অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপা কৰ্মকাৰ

দীপা কৰ্মকাৰ (জন্ম: ৯ আগষ্ট ১৯৯৩) ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত জন্মগ্ৰহণকাৰী এগৰাকী ভাৰতীয় আৰ্টিষ্টিক বা শৈল্পিক জিমনাষ্ট। তেওঁ গ্লাছগোত অনুষ্ঠিত ২০১৪ কমনৱেলথ গেমচত প্ৰথম ভাৰতীয় জিমনাষ্ট হিচাপে ব্ৰঞ্জৰ পদক পাইছিল। ইয়াৰ পূৰ্বে জিমনাষ্টিকচত কোনো ভাৰতীয় আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক পোৱা নাই।

হালনাগাদ: ২২ জুন ২০২৬ ৪৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দীপা কৰ্মকাৰ (জন্ম: ৯ আগষ্ট ১৯৯৩) ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত জন্মগ্ৰহণকাৰী এগৰাকী ভাৰতীয় আৰ্টিষ্টিক বা শৈল্পিক জিমনাষ্ট। তেওঁ গ্লাছগোত অনুষ্ঠিত ২০১৪ কমনৱেলথ গেমচত প্ৰথম ভাৰতীয় জিমনাষ্ট হিচাপে ব্ৰঞ্জৰ পদক পাইছিল।১ ইয়াৰ পূৰ্বে জিমনাষ্টিকচত কোনো ভাৰতীয় আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক পোৱা নাই।

কৰ্মকাৰ জিমনাষ্টিকচ্ প্ৰতিযোগিতাৰ আটাইতকৈ কঠিন বিভাগ প্ৰডানোভা ভল্ট সম্পন্নকাৰী বিশ্বৰ পাঁচ গৰাকী নাৰীৰ ভিতৰত এজন, তাত তেওঁৰ স্কৰ আছিল মুঠ (১৫.১০০)।২ তদুপৰি তেওঁ এছিয়ান জিমনাষ্টিকচ্ চেম্পিয়নশিপত ব্ৰঞ্জ পদক জিকিছিল আৰু ২০১৫ ৱৰ্ল্ড আৰ্টিষ্টিক জিমনাষ্টিকচ্ চেম্পিয়নশিপত পঞ্চম স্থান অৰ্জন কৰে। দুয়োটায়ে ভাৰতৰ ভিতৰতে প্ৰথম। তেওঁ অতি কম বয়সত সবাতোকৈ বেছি সফলতা প্ৰাপ্ত আৰু প্ৰথম ভাৰতীয় নাৰী জিমনাষ্ট ৰূপে বেছি পৰিচিত।৩

২০১৬ চনৰ এপ্ৰিলত, কৰ্মকাৰ ৫২.৬৯৮ পয়েণ্ট৪ লাভ কৰি প্ৰথম ভাৰতীয় নাৰী জিমনাষ্ট হিচাপে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে। লগতে ৫২ বছৰ পিছত ভাৰতে প্ৰথম জিমনাষ্টিকচ্ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰে।৫ দীপা গ'স্পৰ্ট ফাউণ্ডেচন কৰ্তৃ সমৰ্থিত।৬

প্ৰাৰম্ভিক জীৱন

দীপা ১৯৯৩ চনত ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আগৰতলাত জন্ম হয়। তেওঁৰ পিতৃ দুলাল কৰ্মকাৰ আৰু মাতৃ গীতা কৰ্মকাৰ। ৬ বছৰ বয়সৰ পৰায়ে তেওঁ বিবেকানন্দ ব্যামাগাৰত জিমনাষ্টিকচৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম প্ৰশিক্ষক আছিল সোমা নন্দী। পিছলৈ তেওঁ সোমা নন্দীৰ স্বামী বিশ্বেশ্বৰ নন্দীৰ পৰা প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰিলে।

কেৰিয়াৰ

২০১১

২০১১ চনৰ ফেব্ৰুৱাৰীত দীপা ভাৰতৰ ২০১১ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰে। তেওঁ ফ্ল'ৰ, ভল্ট, অল ৰাউণ্ড, বেলেন্স বিম আৰু আনইভেন বাৰ্চা ইভেণ্টত মুঠতে পাঁচটো স্বৰ্ণ পদক লাভ কৰে।৭

