ভাৰতীয় অলিম্পিক প্ৰতিযোগী
৪১ প্ৰবন্ধ
-
দীপিকা কুমাৰী
দীপিকা কুমাৰী (Deepika Kumari; জন্ম: ১৩ জুন ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ব্যক্তিগত আৰু দলগত উভয় বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ প্ৰাক্তন ১ নম্বৰ বিশ্ব ৰেংকিংধাৰী মহিলা আৰ্চাৰী খেলুৱৈ। ২০১০ কমনৱেলথ গেমচত তেওঁ মহিলাৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰিছিল।
-
মনু ভাকৰ
মনু ভাকৰ এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১৮ চনত মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত মহিলাৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা সোণৰ পদক লাভ কৰিছিল। আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত সোণৰ পদক লাভ কৰা তেওঁ কনিষ্ঠতম ভাৰতীয় শ্বুটাৰ।
-
অঞ্জু ববী জৰ্জ
অঞ্জু ববী জৰ্জ (Anju Bobby George; জন্ম: ১৯ এপ্ৰিল ১৯৭৭) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় এথলীট। ২০০৩ চনত পেৰিছত অনুষ্ঠিত এথলেটিকছৰ বিশ্ব চেম্পিয়নশ্বিপত লং জাম্পত ৬.৭০ মিটাৰ জঁপিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল।
-
পি. টি. উষা
পিলাৱুল্লাকাণ্ডি থেক্কেপৰম্বিল উষা (চমুকৈ পি. টি. উষা, জন্ম ২৭ জুন ১৯৬৪) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ট্ৰেক্ এণ্ড্ ফিল্ড্ এথলিট। ১৯৭৯ চনৰ পৰাই তেওঁ ভাৰতীয় এথলেটিকছৰ সৈতে জড়িত হৈ আছে। তেওঁক ভাৰতীয় ট্ৰে'ক্ এণ্ড্ ফিল্ডৰ ৰাণী বুলিও জনা যায়।
-
বোম্বাইলা দেৱী লাইশ্ৰাম
বোম্বাইলা দেৱী লাইশ্ৰাম (Bombayla Devi Laishram; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী খ্যাতনামা ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ২০০৭ চনৰ পৰা বিভিন্ন আন্তঃজাৰ্তিক প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। মণিপুৰৰ পশ্চিম ইম্ফলত জন্ম গ্ৰহণ কৰা বোম্বাইলায়ে ১৯৯৭ চনত জাতীয় স্তৰত প্ৰথম আত্মপ্ৰকাশ কৰে।
-
মিলখা সিং
মিলখা সিং (Milkha Singh; ২০ নম্বেৱৰ,১৯২৯ – ১৮ জুন, ২০২১) এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ (The Flying Sikh) নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে।
-
শিৱ থাপা
শিৱ থাপা (Shiva Thapa; জন্ম: ৮ ডিচেম্বৰ, ১৯৯৩) অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হ'বলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে।
-
চৰদাৰা সিং
চৰদাৰা সিং বা চৰদাৰ সিং (জন্ম: ১৫ জুলাই ১৯৮৬) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ফিল্ড হকীৰ চেণ্টাৰ হাফ অৱস্থানত খেলে।
-
দূতী চান্দ
দূতী চান্দ (Dutee Chand; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী। দূতী গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলাৰ ১০০ মিটাৰ প্ৰতিযোগিতাত নিৰ্বাচিত তৃতীয় গৰাকী ভাৰতীয় মহিলা।
-
মণিকা বাত্ৰা
মণিকা বাত্ৰা (Manika Batra, জন্ম: ১৫ জুন ১৯৯৫) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২০ চনৰ নৱেম্বৰলৈকে তেওঁ ভাৰতৰ শীৰ্ষ স্থানত থকা মহিলা টেবুল টেনিছ খেলুৱৈ আৰু বিশ্বত ৬৩তম স্থানৰ খেলুৱৈ। তেওঁ বেকহেণ্ডত দীঘলীয়া পিম্পল খেলিবলৈ বিশেষত্ব লাভ কৰে। ই এটা ৰবৰ যি প্ৰায়ে শীৰ্ষস্থানৰ খেলুৱৈসকলে নেখেলে।
