অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেখা ভৰদ্বাজ

ৰেখা ভৰদ্বাজ (Rekha Bhardwaj, জন্ম: ২৪ জানুৱাৰী ১৯৬৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী ভাষাৰ উপৰিও বঙালী, মাৰাঠী, পঞ্জাবী আৰু মালায়ালম ভাষাতো গান গাইছে। তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত দুটাকৈ ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

হালনাগাদ: ১২ আগষ্ট ২০২১ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ৰেখা ভৰদ্বাজ (Rekha Bhardwaj, জন্ম: ২৪ জানুৱাৰী ১৯৬৪) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী ভাষাৰ উপৰিও বঙালী, মাৰাঠী, পঞ্জাবী আৰু মালয়ালম ভাষাতো গান গাইছে।১ তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত দুটাকৈ ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।২৩

ব্যক্তিগত জীৱন

১৯৬৪ চনৰ ২৪ জানুৱাৰী তাৰিখে দিল্লীত ৰেখা ভৰদ্বাজৰ জন্ম হৈছিল। তেওঁ পৰিয়ালত ৬ গৰাকী ভাই-ভনীৰ ভিতৰত পাঁচ গৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তান আছিল।

তেওঁ ১৯৯১ চনত জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক, সুৰকাৰ আৰু নেপথ্য কণ্ঠশিল্পী বিশাল ভৰদ্বাজৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।৪ ১৯৮৪ চনত নতুন দিল্লীৰ হিন্দু মহাবিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ বাবে প্ৰস্তুতি কৰোঁতে তেওঁ তেওঁক প্ৰথমবাৰৰ বাবে লগ পাইছিল।৫

কৰ্মজীৱন

ৰেখা ভৰদ্বাজক প্ৰথমতে তেওঁৰ বায়েকে সংগীতৰ প্ৰশিক্ষণ দিছিল। তেওঁ পণ্ডিত অমৰনাথৰ অধীনত আনুষ্ঠানিকভাবে সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।৬

ৰেখাই ১৯৯৭ চনত চাচী ৪২০ ত "এক আৰু দিন দি" গানেৰে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ভৰদ্বাজৰ 'ইশ্‌কা ইশ্‌কা' শীৰ্ষক প্ৰথম এলবামটো দহ বছৰ পিছত ২০০২ চনত মুক্তি পাইছিল। ইয়াৰ সফলতাৰ জৰিয়তে তেওঁ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে আৰু ২০০৬ চনৰ তেওঁৰ স্বামী বিশাল ভৰদ্বাজৰ 'ওমকাৰা'ত "নামক ইশক কা"ৰ দৰে তেওঁৰ জনপ্ৰিয় গীত গাইছিল। তাৰ পিছত ২০০৯ চনৰ দিল্লী-৬ ছবিত ছত্তীশগঢ়ী লোকগীতৰ আধাৰত এ. আৰ. ৰহমানৰ গীত "চাচুৰাল গেণ্ডা ফুল"ত কণ্ঠদান কৰিছিল। এই গীতৰ জৰিয়তে তেওঁ প্ৰথম শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।৪

তেওঁ '৭ খুন মাফ'ৰ (২০১১) গীত "ডাৰ্লিং"ত কণ্ঠদান কৰাৰ বাবে ঊষা উথুপ সৈতে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শ্ৰেণীত দ্বিতীয়টো ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ২০১১ চনতে তেওঁ 'ইচকিয়া' ছবিত 'বড়ি ধীৰে জ্বলি' গীত বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তাৰ পিছত তেওঁ 'বৰ্ফি' (২০১২)ত 'ফিৰ লে আয়া দিল' আৰু 'য়ে জৱানী হে দিৱানী'ত (২০১৩) "ঘাঘৰা" গীতত কণ্ঠদান কৰে। তেওঁ 'ডেৰ ইচকিয়া' (২০১৪) ছবিখনৰ "হামাৰী আতাৰিয়া পে" গানৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শ্ৰেণীত ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁ 'বদলাপুৰ'ত অৰিজিত সিঙৰ সৈতে গোৱা "জুদাই" গানটো ২০১৫ চনৰ জানুৱাৰী-মাৰ্চত মিৰ্ছি মিউজিক আৰু দি ইকোনমিক টাইমছৰ ৰেটিং অনুসৰি শীৰ্ষ ১৫টা গানৰ তালিকাত ১৪ তম স্থান লাভ কৰিছিল।

