অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপিকা কুমাৰী

দীপিকা কুমাৰী (Deepika Kumari; জন্ম: ১৩ জুন ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ব্যক্তিগত আৰু দলগত উভয় বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ প্ৰাক্তন ১ নম্বৰ বিশ্ব ৰেংকিংধাৰী মহিলা আৰ্চাৰী খেলুৱৈ। ২০১০ কমনৱেলথ গেমচত তেওঁ মহিলাৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰিছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

দীপিকা কুমাৰী (Deepika Kumari; জন্ম: ১৩ জুন ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ব্যক্তিগত আৰু দলগত উভয় বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ প্ৰাক্তন ১ নম্বৰ বিশ্ব ৰেংকিংধাৰী মহিলা আৰ্চাৰী খেলুৱৈ। ২০১০ কমনৱেলথ গেমচত তেওঁ মহিলাৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰিছিল। লগতে তেওঁ দোলা বেনাৰ্জী আৰু বোম্বায়লা দেৱীৰ লগত মহিলাৰ দলগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰিছিল।

দীপিকা ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছিল আৰু তাত মহিলাৰ ব্যক্তিগত আৰু দলগত ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ তাত ৮ম স্থান অৰ্জন কৰিছিল।

তেওঁ ২০১২ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া পুৰস্কাৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হয়। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত দীপিকা এফ.আই.চি.পি.আই. কৰ্তৃ বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াব্যক্তিত্বৰ সন্মানেৰে ভুষিত হয়। ২০১৬ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী পুৰস্কাৰ অৰ্জন কৰে।

প্ৰাৰম্ভিক জীৱন

দীপিকা কুমাৰী ৰাঁচিৰ পৰা ১৫ কিলোমিটাৰ দূৰৰ গাঁও ৰাতু চাটিত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ শিৱনাৰায়ণ মাহাতো এজন অট'ৰিক্সা ড্ৰাইভাৰ আৰু মাতৃ গীতা মাহাতো ৰাঁচি মেডিকেল কলেজেৰ নাৰ্চ। গাঁৱৰ আম গছৰ পৰা আম পাৰাক কেন্দ্ৰ কৰি দীপিকাৰ আৰ্চাৰী শিকা আৰম্ভ হয়।১

সাফল্য

দীপিকা দ্বিতীয় ভাৰতীয় হিচাপে মেক্সিক'ৰ মেৰিডাত অনুষ্ঠিত ২০০৬ আৰ্চাৰী বিশ্বকাপৰ জুনিয়ৰ কম্পাউণ্ড প্ৰতিযোগিতাত জয়ী হয়।

তেওঁ ২০০৯ চনত যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ১১তম যুৱ বিশ্ব আৰ্চাৰী চেম্পিয়নশিপত স্বৰ্ণ পদক জিকে। তেতিয়া তেওঁৰ বয়স ১৫বছৰ আছিল।

ব্যক্তিগত প্ৰদৰ্শনৰ টাইমলাইন

Tournament201020112012201320142015SR
World Archery tournaments
Olympic Games1R0/1
World Championships3R3R3R1/3
World Cup
Stage 13RQF2nd0/4
Stage 2QF3RW2R3R3rd2/6
Stage 33R2ndQF1/3
Stage 42nd3rdQF3rd34
World Cup FinalQF2nd2nd2ndDNQ2nd4/5
End of year world ranking4523

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ "Deepika Kumari: From mangoes to CWG gold", The Siasat times, 10 October 2010, Retrieved 10 October 2010

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ধনুৰ্বিদভাৰতীয় অলিম্পিক প্ৰতিযোগীঅৰ্জুন বঁটা বিজয়ীমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপিকা কুমাৰী” প্ৰবন্ধৰ সংশোধন ৫৯৫৩০৯ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।