অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনু ভাকৰ

মনু ভাকৰ এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১৮ চনত মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত মহিলাৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা সোণৰ পদক লাভ কৰিছিল। আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত সোণৰ পদক লাভ কৰা তেওঁ কনিষ্ঠতম ভাৰতীয় শ্বুটাৰ।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ৪২১ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মনু ভাকৰ এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১৮ চনত মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত মহিলাৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা সোণৰ পদক লাভ কৰিছিল। আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত সোণৰ পদক লাভ কৰা তেওঁ কনিষ্ঠতম ভাৰতীয় শ্বুটাৰ।১ ২০১৮ চনৰ অষ্ট্ৰেলিয়াৰ গোল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত মনু ভাকৰে পোন প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈ ১৬ বছৰ বয়সতে সোণৰ পদক লাভ কৰিছিল।২৩ ২০১৮ চনৰ আৰ্জেণ্টিনাৰ ৰাজধানী বিউনছ আইৰেছত অনুষ্ঠিত হোৱা যুৱ অলিম্পিকত তেওঁ সোণৰ পদক লাভ কৰে। ইয়াৰ লগতে তেওঁ যুৱ অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিগণিত হয়। ২০১৯ চনত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত তেওঁ পুনৰাই সোণৰ পদক লাভ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ দুটা ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰতিযোগিতাখনত প্ৰথমে তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে, ফলত তেওঁ ভাৰতৰ পৰা যিকোনো অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হয়।৪ ইয়াৰ পিছত তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত শাখাত শ্বুটাৰ সৰবজ্যোত সিঙৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে।৫ ইয়াৰ ফলত তেওঁ অলিম্পিকত ২টা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আৰু ভাৰতৰ স্বাধীনতাৰ পিছত অলিম্পিকত ২টা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

প্ৰাৰম্ভিক জীৱন

২০০২ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ গৰীয়া গাঁৱত মনু ভাকৰৰ জন্ম হৈছিল।৬ তেওঁৰ পিতৃ ৰাম কিচন ভাকৰ মাৰ্চেণ্ট নেভীত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত।৬ তেওঁ ১৪ বছৰ বয়সৰ লৈকে আন আন খেল যেনে মণিপুৰৰ মাৰ্চিয়েল আৰ্ট হুয়েন লাংলন, বক্সিং‌, টেনিছ আৰু স্কেটিং খেলিছিল। এই গোটেইবোৰ খেলতেই তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত পদক লাভ কৰিছিল।৬ পিছলৈ তেওঁ শ্বুটিঙৰ প্ৰতি আকৰ্ষিত হয়।

কৰ্মজীৱন

মনুৰ দেউতাকৰ ১৫০০০০ টকা বিনিয়োগৰ পিছত৬ তেওঁ প্ৰতিযোগিতামূলক শ্বুটিং বাছনি কৰিছিল। ২০১৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক স্তৰৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল। ২০১৭ চনত কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত তেওঁ ৯টা সোণৰ পদক লাভ কৰিছিল।৭ তেওঁ কেইবাবাৰো বিশ্বকাপত পদক বিজয়ী হীনা সিন্ধুক হেৰুৱাইছিল আৰু হীনাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰিছিল।৬

২০১৮ চনৰ মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত সোণৰ পদক অৰ্জন কৰে।৮ ১৬ বছৰত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত সোণৰ পদক অৰ্জন কৰি মনু এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা কনিষ্ঠতম ভাৰতীয়ত পৰিগণিত হল।১৯ একে প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত শাখাত মনু আৰু ঔম প্ৰকাশ মিঠাৰৱলে সোণৰ পদক লাভ কৰে।১০১১১২১৩

মনুয়ে ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত সোণৰ পদক লাভ কৰে। ২৪০.৯ পইণ্ট অৰ্জন কৰি এক নতুন কমনৱেলথ ৰেকৰ্ড স্থাপন কৰে।১৪১৫১৬

