আদেশ শ্ৰীবাস্তৱ (৪ ছেপ্টেম্বৰ ১৯৬৬ – ৫ ছেপ্টেম্বৰ ২০১৫) এজন ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক আছিল। সমগ্ৰ কৰ্মজীৱনত তেওঁ এশখনতকৈও বেছি হিন্দী ভাষা বোলছবিত সংগীত দিছিল।
জবলপুৰৰ এক কায়স্থ হিন্দু পৰিয়ালত জন্মলাভ কৰা শ্ৰীবাস্তৱে ১৯৯৩ চনত কন্যাদান ছবিত সংগীত পৰিচালনা কৰাৰ সুযোগ লাভ কৰে। এই ছবিত লতা মংগেশকাৰৰো এটা গীত আছিল। কিন্তু বোলছবিখনে মুক্তি লাভ নকৰাত গীতবোৰেও বিশেষ প্ৰচাৰ নাপালে। জানে তমন্নাৰ ক্ষেত্ৰতো একে কথা হোৱাৰ পাছত আঅ' প্যাৰ কৰে বোলছবিৰে তেওঁ খ্যাতি লাভ কৰে। শ্ৰীবাস্তৱে "চ'না চ'না", "শ্বাৱা শ্বাৱা", "গুস্তাখিয়া" আদি কেইবাটাও হিট্ গানতো কণ্ঠদান কৰিছিল। ২০০৫ আৰু ২০০৯ চনত তেওঁ টেলিভিছনৰ চা ৰে গা মা পা চেলেঞ্জ অনুষ্ঠানত এজন বিচাৰক হিচাপে কাম কৰে।১ ২০০৬ চনত তেওঁ শিশু যৌনকৰ্মীৰ বিষয়ে এখন চুটি কথাছবি "Sanaa" নিৰ্মাণ কৰে।২৩ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁ এক'ন,৪ জুলিয়া ফ'ৰ্ডহাম৫ আৰু ৱাইক্লিফ জিনৰ সৈতে কাম কৰিছে।৬
১৯৯০ চনত তেওঁ সংগীত পৰিচালক যতীন ললিতৰ ভগ্নী বিজেতা পণ্ডিতৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১০ চনত শ্ৰীবাস্তৱৰ দেহত মাল্টিপল মায়েল'মা নামৰ কৰ্কট ৰোগ ধৰা পৰে। ৪৯ বছৰ বয়স সম্পূৰ্ণ কৰাৰ এদিন পাছতে ২০১৫ চনৰ ৫ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১২:৩০ বজাত মুম্বাইৰ ককিলাবেন চিকিৎসালয়ত শ্ৰীবাস্তৱৰ মৃত্যু ঘটে।৭৮
তথ্যসূত্ৰ
- ↑ Jha, Subhash K. War of the music composers, literally. Rediff
- ↑ Review of Sanaa. One India
- ↑ Murari, Charisma. (29 January 2006). 'I couldn't just walk on'. Times of India
- ↑ (9 March 2010). Akon in city, lends voice to SRK’s Ra.1. Indian Express
- ↑ (16 March 2005). Julia Fordham Raises Money for Tsunami-stricken School. Paste
- ↑ Sanneh, Kelefa. (3 December 2007). New CDs. New York Times
- ↑ (5 September 2015). Aadesh Shrivastava loses battle with cancer, passes away at 49. Dna
- ↑ RIP: Music Composer Aadesh Shrivastava is no more.. Bollywood Reporter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদেশ শ্ৰীবাস্তৱ” প্ৰবন্ধৰ সংশোধন ৩৭৯৯১১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।