টালিমেৰণ আও (Talimeren Ao;১২ ২৮ জানুৱাৰী ১৯১৮ – ১৩ ছেপ্তেম্বৰ ১৯৯৮) হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক। অসমৰ নগা পাহাৰ জিলাৰ চাংকি নামৰ এখন গাঁৱত ১৯১৮ চনৰ ২৮ জানুৱাৰীত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ছুবংৱতী নিংডাংৰি আও আৰু মাতৃ মাংচাংলা চাংকিলাৰি। তেওঁ ১১জন সন্তানৰ ভিতৰত চতুৰ্থ আছিল।
ফুটবল কেৰিয়াৰ
মোহন বাগান
১৯৪৩ চনত আৱে কলকতা ফুটবল লীগত ভাগ লোৱা মোহন বাগান দলত যোগদান কৰে।৩ শৰৎ দাসৰ পিছত ১৯৪৮ চনৰ পৰা ১৯৪৯ চনলৈ তেওঁ ইয়াৰ অধিনায়ক আছিল। শৰৎ দাস গুৱাহাটী কটন ক’লেজৰ অগ্ৰজ আছিল আৰু দুয়ো পূৰ্বতে গুৱাহাটীৰ মহাৰাণা ক্লাবৰ হৈ খেলিছিল। আও মহাৰাণা ক্লাবত ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল, কিন্তু মোহন বাগানত তেওঁ ৰক্ষক হিচাপে যেগদান কৰিছিল। আও আৰু তেওঁৰ দুজন সহ:খেলুৱৈ “চীনৰ মহান প্ৰাচীৰ” নামেৰে জনপ্ৰিয় হৈ উঠিছিল। ১৯৪৮ চনত তেওঁ লণ্ডনলৈ যোৱা ভাৰতীয় ফুটবল দলৰ অধিনায়ক হৈছিল।৪৫ ১৯৫০ চনত আও ডুৰাণ্ড কাপত মোহন বাগানৰ অধিনায়ক আছিল কিন্তু ফাইনেলত হাইদৰাবাদ আৰক্ষীৰ লগত ১-০ গ’লত পৰাস্ত হয়। তেওঁ পুত্ৰক কৈছিল যে এই ডুৰাণ্ড কাপ (১৯৫০)ত মোহন বাগানৰ গ’ল কীপাৰজন আঘাত প্ৰাপ্ত হৈছিল বাবে তেওঁ নিজে কীপিং কৰিবলগীয়া হৈছিল।৬
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰ বছৰ, ১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত খেলা ভাৰতীয় ফুটবল দলৰ অধিনায়ক আছিল টালিমেৰণ আও। তেওঁ অলিম্পিকত ভাৰতৰ হৈ ৰাষ্ট্ৰীয় পতাকা বহন কৰিছিল। ভাৰতৰ প্ৰথমখন মেচ বাৰ্মাৰ বিৰুদ্ধে আছিল, এইখন ৱাকঅভাৰ মেচহে আছিল। পিছৰখন মেচ ফ্ৰান্সৰ বিৰুদ্ধে আছিল আৰু তাত ভাৰতে ২-১ গ’লত পৰাস্ত হৈছিল। অৱসৰৰ সময়লৈকে আৱে আৰু পাঁচখন মেচ খেলিছিল।৬
প্ৰাৰম্ভিক জীৱন
আৱে আৰ. জি. মেডিকেল ক’লেজ, কলকাতা, পশ্চিম বংগত চিকিৎসা বিদ্যাৰ অধ্যয়ন কৰি তেওঁৰ এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰিছিল। ১৯৬৩ চনত তেওঁ নাগালেণ্ডলৈ উভতি আহে আৰু সহকাৰী চিকিৎসক হিচাপে কৰ্মত যোগদান কৰে, পিছত তেওঁ চিভিল চাৰ্জন পদলৈ উন্নীত হয়। ১৯৭৮ চনত তেওঁ নাগালেণ্ড স্বাস্থ্য সেৱাৰ ডাইৰেক্টৰ হিচাপে অৱসৰ গ্ৰহণ কৰে।
২০০২ চনত মোহন বাগানে তেওঁৰ নামত মোহন বাগান ৰত্ন বঁটা প্ৰৱৰ্তন কৰি আৰু তেওঁক আজীৱন সদস্য পদ প্ৰদান কৰি তেওঁক সন্মান প্ৰদান কৰে।৬ অসমৰ কলিয়াবৰত এখন আউটড’ৰ ষ্টেডিয়াম আৰু কটন ক’লেজত এখন ইনড’ৰ ষ্টেডিয়ান তেওঁৰ নামেৰে নামকৰণ কৰা হয়।
২০০৯ চনত, ইউনিয়ন মিনিষ্টাৰ ফৰ মাইন এণ্ড ড’নাৰ, বিজয় কৃষ্ণ সন্দিকৈয়ে ডিমাপুৰ, নাগালেণ্ডৰ ডি.ডি.এছ.চি. ষ্টেডিয়ামত প্ৰথম ড॰ টি. আও. ফুটবল ট্ৰ’ফীৰ উদ্বোধন কৰে।
মৃত্যু
১৯৯৮ চনৰ প্ৰথমভাগত আও ঋতুকালীন ইনফ্লুৱেঞ্জাৰ কবলত পৰে। পূৰ্বৰে অসুস্থ দেহ আৰু মধুমেহ ৰোগৰ বাবে তেওঁৰ স্বাস্থ্য আৰু বেয়াৰ ফালে ঢাল খায়। তেওঁক ডিমাপুৰৰ পৰা ক’হিমাৰ নগা চিভিল হাস্পাতাললৈ স্থানান্তৰ কৰা হয় আৰু তাতে তেওঁৰ মৃত্যু হয়। এইখন চিকিৎসালয়তে তেওঁ ১৯৬০ৰ দশকত চিকিৎসক হিচাপে কৰ্মৰত আছিল। তেওঁ তেওঁক ডিমাপুৰৰ খেৰমহলৰ নগা চেমেট্ৰিত সৎকাৰ কৰাৰ ইচ্ছা পোষণ কৰিছিল। তেওঁ মৃত্যুৰ সময়ত পত্নী ডেইকিম ডৌংগেল, যি ষ্টাফ নাৰ্চৰূপে কৰ্মৰত, দুজন পুত্ৰ, দুজনী কণ্যা আৰু আঠটা নাতি এৰি থৈ যায়।
তথ্যসূত্ৰ
- ↑ FIFA Player Statistics - Talimeren Ao. https://www.fifa.com/. FIFA
- ↑ Olympic Football Tournament London 1948 France vs India. www.fifa.com. FIFA
- ↑ Dr.Talimeren Ao - a legendary footballer. North East India
- ↑ Indian football's unique tale. https://www.fifa.com/. FIFA
- ↑ McDowell's Mohun Bagan A.C – Squad Database. Mohunbaganac.com
- ↑ (22 February 2012). Tournament in honour of 1st captain of Indian Football Team. iSikkim
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টালিমেৰণ আও” প্ৰবন্ধৰ সংশোধন ৬৩৭১৯৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।