মহালক্ষ্মী মেনন ( Mahalakshmi Menon; ২৩ চেপ্তেম্বৰ ১৯৬২- ১ মে ১৯৮০) তামিল আৰু মালয়ালম ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ জনপ্ৰিয় বৃত্তিগত নাম আছিল শোভা। মাত্ৰ ১৭ বছৰ বয়সতে তামিল ভাষাৰ ‘পাচি’ (১৯৭৯) ছবিৰে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (১৯৭৮), শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা (১৯৭৭) আৰু শ্ৰেষ্ঠ শিশুশিল্পীৰ বঁটা (১৯৭১) আৰু কন্নড় আৰু তামিল ভাষাৰ ছবিত অভিনয়ৰ বাবে দুটা দক্ষিণ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। এগৰাকী অতি প্ৰতিভাৱান শিল্পীৰূপে পৰিগণিত হোৱা শোভাই ভাৰতীয় চলচ্চিত্ৰ জগতত চাপ পেলাবলৈ সক্ষম হৈছিল। মাত্ৰ সোতৰ বছৰ বয়সত, অভিনেত্ৰীগৰাকীয়ে ১৯৮০ চনত অজ্ঞাত কাৰণত আত্মহত্যা কৰে। প্ৰভুত জনপ্ৰিয়তাৰ অধিকাৰী শোভাৰ মৃত্যুৱে জনসাধাৰণৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু বহুতো ষড়যন্ত্ৰমূলক তত্ত্বৰ জন্ম দিছিল। ১৯৮৩ চনত মুক্তি পোৱা মালায়ালম ছবি ‘লেখায়ুডে মৰণম ওৰু ফ্লাচবেক’ তেওঁৰ জীৱন আৰু মৃত্যুৰ কাহিনীৰ ভিত্তিত নিৰ্মাণ কৰা বুলি ভবা হয়। মাক-দেউতাক উভয়ে মালায়লী আছিল যদিও এজনী শিশুশিল্পীৰ ৰূপে ‘থাট্টুংগল থিৰক্কপ্পদুম’ (১৯৬৬) নামৰ তামিল ছবিৰ যোগে তেওঁ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। নায়িকা ৰূপে অভিনয় কৰা তেওঁৰ প্ৰথম ছবি মালয়ালম ভাষাৰ ‘উথৰাডা ৰাথ্ৰি’।১২
প্ৰাৰম্ভিক জীৱন
১৯৬২ চনৰ ২৩ চেপ্তেম্বৰত শোভাৰ জন্ম হৈছিল। মাক-দেউতাৰ নাম আছিল ক্ৰমে প্ৰেমা মেনন আৰু কে.পি. মেনন।৩ মাক প্ৰেমা ১৯৫০ৰ দশকৰ এগৰাকী মালয়ালম ছবিৰ অভিনেত্ৰী আছিল।৪
কৰ্মজীৱন
১৯৬৬ চনত শোভাই জে.পি. চন্দ্ৰবাবুই পৰিচালনা কৰা, যি এগৰাকী অভিনেতাও আছিল, তামিল ছবি ‘থাট্টুংগল থিৰক্কপ্পদুম’ ৰ চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। ছবিৰ টাইটেল কাৰ্ডত তেওঁৰ বেবী মহালক্ষ্মী নাম ব্যৱহাৰ হৈছিল। সাবিত্ৰী, কে.আৰ. বিজয়, আৰ.এচ. মনোহৰ আৰু চন্দ্ৰবাবু আদি শিল্পীৰ সৈতে তেওঁ লক্ষ্মী নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল।৫৬ মালয়ালম ভাষাত তেওঁৰ প্ৰথম ছবি পি. বেণু পৰিচালিত ‘উধ্যোগস্থ’, য’ত তেওঁৰ নাম বেবী শোভা আছিল। পাঁচজনকৈ শীৰ্ষস্থানীয় তাৰকাই অভিনয় কৰা এই ছবিখনক প্ৰথম বহু তাৰকাযুক্ত মালয়ালম ছবিৰ আখ্যা দিয়া হয়। সত্যন, কে.পি. উমৰ. পদ্মিনী, সাৰদা, শীলা, ৰাজশ্ৰী আদিয়ে ইয়াত অভিনয় কৰিছিল।৭ ছবিখন অতি জনপ্ৰিয় হৈছিল আৰু দক্ষিণৰ চলচ্চিত্ৰত শিশুশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল।৮
