ভাৰতীয় কণ্ঠশিল্পী
১৭৯ প্ৰবন্ধ
-
বাসন্তী বিষ্ট
বাসন্তী বিষ্ট (জন্ম: ১৯৫৩) এগৰাকী ভাৰতীয় লোকসংগীতশিল্পী। তেওঁ উত্তৰাখণ্ডৰ জাগৰ লোকসংগীতৰ প্ৰথম মহিলা শিল্পী হিচাপে জনাজাত। জাগৰ দেৱ-দেৱীসমূহক আহ্বান কৰা একপ্ৰকাৰৰ পুৰুষপ্ৰধান লোক সংগীত। কিন্তু বাসন্তী বিষ্টয়ে পৰম্পৰা ভংগ কৰি বৰ্তমান নিজকে উল্লেখযোগ্য জাগৰ শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।
-
বি কে সামন্ত
বি কে সামন্ত হ'ল উত্তৰাখণ্ডৰ এজন লোকগায়ক, সংগীত পৰিচালক আৰু গীতিকাৰ, তেওঁৰ ভাইৰেল গীত থাল কী বজাৰৰ বাবে পৰিচিত যিটো ইউটিউবত সৰ্বাধিক দৰ্শন কৰা কুমাউনী বা গড়ৱালি মিউজিক ভিডিঅ', যাৰ দৰ্শকৰ সংখ্যা ৬ কোটিৰো অধিক।
-
বিদ্যা ৰাও (কণ্ঠশিল্পী)
বিদ্যা ৰাও (Vidya Rao) এগৰাকী ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় গায়ক আৰু সাহিত্যিক। থুমৰি আৰু দাদ্ৰাৰ বাবে তেওঁ জনপ্ৰিয়।প্ৰয়াত নেইনা দেৱীক তেওঁ লিখা গ্ৰন্থখন হৈছে- হাৰ্ট টু হাৰ্ট: ৰিমেম্বৰিং নেইনাজী নামৰ এখন গ্ৰন্থ। তেওঁৰ কন্যা অদিতি ৰাও হাইদৰী এগৰাকী অভিনেত্ৰী।
-
বিমলাক্কা
অৰুণোদয় বিমলা (Arunodaya Vimala; জন্ম: ১৯৬৪)-ৰ জনপ্ৰিয় নাম হৈছে 'বিমলাক্কা' (Vimalakka। তেখেত তেলুগু ভাষাৰ এগৰাকী বেলাদ গায়িকা আৰু সক্ৰিয় সমাজকৰ্মী। তেখেতৰ গোটটোক 'অৰুণদয়া সংস্কৃতিকা সমখ্যা' (ACF) বুলি কোৱা হয়। তেলঙ্গানা ৰাজ্য গঠন কৰাৰ সময়ত তেখেতে যুটীয়া কাৰ্যবাহী সমিতি এখনৰ নেতৃত্ব দিছিল।
-
বিশাখা হৰি
বিশাখা হৰি (Vishaka Hari, জন্ম: ২১ মে' ১৯৮১) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কৰ্ণাটিক শাস্ত্ৰীয় সংগীতৰ লগত জড়িত। তেওঁ বিশেষকৈ হৰিকথাৰ ব্যাখ্যাকাৰ আৰু কাথাকলাক্ষেপামৰ কথক হিচাপে জনাজাত। তেওঁ এগৰাকী ৰাজকীয় চনদপ্ৰাপ্ত হিচাপৰক্ষক বা চাৰ্টাৰ্ড একাউণ্টেণ্ট।
-
বিষ্ণুদিগম্বৰ পালুস্কৰ
বিষ্ণু দিগম্বৰখ পালুস্কৰ (BISHNU DIGAMBARAKH PALUSKAR) হৈছে এগৰাকী সঙ্গীতৰ প্ৰতি আত্মোৎসৰ্গী, ত্যাগী, সন্ন্যাসী ব্যক্তি ৷
-
বৰ্ষা ভোঁচলে
বৰ্ষা ভোঁচলে (জন্ম, ১৯৫৬ –মৃত্যু,৮ অক্টোবৰ ২০১২) মুম্বাইৰ আবাসী ভাৰতীয় গায়িকা, সাংবাদিক আৰু লেখিকা আছিল। তেওঁ গায়িকা আশা ভোঁসলেৰ জীয়ৰী আছিল।
-
ভঁৱৰী দেৱী (গায়িকা)
