অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মণিকা বাত্ৰা

মণিকা বাত্ৰা (Manika Batra, জন্ম: ১৫ জুন ১৯৯৫) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২০ চনৰ নৱেম্বৰলৈকে তেওঁ ভাৰতৰ শীৰ্ষ স্থানত থকা মহিলা টেবুল টেনিছ খেলুৱৈ আৰু বিশ্বত ৬৩তম স্থানৰ খেলুৱৈ। তেওঁ বেকহেণ্ডত দীঘলীয়া পিম্পল খেলিবলৈ বিশেষত্ব লাভ কৰে। ই এটা ৰবৰ যি প্ৰায়ে শীৰ্ষস্থানৰ খেলুৱৈসকলে নেখেলে।

হালনাগাদ: ১৩ মে’ ২০২৫ ৫২২ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মণিকা বাত্ৰা (Manika Batra, জন্ম: ১৫ জুন ১৯৯৫) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২০ চনৰ নৱেম্বৰলৈকে তেওঁ ভাৰতৰ শীৰ্ষ স্থানত থকা মহিলা টেবুল টেনিছ খেলুৱৈ আৰু বিশ্বত ৬৩তম স্থানৰ খেলুৱৈ।১ তেওঁ বেকহেণ্ডত দীঘলীয়া পিম্পল খেলিবলৈ বিশেষত্ব লাভ কৰে। ই এটা ৰবৰ যি প্ৰায়ে শীৰ্ষস্থানৰ খেলুৱৈসকলে নেখেলে।২ তেওঁ ২০১৮ চনত অৰ্জুন বঁটা আৰু ২০২০ চনত দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰে।৩

প্ৰাৰম্ভিক জীৱন

১৯৯৫ চনৰ ১৫ জুনত তিনি সন্তানৰ ভিতৰত আটাইতকৈ সৰু হিচাপে মণিকা বাত্ৰাৰ জন্ম হৈছিল।৪ তেওঁ দিল্লীৰ নাৰাইনা বিহাৰৰ বাসিন্দা।৫ চাৰি বছৰ বয়সতে তেওঁ টেবুল টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল।৬ তেওঁৰ বায়েক আঞ্চল আৰু ককায়েক চাহিল দুয়ো টেবুল টেনিছ খেলিছিল৭ বায়েকে তেওঁৰ প্ৰাৰম্ভিক খেলৰ কেৰিয়াৰৰ সময়ত তেওঁৰ ওপৰত প্ৰভাৱ পেলাইছিল।৮ ৰাজ্যিক পৰ্যায়ৰ ৮ বছৰৰ তলৰ টুৰ্ণামেণ্টত এখন খেল জিকাৰ পিছত বাত্ৰাই প্ৰশিক্ষক সন্দীপ গুপ্তাৰ অধীনত প্ৰশিক্ষণ লোৱাৰ সিদ্ধান্ত লয়। প্ৰশিক্ষকে তেওঁক হংস ৰাজ মডেল স্কুললৈ বদলি কৰিবলৈ পৰামৰ্শ দিছিল য'ত তেওঁ তেওঁৰ টেবুল টেনিছ একাডেমী চলাইছিল।৭

মণিকায়ে কিশোৰ কালত বহুতো মডেলিং অফাৰ গ্ৰহণ কৰিছিল। তেওঁ ১৬ বছৰ বয়সত ছুইডেনৰ পিটাৰ কাৰ্লচন একাডেমীত প্ৰশিক্ষণ লবলৈ লাভ কৰা বৃত্তি অস্বীকাৰ কৰিছিল।৯ টেবুল টেনিছত "মনোযোগ" দিবলৈ তেওঁ পঢ়া এৰি যোৱাৰ আগতে এবছৰৰ বাবে যীচু আৰু মেৰী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।১০

খেলুৱৈ জীৱন

ত অনুষ্ঠিত কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত মণিকা বাত্ৰা]]

