অতনু দাস (Atanu Das; জন্ম: ৫ এপ্ৰিল ১৯৯২) হৈছে এজন ভাৰতীয় ধনুৰ্বিদ।১ তেওঁ আৰ্চাৰীৰ ল'ৰাৰ একক, দলগত ৰিকাৰ্ভ আৰু মিশ্ৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনত প্ৰথম আন্তৰ্জাতিক খেলত অংশগ্ৰহণ কৰিছিল।২ বৰ্তমান বিশ্ব আৰ্চাৰীত তেওঁৰ ২২ তম স্থান দখল কৰি আছে।৩ ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে।৪
উল্লেখযোগ্য ঘটনা সমূহ
২০১৩ চনত কলম্বিয়াত অনুষ্ঠিত বিশ্বকাপ মিশ্ৰ দল ইভেণ্টত অতনুৱে দীপিকা কুমাৰীৰ লগত এটি ব্ৰঞ্জ পদক পাইছিল। বৰ্তমান তেওঁ কলিকতাস্থিত ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি কৰে।৫
অতনু ভাৰতৰ এজন আশাপ্ৰদ প্ৰতিভা, তেওঁ মাত্ৰ ১৪ বছৰ বয়সৰ পৰাই ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ২০০৮ চনত তেওঁ টাটা আৰ্চিৰী একাডেমিত ভৰ্ত্তি হয় আৰু তাত তেওঁক কোৰিয়ান প্ৰশিক্ষক লিম চাই উঙে প্ৰশিক্ষণ প্ৰদান কৰিছিল।
অন্যান্য সাফল্য
- পুৰুষৰ একক ৰিকাৰ্ভ বিভাগ, ছিনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশ্বিপ, ভাৰত, ২০১৪৬
- পুুৰুষৰ দলগত ৰিকাৰ্ভ বিভাগ, এছিয়ান আৰ্চাৰী গ্ৰেণ্ড প্ৰিস্ক, থাইলেণ্ড, ২০১৩ [সংগী ৰাহুল বন্দ্যোপাধ্যায় আৰু বিনোদ ছউয়ান্সি]৭
- ৰিকাৰ্ভ মিশ্ৰ দল বিভাগ, এছিয়ান আৰ্চাৰী গ্ৰেণ্ড প্ৰিস্ক, থাইলেণ্ড ২০১১ [সংগী বোম্বাইলা দেৱী লাইশ্ৰাম]৭
- পুৰুষৰ একক ৰিকাৰ্ভ বিভাগ, এছিয়ান আৰ্চাৰী গ্ৰেণ্ড প্ৰিস্ক, থাইলেণ্ড, ২০১৩৭
- ৰিকাৰ্ভ মিশ্ৰ দল বিভাগ, তৃতীয় এছিয়ান গ্ৰেণ্ড প্ৰিস্ক, ঢাকা, বাংলাদেশ, ২০১১ [সংগী ৰিমিল বুৰিউলি]৮
- পুৰুষৰ দলগত ৰিকাৰ্ভ বিভাগ, তৃতীয় এছিয়ান গ্ৰেণ্ড প্ৰিস্ক, ঢাকা, বাংলাদেশ, ২০১১৮৯
- পুৰুষৰ দলগত ৰিকাৰ্ভ বিভাগ, ৩৪তম নেচনেল গেমছ, জামছেদপুৰ, ভাৰত ২০১১১০
- পুৰুষৰ দলগত ৰিকাৰ্ভ বিভাগ, ৩১ তম ছাহাৰা ছিনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশ্বিপ, বিজয়উৰা, ভাৰত, ২০১১
- জুনিয়ৰ ল'ৰাৰ দলগত ৰিকাৰ্ভ বিভাগ, য়ুথ ৱৰ্ল্ড চেম্পিয়নশ্বিপ, পোলেণ্ড, ২০১১৮
- ল'ৰাৰ দলগত ৰিকাৰ্ভ বিভাগ, ৩৩ তম জুনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশ্বিপ, নতুন দিল্লী, ভাৰত ২০১০
তথ্যসূত্ৰ
- ↑ World Archery - Atanu Das. World Archery Federation
- ↑ Atanu Das. World Archery
- ↑ World Ranking · World Archery. World Archery
- ↑ Happy with Arjuna, Atanu Das vows to work harder
- ↑ Bharat Petroleum Corporation Directors Report · Bharat Petroleum Corporation Ltd Directors Report. economictimes.indiatimes.com
- ↑ (2014-10-19). National archery: Maiden title for Dindor. The Hindu
- ↑ Minded, Sports. The Southeast Asian Games - News: 1st Asian Archery Grand Prix (World Ranking Tournament)
- ↑ Indian Archery. www.indianarchery.info
- ↑ International Achievements: Archery Association of India. www.indianarchery.info
- ↑ Indian Archery. www.indianarchery.info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতনু দাস” প্ৰবন্ধৰ সংশোধন ২৯২৬৩৭ (২৭ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।