস্থানী লোক কণ্ঠশিল্পী। লমহে, জোধা আকবৰ, ছাদি কে ছাইদ এফেক্টছ আৰু বেগম জান আদি ছবিত তেখেতে অভিনয় কৰিছে। হিন্দী ছবি "খলনায়ক"ত কণ্ঠদান কৰা "ছোলী কে পিছে ক্যা হ্যে" গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ শিতানত বঁটা লাভ কৰিছিল।
-
কৃষ্ণকুমাৰ কুনাথ (কেকে)
কৃষ্ণকুমাৰ কুনাথ (ইংৰাজী: Krishnakumar Kunnath; ২৩ আগষ্ট ১৯৬৮ – ৩১ মে' ২০২২) হৈছে এজন ভাৰতীয় নেপথ্য গায়ক। তেওঁ কেকে নামেৰে অধিক পৰিচিত। তেওঁ হিন্দী, তামিল, তেলেগু, কন্নড়, মালয়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ ছবিত গীত বাণীবদ্ধ কৰিছে।
-
পংকজ উধাছ
পংকজ উধাছ (Pankaj Udhas; ১৭ মে' ১৯৫১ – ২৬ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী চিনেমা আৰু ভাৰতীয় পপ্ সংগীতৰ জগতত গজল আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিশেষভাবে জনাজাত। ১৯৮০ চনত 'আহাত' নামৰ এটা গজল এলবাম মুক্তিৰ জৰিয়তে তেওঁ সাংগীতিক জীৱন আৰম্ভ কৰিছিল।
-
পি. সুশীলা
পুলাপাকা সুশীলা ( Pulapaka Susheela; জন্ম: ১৩ নৱেম্বৰ ১৯৩৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী; যাৰ জনপ্ৰিয় নাম পি. সুশীলা। বিভিন্ন ভাৰতীয় ভাষাত অভিলেখ সংখ্যক গীত পৰিবেশন কৰাৰ বাবে তেওঁক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছৰ পৰাও স্বীকৃতি দিয়া হৈছে।
-
ফাল্গুনী পাঠক
ফাল্গুনী পাঠক (ইংৰাজী: Falguni Pathak; জন্ম: ১২ মাৰ্চ ১৯৬৯) এগৰাকী ভাৰতীয় গায়িকা, পৰিবেশন শিল্পী আৰু সুৰকাৰ। তেওঁ বৰ্তমান ভাৰতৰ মুম্বাইত বাস কৰে। ভাৰতৰ গুজৰাট ৰাজ্যৰ পৰম্পৰাগত সংগীত ৰূপৰ আধাৰত তেওঁ সংগীত পৰিবেশন কৰে। ১৯৮৭ চনত পেছাদাৰীভাৱে সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল।
-
বিনোদ ৰাথোৰ
বিনোদ ৰাথোৰ (Vinod Rathod; জন্ম: ১২ চেপ্তেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত গীত গায়। তেওঁ আছিল শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত চতুৰ্ভুজ ৰাথোৰৰ পুত্ৰ।
-
বিশাল মিশ্ৰা (সুৰকাৰ)
বিশাল মিশ্ৰা এগৰাকী ভাৰতীয় সংগীত সুৰকাৰ আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁ প্ৰথমে ডিডি নেচনেলত সম্প্ৰচাৰিত এটি ৰিয়েলিটি শ্ব’ত অভিনয় কৰিছিল। সংগীত জগতৰ প্ৰাৰম্ভিক দিনবোৰত মিশ্ৰাক পৰিচালনা কৰিছিল যতীন–ললিত সুৰকাৰ যুটিৰ ললিত পণ্ডিতে।
-
অভিজিৎ ভট্টাচাৰ্য
