শুভশ্ৰী গাংগুলী (বঙালী ভাষা: শুভশ্ৰী গঙ্গোপাধ্যায়; জন্ম: ৩ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত বঙালী ভাষা চলচ্চিত্ৰত কাম কৰে। বাংলা চলচ্চিত্ৰৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা আৰু আগশাৰীৰ অভিনেত্ৰী গাংগুলীয়ে ২০০৮ চনত ওড়িয়া ভাষা কমেডি-ড্ৰামা ছবি মতে তো লভ হেলাৰেৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত পিতৃভূমি (২০০৮) চলচ্চিত্ৰৰে বাংলা চলচ্চিত্ৰত অভিষেক ঘটায়।
চেলেঞ্জ, পৰান জয় জলিয়া ৰে (২০০৯), ৰোমিঅ', খোকাবাবু (২০১২), খোকা ৪২০ (২০১৩), বছ, গেম, আমি শুধু চেয়েচি তোমায় (২০১৪), অভিমান (২০১৬), বছ ২: বেক টু ৰুল (২০১৭), নবাব (২০১৭), চালবাজ (২০১৮)ৰ লগতে পৰিণীতা (২০১৯), ধৰ্মযুদ্ধ, বৌদি কেণ্টিন (২০২২), বাবলী, সন্তান (২০২৪), গ্ৰহপ্ৰৱেশ আৰু ধুমকেতু (২০২৫) আৰু লহ গৌৰাংগেৰ নাম ৰে (২০২৫)।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
শুভশ্ৰী গাংগুলীৰ জন্ম ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ বৰ্ধমানত বিণা গাংগুলী আৰু দেবপ্ৰসাদ গাংগুলীৰ ঘৰত হয়।১ তেওঁৰ মাতৃ বিণা গাংগুলী এগৰাকী গৃহিণী আৰু পিতৃ দেবপ্ৰসাদ গাংগুলী এখন বিদ্যালয়ৰ কৰ্মচাৰী আছিল।২ তেওঁ বৰ্ধমান পৌৰসভা বালিকা উচ্চ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।
২০০৬ চনত দশম শ্ৰেণী সম্পূৰ্ণ কৰাৰ পাছত শুভশ্ৰীয়ে দূৰদৰ্শনৰ ৰিয়েলিটি অনুষ্ঠান ‘আনন্দলোক নায়িকাৰ খোঁজে’ত অংশগ্ৰহণ কৰে আৰু প্ৰতিযোগিতাখনৰ বিজয়ী হয়।৩৪
ইয়াৰ পিছত তেওঁ মডেল হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰে আৰু ২০০৮ চনত অশোক পতিৰদ্বাৰা পৰিচালিত ওড়িয়া ভাষাৰ চলচ্চিত্ৰ ‘মতে তো লভ হেলাৰে''ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তাৰ পিছতেই তেওঁ বঙালী চলচ্চিত্ৰ ‘পিতৃভূমি’ত সহায়ক চৰিত্ৰত অভিনয় কৰি বঙালী চলচ্চিত্ৰত অভিষেক ঘটে।৫
ব্যক্তিগত জীৱন
২০১৬ চনত অভিমান চলচ্চিত্ৰৰ শ্বুটিঙৰ সময়ত শুভশ্ৰী গাংগুলীৰ সৈতে চলচ্চিত্ৰখনৰ পৰিচালক ৰাজ চক্ৰৱৰ্তীৰ সম্পৰ্ক গঢ় লৈ উঠে। ৬ মাৰ্চ ২০১৮ তাৰিখে কলিকতাত তেওঁলোকৰ বাগদান সম্পন্ন হয় আৰু ১১ মে’ তাৰিখে বাওয়ালি ৰাজবাড়ীত তেওঁলোকৰ বিবাহ অনুষ্ঠিত হয়।৬
১২ ছেপ্টেম্বৰ ২০২০ তাৰিখে শুভশ্ৰীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে।৭
৩০ নৱেম্বৰ ২০২৩ তাৰিখে তেওঁলোকৰ ঘৰত এটি কন্যা সন্তান জন্ম হয়।৮
কৰ্মজীৱন
২০০৬ চনত ‘আনন্দলোক নায়িকাৰ খোঁজে’ প্ৰতিযোগিতাখন জয় কৰাৰ পাছত,৩৪৯১০ শুভশ্ৰী গাংগুলীয়ে ওড়িয়া ভাষাৰ চলচ্চিত্ৰ ‘মতে তো লাভ হেলাৰে’ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ বঙালী চলচ্চিত্ৰ ‘পিতৃভূমি’ত সহায়ক ভূমিকাত অভিনয় কৰি বঙালী চলচ্চিত্ৰত প্ৰৱেশ কৰে।৫
বঙালী চলচ্চিত্ৰ অভিনেতা দেবৰ সৈতে ‘চেলেঞ্জ’, ‘খোকাবাবু’, ‘খোকা ৪২০’, ‘ৰোমিও’, ‘পৰাণ যায় জ্বলিয়া ৰে’ আৰু ‘ধূমকেতু’ আদি চলচ্চিত্ৰত অভিনয় কৰাৰ পাছত শুভশ্ৰী গাংগুলী বিশেষ জনপ্ৰিয়তা লাভ কৰে। ‘খোকা ৪২০’, ‘পৰাণ যায় জ্বলিয়া ৰে’ আৰু ‘ধূমকেতু’ চলচ্চিত্ৰসমূহ সৰ্বকালৰ সৰ্বাধিক ব্যৱসায় কৰা বঙালী চলচ্চিত্ৰসমূহৰ ভিতৰত স্থান পাইছে।