ভঁৱৰী দেৱী (জন্ম ১৯৬৪) ভাৰতৰ ৰাজস্থানৰ এগৰাকী লোকগায়িকা। তেওঁ ভোপা সম্প্ৰদায়ৰ, আৰু ৰাজস্থানৰ পৰম্পৰাগত আৰু লোক-সংগীত পৰিবেশনৰ বাবে তেওঁ বিস্তৰ স্বীকৃতি লাভ কৰিছে।
-
মধু মনছুৰী হাছমুখ
মধু মনছুৰী হাছমুখ (জন্ম ৪ ছেপ্টেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় গায়ক, গীতিকাৰ আৰু কৰ্মী। পৃথক ৰাজ্য ঝাৰখণ্ডৰ আন্দোলনৰ বাবে তেওঁ কেইবাটাও নাগপুৰী গীত লিখি গাইছিল। ২০১১ চনত ঝাৰখণ্ড চৰকাৰে তেওঁক ঝাৰখণ্ড ৰত্ন বঁটা প্ৰদান কৰে। ২০২০ চনত তেওঁ কলা শাখাত পদ্মশ্ৰী বঁটা লাভ কৰে।
-
মালৱল্লী মহাদেৱস্বামী
কৃষ্ণপুৰা মদৈয়া মহাদেৱস্বামী (মালৱল্লী মহাদেৱস্বামী নামেৰে পৰিচিত) হ'ল এজন ভাৰতীয় কন্নড় লোকগীতৰ গায়ক। মন্তেস্বামী, সিদ্দপ্পাজী আৰু মালে মহাদেশৰ ওপৰত গোৱা লোক আৰু ভক্তিমূলক গীতৰ বাবে তেওঁ পৰিচিত।
-
মীনা ৰাণা
মীনা ৰাণা (Meena Rana) এগৰাকী ভাৰতীয় উত্তৰাখণ্ডী কণ্ঠশিল্পী। তেওঁ বহুতো গড়ৱলি আৰু কুমাউঁনী সংগীত এলবাম মুকলি কৰিছে।
-
মুখতিয়াৰ আলী
মুখতিয়াৰ আলী ভাৰতৰ ৰাজস্থান ৰাজ্যৰ বিকানেৰৰ এজন লোকগায়ক ৷ তেওঁ মিৰাচীৰ অৰ্ধ যাযাবৰী সম্প্ৰদায়ৰ অন্তৰ্গত, যিসকলে চুফী সংগীতৰ মৌখিক পৰম্পৰাৰ বাবে পৰিচিত। আলীৰ পৰিয়ালৰ বহু প্ৰজন্ম ধৰি চুফী সংগীতৰ লগত জড়িত। ২০১৫ চনত শ্ৰেষ্ঠ সংগীত অভিষেকৰ জিমা বঁটা (GiMA Award for Best Music Debut) লাভ কৰে।
-
মুবাৰক বেগম
মুবাৰক বেগম (ইংৰাজী: Mubarak Begum; সম্পূৰ্ণ নাম: মহৰুত্তুন মুবাৰক উল-নিছা বেগম) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলনীৰ ত্ৰয়োদশ পত্নী আছিল।
-
শশীকলা দানী
বিদূষী শশীকলা দানী (ವಿದೂಷಿ ಶಶಿಕಲಾ ದಾನಿ, Vidushi Shashikala Dani) হৈছে ভাৰতীয় হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ এগৰাকী জলতৰংগ বাদক। অল ইণ্ডিয়া ৰেডিঅ'-য়ে এ-গ্ৰেড সন্মান প্ৰদান কৰা ভাৰতৰ খুব কমসংখ্যক জলতৰংগ বাদকসকলৰ ভিতৰত শশীকলা দানী হৈছে অন্যতম।
-
শাৰদা সিনহা
শাৰদা সিনহা (১ অক্টোবৰ ১৯৫২) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী। তেওঁ মূলতঃ মৈথিলী ভাষাৰ কণ্ঠশিল্পী যদিও তেওঁ ভোজপুৰী আৰু মগহী ভাষাৰ গীতটো কণ্ঠদান কৰিছে। তেওঁ ছট পূজাৰ গীত 'হো দিননাথ'ৰ মৈথিলী সংস্কৰণ গাই বিশেষভাবে জনাজাত হৈ পৰিছিল।
