শ্বেতা ত্ৰিপাঠী (জন্ম-৭ জুলাই ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ প্ৰডাকচন সহকাৰী আৰু সহযোগী পৰিচালিকা হিচাপে তেখেতে ছবিজগতত নিজৰ কেৰিয়াৰৰ পাতনি মেলে৷ কিন্তু হিন্দী কথাছবি আৰু ৱেব চিৰিজত অভিনয়ৰ জৰিয়তেহে শ্বেতাই প্ৰশংসা আৰু সমাদৰ লাভ কৰে৷ তেখেতৰ উল্লেখনীয় কৰ্ম হৈছে মাছান (২০১৫) আৰু হাৰামখোৰ (২০১৭).১২৩
ব্যক্তিগত জীৱন
১৯৮৫ চনৰ ৬ জুলাইত শ্বেতা ত্ৰিপাঠীৰ জন্ম হৈছিল৷ জন্মৰ স্থান আছিল নতুন দিল্লী৷ ৪ তেখেতৰ পিতৃ ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত৷ মাতৃ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী৷ পিতৃয়ে চাকৰিসূত্ৰে কেইবাখনো ঠাই সলাই থাকিবলগা হোৱা বাবে শ্বেতাই তেওঁৰ শৈশৱ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, আৰু মুম্বাইত কটাবলগীয়া হয়৷ ৪ আন্দামানত কটোৱা সময়খিনিত তেখেতে সৰ্বাধিক সুখৰ সময় বুলি অভিহিত কৰে-"That’s when I discovered how much I like travelling and being outdoors. Every weekend used to be a picnic on a new island, and it was an enriching experience".৫ উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিবলৈ ত্ৰিপাঠী নতুন দিল্লীলৈ ঘূৰি আহে আৰু আৰকে পুৰমত থকা দিল্লী পাব্লিক স্কুলত শিক্ষাগ্ৰহণ কৰে৷ তাৰপিছত তেখেতে "নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্যন টেকন'লজি"ত অধ্যয়ন কৰে আৰু ফেশন কমিউনিকেশণত ডিগ্ৰী অৰ্জন কৰে৷৬ ২০১৮ চনৰ ২৯ জুনত অভিনেতা আৰু ৰেপাৰ চৈতন্য শৰ্মাৰ লগত তেখেতে বৈবাহিকজীৱনৰ পাতনি মেলে৷ ৭
অভিনয়-জীৱন
হিন্দী কথাছবি "মছান"ৰ জৰিয়তে শ্বেতা চৰ্চাৰ মাজলৈ আহে৷ ইয়াৰ পিছত শ্বেতাই ডিজনি ইণ্ডিয়াৰ ছিট কম "ক্য মষ্ট হ্যে লাইফ"ত এটি ল'ৰাসুলভ চৰিত্ৰ "জেনিয়া খান" ৰূপায়ণ কৰে৷ ৮৯ টাটা স্কাই, ভোডাফোন আৰু মেকডোনাল্ডছৰ দৰে ব্ৰেণ্ডৰ বিজ্ঞাপনতো শ্বেতাই অভিনয় কৰিছে৷১০ ফেমিনা ইণ্ডিয়াৰ আলোচনীত তেখেতে ফটো সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ "ক্যা মষ্ট হে লাইফ"ৰ লগত জড়িত হোৱাৰ আগেয়ে শ্বেতাই পিক্সিৱন ট্ৰেইলাৰ হাউছত কাম কৰিছিল৷ তদুপৰি তেখেতে "অল মাই টি প্ৰডাকছনচ" নামৰ থিয়েটাৰ কোম্পানী এটাও চলাইছিল৷১১
বিন্দাছত প্ৰচাৰিত "দ্য ট্ৰিপ"ত শ্বেতাই অংশ লৈছিল৷ ১২সাৰাৱন ৰাজেন্দ্ৰন পৰিচালিত "মেহেন্দী চাৰ্কাছ" আছিল শ্বেতাৰ প্ৰথমখন তামিল ভাষাৰ ছবি৷১৩ আইফোনযোগে দৃশ্যগ্ৰহণ কৰা পূৰ্ণ দৈঘ্যৰ ভাৰতীয় ছবি "মুভি জু"ত শ্বেতাই কাম কৰিছিল৷১৪পৰৱৰ্তী কালত শ্বেতাই "মিৰ্জাপুৰ" নামৰ ৱেব-চিৰিজটোত অভিনয় কৰে৷১৫ শেহতীয়া ছবি গ'ন কেশ হৈছে শ্বেতাৰ উল্লেখনীয় কৰ্ম৷ ছবিখনত শ্বেতাই এলোপেছিয়া ৰোগত আক্ৰান্ত যুৱতীৰ চৰিত্ৰত অভিনয় কৰে-যিয়ে জীৱনত সংঘাত আৰু আত্মমৰ্যাদা প্ৰতিষ্ঠা কৰিবলৈ যুঁজ দিবলগীয়া হয়৷১৬
টিভিএফৰ "ট্ৰিপলিঙ"ৰ দ্বিতীয়টো ছিজনত শ্বেতাই বেগম জেইনাবৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ ১৭
এমাজন প্ৰাইম ভিডিঅ'যোগে সম্প্ৰচাৰিত হোৱা ৱেব-চিৰিজ "লাখো মে এক"ৰ দ্বিতীয়টো চিজনত শ্বেতাই এগৰাকী চিকিৎসক ডা০ শ্ৰেয়াৰ ভূমিকা ৰূপায়ণ কৰে৷ শ্বেতাৰ অভিনয়ৰ প্ৰশংসা কৰি ইণ্ডিয়া টুডেয়ে কয় যে-The star of the show is Shweta Tripathi (Masaan and Mirzapur), in her first leading turn in a web series.১৮
চলচ্চিত্ৰপুঞ্জী
ছবি
| বৰ্ষ | ছবি | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০১১ | তৃষ্ণা | শ্বেতা | |
| ২০১১ | সুজাতা | তৰুণী সুজাতা | চুটি ছবি১৯ |
| ২০১৫ | মাছান | শ্বালু গুপ্তা | জি চিনে বঁটা, সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী |
| ২০১৬ | লাভ শ্বটছ | চুটি ছবি | |
| ২০১৭ | হাৰামখোড় | সন্ধ্যা | |
| ২০১৮ | বিউটিফুল ৱৰ্ল্ড | চুটি ছবি | |
| ২০১৯ | গ'ন কেশ | এনাক্ষী | |
| ২০১৯ | কাৰ্গো | চুটি ছবি | |
| ২০১৯ | মেহেন্দী চাৰ্কাচ | মেহেন্দী | তামিল ছবি |
| ২০১৯ | দ্য ইলিগেল | মাহী | |
| ২০২০ | টিকট টু বলিউড | প্ৰাক্-প্ৰডাকচন | |
| ২০২০ | "ধনুষ ফিল্ম" | তামিল ছবি |