২০১১ চনত মণিকায়ে চিলি অপেনৰ ২১ বছৰৰ অনুৰ্ধ শ্ৰেণীত ৰূপৰ পদক জয় কৰে।৬ তেওঁ গ্লাছগোত ২০১৪ চনৰ কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াত তেওঁ কোৱাৰ্টাৰ ফাইনেলিষ্ট হয়৭ আৰু লগতে ২০১৪ চনৰ এছিয়ান গেমছত স্থান লাভ কৰে। তেওঁ ২০১৫ চনৰ কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপত তিনিটা পদক লাভ কৰে। ইয়াৰে মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক (অংকিতা দাস আৰু মৌমা দাসৰ সৈতে) আৰু মহিলা ডাবলছ ইভেণ্ট (অংকিতা দাসৰ সৈতে) আৰু মহিলা একক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰে।১১

তেওঁ ২০১৬ চনৰ গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয় ক্ৰীড়াত তিনিটা সোণৰ পদক লাভ কৰে।১২ ইয়াত তেওঁ মহিলাৰ ডাবলছ ইভেণ্ট (পূজা সহস্ৰবুদ্ধি সৈতে), মিক্স ডাবলছ ইভেণ্ট (এন্থনি অমলৰাজৰ সৈতে) আৰু মহিলা দলৰ প্ৰতিযোগিতা (মৌমা দাস আৰু শামিনী কুমাৰেচনৰ সৈতে) সোণৰ পদক লাভ কৰিছিল। মহিলা একক প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ পৰাজিত কৰা মৌমা দাসৰ সৈতে খেলত মণিকায়ে চতুৰ্থ সোণৰ পদক অস্বীকাৰ কৰে।১৩ তেওঁ ২০১৬ চনৰ এপ্ৰিলত যোগ্যতা প্ৰতিযোগিতাৰ দক্ষিণ এছিয়া গোটজয় কৰি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলা একক প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে।১৪ অৱশ্যে ২০১৬ চনৰ অলিম্পিকত তেওঁৰ উপস্থিতি কম সময়ৰ বাবে আছিল। যিহেতু তেওঁ মহিলাৰ ব্যক্তিগত খেলৰ প্ৰথম ৰাউণ্ডত পোলেণ্ডৰ কাতাৰজাইনা গ্ৰ্জিবোস্কাৰ পৰা পৰাজিত হৈছিল।১৫

তেওঁ অষ্ট্ৰেলিয়াৰ গল্ডকষ্টত অনুষ্ঠিত ২০১৮ চনৰ কমনৱেলথ গেমছত চাৰিবাৰৰ স্বৰ্ণ পদক বিজয়ী আৰু ডিফেণ্ডিং চেম্পিয়ন ছিংগাপুৰৰ বিৰুদ্ধে ফাইনেলত ভাৰতীয় মহিলা দলক স্বৰ্ণ পদক জয়লৈ লৈ গৈছিল।১৬ ২০০২ চনত এই খেল অন্তৰ্ভুক্ত হোৱাৰ পিছত ছিংগাপুৰৰ মহিলা টেবুল টেনিছ দলটো কেতিয়াও কমনৱেলথ গেমছত পৰাজিত হোৱা নাছিল। মণিকায়ে ফাইনেলত ভাৰতৰ ৩-১ জয়ত বিশ্বৰ ৪ নম্বৰ ফেং টিয়ানৱেইৰ লগতে জাউ ইহানক পৰাজিত কৰিছিল।১৭

২০১৮ চনৰ কমনৱেলথ গেমছত স্বৰ্ণ পদকৰ সংঘৰ্ষত চিংগাপুৰৰ ডিফেণ্ডিং চেম্পিয়ন ফেং টিয়ানৱেই আৰু ইউ মেনগ্যুৰ পৰা পৰাজিত হোৱা মণিকা আৰু মৌমা দাসে মহিলাৰ ডাবলছ শ্ৰেণীত ভাৰতৰ প্ৰথম ৰূপৰ পদক জয় কৰিছিল। তেওঁ ছিংগাপুৰৰ ইউ মেনগিউক পৰাজয় কৰি কমনৱেলথ টেবুল টেনিছ ব্যক্তিগত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলাত পৰিগণিত হয়। তেওঁ অংশগ্ৰহণ কৰা ৪টা প্ৰতিযোগিতাত ৪টা পদক জিকিছিল যাৰ ভিতৰত ২টা হৈছে সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ পদক।১৮

