অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰ্মলা মিশ্ৰ

নিৰ্মলা মিশ্ৰ (নির্মলা মিশ্র; ২১ অক্টোবৰ ১৯৩৮-৩১ জুলাই ২০২২) এগৰাকী বিশিষ্ট বঙালী আধুনিক গীত আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তেওঁৰ অৱদানৰ তালিকাত অসংখ্য চিৰসেউজ গীত আছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নিৰ্মলা মিশ্ৰ (নির্মলা মিশ্র; ২১ অক্টোবৰ ১৯৩৮-৩১ জুলাই ২০২২) এগৰাকী বিশিষ্ট বঙালী আধুনিক গীত আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তেওঁৰ অৱদানৰ তালিকাত অসংখ্য চিৰসেউজ গীত আছে। তেওঁৰ বিখ্যাত আধুনিক গীতবোৰ হ'ল- এমন একটা ঝিনুক খুঁজে পেলাম না, সেই একজন দিও না তাকে মন, আবেশে মুখ ৰেখে, বলো তো আৰ্শি, আমি তো তোমাৰ হাসি কান্নাৰ চিৰদিনেৰ সাথী, কাগজেৰ ফুল বলে, ও তোতা পাখি ৰে, উন্মনা মন স্বপ্নে মগন ইত্যাদি। তেওঁ বঙালী, হিন্দী, অসমীয়া, ওড়িয়া আদি বিভিন্ন ভাষাৰ ছবিত গীত গাইছে।

তেওঁ অসংখ্য নজৰুল গীত, ৰবীন্দ্ৰ সঙ্গীত, শ্যামা সঙ্গীত, দেশপ্ৰেমমূলক গীত আৰু লোকগীত গাইছে। মান্না দে, প্ৰতিমা বন্দোপাধ্যায়, মানবেন্দ্ৰ মুখোপাধ্যায়, সন্ধ্যা মুখোপাধ্যায় শিপ্ৰা বসু আদি বহুতো বিখ্যাত শিল্পীৰ সৈতে একেলগে গীত গাইছে। তদুপৰি তেওঁ বহুতো গীতিনাট্যতো অংশ লৈছে। ১৯৭৬ চনত তেওঁ উত্তম কুমাৰৰ মহালয়া গীতিনাট্যত অংশ লৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

দুৰ্গা সপ্তমীৰ দিনা জয়নগৰ মজিলপুৰত নিৰ্মলা মিশ্ৰৰ জন্ম হৈছিল। তেওঁ পণ্ডিত মোহিনীমোহন মিশ্ৰ আৰু ভৱানী দেৱীৰ জীয়ৰী আছিল। পিছত দেউতাকৰ কৰ্মসূত্ৰে তেওঁলোক কলিকতাৰ চেতলাত বসতি স্থাপন কৰিছিল। তেওঁৰ ঘৰখনত এটা সাঙ্গীতিক পৰিবেশে বিৰাজ কৰিছিল। দেউতাক মোহিনীমোহন আৰু ককায়েক মুৰাৰীমোহন দুয়োজনে প্ৰখ্যাত গায়ক আছিল। তেওঁলোকৰ পৰিয়ালৰ উপাধি বন্দোপধ্যায় আছিল। পিছত তেওঁলোকক মিশ্ৰ উপাধিৰে সন্মানিত কৰা হয়। তেওঁ দেউতাক মোহিনীমোহনকো কাশী সঙ্গীত সমাজৰ দ্বাৰা পণ্ডিত, সঙ্গীতৰত্ন আৰু সঙ্গীতনায়ক উপাধি প্ৰদান কৰা হৈছিল।১ নিৰ্মলা মিশ্ৰৰ স্বামী প্ৰদীপ দাশগুপ্ত এজন গায়ক আৰু গীতিকাৰ।

কৰ্মজীৱন

তেওঁ গীত গোৱা কিছু বঙালী, ওড়িয়া আৰু হিন্দী ছবি হ'ল-

  • পুষ্পধনু (১৯৫৯),
  • হাত বাড়ালে বন্ধু (১৯৬০),
  • শ্ৰী লোকনাথ (১৯৬০),
  • কঠিন মায়া (১৯৬১),
  • পৰিণাম (১৯৬১),
  • নব দিগন্ত (১৯৬২),
  • জীৱন সাথী (১৯৬৩),
  • নাৰী (১৯৬৩),
  • সূৰ্যমুখী (১৯৬৩),
  • আমৰা বাত’ (১৯৬৪),
  • অভিনেত্ৰী (১৯৬৫),
  • ভাগ্য (১৯৬৫),
  • Malajanha (১৯৬৫),
  • মুখুজ্জে পৰিবাৰ (১৯৬৫),
  • নব জন্ম (১৯৬৫),
  • কা (১৯৬৬),
  • কিয়ে কাহাৰে (১৯৬৮),
  • স্ত্ৰী (১৯৬৮),
  • বন্ধন (১৯৬৯),
  • আদিন মেঘ (১৯৭০),
  • কলংকিতা নায়ক (১৯৭০),
  • সংসাৰ (১৯৭১),
  • ধৰিত্ৰী (১৯৭২),
  • ঘৰ সংসাৰ (১৯৭৩),
  • ঘৰ বহুড়া (১৯৭৩),
  • অমৰ প্ৰেম (১৯৭৬),
  • ভোলা ময়ৰা (১৯৭৭),
  • অনুতাপ (১৯৭৭),
  • চানাই (১৯৭৭),
  • চফেদ হাথী (১৯৭৭),
  • চিল্কা তীৰে (১৯৭৮),
  • প্ৰিয়তমা (১৯৭৮),
  • জয় মা তাৰা (১৯৭৮),
  • নীল মাধৱ (১৯৭৯),
  • মেঘমুক্তি (১৯৮০),
  • অক্ষয় তৃতীয়া (১৯৮১),
  • কাগজেৰ নৌকা (১৯৯১),
  • সুজন সখী (১৯৯৫),
  • জীৱন সন্ধান (১৯৯৭),
  • ঝুমুৰা (২০১৫)। .২৩৪

কণ্ঠদান কৰা অসমীয়া ছবি

বঁটা-বাহন

  • নিৰ্মলা মিশ্ৰক প্ৰখ্যাত ওড়িয়া সঙ্গীত পৰিচালক বালকৃষ্ণ দাসৰ স্মৃতিত প্ৰচলিত "বালকৃষ্ণ বঁটা" প্ৰদান কৰা হয়।৫

তথ্যসূত্ৰ

  1. ↑ Kumar, S. Nirmala Mishra Family & Early Life Details – Singer Nirmala Mishra. www.kolkatabengalinfo.com
  2. ↑ Today English Newspaper Update Headlines India- The Sunday Indian Online Magazine - - The Sunday Indian. www.thesundayindian.com
  3. ↑ (2012). The Telegraph - Calcutta (Kolkata) | Orissa | Oriya nightingale mesmerises crowd. telegraphindia.com
  4. ↑ Archive News. The Hindu
  5. ↑ (2011). The Hindu: Other States / Orissa News: Balakrushna Dash Samman for Nirmala Mishra. hindu.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীবঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীঅসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মলা মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮১৫৭৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।