-
সৰবজ্যোত সিং
সৰবজ্যোত সিং (Sarabjot Singh; জন্ম: ৩০ ছেপ্টেম্বৰ ২০০১) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত মনু ভাকৰৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
-
অদিতি অশোক
অদিতি অশোক (Aditi Ashok, জন্ম: ২৯ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান। তেওঁ বৰ্তমান নাৰী ইউৰোপীয়ান টুৰ আৰু এলপিজিএ টুৰত খেলে। তেওঁ ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত পোনপ্ৰথমে খেলাৰ সুযোগ লাভ কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল।
-
কমলেশ মেহতা
কমলেশ মেহতা, সম্পূৰ্ণ নাম কমলেশ নবীন চন্দ্ৰ মেহতা (Kamlesh Navinchandra Mehta; জন্ম: ১ মে' ১৯৬০) এজন অৱসৰপ্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
-
দীপা কৰ্মকাৰ
দীপা কৰ্মকাৰ (জন্ম: ৯ আগষ্ট ১৯৯৩) ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত জন্মগ্ৰহণকাৰী এগৰাকী ভাৰতীয় আৰ্টিষ্টিক বা শৈল্পিক জিমনাষ্ট। তেওঁ গ্লাছগোত অনুষ্ঠিত ২০১৪ কমনৱেলথ গেমচত প্ৰথম ভাৰতীয় জিমনাষ্ট হিচাপে ব্ৰঞ্জৰ পদক পাইছিল। ইয়াৰ পূৰ্বে জিমনাষ্টিকচত কোনো ভাৰতীয় আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক পোৱা নাই।
-
পোখৰাম্বাম সুশীলা চানু
পোখৰাম্বাম সুশীলা চানু (Pukhrambam Sushila Chanu) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ হকী খেলুৱৈ। তেওঁ বৰ্তমান ভাৰতৰ জুনিয়ৰ মহিলা হকী দলৰ অধিনায়িকা। তেওঁ মণিপুৰৰ ইম্ফলৰ নিবাসী।
-
লক্ষ্মীৰাণী মাঝি
লক্ষ্মীৰাণী মাঝি (Laxmirani Majhi; জন্ম: ২৬ জানুৱাৰী ১৯৮৯) হৈছে এগৰাকী ভাৰতীয় বাঁওহতীয়া ৰিকাৰ্ভ ধনুৰ্বিদ।
-
সতীশ কুমাৰ
সতীশ কুমাৰ যাদৱ (জন্ম ৪ মে ১৯৮৯) বুলন্দ চহৰৰ এজন ভাৰতীয় বক্সাৰ। তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত ইনচিয়নত অনুষ্ঠিত ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জিকিছিল। আৰু ললগতে তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় বক্সাৰ।
-
স্বপ্নীল কুছালে
স্বপ্নীল কুছালে (Swapnil Kusale; জন্ম: ৬ আগষ্ট ১৯৯৫) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
অতনু দাস
অতনু দাস (Atanu Das; জন্ম: ৫ এপ্ৰিল ১৯৯২) হৈছে এজন ভাৰতীয় ধনুৰ্বিদ। তেওঁ আৰ্চাৰীৰ ল'ৰাৰ একক, দলগত ৰিকাৰ্ভ আৰু মিশ্ৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনত প্ৰথম আন্তৰ্জাতিক খেলত অংশগ্ৰহণ কৰিছিল। বৰ্তমান বিশ্ব আৰ্চাৰীত তেওঁৰ ২২ তম স্থান দখল কৰি আছে।
-
অনুৰাধা থোকচোম
অনুৰাধা থোকচোম (Anuradha Thokchom, জন্ম: ২ ফেব্ৰুৱাৰী ১৯৮৯, ভাৰতৰ মণিপুৰৰ টৌবুলত) ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলৰ সদস্য। মণিপুৰৰ টৌবুলত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা অনুৰাধাই কম বয়সতে হকী খেলিবলৈ আৰম্ভ কৰে আৰু ২০০৬ চনৰ মহিলা হকী চেম্পিয়নছ ট্ৰফীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে।
-
কমলপ্ৰীত কৌৰ
কমলপ্ৰীত কৌৰ (Kamalpreet Kaur, জন্ম: ৪ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় এথলীট আৰু ডিচকাছ থ্ৰ' খেলুৱৈ। ডিচকাছ থ্ৰ' প্ৰতিযোগিতাত ৬৫ মিটাৰ বাধা ভংগ কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা। ৰাহুল দ্ৰাবিড় এথলীট মেণ্টৰশ্বিপ কাৰ্যসূচীৰ জৰিয়তে তেওঁক গোস্পৰ্টছ ফাউণ্ডেশ্যনে আৰ্থিকভাৱে সহায় কৰে।
