জুবিন নৌটিয়াল (জন্ম: ১৪ জুন ১৯৮৯) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু সংগীত পৰিবেশক।১ ২০২২ চনৰ জুন মাহত তেওঁ “ৰাতাঁ লাম্বিয়াঁ” গীতটোৰ বাবে “নেপথ্য কণ্ঠশিল্পী (পুৰুষ)”ৰ বাবে আইফা বঁটা লাভ কৰে। বজৰংগী ভাইজানৰ "জিন্দেগী কুছ তোহ বাতা (ৰিপ্ৰাইজ)" গীতৰ বাবে অষ্টম মিৰ্চি মিউজিক এৱাৰ্ডছত বছৰৰ আগন্তুক পুৰুষ কণ্ঠশিল্পী হিচাপে সন্মানিত হয়।২ জি বিজনেছ এৱাৰ্ডত ৰাইজিং মিউজিকেল ষ্টাৰ এৱাৰ্ডো তেওঁ লাভ কৰে।৩ তেওঁ প্ৰধানকৈ হিন্দী ভাষাৰ গীত গায় যদিও অন্যান্য ভাৰতীয় ভাষাৰ চলচ্চিত্ৰৰ বাবেও তেওঁ গীত বাণীবদ্ধ কৰি আহিছে। তেওঁক টি-ছিৰিজ কোম্পানীয়ে চুক্তিবদ্ধ কৰিছে।৪
জীৱনৰ প্ৰথমাৰ্ধ
১৯৮৯ চনৰ ১৪ জুন তাৰিখে উত্তৰাখণ্ডৰ ৰাজধানী দেৰাডুনত জুবিন নৌটিয়ালে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ৰাম শৰণ নৌটিয়াল উত্তৰাখণ্ডৰ এগৰাকী ব্যৱসায়ী তথা ৰাজনীতিবিদ আৰু মাতৃ নীনা নৌটিয়াল এগৰাকী ব্যৱসায়ী। চাৰি বছৰ বয়সতে তেওঁ সংগীতৰ প্ৰতি প্ৰৱণতা দেখুৱাইছিল, তেওঁৰ পিতৃৰো সংগীতৰ প্ৰতি আগ্ৰহ আছিল। তেওঁ দেৰাডুনৰ ছেইণ্ট জোচেফ একাডেমীত অষ্টম শ্ৰেণীলৈকে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত দেৰাডুনৰ ৱেলহাম বয়ছ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে সংগীতক বিষয় হিচাপে অধ্যয়ন কৰি শাস্ত্ৰীয় সংগীতৰ ভিত্তি গঢ়ি তোলে। গীটাৰ, পিয়ানো, হাৰমনিয়াম, ড্ৰাম আদি বাদ্যযন্ত্ৰ বজাবলৈও তেওঁ শিকিবলৈ আৰম্ভ কৰে। ১৮ বছৰ বয়সলৈকে নৌটিয়াল নিজৰ গৃহ চহৰ দেৰাডুনত আছিল আৰু তাতেই গায়ক হিচাপে সুপৰিচিত হৈছিল। তেওঁ এতিয়ালৈকে বহু অনুষ্ঠানত লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে আৰু দাতব্য সংস্থাসমূহক দানো দিছে।৫
কৰ্মজীৱন
২০১১ চনত নৌটিয়ালে টেলিভিছনৰ সংগীতৰ ৰিয়েলিটি শ্ব’ এক্স ফেক্টৰত অংশগ্ৰহণ কৰে য’ত তেওঁ শীৰ্ষ ২৫জন অংশগ্ৰহণকাৰীৰ ভিতৰত স্থান লাভ কৰে।৬
সোণালী কেবল (২০১৪) ছবিৰ "এক মূলাকত" গীতেৰে ভাৰতীয় সংগীত জগতত আত্মপ্ৰকাশ কৰে।৭ একে বছৰতে তেওঁ দ্য শ্বউকিনছৰ বাবে ‘মেহেৰবাণী’ গীতটোও গাইছিল। ২০১৫ চনত বজৰংগী ভাইজানৰ বাবে ‘জিন্দেগী’, জাজবাৰ বাবে ‘বন্দেয়া’, বৰ্খাৰ বাবে ‘তু ইত্নি খুবছুৰত হ্যায় ৰিলোডেড’ আৰু কিছ কিস্কো প্যাৰ কৰোঁ ছবিৰ বাবে শ্ৰেয়া ঘোষালৰ সৈতে ‘সমন্দৰ’ নামৰ গীতটো গাইছিল।৮
এছ থামানৰ সংগীত পৰিচালনাত "'ছাৰাইন'ডু চিনেমাৰ মাধ্যমেৰে তেলেগুত৯ আৰু আশিকী'' চিনেমাৰে বাংলা ছবিজগতত অভিষেক ঘটায়।১০