২০১৮ চনত ১২ ডিচেম্বৰ তাৰিখে তেওঁ আইটিটিএফৰ দ্বাৰা "দি ব্ৰেকথ্ৰু ষ্টাৰ এৱাৰ্ড" লাভ কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হয়।

২০২০ চনত তেওঁ ২০২০ টকিঅ' অলিম্পিকত মহিলা দলৰ প্ৰতিযোগিতাত ভাৰতৰ বাবে স্থান সুৰক্ষিত কৰিবলৈ ব্যৰ্থ হৈছিল যেতিয়া তেওঁ টকিঅ' ২০২০ কোৱালিফায়াৰ কোৱাৰ্টাৰ ফাইনেলৰ আৰম্ভণি খেলত ফ্ৰান্সৰ মেৰী মিগোটৰ পৰা ২-৩ ত পৰাজিত হৈছিল।১৯ তেওঁ ২০১৮ চনত অৰ্জুন বঁটা আৰু ২০২০ চনত দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰে।

সংবাদ মাধ্যমত

মণিকাক ফেমিনা আলোচনীৰ জুলাই ২০১৮ৰ সংস্কৰণৰ আৱৰণত প্ৰদৰ্শিত কৰা হৈছিল।২০ তেওঁক ২০১৮ চনৰ নৱেম্বৰৰ সংস্কৰণত ভগ আলোচনীতো প্ৰদৰ্শন কৰা হৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ITTF - World Ranking. ranking.ittf.com
  2. ↑ (8 April 2018). Manika's sleight of backhand gives India historic gold. ESPN
  3. ↑ (29 August 2020). 'It motivates me to work harder': Manika Batra on winning Rajiv Gandhi Khel Ratna. DNA India
  4. ↑ Judge, Shahid. (3 July 2016). India's table tennis hope for Rio 2016 Olympics – Manika Batra. The Indian Express
  5. ↑ (10 February 2016). Paddler Manika Batra completes hat-trick of gold medals at South Asian Games. News18
  6. ↑ (21 August 2011). Manika Batra: the new hope of the nation. The Hindu
  7. ↑ Sen, Debayan. (27 July 2016). Manika Batra looks to Rio and beyond. ESPN.in
  8. ↑ Ghoshal, Shuvro. (11 February 2016). Interview with Manika Batra: "I don't want to go to Rio Olympics and return without a medal". Yahoo!
  9. ↑ Judge, Shahid. (18 December 2015). Improved fitness key to Manika Batra's consistency. The Indian Express
  10. ↑ Patra, Pratyush. (6 May 2016). Delhi love & Rio talk before Olympics. The Times of India
  11. ↑ Keerthivasan, K. (21 December 2015). Singapore sweeps singles titles. The Hindu
  12. ↑ (1 June 2016). Rio Zone – Manika Batra: Nation's new hope. Pune Mirror
  13. ↑ (10 February 2016). South Asian Games: India clean sweeps 12 medals in Table Tennis. Ten Sports
  14. ↑ (14 April 2016). Table Tennis: Soumyajit Ghosh, Manika Batra book Rio Olympics berths with victories in Asian Qualifiers. DNA India
  15. ↑ (6 August 2016). Rio Olympics 2016: Mouma Das, Manika Batra lose as Indian women's challenge in table tennis ends. First Post
  16. ↑ (8 April 2018). Manika Batra leads India to historic women Table Tennis gold at Commonwealth Games. The Economic Times
  17. ↑ (8 April 2018). CWG 2018: India women win gold in table tennis team event. Times of India
  18. ↑ (14 April 2018). Manika Batra wins bronze in the mixed doubles to win her fourth medal
  19. ↑ PTI. (25 January 2020). Tokyo 2020: France defeat ends Indian women's Table Tennis team's Olympic dream. India Today
  20. ↑ India's golden girls glam up Femina's latest cover. Rediff

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ টেবুল টেনিছ খেলুৱৈভাৰতীয় অলিম্পিক প্ৰতিযোগীঅৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিকা বাত্ৰা” প্ৰবন্ধৰ সংশোধন ৫০৮২৪৫ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।