১৯৭৮ চনত তেওঁ বালচন্দ্ৰ মেননৰ ‘উথৰাডা ৰাথ্ৰি’ত তেওঁ নায়িকাৰ ভূমিকাত অভিনয় কৰে। তেওঁ ‘বন্ধন’ (১৯৭৮) আৰু ‘এন্তে নীলাকাশম’ ছবিৰ বাবে ‘কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা’ লাভ কৰে। একে বছৰতে তেওঁ কন্নড় ছবি 'অপৰিচিত’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা পায়। ১৯৭৯ চনত ললিতাই প্ৰযোজনা কৰা, তামিল ভাষাৰ ছবি ‘পাচী’ৰ অভিনয়ৰ যোগেদি শোভাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তথা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আজুৰি আনে। ১৯৭৭ চনত ‘ওৰমাকল মৰিক্কুমো’ ছবিৰ বাবে কেৰালা চৰকাৰে তেওঁক দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰে।
মৃত্যু
শোভাই সোতৰ বছৰ বয়সত কোনো অজ্ঞাত কাৰণত আত্মহত্যা কৰে।৯১০১১ তেওঁ চলচ্চিত্ৰ পৰিচালক বালু মহেন্দ্ৰক বিয়া কৰাইছিল। অনু হাচানৰ ‘কফী ৱিথ অনু’ নামৰ সাক্ষাৎকাৰভিত্তিক টেলিভিচন কাৰ্যসূচীত বালু মহেন্দ্ৰই কেনেকৈ শোভাক আকস্মিক ভাবে তেওঁৰ জীৱনৰ পৰা নিয়তি কাঢ়ি লৈ গৈছিল, তাৰ বৰ্ণনা কৰিছিল। বালু মহেন্দ্ৰৰ পৰৱৰ্তী ছবি ‘মুনদ্ৰম পিৰাই’ (১৯৮২) শোভা আৰু তেওঁৰ চমু সম্পৰ্কৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ১৯৮৩ চনত শোভাৰ জীৱন আৰু মৃত্যুৰ ঘটনাৱলীৰ ছাঁত নিৰ্মিত কে.জি. জৰ্জে পৰিচালনা কৰা ‘লেখায়ুডে মৰণম ওৰু ফ্লাচবেক’ নামেৰে ছবি এখনে মুক্তি পাইছিল।১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2 May 1980). Top Indian actress found hanged. The Gazette (Montreal). United Press International. পৃ. 10
- ↑ (13th February 2014). Balu Mahendra (1939-2014). The Hindu
- ↑ Actress Shobha and her intriguingly filmy life story still remain endearing... Manoroma Online
- ↑ Prema. www.malayalachalachithram.com/
- ↑ (2007). The agony and ecstasy of being – Chandrababu. Southside
- ↑ Randor Guy. (2 October 2009). A voice that mesmerised. The Hindu
- ↑ Special Correspondent. (26 May 2011). Film director P. Venu dead. The Hindu
- ↑ (26 May 2011). P Venu dies of heart attack in Chennai. Oneindia.in
- ↑ S. R. Ashok Kumar. (3 May 2002). It's a heavy price to pay. The Hindu
- ↑ (4 January 2007). A story on suicides and actresses. Behindwoods.com
- ↑ (20 April 2002). Why South Indian heroines are embracing death. Mid Day
- ↑ Veteran director Balu Mahendra no more. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬৪০২৩৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।