পোখৰাম্বাম সুশীলা চানু (Pukhrambam Sushila Chanu) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ হকী খেলুৱৈ। তেওঁ বৰ্তমান ভাৰতৰ জুনিয়ৰ মহিলা হকী দলৰ অধিনায়িকা। তেওঁ মণিপুৰৰ ইম্ফলৰ নিবাসী।১২
প্ৰাৰম্ভিক জীৱন
সুশীলা চানুৰ জন্ম হয় মণিপুৰত ১৯৯২ চনৰ ২৫ ফেব্ৰুৱাৰীত। তেওঁৰ পিতৃ পোখৰাম্বাম শ্যামসুন্দৰ (Pukhrambam Shyamsundar) আৰু মাতৃ পোখৰাম্বাম অংবি লতা (Pukhrambam Ongbi Lata)। মণিপুৰৰ হকী একেডেমীত হকী খেলি সুশীলাই ক্ৰীড়া জগতত প্ৰবেশ কৰে। স্থানীয় য়াওছাং স্পৰ্টছ মিট (Yaosang Sports Meet) ত তেওঁ ভালেসংখ্যক পদক লাভ কৰে।৩
কৰ্মজীৱন
সুশীলা চানুৱে পোনপ্ৰথমে ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত একৈশৰ অনুৰ্ধৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০১৩ চনত জাৰ্মানিত অনুষ্ঠিত জুনিয়ৰ ৱৰ্ল্ড কাপত সুশীলাই ভাৰতীয় দলক নেতৃত্ব দি ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়।৪
বাহ্যিক সংযোগ
- Sushila Chanu at Hockey India
তথ্যসূত্ৰ
- ↑ (1 July 2013). Sushila Chanu named skipper. The Hindu
- ↑ www.e-pao.net/epSubPageExtractor.asp?src=feature
- ↑ www.e-pao.net/epSubPageExtractor.asp?src=feature
- ↑ (8 August 2013). Junior hockey skipper Chanu eager to inspire peers. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোখৰাম্বাম সুশীলা চানু” প্ৰবন্ধৰ সংশোধন ৩৮১৮০১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।