অভিজিৎ ভট্টাচাৰ্য (জন্ম ৩০ অক্টোবৰ, ১৯৫৮) অভিজিৎ নামেৰে পৰিচিত, এজন ভাৰতীয় পেছাগতভাৱে প্লেবেক গায়ক যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ উদ্যোগত গায়। হিন্দীৰ বাহিৰেও তেওঁ বাংলা, মাৰাঠী, নেপালী, তামিল, ভোজপুৰী, পাঞ্জাবী, ওড়িয়া আদি অন্যান্য ভাষাতো গীত গাইছে। তেওঁৰ মাতৃভাষা বাংলা।
-
উমাশশী
উমাশশী (Umasashi; ১৯১৫-২০০০) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ ১৯২৯-ৰ পৰা ১৯৫১ চনলৈ বিভিন্ন ভূমিকাত অভিনয় কৰিছিল। কুন্দনলাল চাইগল, পাহাড়ী সান্যাল আৰু পৃথ্বীৰাজ কাপুৰ আদিৰ সৈতে তেওঁৰ যুটি সেই সময়ত যথেষ্ঠ জনপ্ৰিয় আছিল।
-
কেশৰবাই কেৰকৰ
কেশৰবাই কেৰকাৰ (Kesarbai Kerkar; ১৩ জুলাই ১৯৯২ – ১৬ চেপ্তেম্বৰ ১৯৭৭) ‘জয়পুৰ-আত্ৰৌলী ঘৰানা’ৰ এগৰাকী হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী আছিল। এই ঘৰানাৰ প্ৰৱৰ্তক ওস্তাদ আল্লাদিয়া খানক (১৮৫৫-১৯৪৬) ষোল্ল বছৰ বয়সত তেওঁ গুৰু হিচাপে গ্ৰহণ কৰে।
-
গোলাম মুস্তাফা খান
ওস্তাদ গোলাম মুস্তাফা খান (Ustad Ghulam Mustafa Khan, ৩ মাৰ্চ ১৯৩১ – ১৭ জানুৱাৰী ২০২১) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ সহসৱান ঘৰাণাৰ শিল্পী। ২০০৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
-
প্ৰতিমা বন্দোপাধ্যায়
প্ৰতিমা বন্দোপাধ্যায় ( Pratima Bandopadhyay, জন্মৰ নাম প্ৰতিমা চেটাৰ্জী বা চট্টোপাধ্যায়, ২১ ডিচেম্বৰ ১৯৩৪- ২৯ জুলাই ২০০৪) বঙালী চলচ্চিত্ৰীয় তথা অচলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী আছিল, যিয়ে বিশেষকৈ ১৯৫০ৰ পৰা ৭০ৰ দশকলৈ অসংখ্য জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে।
-
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ
বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ (Birendra krishna Bhadra) (১৯০৫–১৯৯১) ভাৰতৰ কলিকতাৰ এগৰাকী ৰেডিঅ' সম্প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, কথক তথা নাট পৰিচালক আছিল। তেওঁ কণ্ঠশিল্পী পংকজ মল্লিক আৰু কবি কাজী নজৰুল ইছলামৰ সমসাময়িক আছিল।
-
মালবিকা বৰা
মালবিকা বৰা (Malabika Bora) অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ ৫০ বছৰতকৈও অধিক কাল অসমীয়া সংগীত জগতৰ লগত জড়িত হৈ আছে৷ ১৯৭৩ চনত অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰা মালবিকা বৰাই পৰৱৰ্তী সময়ছোৱাত ২৮খন অসমীয়া কথাছবিত নেপথ্য কণ্ঠশিল্পীৰ ভূমিকা পালন কৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত টেবুল টেনিছ খেল আৰু…
-
মীনা খাদিকাৰ
