কমলেশ মেহতা, সম্পূৰ্ণ নাম কমলেশ নবীন চন্দ্ৰ মেহতা (Kamlesh Navinchandra Mehta; জন্ম: ১ মে' ১৯৬০) এজন অৱসৰপ্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
ব্যক্তিগত জীৱন
ঘৰত "কামু" নামেৰে মতা কমলেশ মেহতাই মুম্বাইত ১ মে' ১৯৬০ত জন্ম গ্ৰহণ কৰিলে।১ চেণ্ট জ'চেফচ্ বিদ্যালয়ৰ ৱাদালা শাখাত প্ৰাথমিক শিক্ষা লাভ কৰি তেওঁ বাণিজ্যত স্নাতক ল'বলৈ মুম্বাইৰ আৰ-এ পডাৰ মহাবিদ্যালয়লৈ যায় আৰু পিছলৈ ডেনা অধিকোষত চাকৰি কৰে। তেওঁ অসমীয়া টেবুল টেনিছ খেলুৱৈ মনালিচা বৰুৱা মেহতাক বিয়া কৰাই।
টেবুল টেনিছ খেলুৱৈ হিচাপে জীৱন
কমলেশ ১৯৮২ৰ পৰা ১৯৮৯লৈ ভাৰতীয় দলৰ অধিনায়ক আছিল আৰু এচিয়া, কমনৱেলথ আৰু বিশ্বৰ ১ম স্থানীয় ভাৰতীয় খেলুৱৈ আছিল। তেওঁ ১৯৮১ৰ পৰা ১৯৯৪লৈ ১১বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলে আৰু ৮বাৰ ১ম২ আৰু ৩ বাৰ ২য় স্থান পায়।৩
কমলেশে ভাৰতক বিশ্বত ৭বাৰ প্ৰতিনিধিত্ব কৰে, ৮ এচিয়ান প্ৰতিযোগিতা, ২ এচিয়ান খেল, ৬ কমনৱেলথ খেল, ৪ দক্ষিণ এচিয়ান যুক্তৰাজ্য খেল, ২ অলিম্পিক৪ খেল আৰু অন্য কেইবাটাও আনুষ্ঠানিক বা বন্ধুত্বপূৰ্বক খেল ভাৰত তথা বিদেশত। তেওঁ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ১৯৯১ৰ কলম্বিয়াৰ দক্ষিণ এচিয়ান যুক্তৰাজ্য খেলত দেখা গ'ল য'ত তেওঁ ৭টা স্বৰ্ণপদক আৰু ৪টা ৰূপৰ পদক অৰ্জন কৰে।১
কমনৱেলথ খেলৰ ৬ খেলত তেওঁ ৪ ৰূপৰ পদক আৰু ৪টা ব্ৰঞ্জ পদক পায়, ভাৰতীয় খেলুৱৈসকলৰ মাজত শ্ৰেষ্ঠ। তেওঁ ১৯৮৯ৰ ইস্ল অৱ মেন (য়ু-কে)ৰ বিশ্ব অধিকোষ প্ৰতিযোগিতাত বিজয়ী হয়। তেওঁ পেণ্টেংগুলাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহত সকলো ৪টা পদক অৰ্জন কৰে ১৯৮৩ত।
বঁটা
প্ৰায় ২০ বছৰৰ পেচাত কমলেশ মেহতাই কেইবাটাও বঁটা পাইছে। ১মটো মহাৰাষ্ট্ৰ চৰকাৰৰ শিৱ ছত্ৰপতি বঁটা ১৯৭৯ত। তাৰ পিছত ১৯৮৪ত ইছলামাবাদত শ্ৰেষ্ঠ ভাৰতীয় খেলুৱৈ হোৱাৰ বাবে বন্ধুত্বপূৰ্ণ বঁটা। তেওঁ বম্বেৰ ক্ৰীড়া সাংবাদিক সন্থাৰ দ্বাৰা ২বাৰকৈ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান পায়। তেওঁ ১৯৮৫ত অৰ্জুন বঁটা পায় আৰু তেওঁ কমন্ৱেল্থ খেলত ফেয়াৰ প্লে ট্ৰফী বা ন্যায়পূৰ্ণ খেল বঁটা পোৱা প্ৰথম ভাৰতীয় খেলুৱৈ, তেওঁ সেই সন্মান ১৯৮৯ত পায়। কমলেশক ১৯৯৮ত ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিযুক্ত কৰা হয়।
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ lite.epaper.timesofindia.com/mobile.aspx?article link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ Kamlesh Mehta, Indian Tennis Player, indiatimes.com
- ↑ www.mid-day.com/articles/seoul-1988-was-an-amazi link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলেশ মেহতা” প্ৰবন্ধৰ সংশোধন ৬০৩৮১৪ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।