অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পণ্ডিত যশৰাজ

পণ্ডিত যশৰাজ (২৮ জানুৱাৰী ১৯৩০ – ১৭ আগষ্ট ২০২০) প্ৰায় আঠ দশক জোৰা তেওঁৰ সাংগীতিক জীৱনত বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁ মূলতঃ শাস্ত্ৰীয় আৰু অৰ্ধ শাস্ত্ৰীয় গীতসমূহ বহুতো এলবাম আৰু চলচ্চিত্ৰত সিঁচৰতি হৈ আছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

পণ্ডিত যশৰাজ (২৮ জানুৱাৰী ১৯৩০ – ১৭ আগষ্ট ২০২০) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী, সংগীত প্ৰশিক্ষক তথা তবলা বাদক। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ 'মেৱাতী ঘৰাণা'ৰ অন্তৰ্ভুক্ত আছিল।১ প্ৰায় আঠ দশক জোৰা তেওঁৰ সাংগীতিক জীৱনত বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁ মূলতঃ শাস্ত্ৰীয় আৰু অৰ্ধ শাস্ত্ৰীয় গীতসমূহ বহুতো এলবাম আৰু চলচ্চিত্ৰত সিঁচৰতি হৈ আছে। তেওঁ ভাৰত, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। ২০২০ চনৰ ১৭ আগষ্ট তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৯০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

প্ৰাৰম্ভিক জীৱন

১৯৩০ চনৰ ২৮ জানুৱাৰী তাৰিখে ব্ৰিটিছ পঞ্জাবৰ অন্তৰ্ভুক্ত হিচাৰ জিলাৰ (বৰ্তমান হাৰিয়ানাৰ ফাতেহাবাদ জিলা) পিলি মান্দৰী নামৰ সৰু গাঁও এখনৰ ব্ৰাহ্মণ পৰিয়ালত পণ্ডিত যশৰাজৰ জন্ম হৈছিল। তেওঁৰ পিতৃ পণ্ডিত মতিৰাম এগৰাকী শাস্ত্ৰীয় সংগীত শিল্পী আছিল।২ ১৯৩৪ চনত যশৰাজৰ মাত্ৰ চাৰি বছৰ বয়সতে পিতৃ মতিৰামৰ মৃত্যু হয়। এইদিনা যশৰাজক মিৰ উচমান আলী খানৰ ৰাজ দৰবাৰত ৰাজ্যিক সংগীত শিল্পীৰ বিষয়াবাব প্ৰদান কৰা হয়।৩৪৫ যশৰাজৰ জ্যেষ্ঠ ভাতৃ পণ্ডিত প্ৰতাপ নাৰায়ণো এগৰাকী বিখ্যাত সংগীত শিল্পী আছিল। তেওঁ সংগীত পৰিচালক যতীন-ললিত, গায়িকা অভিনেত্ৰী সুলক্ষণা পণ্ডিত আৰু অভিনেত্ৰী বিজয়েতা পণ্ডিতৰ পিতৃ।৬ যশৰাজৰ জ্যেষ্ঠতম ভাতৃ পণ্ডিত মণিৰামো এগৰাকী শাস্ত্ৰীয় সংগীত শিল্পী।

যশৰাজে প্ৰাৰম্ভিক জীৱন হাইদৰাবাদত কটাই প্ৰায়ে গুজৰাটৰ সানন্দলৈ গৈ 'মেৱাতী ঘৰাণা'ৰ সংগীতজ্ঞ সমূহৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল।৭ তেওঁ সানন্দৰ ঠাকুৰ চাহিব মহাৰাজ জয়ন্ত সিং ৱাঘেলাৰ বাবে পৰিবেশন কৰাৰ লগতে তেওঁৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল।৮৮৯

১৯৪৬ চনত তেওঁ কলিকতালৈ যায় আৰু ৰেডিঅ'ত শাস্ত্ৰীয় সংগীতশিল্পী হিচাপে যোগদান কৰে।৭

ব্যক্তিগত জীৱন

২০১১ চনত জয়পুৰৰ গোবিন্দ জী মন্দিৰৰ সৎসংগ ভৱনৰ মঞ্চত পণ্ডিত যশৰাজ আৰু তেওঁৰ পত্নী মধুৰা
২০১১ চনত জয়পুৰৰ গোবিন্দ জী মন্দিৰৰ সৎসংগ ভৱনৰ মঞ্চত পণ্ডিত যশৰাজ আৰু তেওঁৰ পত্নী মধুৰাছবি: Avinashmaurya · CC BY 3.0

১৯৬০ চনত বোম্বেত পণ্ডিত যশৰাজে চলচ্চিত্ৰ পৰিচালক ভি. শান্তাৰামৰ জীয়েক মধুৰা শান্তাৰামক লগ পায় আৰু ১৯৬২ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।১০ প্ৰথমতে তেওঁলোক কলিকতাত বাস কৰিছিল যদিও ১৯৬৩ চনত বোম্বেলৈ যায়।১১ তেওঁলোকৰ পুত্ৰ সাৰংগ দেৱ পণ্ডিত আৰু কন্যা দুৰ্গা যশৰাজ। ২০০৯ চনত মধুৰায়ে 'সংগীত মাৰ্তন্দ পণ্ডিত যশৰাজ' নামেৰে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে।১২ ২০২০ চনত তেওঁ 'আই তুজা আশীৰ্বাদ' নামৰ মাৰাঠী ছবি নিৰ্মাণ কৰিছিল। ইয়াত লতা মংগেশকাৰ আৰু তেওঁৰ স্বামী পণ্ডিত যশৰাজে মাৰাঠী গীত গাইছিল।১৩১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kulkarni, Pranav. (15 December 2008). Pandit Jasraj casts magic spell. The Indian Express
  2. ↑ Fun Interview On Wishlist, Pandit Jasraj Talks Of Cricket, Deer And Krishna. NDTV
  3. ↑ Kumar, Ranee. (1 December 2004). A custom of culture. The Hindu
  4. ↑ Jāʼisī, Ṣidq; Luther, Narendra. (2004). The Nocturnal Court: The Life of a Prince of Hyderabad. Oxford University Press. ISBN 978-0195666052
  5. ↑ (11 December 2016). My Father Died Five Hours Before He Was To Be Announced The Royal Musician In Court Of Osman Ali Khan. The Times of India
  6. ↑ Pawar, Yogesh. (15 March 2019). Pt Jasraj's 90-year musical journey. DNA India
  7. ↑ Paul, Papri. (28 January 2015). Pandit Jasraj takes a trip down the memory lane to relive his idyllic childhood spent in Hyderabad. The Times of India
  8. ↑ (1 November 2009). The Master's Voice. Harmony — Celebrate Age
  9. ↑ Pandit Jasraj: ‘Music is what can take you to heaven’. gulfnews.com
  10. ↑ (27 December 2003). Raag Jasraj, in the maestro's voice. The Times of India
  11. ↑ (8 October 2007). Jai ho! Jasraj. The Hindu
  12. ↑ (26 November 2009). Madhura Jasraj recounts life with the Maestro. Ministry of Information and Broadcasting (India)
  13. ↑ Nivas, Namita. (10 September 2010). Age no bar. The Indian Express
  14. ↑ (26 October 2010). V Shantaram’s daughter turns director. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীবাদ্যযন্ত্ৰীসংগীত নাটক একাডেমী বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পণ্ডিত যশৰাজ” প্ৰবন্ধৰ সংশোধন ৩৮১৬৬১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।