মীনা খাদিকাৰ (Meena Khadikar) এগৰাকী ভাৰতীয় মাৰাঠী আৰু হিন্দী ভাষাৰ নেপথ্য কণ্ঠশিল্পী আৰু সুৰকাৰ। তেওঁ পণ্ডিত দীননাথ মংগেশকাৰৰ দ্বিতীয়গৰাকী জ্যেষ্ঠ কন্যা। তেওঁৰ ভাই-ভনীসকল ক্ৰমে- লতা মংগেশকাৰ, আশা ভোঁচলে, ঊষা মংগেশকাৰ, আৰু হৃদয়নাথ মংগেশকাৰ।
-
সুৰিন্দৰ কৌৰ
সুৰিন্দৰ কৌৰ (ਸੁਰਿੰਦਰ ਕੌਰ; ২৫ নৱেম্বৰ ১৯২৯ - ১৪ জুন ২০০৬) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা গীতিকাৰ আছিল। তেওঁ মুলত পঞ্জাবী লোকসংগীত গাইছিল, য'ত তেওঁৰ সোঁতক অগ্ৰগামী আৰু জনপ্ৰিয় কৰিবলৈ কৃতিত্ব দিয়া হৈছিল, কৌৰ ১৯৪৮-ৰ পৰা ১৯৫২ চনৰ মাজৰ সময়চোৱাত হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গীত ৰিকোৰ্ড…
-
হাওবম ওংবি ঙাংবি দেৱী
হাওবম ওংবি ঙাংবি দেৱী (Haobam Ongbi Ngangbi Devi; ১ আগষ্ট ১৯২৪ – ১২ জুন ২০১৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, সংগীতজ্ঞ। তেওঁ মণিপুৰী নৃত্যৰ লাই হাৰাওবা আৰু ৰাস নৃত্যৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত। ১৯৯৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
-
হিৰা দেৱী ৱাইবা
হিৰা দেৱী ৱাইবা (Hira Devi Waiba; ৯ ছেপ্টেম্বৰ ১৯৪০ – ১৯ জানুৱাৰী ২০১১) হ'ল এগৰাকী নেপালী ভাষাৰ ভাৰতীয় লোক সংগীত শিল্পী। তেওঁক নেপালী লোক সংগীতৰ অগ্ৰদূত ৰূপে জনা যায়। তেওঁ গোৱা 'চুৰা তা হয়না অষ্টুৰা' তামাং চেল' লোক-সংগীতৰ ৰেকৰ্ডিং হোৱা প্ৰথমটো গীত। তামাং চেল' নেপালী লোক গীতৰ অন্তৰ্গত।
-
হৰ্ষদীপ কৌৰ
হৰ্ষদীপ কৌৰ (Harshdeep Kaur; জন্ম: ১৬ ডিচেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ বলিউদৰ হিন্দী গীতকে ধৰি পঞ্জাবী আৰু চুফী সংগীত পৰিৱেশন কৰে। হৃদয়বিগলিত কণ্ঠেৰে পৰিৱেশন কৰা চুফী গীতৰ বাবে তেওঁ শ্ৰোতা সমাজত "চুফিৰ চুলতানা" (Sufi Ki Sultana) বুলি পৰিচিত।
-
অশ্বিনী ভিড়ে-দেশপাণ্ডে
অশ্বিনী ভিড়ে-দেশপাণ্ডে (Ashwini Bhide-Deshpande, জন্ম: ৭ অক্টোবৰ ১৯৬০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শৈলীৰ সৈতে তেওঁ জড়িত।
-
আল্পনা বন্দোপাধ্যায়
আল্পনা মুখোপাধ্যায় (বিবাহৰ পূৰ্বে বন্দোপাধ্যায়; Alpana Banerjee; ১৪ মাৰ্চ ১৯৩৪ – ২৪ জুলাই ২০০৯) এগৰাকী সফল বঙালী কণ্ঠশিল্পী আছিল। তেওঁৰ বিখ্যাত গীত কেইটামান- ‘তাৰাদেৰ চুমকি জ্বলে আকাশে’, ‘হাট্টি মাটিম টিম’, ‘চোটো পখী চন্দনা’ আদি।
-
ইলা বসু
ইলা বসু (Ila Basu; ১০ আগষ্ট ১৯৩৬ – ২১ ছেপ্তেম্বৰ, ১৯৯১) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আছিল। তেওঁ মূলতঃ আধুনিক বঙালী গীত আৰু নজৰুল গীতত বিশেষ অৱদান আগবঢ়াইছে। তাৰোপৰি তেওঁ বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।
