সৰবজ্যোত সিং (Sarabjot Singh; জন্ম: ৩০ ছেপ্টেম্বৰ ২০০১) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত মনু ভাকৰৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।১২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
২০০১ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখে হাৰিয়ানাৰ বাৰাৰা ব্লকৰ আম্বালাৰ ধীন গাঁৱত সৰবজ্যোত সিঙৰ জন্ম হৈছিল।৩ তেওঁ পিতৃ যতীন্দৰ সিং আৰু মাতৃ হৰদীপ কৌৰ।৪ তেওঁৰ পিতৃ এজন কৃষক আৰু মাতৃ এগৰাকী গৃহিণী। তেওঁ চণ্ডীগড়ৰ দশম খণ্ডৰ ডি এ ভি কলেজত অধ্যয়ন কৰে।৫৪ তেওঁ চেণ্ট্ৰেল ফিনিক্স ক্লাৱৰ আম্বালা কেণ্টস্থিত এ আৰ শ্বুটিং একাডেমীত প্ৰশিক্ষক অভিষেক ৰানাৰ অধীনত শ্বুটিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।৪
খেলুৱৈ জীৱন
সৰবজ্যোত সিং ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় শ্বুটিং দলৰ অংশ।৬ ২০২২ চনৰ এছিয়ান গেমছত চীনক পৰাস্ত কৰি সৰবজ্যোত সিং, অৰ্জুন সিং চিমা আৰু শিৱ নাৰৱালৰ ভাৰতীয় ১০ মিটাৰ এয়াৰ পিষ্টল দলে সোণৰ পদক লাভ কৰে।৭ সৰবজ্যোত সিঙে দিব্য টি. এছ.ৰ সৈতে এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৮৯১০
ইয়াৰ পূৰ্বে ২০২১ চনত তেওঁ বিশ্ব চেম্পিয়নশ্বিপৰ ব্যক্তিগত আৰু দলীয় দুয়োটা ইভেণ্টতে সোণৰ পদক লাভ কৰিছিল। ২০১৯ চনত তেওঁ আই এছ এছ এফৰ জুনিয়ৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল।
২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মনু ভাকৰৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।১১
তথ্যসূত্ৰ
- ↑ (2024-07-30). Paris Olympics: Another Olympic medal for Manu Bhaker as she wins 10m Air Pistol Mixed Team event bronze-medal match with Sarabjot Singh. The Times of India
- ↑ (2024-07-30). Olympic Games Paris 2024 Highlights Day 4: Manu Bhaker-Sarabjot Singh Win Bronze, Archer Bhajan Shines · Olympics News. NDTVSports.com
- ↑ (2024-07-30). Who is Sarabjot Singh? Shooter who clinched Bronze at Paris Olympics 2024 with Manu Bhaker. Business Today
- ↑ (2023-09-29). Sarabjot adds another feather in DAV College's cap with team shooting gold at Asiad. Hindustan Times
- ↑ Sarabjot Singh. adanisportsline.com
- ↑ (2023-09-24). Indian shooters at Asian Games: Events, key dates, format and rules. ESPN
- ↑ Asian Games 2023: Shooters Sarabjot Singh, Arjun Singh Cheema And Shiva Narwal Power India To 6th Gold, Win 10m Air Pistol Team Event. Zee News
- ↑ (2023-09-30). Sarabjot, Divya get silver after losing thriller to China, Indian shooters bag their 19th medal at Asian Games 2023. Hindustan Times
- ↑ (2023-09-30). Asian Games 2023: Shooters Sarabjot Singh, Divya TS Add Silver Medal To India's Medal Tally. English Jagran
- ↑ Sportstar, Team. (2023-09-28). Indian shooters clinch gold in 10m air pistol team event at Asian Games 2023. Sportstar
- ↑ Manu Bhaker-Sarabjot Singh win bronze as India shoots second Olympic medal. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰবজ্যোত সিং” প্ৰবন্ধৰ সংশোধন ৬০২৭৫৯ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।