২০১৬ চনত নৌটিয়ালে এমটিভি আনপ্লাগড ছিজন ৫ত কণ্ঠদান কৰিছিল আৰু দেহলিজ ধাৰাবাহিকৰ "জিয়া ৰে" শীৰ্ষক গীতটো গাইছিল। তেওঁ সুৰকাৰ যুটি শচীন–জিগাৰৰ সৈতে ধাৰাবাহিক এক দুজে কে ৱাস্তে আৰু অমিত ত্ৰিবেদীৰ পৰিচালনাত ফিতুৰ ছবিৰ "তেৰে লিয়ে" গীতটোত সুনিধি চৌহানৰ সৈতে কণ্ঠদান কৰিছিল। তেওঁ সুৰকাৰ নদীম ছাইফিৰ সৈতে ইছ্ক ফৰেভাৰৰ টাইটেল ট্ৰেকৰ বাবে কাম কৰিছিল আৰু তেওঁৰই অধীনত কুছ কুছ লোচা হ্যায় ছবিৰ দুটা গীত গাইছিল। ১৯২০ লণ্ডন ছবিখনৰ বাবে "গুমনাম হায় ক'ই" শীৰ্ষক গীতটোত জেম৮ৰ কৌশিক আৰু আকাশৰ সৈতে সহযোগিতা কৰিছিল। ৱান নাইট ষ্টেণ্ড ছবিৰ "লে চালা" আৰু ৰাজ ৰিবুট ছবিৰ "দ্য চাউণ্ড অৱ ৰাজ" আৰু "য়াদ হ্যায় না (ৰিপ্ৰাইজ)" গীতে তেওঁক সুৰকাৰ জিৎ গাংগুলীৰ সৈতে কাম কৰাৰ সুযোগ দিছিল আৰু এই সহযোগিতা ৰুষ্টম ছবিৰ "ঢল জাওঁ মেইন" লৈকে চলিছিল।১১
২০১৭ চনত ৰাজেশ ৰোশনৰ সংগীত পৰিচালনাত কাবিল ছবিখনৰ মুখ্য গায়কৰ দায়িত্বত আছিল, আৰু ধৰ্ম প্ৰডাকচনৰ অ'কে জানু ছবিৰ "দ্য হাম্মা ছং" গাইছিল। তেওঁ পৌনী পাণ্ডেৰ সৈতে টি-ছিৰিজত ‘দিল বুধু’ নামৰ এটি হিন্দী পপ গীত মুকলি কৰে তেওঁ ৰাবতা, টিউবলাইট, কমাণ্ডো ২, আৰু মেচিনৰ বাবে গাইছিল। জলী এল এল বি ২ৰ বাবে ‘বাঁৱৰা মন’, বাদশাহোৰ বাবে ‘সোচা হায়’ ৰিমেক আৰু ইটেফাকৰ বাবে ‘ৰত বাকি’ ৰিমেক গাইছিল। ইয়াৰ উপৰিও তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক তু সূৰাজৰ টাইটেল ট্ৰেক, পলক মুছলৰ সৈতে মেইন সাঁঝ পিঁয়াজী আৰু ২০১৭ চনৰ ষ্টাৰ পৰিয়াল বঁটাৰ বাবে গীত গাইছিল। ২০১৮ চনত তেওঁ প্ৰকৃতি কাকৰৰ সৈতে দিল জংলীৰ বাবে ‘গজাব কা হ্যায় দিন ৰিমেক’, আৰু ‘বুন্দ বুন্দ’ গীত গাইছিল। নীতি মোহনৰ সৈতে হেট ষ্ট’ৰী ৪ ছবিখনৰ বাবে। একেখন ছবিৰ বাবেই তেওঁ মিথুনৰ ৰচনাৰ অধীনত অমৃতা সিঙৰ সৈতে ‘তুম মেৰে হো’ও গাইছিল। বাঘী ২ৰ পিছত মিথুনৰ সৈতেও তেওঁৰ প্ৰথম সহযোগিতা আছিল। কুছ ভীগে আলফাজৰ বাবে তেওঁ পলক মুচলৰ সৈতে 'পেহলা নাছা ৱানছ এগেইন'ও গাইছিল।১২
২০১৯ চনত কবীৰ সিঙৰ 'তুঝে কিতনা চাহেইন ঔৰ হম' গীত, মাৰ্জাৱাঁৰ "তুম হী আনা" আৰু "কিন্না সোণা" গীত চাৰ্টবাষ্টাৰ হয়।১৩
নৌটিয়াল আৰু সংগীত সুৰকাৰ মিথুনে পুনৰ ‘তোহ আগে হাম’ৰ বাবে টিম আপ কৰে।১৪ তুলসী কুমাৰৰ সৈতে ‘মেইন জিছ দিন ভুলা দু’ এটি নতুন গীতো মুক্তি দিয়ে। ২০২১ চনত ইমৰাণ হাছমী আৰু শক্তি থাৰেজাৰ সৈতে তেওঁৰ নতুন গীত লুট গয়ে ইউটিউবত ৯১৫ মিলিয়নতকৈ অধিক ভিউ লাভ কৰিছিল।১৫১৬ তেওঁৰ পৰৱৰ্তী গীত "বেদৰ্দি সে প্যাৰ কা" মাত্ৰ ১৩ দিনতে ৫৫ মিলিয়ন ভিউ লাভ কৰে।১৭ তনিষ্ক বাগচীৰ সংগীত পৰিচালনাত নৌটিয়াল আৰু আছিছ কৌৰ গোৱা উক্ত গীতটো প্ৰকাশ কৰিছিল টি-ছিৰিজে।১৮ নৌটিয়ালৰ পৰৱৰ্তী গীত "বৰসাত কি ধুন" ২০২১ চনৰ ২০ জুলাই তাৰিখে মুক্তি লাভ কৰে য'ত কৰিশ্মা শৰ্মা আৰু গুৰুমীত চৌধাৰীয়ে অভিনয় কৰিছিল।১৯
