আৰমান মালিক (Armaan Malik; জন্ম ২২ জুলাই ১৯৯৫) এজন প্ৰতিভাৱান নৱাগত ভাৰতীয় সংগীত শিল্পী। প্ৰথমে তেওঁ ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ টিছিৰিজৰ লগত চুক্তিবদ্ধ। তেওঁক পোনপ্ৰথমে জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' "সা ৰে গা মা পা লিটিল চেম্পচ্"ত দেখা গৈছিল আৰু দৰ্শকৰ ভোটেৰে তেওঁ তাত অষ্টম স্থান পাবলৈ সক্ষম হৈছিল। আৰমান গায়ক আৰু সংগীত পৰিচালক ডাবো মালিকৰ দ্বিতীয় পুত্ৰ। ডাবো মালিক বিখ্যাত গায়ক আৰু সংগীত পৰিচালক অনু মালিকৰ ভায়েক। উল্লেখযোগ্য যে আৰমানৰ ককায়েক আমাল মালিকো এজন প্ৰতিভাৱান নৱাগত সংগীত পৰিচালক।
শিক্ষা
আৰমানে মহাৰাষ্ট্ৰৰ বিখ্যাত জামনাবাঈ নাৰ্ছী স্কুলত অধ্যয়ন কৰিছিল। তদুপৰি তেওঁ আমেৰিকাৰ বষ্টনৰ বাৰ্কলে কলেজ অফ মিউজিকৰ সম্পূৰ্ণ জলপানি লাভ কৰিছে। বৰ্তমান আৰমানে ঊষা প্ৰাভীন গান্ধী মহাবিদ্যালয়ত ব্যৱস্থাপনা বিষয়ত স্নাতক পাঠ্যক্ৰম পঢ়ি আছে।
কৰ্ম জীৱন
আৰমান মালিকে এতিয়ালৈকে প্ৰায় ১০০-২০০ বাণিজ্যিক গীত আৰু প্ৰায় ১৬খন হিন্দী আৰু তামিল বোলছবিত গীত গাইছে। তাৰে ভিতৰত কেইখনমান উল্লেখযোগ্য বোলছবি হল-ডব্লিউ(২০১৪), জয় হো, ভূতনাথ, ৰক্ত চৰিত, চেন কুলী কি মেন কুলী, চিল্লাৰ পাৰ্টি, হিৰ' আৰু চানাম ৰে।
তেওঁ মাই নেম ইচ খান বোলছবিত ইংৰাজ ল'ৰাজনৰ বাবে ডাবো কৰিছিল। বিবিচিৰ ৰেডিঅ ১ যোগে প্ৰচাৰিত অস্কাৰ বিজয়ী শ্লামডগ মিলিয়নিয়াৰ বোলছবিৰ চলিম নামৰ চৰিত্ৰক আৰমানে নিজৰ মাত দিছিল। তদুপৰি আৰমানে জয় হো বোলছবিৰ শীৰ্ষগীত আৰু "তুমকো তো আনা হি থা", "লভ ইউ টিল দি এণ্ড" আদি জনপ্ৰিয় গীত পাৰ্শ্বগায়ক হিচাপে গাইছে।১ আৰমান আৰু তেওঁৰ সংগীত পৰিচালক ককায়েক আমালক "জয় হো" বোলছবিৰ আৰম্ভণিতে "লভ ইউ টিল দি এণ্ড" গীতত চিত্ৰীত কৰা হৈছে।
তেওঁ প্ৰায় দহ বছৰ ধৰি ৰীতা কাউল আৰু কাদিৰ গোলাম মোস্তাফাৰ(বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী পদ্মশ্ৰী উস্তাদ গোলাম মোস্তাফা খানৰ পুত্ৰ) ওচৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিকি আছে।
অনা চলচ্চিত্ৰৰ গীত গাবলৈ আৰমানে প্ৰথমে "ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়া"ৰ লগত চুক্তিবদ্ধ হৈছিল।২ বৰ্তমান তেওঁ টিছিৰিজৰ লগত চুক্তিবদ্ধ।
একক এলবাম
২০১৪ চনৰ ৩ ফেব্ৰুৱাৰীত আৰমান মালিকৰ প্ৰথম একক কণ্ঠৰ এলবাম "ক্ৰেজী কানেকচন" সংগীত পৰিচালক চলিম মাৰ্চেন্দক চিত্ৰায়ণ কৰি ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়ায়ে মুক্তি দিয়ে। ২০১৪ চনৰ ৩০ জানুৱাৰীৰ এক উদ্বোধনী অনুষ্ঠানত অভিনেতা চালমান খানে এই এলবাম উদ্বোধন কৰে।
বঁটা আৰু সন্মান
| চন | গীত/এলবাম | বঁটা | বিজয়ী |
|---|---|---|---|
| ২০১৫ | আউলিয়া - উংলী | গিমা | শ্ৰেষ্ঠ নৱাগতৰ বঁটা - চলচ্চিত্ৰ |
| ২০১৫ | আৰমান - এলবাম | গিমা | জগজীৎ সিং বঁটা - শ্ৰেষ্ঠ নৱাগত সংগীত |
| ২০১৫ | তোম্হে আপনা বানানে কা - হেট ষ্টৰী ৩ | বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট | শ্ৰেষ্ঠ মনোৰঞ্জনক গায়ক - পুৰুষ |
| ২০১৫ | মে হু হিৰ' তেৰা - হিৰ' | ষ্টাৰদাষ্ট | শ্ৰেষ্ঠ পাৰ্শ্ব গায়ক - পুৰুষ |
| ২০১৬ | নৱাগত সংগীত প্ৰতিভা | ফিল্মফেয়াৰ | আৰ.ডি. বৰ্মন বঁটা |
তথ্যসূত্ৰ
- ↑ Jai Ho music review. Glamsham.com
- ↑ After Jai Ho songs, Armaan Malik comes out with 'Krazy Konnection'. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰমান মালিক” প্ৰবন্ধৰ সংশোধন ৫২০৯৩৯ (২৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।