অন্য এজন বঙালী অভিনেতা জিতৰ সৈতে তেওঁৰ জুটি সমানেই সফল হয়। তেওঁলোকে ‘বছ্’, ‘গেম’, ‘অভিমান’ আৰু ‘বছ্ ২: বেক টু ৰুল’ আদি চলচ্চিত্ৰত একেলগে অভিনয় কৰে। ‘বছ্ ২: বেক টু ৰুল’ বাংলা চলচ্চিত্ৰৰ ইতিহাসৰ অন্যতম বৃহৎ হিট হিচাপে পৰিগণিত হৈছে আৰু সৰ্বকালৰ সৰ্বাধিক ব্যৱসায় কৰা বঙালী চলচ্চিত্ৰৰ তালিকাত অন্তৰ্ভুক্ত।
তেওঁ শাকিব খানৰ সৈতে ‘নবাব’ আৰু ‘চলবাজ’ চলচ্চিত্ৰত অভিনয় কৰে।
২০১৯ চনত মুক্তি পোৱা ‘পৰিণীতা’ চলচ্চিত্ৰখনে শুভশ্ৰী গাংগুলীৰ কৰ্মজীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে। ‘মেহুল’ চৰিত্ৰত কৰা তেওঁৰ অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী শাখাত একাধিক বঁটা লাভ কৰে, যাৰ ভিতৰত ফিল্মফেয়াৰ এৱাৰ্ডছ বাংলা-ত শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী (মহিলা) বঁটাও অন্তৰ্ভুক্ত।১১১২
২০২২ চনত ‘বৌদি কেণ্টিন’ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক) শাখাত ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰে।১৩১৪
২০২৪ চনত ‘বাবলি’ চলচ্চিত্ৰই তেওঁক তৃতীয়টো ফিল্মফেয়াৰ এৱাৰ্ড বাংলা শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা প্ৰদান কৰে। সেই বছৰটোত মুক্তি পোৱা তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ ‘সন্তান’-এ তেওঁক শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী (মহিলা) শাখাত ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰায়।
চলচ্চিত্ৰ
| বছৰ | শিৰোনাম | ভূমিকা | পৰিচালক | মন্তব্য |
|---|---|---|---|---|
| ২০০৭ | পিতৃভূমি | সঞ্জিব ৰায় | ||
| ২০০৮ | মাতে তা লাভ হেলাৰে | মেঘা | অশোক পাতি | ওড়িয়া চলচ্চিত্ৰ |
| বাজিমাত | হৰনাথ চক্ৰবৰ্তী | আনন্দলোক পুৰস্কাৰ: শ্ৰেষ্ঠ নাৰী শিল্পী | ||
| ২০০৯ | চ্যালেঞ্জ | পূজা | ৰাজ চক্ৰবৰ্তী | টেলি সিনে অ্যাওয়াৰ্ড ২০১০ |
| পৰাণ যায় জ্বলিয়া ৰে | এ্যনা | ৰবি কিনাগী | ||
| ২০১১ | ৰোমিও | পূজা | সুজিত মণ্ডল | |
| ২০১২ | খোকাবাবু | ডি. শঙ্কৰ আইয়্যা | ||
| মেঘ ৰোদ্দুৰ | সুৰজিৎ ধৰ ও সুদৰ্শন বসু | |||
| ২০১৩ | খোকা ৪২০ | ভূমি | ৰাজিব বিশ্বাস | |
| বস: বৰ্ন টু ৰুল | ৰুসা | বাবা যাদব | ||
| ২০১৪ | গেম | বাবা যাদব | ||
| আমি শুধু চেয়েছি তোমায় | ভূমি | অশোক পাতি, অনন্য মামুন | ||
| শেষ বলে কিছু নেই | অঞ্জন দত্ত (শিল্পী) | |||
| ২০১৬ | অভিমান | দিশানি | ৰাজ চক্ৰবৰ্তী | |
| ২০১৭ | বস ২ | ৰুসা | বাবা যাদব | |
| নবাব | দিয়া | জয়দীপ মুখোপাধ্যায় | ||
| আমাৰ আপনজন | শাৰি | ৰাজা চন্দ | ||
| দেখ কেমন লাগে | গুঞ্জা সেন | সুদেষ্ণা ৰায়, অভিজিৎ গুহ | ||
| ২০১৮ | হানিমুন | জয়তী | প্ৰেমেন্দু বিকাশ চাকী | |
| চালবাজ | শ্ৰীজাত | জয়দীপ মুখোপাধ্যায় | ||
| ২০১৯ | পৰিণীতা | মেহুল | ৰাজ চক্ৰবৰ্তী | |
| ২০২২ | হাবজি গাবজি | অহনা বসু | ৰাজ চক্ৰবৰ্তী | |
| ধৰ্মযুদ্ধ | মুন্নি | ৰাজ চক্ৰবৰ্তী | ||