-
কুন্দনলাল চাইগল
কুন্দনলাল চাইগল (Kundan Lal Saigal) কুন্দনলাল চাইগল আছিল ভাৰতীয় চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতাআৰু পাৰ্শ্ব গায়ক। কুন্দন লাল চাইগল চমুকৈ কে এল চাইগলক হিন্দীচলচ্চিত্ৰ উদ্যোগৰ প্ৰথম চুপাৰষ্টাৰ হিচাপে হিচাপে গণ্য কৰা হৈছিল। সেই সময়ত কলিকতা আছিল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেন্দ্ৰস্থল।
-
কৃষ্ণা দাশগুপ্ত
কৃষ্ণা দাশগুপ্ত (Krishna Dasgupta, জন্ম: কৃষ্ণা গঙ্গোপাধ্যায়, ১৯ ডিচেম্বৰ ১৯৩৭-২০১৩) পশ্চিমবঙ্গ, ভাৰতৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী। তেওঁ বঙালী ভাষাত অসংখ্য চলচ্চিত্ৰীয় আৰু অনা-চলচ্চিত্ৰীয় গীত গাইছে, বিশেষকৈ ১৯৫০, ১৯৬০ আৰু ১৯৭০ৰ দশকত।
-
জগমোহন কৌৰ
জগমোহন কৌৰ (১৬ এপ্ৰিল ১৯৪৮ – ৬ ডিচেম্বৰ ১৯৯৭) এগৰাকী পঞ্জাবী কণ্ঠশিল্পী আছিল। তেখেত 'বাপু ভে এড হুনি আইন', 'ঘৰা ৱাজদা, ঘড়োলি ৱাজদীৰ' নিচিনা গীতৰ বাবে পৰিচিত।
-
ডলী গুলেৰীয়া
ডলী গুলেৰীয়া (জন্ম: ১৪ এপ্ৰিল ১৯৪৯) এগৰাকী ভাৰতীয় গায়ক, মুখ্যতঃ পঞ্জাবী লোক সংগীত, শাবাদ গুৰবাণী, চুফী আৰু গজল ধাৰাৰ সংগীতত দক্ষতাৰ সৈতে পঞ্জাবীত এজন লোক গায়ক। তেওঁ অধ্যাপক যোগিন্দ্ৰ সিং আৰু কিংবদন্তী লোক গায়ক সুৰিন্দৰ কৌৰৰ কন্যা, যাক 'পঞ্জাবৰ দি নাইটিঙল' বুলি জনা যায়।
-
দুৰ্গাময়ী বৰা
দুৰ্গাময়ী বৰা (Durgamoyee Bora) অসমৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী। মূলতঃ শাস্ত্ৰীয় সংগীত, বৰগীত আৰু আধুনিক অসমীয়া সংগীত ধাৰাটোৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী দুৰ্গাময়ী বৰা অসমৰ অন্যতম জনপ্ৰিয় অনাতাঁৰ শিল্পী।
-
দেৱী শ্ৰী প্ৰসাদ
দেৱী শ্ৰী প্ৰসাদ (దేవిశ్రీ ప్రసాద్, தேவி ஸ்ரீ பிரசாத்) (জন্ম: আগষ্ট ২, ১৯৭৯) এজন ভাৰতীয় সংগীত গীতিকাৰ, কণ্ঠশিল্পী আৰু পৰিচালক। তেওঁ মূলতঃ তেলেগু, আৰু তামিল ভাষাৰ বোলছবিৰ গীততো কণ্ঠ নিগৰাইছে।
-
নৱনীত আদিত্য ৱাইবা
নৱনীত আদিত্য ৱাইবা নেপালী ভাষাৰ লোক গায়ক আৰু নেপালী ভাষাৰ লোক গায়িকা প্ৰয়াত হিৰা দেৱী ৱাইবাৰ কন্যা। হিৰা দেৱী ৱাইবা নেপালী লোকগীতৰ প্ৰবৰ্তক হিচাপে জনপ্ৰিয়।
-
মাঞ্জাম্মা জগতী
মাঞ্জাম্মা জগতী (Manjamma Jogathi, জন্ম: মঞ্জুনাথ ছেট্টি, ১৮ এপ্ৰিল ১৯৬৪) এগৰাকী ভাৰতীয় নৃত্যশিল্পী, কণ্ঠশিল্পী, থিয়েটাৰ অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ পশ্চিম কৰ্ণাটকৰ 'জগতী নৃত্য' নামৰ লোকনৃত্যৰ পাৰদৰ্শী।