বোম্বাইলা দেৱী লাইশ্ৰাম (Bombayla Devi Laishram; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৮৫)১ এগৰাকী খ্যাতনামা ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ২০০৭ চনৰ পৰা বিভিন্ন আন্তঃজাৰ্তিক প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।২ মণিপুৰৰ পশ্চিম ইম্ফলত জন্ম গ্ৰহণ কৰা বোম্বাইলায়ে ১৯৯৭ চনত জাতীয় স্তৰত প্ৰথম আত্মপ্ৰকাশ কৰে।
বোম্বাইলা দেৱী ২০০৮ বেইজিং অলিম্পিকত মহিলাৰ ব্যাক্তিগত আৰু দলগত বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰে। দলগত বিভাগত যোগ্যতা অৰ্জন কাৰী ৰাউণ্ডত তেওঁ দোলা বেনাৰ্জী আৰু প্ৰণিঠা ওয়াধিনেনীৰ লগত ষষ্ঠ স্থান অৰ্জন কৰে। ৰাউণ্ড অফ চিক্সটিনত তেওঁলোক জয়ী হয়। কিন্তু কুৱাৰ্টাৰ ফাইনেলত চীনৰ বিৰুদ্ধে ২০৬-২১১ পইণ্টত পৰাস্ত হয়। বেইজিং অলিম্পিকত ব্যাক্তিগত বিভাগত যোগ্যতা অৰ্জন কাৰী ৰাউণ্ডত তেওঁ ২২ তম স্থানত শেষ কৰে। কিন্তু ৰাউণ্ড অফ চিক্সটিনত ফৰত পোলেণ্ডৰ ইয়োনা আমেৰিকানকিউজেকৰ বিৰুদ্ধে ১০১-১০৩ পইণ্টত হাৰ মানে।৩ ২০১২ চনৰ ৩০ জুলাইত লণ্ডন অলিম্পিকত মহিলাৰ ব্যাক্তিগত ৰিকাৰ্ভ বিভাগত মেক্সিকোৰ এইডা ৰোমানৰ ওচৰত ২-৬ পইণ্টত হাৰি বোম্বাইলা দেৱী লাইশ্ৰাম দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ হয়।৪ দলগত বিভাগত ভাৰতীয় মহিলাদল প্ৰথম ৰাউণ্ডত ডেনমাৰ্কৰ ওচৰত ২১০-২১১ পইণ্টত হাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।৫
তেওঁ ২০১৬ ৰিঅ' অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী ভাৰতীয় দলৰ সদস্যা।৬ ৰিঅ'ত লক্ষ্মীৰাণী মাঝি, বোম্বাইলা দেবী আৰু দীপিকা কুমাৰীকলৈ গঠিত ভাৰতীয় মহিলা ৰিকাৰ্ভ দলে স্থান নিৰ্ণায়ক ৰাউণ্ডত সপ্তম স্থান দখল কৰে। তেওঁলোকে ৰাউণ্ড অফ চিক্সটিন মেচত কলম্বিয়াক হৰুৱাই অন্তিম আঠত স্থান লাভ কৰে যদিও কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ হাতত পৰাস্তহৈ অলিম্পিকৰ পৰা বিদায় লয়।৭
২০১৬ ৰিঅ' অলিম্পিকত মহিলাৰ ব্যাক্তিগত বিভাগত বোম্বাইলা দেৱী অষ্ট্ৰিয়াৰ লৰেন্স বলডিফৰ মুখোমুখি হয় আৰু ৬-২ পইণ্টত মেচ জিকি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। ৰাউণ্ড অফ থাৰ্টি টুত চাইনীজ তাইপেইৰ ছিই-চিয়া লিনক ৬-২ পইণ্টত হেৰুৱাই ৰাউণ্ড অফ চিক্সটিনত প্ৰৱেশ কৰে।৮ পৰৱৰ্তী কালত তেওঁ ৰাউণ্ড অফ চিক্সটিনত মেক্সিকোৰ আলেকজেড্ৰিয়া ভালেন্সিয়াৰ বিৰুদ্ধে ২-৬ পইণ্টত পৰাজিত হয়।৯
তথ্যসূত্ৰ
- ↑ Bombayla Devi Laishram – Archery – Olympic Athlete. 2012 London Olympic and Paralympic Summer Games. International Olympic Committee
- ↑ Bombayla Laishram Devi. World Archery Federation
- ↑ Athlete biography: Laishram Bombayla Devi, beijing2008.cn, ret: 23 August 2008
- ↑ (30 July 2012). Bombayla bows out in pre-quarters. The Hindu
- ↑ team (FITA Olympic round - 70m) women results - Archery - London 2012 Olympics. www.olympic.org
- ↑ (11 June 2016). 2016 Rio Olympics: Indian men's archery team faces last chance to make cut. Zee News
- ↑ India women’s archery team of Deepika Kumari, Laxmirani Majhi, Bombayla Devi lose quarter-final against Russia. Indian Express
- ↑ sportscafe.in/articles/sports/2016/aug/11/rio-20
- ↑ (11 August 2016). Bombayla Devi, Deepika Kumari bow out of Rio 2016 Olympics. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোম্বাইলা দেৱী লাইশ্ৰাম” প্ৰবন্ধৰ সংশোধন ৬৪০০৮৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।