লক্ষ্মীৰাণী মাঝি (Laxmirani Majhi; জন্ম: ২৬ জানুৱাৰী ১৯৮৯) হৈছে এগৰাকী ভাৰতীয় বাঁওহতীয়া ৰিকাৰ্ভ ধনুৰ্বিদ।
প্ৰাৰম্ভিক জীবন
লক্ষ্মীৰাণী চাওঁতাল গোষ্ঠীৰ অন্তৰ্ভুক্ত; ঝাৰখণ্ডৰ পূৰ্ব সিংভূম জিলাৰ বাগোলা গাঁৱত বাস কৰিছিল। আৰ্চাৰী একাডেমিয়ে নিৰ্বাচন কৰা তেওঁৰ বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আহোঁতে তেওঁৰ জীৱনলৈ প্ৰথম ধনুখেলৰ সুযোগ আহে।১ বৰ্তমান লক্ষ্মীৰাণী চত্তিছগড়ৰ বিলাসপুৰত ভাৰতীয় ৰেল বিভাগত কৰ্মৰত।২
উল্লেখ্যযোগ্য সাফল্যসমূহ
ডেনমাৰ্কৰ ক'পেনহেগেনত অনুষ্ঠিত ২০১৫ বিশ্ব ধনু প্ৰতিযোগিতাত লক্ষ্মীৰাণীয়ে ৰূপৰ পদক জয় কৰে। এই প্ৰতিযোগিতাত তেওঁ ব্যক্তিগত ৰিকাৰ্ভ ইভেণ্ট আৰু দলগত ৰিকাৰ্ভ ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিছিল।৩
তেওঁ ২০১৬ ৰিঅ' অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী ভাৰতীয় দলৰ সদস্যা। ৰিঅ'ত লক্ষ্মীৰাণী মাঝি, বোম্বাইলা দেবী আৰু দীপিকা কুমাৰীকলৈ গঠিত ভাৰতীয় মহিলা ৰিকাৰ্ভ দলে স্থান নিৰ্ণায়ক ৰাউণ্ডত সপ্তম স্থান দখল কৰে। তেওঁলোকে ৰাউণ্ড অফ চিক্সটিন মেচত কলম্বিয়াক হৰুৱাই অন্তিম আঠত স্থান লাভ কৰে যদিও কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ হাতত পৰাস্তহৈ অলিম্পিকৰ পৰা বিদায় লয়।৪৫
ব্যক্তিগত ইভেণ্টৰ স্থান নিৰ্ণায়ক ৰাউণ্ডত লক্ষ্মীৰাণীয়ে ৪৩তম স্থান লাভ কৰে। পৰৱৰ্তী ৰাউণ্টত তেওঁ স্লোভাকিয়াৰ আলেকজেণ্ড্ৰা লংগোভাৰ হাতত পৰাস্ত হয়।৬
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ www.telegraphindia.com/1150801/jsp/jharkhand/sto
- ↑ 2015 World Archery Championships: Entries by country. ianseo.net. পৃ. 7–18
- ↑ (11 June 2016). 2016 Rio Olympics: Indian men's archery team faces last chance to make cut. Zee News
- ↑ India women’s archery team of Deepika Kumari, Laxmirani Majhi, Bombayla Devi lose quarter-final against Russia. Indian Express
- ↑ (8 August 2016). Rio Olympics 2016: Laxmirani Majhi crashes out of women's individual archery event. First Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মীৰাণী মাঝি” প্ৰবন্ধৰ সংশোধন ৩৮২৮১৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।