-
চি. এ. ভৱানী দেৱী
চাদালাভদা আনন্দ সুন্দৰৰামন ভৱানী দেৱী চমুকৈ চি. এ. ভৱানী দেৱী (C. A. Bhavani Devi, জন্ম: ২৭ আগষ্ট ১৯৯৩) এগৰাকী ভাৰতীয় চেবাৰ শৈলীৰ ফেন্সিং খেলুৱৈ। চেবাৰ শৈলীৰ ফেন্সিং হৈছে এবিধ দ্ৰুত গতিত তৰোৱাল চলোৱা খেল।
-
জয়ন্ত তালুকদাৰ
জয়ন্ত তালুকদাৰ (Jayanta Talukdar) অসমৰ এজন আৰ্চাৰী খেলুৱৈ (ধনুৰ্বিদ)। ২০১২ চনৰ লণ্ডন অলিম্পিকলৈ নিৰ্বাচিত হোৱা তেওঁ একমাত্ৰ ভাৰতীয় পুৰুষ আৰ্চাৰ।
-
জিতু ৰায়
জিতু ৰায় (জন্ম: ২৬ আগষ্ট, ১৯৮৭) এজন নেপালী মূলৰ ভাৰতীয় শ্বুটাৰ। তেওঁ সাধাৰণতে ১০ মিটাৰ Air পিষ্টল আৰু ৫০ মিটাৰ Air পিষ্টল ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। ভাৰত চৰকাৰে ক্ৰীড়াক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক ২০১৫-১৬ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছে।
-
টালিমেৰণ আও
টালিমেৰণ আও (Talimeren Ao; ২৮ জানুৱাৰী ১৯১৮ – ১৩ ছেপ্তেম্বৰ ১৯৯৮) হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক। অসমৰ নগা পাহাৰ জিলাৰ চাংকি নামৰ এখন গাঁৱত ১৯১৮ চনৰ ২৮ জানুৱাৰীত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ছুবংৱতী নিংডাংৰি আও আৰু মাতৃ মাংচাংলা চাংকিলাৰি। তেওঁ ১১জন সন্তানৰ ভিতৰত চতুৰ্থ আছিল।
-
থোনাকল গোপী
থোনাকল গোপী (জন্ম: ২৪ মে' ১৯৮৮) এজন ভাৰতীয় এথলীট। তেওঁ ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ মাৰাথথন দৌৰ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান ভাৰতীয় সেনা বাহিনীত কৰ্মৰত।
-
পূজা ৰাণী
পূজা ৰাণী বুৰা (Pooja Rani Boora, জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় মিডলৱেইট বক্সাৰ। ২০১৪ চনৰ এছিয়ান গেমছৰ ৭৫ কিলোগ্ৰাম শাখাত তেওঁ ব্ৰঞ্জৰ পদক বিজেতা। ২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত সোণৰ পদক, এছিয়ান চেম্পিয়নশ্বিপৰ ৭৫ কিলোগ্ৰাম শাখাত ৰূপ (২০১২) আৰু ব্ৰঞ্জ (২০১৫) পদক বিজেতা।
-
প্ৰণতি নায়ক
প্ৰণতি নায়ক (Pranati Nayak) এগৰাকী ভাৰতীয় জিমনাষ্ট। ১৯৯৫ চনৰ ৬ এপ্ৰিল তাৰিখে পশ্চিমবংগৰ পিঙ্গলা নামৰ ঠাইত নায়কৰ জন্ম হয়। তেওঁ ২০১৯ এছিয়ান আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপ ভল্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।
-
মনপ্ৰীত কৌৰ
মনপ্ৰীত কৌৰ (জন্ম ৫ ৰ্মাচ,১৯৯০) ভাৰতৰ আম্বালাৰ এগৰাকী অলিম্পিক শ্বট-পুটাৰ। ২০১৭ চনত চীন দেশৰ জিনহোৱাত অনুষ্ঠিত হোৱা এছিয়ান গ্ৰেণ্ড প্ৰিস্কত ১৮.৮৬ মিটাৰৰ সোণৰ পদক বিজয়ী প্ৰৰ্দশনেৰে তেওঁ নিজকে বিশ্ব তালিকাৰ শীৰ্ষস্থানত লৈ যাবলৈ সক্ষম হৈছিল।
-
মনীষ কৌশিক
চুবেদাৰ মনীষ কৌশিক (জন্ম ১১ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় বক্সাৰ। তেওঁ ভাৰতীয় সেনাৰ সৈতে এজন কনিষ্ঠ কমিছনড অফিচাৰ (জেচিঅ')। কৌশিকে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলত দোহা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত স্বৰ্ণ পদক জিকিছিল। দুবছৰ পিছত, মনীষে ২০১৭ চনৰ ৰাষ্ট্ৰীয় বক্সিং গেমছত স্বৰ্ণ জয় কৰে।