ভাৰতীয় অলিম্পিক প্ৰতিযোগী
৪১ প্ৰবন্ধ
-
মাচেত্তিৰা ৰাজু পুভাম্মা
মাচেত্তিৰা ৰাজু পুভাম্মা (জন্মঃ ৫ জুন ১৯৯০) এগৰাকী ভাৰতীয় মহিলা দৌৰবিদ। তেওঁ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত অংশগ্ৰহন কৰিছিল। বৰ্তমান এছিয়াত পুভাম্মাৰ স্থান হল দ্বিতীয়।
-
ললিতা বাবৰ
ললিতা বাবৰ (Lalita Babar জন্ম: ২ জুন, ১৯৮৯) এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ। তেওঁ মহাৰাষ্ট্ৰৰ চতাৰা জিলাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁ সাধাৰণতে ৩০০০ মিটাৰ ষ্টিপলচেজ বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে আৰু বৰ্তমান ভাৰতৰ জাতীয় ৰেকৰ্ড ধাৰী তথা একে ইভেণ্টত এছিয়ান চেম্পিয়নশ্বিপ বিজয়ী।
-
লালৰেমচিয়ামী
লালৰেমচিয়ামী মাৰ (Lalremsiami Hmar; জন্ম: ৩০ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ যি ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে। ক্লাব পৰ্যায়ত তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ হৈ খেলে। ২০১৮ চনৰ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰা ১৮ জনীয়া দলৰ অংশ আছিল লালৰেমছিয়ামী।
-
শিৱা কেশৱন
শিৱা কেশৱন (Shiva Keshavan; জন্ম: ২৫ আগষ্ট ১৯৮১) এগৰাকী ভাৰতীয় লুজ খেলুৱৈ। তেওঁ শীতকালীন অলিম্পিকত লুজ খেলত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় প্ৰতিনিধি হোৱাৰ লগতে শীতকালীন অলিম্পিকত ১৯৯৮-ৰ পৰা ২০১৮-লৈ তেওঁ ছবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
শ্বাইনী আব্ৰাহাম
শ্বাইনী উইলছন (বিবাহৰ পূৰ্বে আব্ৰাহাম, Shiny Abraham Wilson, জন্ম ৮ মে' ১৯৬৫) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ ১৪ বছৰ ধৰি ৮০০ মিটাৰ ট্ৰেক এণ্ড ফিল্ডত ৰাষ্ট্ৰীয় চেম্পিয়ন হৈ আছে। শ্বাইনী আব্ৰাহাম উইলছনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৭৫ বাৰতকৈও অধিক বাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
শ্ৰীকান্ত কিদাম্বি
শ্ৰীকান্ত কিদাম্বি (Srikanth Kidambi) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১১ আগষ্ট ২০১৬ত আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰৰ বিশ্ব ৰেংকিংত তেওঁ ১১তম স্থান লাভ কৰি বৰ্তমান ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈৰ মাজত সৰ্বোচ্চ স্থানত আছে।
-
সোমদেৱ দেৱবৰ্মন
সোমদেৱ কিশোৰ দেৱবৰ্মন (Somdev Kishore Devvarman; জন্ম:১৩ ফেব্ৰুৱাৰী, ১৯৮৫) ভাৰতবৰ্ষৰ এজন পেচাদাৰী টেনিছ খেলুৱৈ। সোমদেৱৰ মহাবিদ্যালয়ৰ বিজয়ীসকলৰ তিনিজন খেলুৱৈ, জন ইজনাৰ, কেভিন এণ্ডাৰছন আৰু জেছে লেভিনে, হৈছে পেচাদাৰী টেনিছ খেলুৱৈ হিচাপে সফলতা অৰ্জন কৰিছে।
-
ৰিতু ৰাণী
ৰিতু ৰাণী (Ritu Rani, জন্ম ২৯ ডিচেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলটোত 'হাফবেক' হিচাপে খেলে। ৰাণীয়ে দলটোক ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ত নেতৃত্ব দিছিল।
-
অংকিতা ভকত
অংকিতা ভকত (জন্ম ১৭ জুন ১৯৯৮) এগৰাকী ভাৰতীয় ৰিকাৰ্ভ আৰ্চাৰ। ২০২৪ চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল ভকতে, য'ত তেওঁ ব্ৰঞ্জৰ পদক মেচত পৰাস্ত হোৱাৰ পিছত ৰিকাৰ্ভ মিক্সড টিম ইভেণ্টত চতুৰ্থ স্থান দখল কৰিছিল।
-
ধীৰাজ বোম্মাদেৱৰা
ধীৰাজ বোম্মাদেৱৰা (Dhiraj Bommadevara; জন্ম: ৪ ছেপ্টেম্বৰ ২০০১) এজন ভাৰতীয় ৰিকাৰ্ভ ধনুৰ্বিদ। ২০২৪ চনৰ অলিম্পিকত ধীৰাজে অংশগ্ৰহণ কৰিছিল, তাত তেওঁ পদক অৰ্জন কৰাৰ পৰা অলপতে বঞ্চিত হৈছিল আৰু ৰিকাৰ্ভ মিক্সড টিম ইভেণ্টত চতুৰ্থ স্থান দখল কৰিছিল।
-
নোৰা পোলী
নোৰা মাৰ্গাৰেট পোলী (Nora Margaret Polley, ২৯ জুলাই ১৮৯৪-১৯৮৮) গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা আছিল, যেতিয়া তেওঁ ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।