২০১৮ চনত ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ২৫ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ৫৯৩ পইণ্টৰে অগ্ৰগতি লাভ কৰে যদিও মূল প্ৰতিযোগিতাত তেওঁ ষষ্ঠ স্থান লাভ কৰিছিল।

২০১৮ চনত আৰ্জেণ্টিনাৰ ৰাজধানী বিউনছ আইৰেছত অনুষ্ঠিত যুৱ অলিম্পিকত তেওঁ ২৩৬.৫ পইণ্টৰে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ শীৰ্ষত থাকে। তেওঁ এই প্ৰতিযোগিতাত ভাৰতৰ ধ্বজাবাহক আছিল। ১৬ বছৰীয়া মনু যুৱ অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিগণিত হয়।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ নতুন দিল্লীত অৱস্থিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত শাখাত সোণৰ পদক অৰ্জন কৰে।১৭১৮

২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ দুটা ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক৪ আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।৫

তথ্যসূত্ৰ

  1. ↑ Haryana shooter creates history, is youngest Indian to win World Cup gold ►. The Times of India
  2. ↑ CNN, Chris Scott,. 16-year-old breaks Commonwealth Games record to win shooting gold for India. CNN
  3. ↑ Bindra: Manu's talented but it will get tougher for her. ESPN
  4. ↑ (28 July 2024). Manu Bhaker wins India's 1st medal of Paris Olympics 2024, a bronze in 10m air pistol. The Indian Express
  5. ↑ Manu Bhaker-Sarabjot Singh win bronze as India shoots second Olympic medal. India Today
  6. ↑ (2018-03-06). Manu Bhaker, jack of all trades but master of one, wins 10m pistol gold at World Cup. The Indian Express
  7. ↑ Manu Bhaker picks up ninth gold at National Shooting Championship. The Times of India
  8. ↑ (2018-03-06). Manu Bhaker, 16-year-old from Haryana, wins 2nd gold at ISSF shooting World Cup. Hindustan Times
  9. ↑ (2018-03-06). Who is Manu Bhaker? Meet 16-year-old Indian shooter who created history by winning second gold in World Cup. The Financial Express
  10. ↑ (2018-03-06). India's gold rush continues as Manu Bhaker, Om Prakash Mitharval finish first in 10m Air Pistol mixed team final. The Indian Express
  11. ↑ (2018-03-05). ISSF World Cup: 16-year-old Manu Bhaker wins gold in women's pistol event
  12. ↑ Manu Bhaker shoots gold in Women's 10m Air Pistol – Times of India ►. The Times of India
  13. ↑ Manu Bhaker wins second gold at Shooting World Cup. The Times of India
  14. ↑ CWG 2018: On debut, teenaged Manu Bhaker shoots gold, Heena Sindhu silver. The Times of India
  15. ↑ Commonwealth Games 2018: Superwomen Manu Bhaker, Punam Yadav, Manika Batra lead charge as India end Day 4 on a high. www.firstpost.com
  16. ↑ NDTVSports.com. Commonwealth Games 2018: Manu Bhaker, 16, Shatters Games Record To Clinch Gold, Heena Sidhu Bags Silver – NDTV Sports. NDTVSports.com
  17. ↑ Sharma, suposh. (2019-02-27). Bhaker, Chaudhry end World Cup on a high; win 3rd Gold for India. Sports Flashes
  18. ↑ NDTVSports.com. ISSF World Cup 2019: Manu Bhaker, Saurabh Chaudhary Win Gold In 10m Air Pistol Mixed Team Event · Shooting News. NDTVSports.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়া শ্বুটাৰঅৰ্জুন বঁটা বিজয়ীভাৰতীয় অলিম্পিক প্ৰতিযোগীঅলিম্পিকত পদক বিজয়ী ভাৰতীয়মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনু ভাকৰ” প্ৰবন্ধৰ সংশোধন ৫৯৬২৯২ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।