২০১৪

২০১৪ চনৰ জুলাইত দীপা ২০১৪ কমনৱেলথ গেমচত মহিলাৰ ভল্ট ফাইনেলত ব্ৰঞ্জ পদক পদক লাভ কৰে। তেওঁৰ স্কৰ আছিল ১৪.৩৬৬। দীপাৰ এই জয় প্ৰথম ভাৰতীয় নাৰী জিমনাষ্ট হিচাপে আৰু আশিষ কুমাৰৰ পিছত দ্বিতীয় ভাৰতীয় জিমনাষ্ট হিচাপে কমনৱেলথ গেমচত পদক অৰ্জন।

২০১৫

২০১৫ চনৰ ৩১ আগষ্টৰ পৰা ২ জুলাই পৰ্যন্ত জাপানৰ হিৰোছিমাত অনুষ্ঠিত আৰ্টিষ্টিক জিমনাষ্টিকচ্ এছিয়ান চেম্পিয়নশিপত দীপা ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ মহিলাৰ ভিম ভল্ট ইভেণ্টত ৮ম স্থান লাভ কৰে।৮

২০১৫ চনৰ অক্টোবৰত দীপা ২০১৫ ৱৰ্ল্ড আৰ্টিষ্টিক জিমনাষ্টিকচ্ চেম্পিয়নশিপৰ ফাইনেল পৰ্বৰ বাবে যোগ্যতা অৰ্জন কৰে।৯ বাছনিপৰ্বত তেওঁৰ স্কৰ আছিল ১৪.৯০০১০, যাৰ দ্বাৰা তেওঁ ফাইনেল পৰ্বৰ বাবে সুৰক্ষিত হয়। ফাইনেলত দীপা ৫ম স্থানত শেষ কৰে আৰু তেওঁৰ স্কৰ আছিল ১৪.৬৮৩।

2015 World Artistic Gymanstics Championships

RoundRankTotalScore 1DifficultyExecutionPenaltyScore 2DifficultyExecutionPenalty
Qualification714.90015.1007.0008.1000.0014.7006.0008.7000.00
Final514.68315.3007.0008.3000.0014.0666.0008.366-0.300

২০১৬

দীপা কৰ্মকাৰ প্ৰথম ভাৰতীয় মহিলা জিমনাষ্ট হিচাপে অলিম্পিক খেল খেলাৰ যোগ্যতা অৰ্জন কৰে। ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ আৰ্টিষ্টিক বা শৈল্পিক জিমনাষ্টিকচ্ বিভাগৰ বাবে নিৰ্বচিত হয়।১১ ৫২ বছৰ পিছত অলিম্পিকৰ বাবে জন্য নিৰ্বাচিত হোৱা দীপা প্ৰথম গৰাকী ভাৰতীয় মহিলা জিমনাষ্ট।৫ তদুপৰি প্ৰডানোভা ভল্টৰ ফাইনেলত তেওঁ ৪ৰ্থ স্থান দখল কৰে। গতিকে অলিম্পিকৰ ফাইনেল খেলা যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় জিমনাষ্ট।

বঁটা আৰু সন্মান

ক্ৰীড়াক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (২০১৫-১৬) প্ৰদান কৰে। তেঁও লাভ কৰা সন্মানসমূহ হৈছে-

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Glasgow 2014 - Dipa Karmakar profile. Glasgow 2014 Ltd
  2. ↑ 2014 Commonwealth Games Vault Final Dipa Karmakar 2nd Vault
  3. ↑ Naik, Shivani. (24 August 2014). After a flight, a landing: Why Dipa Karmakar’s medal in Commonwealth Games is its bravest bronze. The Indian Express
  4. ↑ Naik, Shivani. (18 Apr 2016). Dipa Karmakar becomes first Indian woman gymnast to qualify for Olympics. The times of india
  5. ↑ Datta, Sekhar. Meet Dipa Karmakar first Indian woman gymnast to qualify for Rio Olympics. ABP Live
  6. ↑ GoSports Foundation
  7. ↑ Sabanayakan, S. (21 February 2011). Dipa Karmakar rules in gymnastics. The Hindu
  8. ↑ Dipa Karmakar Brings Glory to India with a Bronze at 2015 Artistic Asian Gymnastics Championships. 2015 Hiroshima
  9. ↑ Young gymnast Dipa Karmakar makes history, becomes first Indian to qualify for World Championships finals. Zee News
  10. ↑ Results - 2015 World Gymnastics Championships. www.2015worldgymnastics.com
  11. ↑ (19 April 2016). Dipa Karmakar becomes 1st Indian woman gymnast to qualify for Rio Olympics. The Economic Times. Press Trust of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অলিম্পিক প্ৰতিযোগীপদ্মশ্ৰী বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপা কৰ্মকাৰ” প্ৰবন্ধৰ সংশোধন ৬১৩৫৩৭ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।