অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰচুলন বাঈ

ৰচুলন বাঈ (Rasoolan Bai; ১৯০২- ১৫ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় শীৰ্ষস্থানীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আছিল। বেনাৰচ ঘৰানাৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল আৰু 'তপ্পা' আৰু থুমৰীৰ এটা বিভাগ 'পূৰব অংগ'ত তেওঁ বিশেষত্ব অৰ্জন কৰিছিল।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২১ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ৰচুলন বাঈ (Rasoolan Bai; ১৯০২- ১৫ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় শীৰ্ষস্থানীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আছিল। বেনাৰচ ঘৰানাৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল আৰু 'তপ্পা' আৰু থুমৰীৰ এটা বিভাগ 'পূৰব অংগ'ত তেওঁ বিশেষত্ব অৰ্জন কৰিছিল।১

প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ

ৰচুলন বাঈৰ জন্ম ১৯০২ চনত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ কচৱা বাজাৰত এটা দৰিদ্ৰ পৰিয়ালত হৈছিল। নিচেই কম বয়সতে শাস্ত্ৰীয় ৰাগৰ ওপৰত থকা তেওঁৰ পাৰদৰ্শিতাৰ উমান পোৱা গৈছিল। পাঁচ বছৰ বয়সত তেওঁক সঙ্গীতৰ শিক্ষা গ্ৰহণ কৰিবলৈ ওস্তাদ শম্মু খানৰ ওচৰলৈ পঠিয়াই দিছিল।১ তাৰপিছত তেওঁ সাৰেঙ্গীবাদক আশিক খান আৰু ওস্তাদ মাজু খানৰ ওচৰত শিক্ষাগ্ৰহণ কৰিছিল২৩ ৰচুলন বাঈ পৰিণত হৈছিল থুমৰিৰ এগৰাকী বিশিষ্ট শিল্পীলৈ। শাস্ত্ৰীয় কণ্ঠ-সঙ্গীতৰ ধাৰা 'থুমৰি'ৰ মূল সিমান স্পষ্ট নহয়। পোন্ধৰ শতিকালৈ ইয়াৰ কোনো ঐতিহাসিক উল্লেখ নাই। ঊনবিংশ আৰু কুৰি শতিকাত উত্তৰ ভাৰতৰ বিকশিত এই দৰবাৰী সঙ্গীত তৱাইফসকলে পৰিবেশন কৰিছিল। ৰচুলনে থুমৰিৰ এই উত্তৰাধিকাৰ মাকৰ পৰা লাভ কৰিছিল, যি এগৰাকী তৱাইফ আছিল আৰু এই চহকী সংস্কৃতিৰ শেষ বাহক আছিল।৪

কৰ্মজীৱন

ৰতলুন বাঈ 'দাদৰা', 'পূৰ্বীগীত', 'হোৰী', 'কজৰী' আৰু 'চৈতি'ৰ উপৰিও 'তপ্পা' আৰু 'পূৰব অংগ' (থুমৰী) গোৱাত দক্ষ হৈ উঠিছিল।২ ধনঞ্জয়গড় দৰবাৰত তেওঁৰ প্ৰথম সঙ্গীত পৰিবেশন অনুষ্ঠিত হৈছিল। ইয়াত সফলতা পোৱাৰ পিছত সেই সময়ৰ স্থানীয় ৰজাসকলৰ পৰা তেওঁলৈ আমন্ত্ৰণ পাবলৈ ধৰে। তাৰপিছত বাৰাণসীক ভিত্তি কৰি পৰৱৰ্তী পাঁচ দশক জুৰি তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীতৰ ওপৰত নিজৰ আধিপত্য বজাই ৰাখিলে আৰু বাৰানসী ঘৰানাৰ সন্মানীয় আৰু বিশিষ্ট নাৰীৰূপে পৰিগণিত হ’ল। ১৯৪৮ চনত তেওঁ 'মুজ্‌ৰা' কৰিবলৈ এৰি দিয়ে আৰু 'কোঠা' ৰ পৰা ওলাই যায়। তেওঁ বাৰাণসী চহৰৰ এটা উপপথত থাকিবলৈ লয় আৰু এজন স্থানীয় বেনাৰসী শাৰীৰ ব্যৱসায়িক বিয়া কৰায়।৫

যদিও তেওঁ জীৱনকালত সঙ্গীতেৰে খ্যাতিৰ শিখৰত উপনীত হৈছিল, তেওঁৰ মৃত্যু হৈছিল এক চূড়ান্ত দাৰিদ্ৰ অৱস্থাত। তেওঁৰ অনুষ্ঠান প্ৰায়ে সম্প্ৰচাৰ কৰা আকাশবাণী কেন্দ্ৰৰ সন্মুখতে এখন চাহৰ দোকান দি শেষলৈ তেওঁ জীৱন-নিৰ্বাহ কৰিছিল।৬ শাস্ত্ৰীয় কণ্ঠশিল্পী নেইনা দেৱীয়ে তেওঁৰ ওচৰতে শিক্ষা লাভ কৰিছিল।৭ ১৯৬৯ চনত বাৰাণসী চহৰত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত তেওঁৰ ঘৰ জ্বলাই দিয়া হৈছিল।৮ ১৯৭৪ চনৰ ১৫ ডিচেম্বৰত ৭৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৯

বঁটা

১৯৫৭ চনত কণ্ঠসঙ্গীত শিতানত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে নতুন দিল্লীত তেওঁক এই বঁটা প্ৰদান কৰিছিল।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Susheela Misra. (1991). Musical Heritage of Lucknow. Harman Publishing House. পৃ. 44
  2. ↑ Projesh Banerji. (1 January 1986). Dance In Thumri. Abhinav Publications. পৃ. 74–. ISBN 978-81-7017-212-3
  3. ↑ Peter Lamarche Manuel. (1989). Ṭhumri: In Historical and Stylistic Perspectives. Motilal Banarsidass. পৃ. 87–. ISBN 978-81-208-0673-3
  4. ↑ Rasoolan Bai — one of the foremost performers of ‘thumri’ who died in penury. The Print
  5. ↑ (7 November 2009). Bring On The Dancing Girls. Tehelka Magazine, Vol 6, Issue 44
  6. ↑ indianraga.blogspot.com/2009_10_01_archive.html
  7. ↑ (8 December 2011). Glimpses of Naina. The Hindu
  8. ↑ Saeed Naqvi. (23 January 2004). The power of Gujarat’s godmen. Indian Express
  9. ↑ Gopa Sabharwal. (1 January 2007). India Since 1947: The Independent Years. Penguin Books India. পৃ. 154–. ISBN 978-0-14-310274-8
  10. ↑ Sangeet Natak Akademi Award - Music:Vocal Sangeet Natak Akademi Award Official listings

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰচুলন বাঈ” প্ৰবন্ধৰ সংশোধন ২৯৬৮৬৬ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।