-
শিবানী কাশ্যপ
শিবাণী কাশ্যপ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, যিয়ে বলীউড চলচ্চিত্ৰ জগতত কাম কৰে। তেওঁ টিভিৰ ৰিয়েলিটি চিংগিং শ্ব' বাথৰুম চিংগাৰৰ বিচাৰক হিচাপে কাম কৰিছে। অল ইণ্ডিয়া ৰেডিঅ’ আৰু অমুল ইণ্ডিয়াৰ এয়াৰ এফ এম চেনেলৰ চিগনেচাৰ টিউন গাই কাশ্যপে খ্যাতি অৰ্জন কৰিছিল।
-
শিৱাজী চট্টোপাধ্যায়
শিৱাজী চট্টোপাধ্যায় এগৰাকী ভাৰতীয় বিখ্যাত গায়ক আৰু সংগীত পৰিচালক। তেওঁৰ জন্ম হৈছিল কলিকতাত। ‘চলেই যাবে জানতেই যদি’ অথবা ‘পাখীৰা চায় আকাশেৰ নীল’ তেওঁৰ বিখ্যাত গীত।
-
সত্যজিৎ জেনা
সত্যজিৎ জেনা এগৰাকী জনপ্ৰিয় আৰু যুৱ ভাৰতীয় গায়ক আৰু ইউটিউব তাৰকা। ২০১৭ চনত তেওঁ চা ৰে গা মা পা (এটা সংগীতৰ ৰিয়েলিটি টিভি শ্ব)ৰ শীৰ্ষ ১৫জন প্ৰতিযোগীৰ তালিকাত আছিল। তেওঁৰ ৪.৫ নিযুতৰো অধিক গ্ৰাহকৰ সৈতে এটা অতি ডাঙৰ স্ব-শীৰ্ষক ইউটিউব চেনেল আছে।
-
সুগন্ধা গাৰ্গ
সুগন্ধা গাৰ্গ এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন সঞ্চালিকা। তেওঁক শেহতীয়াকৈ ভাৰতীয় ৱেব ছিৰিজ গীল্টি মাইণ্ডছত দেখা গৈছিল।
-
সুধা মালহোট্ৰা
সুধা মালহোত্ৰা ( Sudha Malhotra) ৩০ নৱেম্বৰ ১৯৩৬ চনত নতুন দিল্লীত জন্ম গ্ৰহণ কৰা এগৰাকী ভাৰতীয় কথাছবিৰ নেপথ্য সংগীত গায়িকা। গায়কীৰ উপৰিও তেওঁ বলীউডৰ কেইখনমান ছবিত অভিনয় কৰিছিল৷ নেপথ্য গায়িকা হিচাপে ১৯৫০ আৰু ১৯৬০ চনৰ বলীউডৰ জনপ্ৰিয় চিনেমা যেনে, আৰজু, ধূল কা ফুল, অব দিল্লী দুৰ নেহী, গাৰ্ল…
-
সুনন্দা শৰ্মা
সুনন্দা শৰ্মা (Sunanda Sharma; জন্ম: ৩০ জানুৱাৰী ১৯৯২) শৰ্মাই সজ্জন সিং ৰংৰুট নামৰ ছবিখনত সহ-অভিনেতা দিলজিৎ দোচাঞ্ঝ আৰু যোগৰাজ সিঙৰ বিপৰীতে অভিনয়েৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। সুনন্দাই "তেৰে নাল নাচনা" শীৰ্ষক গীতটিত কণ্ঠদানেৰে বলীউডত পদাৰ্পণ কৰিছিল।
-
সুলোচনা চৱান
সুলোচনা মহাদেৱ কদম ( Sulochana Mahadev Kadam; ১৩ মাৰ্চ ১৯৩৩ – ১০ ডিচেম্বৰ ২০২২),এগৰাকী ভাৰতীয় গায়িকা। তেওঁ সুলোচনা চৱান নামেৰে জনাজাত কণ্ঠশিল্পী গৰাকী মাৰাঠী “লাৱণী”ৰ বাবে প্ৰখ্যাত।
-
স্মিতা মাধৱ