২০২২ চনৰ জানুৱাৰী মাহত তেওঁৰ গীত "অ' আছামানৱালে" টি-ছিৰিজ (কোম্পানী)ৰ দ্বাৰা মুক্তি পায়।২০ এইটো এটা প্ৰেমৰ গীতৰ এলবাম আছিল য’ত নৌটিয়ালে শিল্পী নেহা খানৰ সৈতে অভিনয় কৰিছিল। মনোজ মুণ্টাশ্বিৰৰ ৰচনা আৰু ৰচক কোহলিৰ সুৰেৰে গীতটিৰ গীতটিৰ ৰচনা।২১
২০২২ চনৰ ১ ফেব্ৰুৱাৰীত টি-ছিৰিজ (কোম্পানী)ৰ দ্বাৰা "তুমছে প্যাৰ কাৰ্কে" মুক্তি দিয়া হয় য'ত গুৰমীত চৌধুৰী আৰু ইহানা ধিলোনৰ অভিনয় আছিল। এয়া পায়াল দেৱৰ সংগীত আৰু তুলসী কুমাৰ আৰু নৌতিয়ালে কণ্ঠদান।
২০২২ চনৰ ২৫ অক্টোবৰত মুক্তি পোৱা কমেডী ছবি "থেংক গড"ৰ বাবে ২০২২ চনত য়োহানীৰ সৈতে "মাণিকে" গীতটো গাইছিল।২২২৩
বঁটা আৰু মনোনয়ন
| বছৰ | বঁটা প্ৰদান অনুষ্ঠান | বিভাগ | চলচ্চিত্ৰ/ধাৰাবাহিক | গীত | ফলাফল | টোকা |
| ২০১৫ | মিৰ্চি মিউজিক এৱাৰ্ডছ | আগন্তুক বৰ্ষৰ গায়ক | বজৰংগী ভাইজান | "জিন্দেগী কুছ তোহ বাতা (ৰিপ্ৰাইজ)" | ২৪ | |
| ২০১৭ | আইটিএ বঁটা | শ্ৰেষ্ঠ গায়ক | তু সূৰজ মেইন সাঞ্জ, পিঁয়াজী | "তু সূৰজ মেইন সাঞ্জ, পিঁয়াজী" | ২৫ | |
| ২০২১ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ নেপথ্য গায়ক | শ্বেৰশ্বাহ | "ৰাতাঁ লাম্বিয়াঁ" | ২৬ | |
| ২০২২ | আইফা বঁটা | শ্ৰেষ্ঠ নেপথ্য গায়ক | শ্বেৰশ্বাহ | "ৰাতাঁ লাম্বিয়াঁ" | ২৭২৮ |
লগতে চাওক
- ভাৰতীয় নেপথ্য কণ্ঠশিল্পীসকলৰ তালিকা
তথ্যসূত্ৰ
- ↑ ৰিয়েলিটি শ্ব’ত কেইবাৰো নাকচ হৈছিল, তথাপিও হাৰ মনা নাছিল জুবিনে; এই গীতটিৱে সলনি কৰিছিল জুবিনৰ ভাগ্য. ইটিভি ভাৰত
- ↑ জুবিনৰ বিয়া! মোহময়ী অভিনেত্ৰী নিকিতা দত্তৰ সৈতে বিয়াত বহিব জুবিন. নিউজ ১৮ অসম
- ↑ অহা ১৯ নৱেম্বৰত অসমলৈ আহিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নৌটিয়াল. নিউজ ৮ নৰ্থইষ্ট
- ↑ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 'লুট গেয়ে' খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি. নৰ্থ-ইষ্ট নাও
- ↑ (2021-06-12). Jubin Nautiyal on Covid relief work in Uttarakhand: This is somebody else's job who's not doing it. Hindustan Times
- ↑ Trivedi, Tanvi. Jubin Nautiyal: I will never sing a song with bad lyrics. The Times of India
- ↑ Listen to Jubin Nautiyal songs on Saavn. Saavn
- ↑ Jubin Nautiyal: Hitting The Right Notes. Forbes India