২০১৯ চনত তেওঁ অনুপামা ৰাগাৰ "কিউ মে তুমহাৰী" গীতত কণ্ঠদান কৰে।৭

পুৰস্কাৰ আৰু মনোনয়ন

বছৰপুৰস্কাৰশিতানমনোনীত গীত (চলচ্চিত্ৰ/এলবাম)ফলাফলউৎস
২০০৯মিৰ্ছি সংগীত বঁটাবৰ্ষশ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী"চাচুৰাল গেন্দা ফুল" ('দিল্লি-৬)৮
২০১০ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী"চাচুৰাল গেন্দা ফুল" ('দিল্লি-৬')৯
২০১১মিৰ্ছি সংগীত বঁটাবৰ্ষশ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী"ডাৰ্লিং" ('৭ খুন মাফ')১০
২০১১ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী]]"বাড়ে ধীৰে জ্বলি" ('ইচকিয়া')১১
২০১২ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী"ডাৰ্লিং" ('৭ খুন মাফ')১২
২০১৩মিৰ্ছি সংগীত বঁটাবৰ্ষশ্ৰেষ্ঠ ৰাগ-ভিত্তিক গীত"এক ঘড়ি" ('ডি-ডে')১৩
২০১৪হম পুৰস্কাৰশ্ৰেষ্ঠ মৌলিক গীত"কভি আশনা কভি আজনবি" ('হামনশিন')১৪
২০১৫ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী"হামাৰি আটাৰিয়া পে" ('ডেৰ ইচকিয়া')১৫

তথ্যসূত্ৰ

  1. ↑ (11 November 2016). The lesser known side of singer Rekha Bhardwaj
  2. ↑ Rekha Bhardwaj, who has won the National Award for Best Female Playback singer, said it's a great feeling having been able to share the same high with hubby Vishal Bhardwaj, who has won the Best Music Director award for the same film, "Ishqiya". - Times of India. The Times of India
  3. ↑ (2015-06-10). Rekha Bhardwaj sings for 'Bin Roye' - The Express Tribune. The Express Tribune
  4. ↑ (2016-11-11). The lesser known side of singer Rekha Bhardwaj. hindustantimes.com
  5. ↑ Vishal and I met through music: Rekha Bhardwaj
  6. ↑ (3 April 2006). Lataji can give anyone a complex. Timesofindia.indiatimes.com
  7. ↑ Gulzarsaab is my Santa Claus. Specials.rediff.com
  8. ↑ Mirchi Music Award 2009. www.radiomirchi.com
  9. ↑ 3 Idiots, Dev D top winners at Filmfare Awards - Times of India. The Times of India
  10. ↑ (30 January 2013). Nominations - Mirchi Music Award Hindi 2011
  11. ↑ (2015-06-27). I Take Out All My Frustration Through Singing, Says Rekha Bhardwaj - NDTV Movies. NDTVMovies.com
  12. ↑ Filmfare Awards 2012: Usha Uthup wins after 42 years of singing
  13. ↑ Mirchi Music Awards 2013 Winners List - Times of India. The Times of India
  14. ↑ Rekha Bhardwaj - New Songs, Playlists & Latest News - BBC Music. BBC
  15. ↑ (2015-01-20). Filmfare Awards 2015: 2 States, Haider Lead Nominations - NDTV Movies. NDTVMovies.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেখা ভৰদ্বাজ” প্ৰবন্ধৰ সংশোধন ২৯০৭৩০ (১২ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।