স্মিতা মাধৱ (Smitha Madhav) এগৰাকী কৰ্ণাটিক ধ্ৰুপদী গায়িকা আৰু ভাৰতনাট্যম নৃত্যশিল্পী। কৰ্ণাটিক সংগীত হৈছে সাধাৰণতে ভাৰতৰ দক্ষিণ অংশৰ সৈতে সম্পৰ্কিত সংগীতৰ এক প্ৰণালী আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা মুখ্য শ্ৰেণীবিভাজনৰ ভিতৰত এটা (আনটো হৈছে হিন্দুস্তানী ধ্ৰুপদী সংগীত)।
-
সৰ্বেশ্বৰ ভোই
সৰ্বেশ্বৰ ভোই (ইংৰাজী: Sarveshwar Bhoi; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৮২) হ'ল এজন সম্বলপুৰী লোকগায়ক। তেওঁ ২০১৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী সম্বলপুৰী চলচ্চিত্ৰ আদিম বিচাৰত লিক্ৰি ঝিক্ৰি আৰু লাল ঝৰ ঝৰ গীত গাইছিল।
-
হুছনা বাঈ
হুছনা বাঈ অথবা হুছনা জান (Husna Bai) ঊনবিংশ শতিকাৰ শেষভাগৰ আৰু কুৰি শতিকাৰ প্ৰথমভাগৰ বাৰাণসীৰ এগৰাকী তৱাইফ আৰু থুমৰি গায়িকা আছিল। তেওঁক উত্তৰ প্ৰদেশত খয়াল, থুমৰি আৰু তপ্পা গায়কীৰ বিশেষজ্ঞ হিচাপে প্ৰখ্যাত আছিল।
-
হৰিচৰণ
হৰিচৰণ শেশাদ্ৰী (জন্ম ২০ মাৰ্চ ১৯৮০) যাক হৰিচৰণ নামেৰে জনা যায়; এগৰাকী ভাৰতীয় কৰ্ণাটকী কণ্ঠশিল্পী, প্লেবেক গায়ক আৰু সংগীতজ্ঞ। তেওঁ প্ৰধানকৈ তামিল, মালয়ালম, হিন্দী, তেলুগু আৰু কন্নড় ভাষাৰ সংগীত আৰু চলচ্চিত্ৰত কণ্ঠদান কৰে। তেওঁ চলচ্চিত্ৰ আৰু সংগীতৰ এলবাম মিলাই ২০০০ৰো অধিক গীতত কণ্ঠদান কৰিছে।
-
হৰ্ষি
হৰ্ষিদা মাধালেপাৰিয়া (ইংৰাজী: Harshida Madhaparia; জন্ম: ৬ মে' ১৯৮৭), যি চমুকৈ হৰ্ষি নামেৰে পৰিচিত, এগৰাকী মুম্বাইত কৰ্মৰত ব্ৰিটিছ গায়িকা আৰু অভিনেত্ৰী। তেওঁ হিন্দী, ইংৰাজী, গুজৰাটী আৰু পঞ্জাবী ভাষাত গীত গায় আৰু পৰিৱেশন কৰে।
-
ৰকষ্টাৰ ৰমণী অম্মাল
ৰমণী অম্মাল (১৯৫৪ – ৪ এপ্ৰিল ২০২৩), জনপ্ৰিয়ভাৱে তেওঁৰ মঞ্চনাম ৰকষ্টাৰ ৰমণী অম্মাল, এগৰাকী ভাৰতীয় লোক গায়িকা আৰু প্লেবেক ছিংগাৰ আছিল। ২০১৭ চনত টেলিভিছনৰ ৰিয়েলিটি শ্ব' জি তামিলৰ ছা ৰে গা মা পা চিনিয়ৰছত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ বিশিষ্টতা লাভ কৰে।
-
ৰাজীৱ শদিয়া
ৰাজীৱ শদিয়া ( Rajiv Sadiya) অসমৰ এগৰাকী জনপ্ৰিয় গায়ক আছিল। বিশেষকৈ উজনি অসমত অধিক পৰিচিত ৰাজীৱ শদিয়া মৃত্যুৰ পিছত সমগ্ৰ অসমত পৰিচিত হৈ পৰিছিল আৰু তেওঁৰ দেশপ্ৰেমমূলক গীতবোৰৰ চৰ্চা হৈছিল। তেওঁৰ প্ৰকৃত নাম ৰাজীৱ গগৈ।