- ↑ (2 April 2016). Sarrainodu music review: SS Thaman delivers an album that is high on energy but low on creativity!. Bollywood Life
- ↑ Jeet Gannguli is happy to work with Jubin Nautiyal for Tumi Ashbe Bole. www.indulgexpress.com
- ↑ Music review: 'Rustom' - Times of India. The Times of India
- ↑ Iyengar, Shriram. Kuchh Bheege Alfaaz song: This 'Pehla Nasha' a sweet melody to beat mid-week blues. Cinestaan
- ↑ Dubey, Sanket. (2021-10-02). Best Romantic Songs Of Jubin Nautiyal & Arijit Singh To Listen On A Repeat!. IWMBuzz
- ↑ Jubin Nautiyal And Mithoon Collaborate Again For Toh Aagaye Hum. NDTV.com
- ↑ Lut Gaye, Featuring Emraan Hashmi, To Cross 300 Million Views. NDTV.com
- ↑ (2021-04-21). Emraan Hashmi's 'Lut Gaye' in Jubin Nautiyal's voice hits a record; becomes first song to reach fastest 500 mn on YouTube - Watch again!. Zee News
- ↑ (10 June 2021). Bedardi Se Pyaar Ka by Jubin Nautiyal. Gotu World
- ↑ Gurmeet Choudhary and Karishma Sharma's BTS pics from their new song, Barsaat Ki Dhun, are so HOT to handle that you'll remain transfixed to your screen. www.bollywoodlife.com
- ↑ Jubin Nautiyal And Gurmeet Choudhary Collaborate Again For Barsaat Ki Dhun. NDTV.com
- ↑ Neha Khan stars in Jubin Nautiyal's new song O Asmanwale. Tribune India
- ↑ O Aasmanwale: Jubin Nautiyal And Neha Khan's Magical Chemistry In Bhushan Kumar's Latest T-Series Track. NDTV.com
- ↑ Thank God Song Manike OUT: Sidharth Malhotra aka Ayan gets charmed by Nora Fatehi in new track; WATCH. Npinkvilla.com
- ↑ Thank God Song Manike: Sidharth Malhotra And Nora Fatehi Set The Dance Floor On Fire. ndtv.com
- ↑ MMA Mirchi Music Awards. MMAMirchiMusicAwards
- ↑ INDIAN TELEVISION ACADEMY AWARDS 2017 WINNERS. Times Of India
- ↑ BEST PLAYBACK SINGER (MALE) NOMINEE JUBIN NAUTIYAL. Filmfare
- ↑ IIFA Awards 2022 complete list of winners: Vicky Kaushal, Kriti Sanon win top acting honours. DNA India
- ↑ Uttarakhand CM congratulates Jubin Nautiyal for winning 'Best Playback Singer Male' at IIFA 2022. ANINEWS India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবিন নৌটিয়াল” প্ৰবন্ধৰ সংশোধন ৫৪৫৭৭২ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।