দূৰদৰ্শন
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৯-১০ | ক্যা মষ্ট হে লাইফ | জেনিয়া খান | ডিজনি ইণ্ডিয়াত সম্প্ৰচাৰিত |
| ২০১৬-২০১৮ | দ্য ট্ৰিপ | অনন্যা২০ | |
| ২০১৮ | মিৰ্জাপুৰ | গজগামিনী গলু গুপ্তা | এমাজন প্ৰাইম ভিডিঅ'২১২২ |
| ২০১৯ | মেইড ইন হেভেন | প্ৰিয়ংকা মিশ্ৰ | খণ্ড: "দ্য প্ৰাইচ অৱ লাভ"২৩ |
| ২০১৯ | টিভিএফ ট্ৰিপলিং | বেগম জৈনৱ | খণ্ড: "কবুতৰ যা যা"২৪ |
| ২০১৯ | লাখৌ মে এক(দ্বিতীয় চিজন) | ডা০ শ্ৰেয়া পাথাৰে | এমাজন প্ৰাইম ভিডিঅ'২৫ |
তথ্যসূত্ৰ
- ↑ Shweta Tripathi: I can’t be an arm candy in films
- ↑ Moudgil, Reema. (3 August 2015). 'All I Want is To Touch a Chord as an Actor'. The New Indian Express
- ↑ (2017-01-15). Masaan, Haraamkhor and web-series The Trip, Shweta Tripathi is going strong. The Indian Express
- ↑ Shweta Tripathi birthday: Here are some little known facts about the Masaan actress that might surprise you! · Entertainment News. Times Now
- ↑ Shah, Zaral. (16 August 2017). Shweta Tripathi on Why being an actor comes to her as naturally as breathing. Verve
- ↑ (15 January 2017). Masaan, Haraamkhor and web-series The Trip, Shweta Tripathi is going strong. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ www.ndtv.com/entertainment/masaan-actress-shweta
- ↑ Disney channel launches summer offering Kya Mast Hai Life, Webindiea123.com, retrieved 7 April 2010
- ↑ (2017-09-27). Shweta Tripathi on Tamil debut: Want to explore as much as I can. The Indian Express
- ↑ Ads of Shweta Tripathi · Tv Commercials of Shweta Tripathi. www.indianfilmhistory.com
- ↑ www.postoast.com/shweta-tripathi-photos/
- ↑ Revealed: First look of Masaan actress Shweta Tripathi in 'The Trip' - Times of India. The Times of India
- ↑ (2018-07-02). Masaan actress Shweta Tripathi plays circus performer in her Tamil debut Mehandi Circus; film likely to release in September- Entertainment News, Firstpost. Firstpost
- ↑ Shweta Tripathi excited about 'Zoo' - a film shot entirely on iPhone 6, premiere at Busan Festival. The New Indian Express
- ↑ Decoding the women of Mirzapur: Why Vashudha, Golu and Beena stand out in the web series
- ↑ Ganapathy Raman, Sruthi. (March 25, 2019). Shweta Tripathi on tackling alopecia in ‘Gone Kesh’: ‘I hope the concept of beauty changes’. scroll.in
- ↑ www.iwmbuzz.com/digital/editorial-digital/review
- ↑ www.indiatoday.in/television/web-series/story/la
- ↑ (25 September 2013). Sujata. YouTube. Junglee Film Club
- ↑ The Trip will change my image of small town girl: Shweta Tripathi. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Chaubey, Pranita. (December 6, 2018). Farhan Akhtar Unveils First Look Of Web-Series Mirzapur, Starring Ali Fazal And Shweta Tripathi. NDTV
- ↑ (September 29, 2017). Ali Fazal, Shweta Tripathi start shoot for 'Mirzapur' in Varanasi. Business Standard
- ↑ (2017-09-25). Shweta Tripathi joins Zoya Akhtar’s web-series, Made in Heaven. Hindustan Times
- ↑ TVF Tripling season 2 review: Amol Parashar, Sumeet Vyas, Maanvi Gagroo's road trip goes downhill. First Post
- ↑ (2019-04-12). Laakhon Mein Ek season 2 review: Biswa Kalyan Rath creates a dark, compelling world in Amazon's medical drama- Entertainment News, Firstpost. Firstpost
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেতা ত্ৰিপাঠী” প্ৰবন্ধৰ সংশোধন ৩৮২৯৮২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।