| বিসমিল্লাহ | ফাতেমা | ইন্দ্ৰদীপ দাশগুপ্ত | ||
| বৌদি ক্যাণ্টেন | পৌলোমী চ্যাটাৰ্জী | পৰমব্ৰত চট্টোপাধ্যায় | ||
| পাখি (শ্ৰব্য এলবাম) | বাবা যাদব | |||
| ২০২৩ | ডক্টৰ বক্সী | মৃণালিনী সেন | সপ্তাশ্ব বসু | |
| ২০২৪ | বাবলি | বাবলি | ৰাজ চক্ৰবৰ্তী | |
| আবাৰ আসিব ফিৰে | দেবপ্ৰতিম দাশগুপ্ত | অতিথি উপস্থিতি | ||
| সন্তান | ইন্দ্ৰাণী সেন | ৰাজ চক্ৰবৰ্তী | ||
| ২০২৫ | গৃহপ্ৰৱেশ | তিতলি | ইন্দ্ৰদীপ দাশগুপ্ত | |
| ধূমকেতু | ৰূপা | কৌশিক গঙ্গোপাধ্যায় | ||
| আসন্ন | লহ গৌৰাঙ্গেৰ নাম ৰে | বিনোদিনী | সৃজিত মুখাৰ্জি | |
| আসন্ন | অ্যাণ্টিডট | পৰমব্ৰত চট্টোপাধ্যায় |
ওয়েব ধাৰাবাহিক
| বছৰ | শিৰোনাম | চৰিত্ৰ | প্লাটফৰ্ম | সূত্ৰ |
|---|---|---|---|---|
| ২০২৩ | ইন্দুবালা ভাতেৰ হোটেল | ইন্দুবালা মল্লিক | হইচই |
সঙ্গীত ভিডিও
- জয় জয় দুৰ্গা মা (২০১৮)
বঁটা
- নায়িকাৰ সন্ধানত, ফেয়াৰ-ইভাৰ আনন্দলোক বিজয়ী
- বাজিমাতৰ বাবে আনন্দলোক বঁটা
- চেলেঞ্জ ছবিখনত অভিনয় কৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ২০১০ চনৰ টেলি চিনে বঁটা
- খোকা ৪২০ ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে কলাকাৰ বঁটা
- "ফিল্মফেয়াৰ ২০২২"ত বৌডি কেণ্টিন ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Ganguly, Ruman. (1 July 2014). Subhashree's mum is superstitious about watching her movies. The Times of India
- ↑ Ganguly, Ruman. (1 July 2014). Subhashree's mum is superstitious about watching her movies. The Times of India
- ↑ (23 November 2006). Stars in her eyes. The Telegraph (India)
- ↑ (4 August 2008). She who dares to bare. The Telegraph (India)
- ↑ Roychoudhury, Amrita. (11 August 2008). In demand. The Times of India
- ↑ Everything you want to know about Raj-Subhashree wedding. The Times of India
- ↑ Nag, Swastik. (11 May 2020). Actress Subhasree Ganguly announces pregnancy on second wedding anniversary. Cinestaan
- ↑ (1 December 2023). Subhashree Ganguly and Raj Chakraborty welcomed their baby girl, Yaalini. The Times of India
- ↑ (21 December 2008). The rising stars. The Telegraph
- ↑ (17 November 2012). I do not want to marry anyone from industry: Subhashree. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (14 April 2021). 4th-joy-filmfare-awards-bangla-2020-complete-winners-list
- ↑ (14 April 2021). Filmfare Awards Bangla
- ↑ (13 March 2023). WINNERS OF JOY FILMFARE AWARDS BANGLA 2022
- ↑ (11 March 2023). Joy Filmfare Awards Bangla 2022: Check out the complete winners list here
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুভশ্ৰী গাংগুলী” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৬৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।