প্ৰিয়া বাসুদেব মণি আয়াৰ (Priya Vasudev Mani Iyer, জন্ম ৪ জুন ১৯৮৪) প্ৰিয়ামণি হিচাবে পৰিচিত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী প্ৰাক্তন মডেল, তেওঁ তেলুগু, কন্নড়, তামিল, মালায়ালাম আৰু হিন্দী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ জাতীয় চলচ্চিত্ৰ বঁটাৰ লগতে বিভিন্ন ভাষাৰ চলচ্চিত্ৰৰ তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
বেঙ্গালুৰুত জন্ম আৰু ডাঙৰ হোৱা প্ৰিয়ামণিয়ে চলচ্চিত্ৰত কেৰিয়াৰৰ গঠন কাৰাৰ আগতে মডেল হিচাবে কাম কৰিছিল। ২০০২ চনত, তেওঁ বক্স অফিচত ফ্লপ হোৱা তেলুগু ছবি 'এভেৰ আটাগাডু' (২০০৩) -ত প্ৰধান চৰিত্ৰত অভিনয় কৰি আত্মপ্ৰকাশ কৰিছিল। ২০০৭ চনত তামিল ৰোমাণ্টিক নাটক 'পাৰুথিভেৰান'ত তেওঁ গাঁৱলীয়া বালিকা মুথাজাগীৰ চৰিত্ৰত অভিনয়ৰ কৰাৰ বাবে ব্যাপক পৰিচিত অৰ্জন কৰিছিল, সেই অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ জাতীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। সেই বৰ্ষতে তেওঁ এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত আৰ্থ-কল্পনা চলচ্চিত্ৰ 'ইয়ামডোঙ্গা'ৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত বাণিজ্যিকভাৱে সাফল্য অৰ্জন কৰিছিল।১ ২০০৮ চনত, প্ৰিয়ামণি মালায়ালাম ৰোমাঞ্চ 'থিৰাক্কাথা'ত মালবিকা চৰিত্ৰত অভিনয়ৰ বাবে আৰু সমালোচিত প্ৰশংসা পাইছিল আৰু শ্ৰেষ্ঠ অভিনেত্ৰী - মালায়ালামৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।২ পিছৰ বছৰত কন্নড় ছবিত তেওঁ প্ৰথম অভিনয়ত আহিছিল ৰোমাণ্টিক কমেডী ৰামৰ সৈতে, যি এটি ডাঙৰ সমালোচনা আৰু বাণিজ্যিকভাৱে সাফল্য ছবি হিচাবে প্ৰমাণিত হৈছিল। প্ৰিয়মণি মণি ৰত্নমৰ দ্বিভাষিকৰ জৰিয়তে যথাক্ৰমে ৰাৱণ আৰু ৰাৱণন শিৰোনামৰ তামিল আৰু হিন্দী মহাকাব্য চলচ্চিত্ৰৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰৰ সূচনা কৰিছিল। ২০১২ চনত, 'থাই ফিল্ম এলন'ৰ ওপৰত ভিত্তি কৰি বহুভাষিক ছবি 'চাৰুলথা'ত তেওঁ সমালোচনা প্ৰশংসা আৰু ফিল্মফেয়াৰত তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা অৰ্জন কৰিছিল। তেওঁ কন্নড়/তেলুগু থ্ৰিলাৰ ফিল্ম আইডল ৰামায়ণ (২০১৬)/মন ওৰি ৰামায়ণাম (২০১৬) ৰ ভূমিকাত আৰু সাফল্য অৰ্জন কৰিছিল, য’ত তেওঁক ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীলৈ মনোনীত কৰিছিল। বৰ্তমান তেওঁ দক্ষিণ ভাৰতীয় টেলিভিচনৰ অনুষ্ঠানগত সক্ৰিয়, তেওঁ কিছুমান নৃত্যৰ ৰিয়েলিটি শ্ব’টো বিচাৰক হিচাপে কাম কৰিছিল। ২০১৯ চনৰ চেপ্তেম্বৰত প্ৰচাৰিত এমাজন চিৰিজত ‘দ্য ফেমেলি মেন’ৰ ভূমিকাত তেওঁ প্ৰশংসা পাইছিল।
প্ৰাৰম্ভিক জীৱন
প্ৰিয়ামণি কৰ্ণাটকৰ বেঙ্গালুৰুত জন্মগ্ৰহণ কৰিছিল।৩ তেওঁ স্কুলীয়া জীৱনত কাঞ্চিপুৰম চিল্ক, ইৰোড চিল্ক আৰু লক্ষ্মী চিল্কত মডেল কৰিছিল। তেওঁ যেতিয়া দ্বাদশ শ্ৰেণীত পঢ়ে, তামিল পৰিচালক ভাৰতীৰাজে তেওঁক চলচ্চিত্ৰ জগতৰ সৈতে পৰিচয় কৰি দিয়ে। তেওঁৰ পিতৃ বাসুদেব মণি, যি তামিল পৰিবাৰৰ পলক্কাদৰ বাসিন্দা আৰু এটি বৃক্ষৰোপণৰ ব্যৱসায়ৰ মালিক আৰু তেওঁৰ মাতৃ, জাতীয় স্তৰৰ বেডমিণ্টন খেলৈ, লতামণি, যি তিৰুৱনন্তপুৰমৰ বাসিন্দা, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ বেংক মেনেজাৰ আছিল। তেওঁৰ ডাঙৰ ভাই বিশাষ, যিয়ে তেওঁৰ পিতৃৰ সৈতে বাগানৰ ব্যৱসায়ত থাকে। স্কুলত থকা সময়ত, তেওঁ বহিঃৰাগৰ কাৰ্যকলাপত আৰু খেলা-ধুলাত সক্ৰিয়ভাৱে অংশ লৈছিল।৪ তেওঁ কৰ্ণাটীক কণ্ঠশিল্পী কমলা কৈলাসৰ নাতিনী।৫ তেওঁ অভিনেত্ৰী বিদ্যা বালানৰ cousin আৰু নেপথ্য গায়ক মালগুড়ি শুভাৰ niece।৬৭
তেওঁ স্কুলীয়া শিক্ষা শেষ কৰি, প্ৰিণ্ট বিজ্ঞাপনসমূহৰ বাবে মডেলিং কৰিছিল। প্ৰিয়ামণিয়ে মনোবিজ্ঞানত বিএ ডিগ্ৰী লয়।৮
কৰ্মৰাজি
প্ৰাৰম্ভিক কৰ্মৰাজি
প্ৰিয়ামণিৰ তেলুগু চলচ্চিত্ৰ 'এভেৰ আটাগাডু' দ্বাৰা আত্মপ্ৰকাশ কৰে। তাৰপিছত তেওঁ 'সত্যম' মালায়ালাম ফিল্ম ইণ্ডাষ্ট্ৰিত আত্মপ্ৰকাশ কৰিছিল, কিন্তু এই ছবিখন বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম নহয়।৫ ২০০৫ চনত নাটক 'অধু ওৰু কানা কালাম' অভিনয়ৰ জৰিয়তে তেওঁ তামিল চলচ্চিত্ৰ পৰিচালক ও চিনেমাটোগ্ৰাফাৰ বালু মহেন্দ্ৰ দ্বাৰা স্বাক্ষৰিত হয়। মুক্তিৰ আগত, ববিথে কৈছিল যে, “প্ৰিয়ামণিয়ে চিনেমাখনত এটি দুৰ্দান্ত অভিনয় কৰিছে। তেওঁৰ অভিনয় প্ৰশংসিত হ’ব।” ("Priyamani has come up with an excellent performance in the movie. Her performance would be widely acclaimed.")৯ 'অধু ওৰু কানা কালাম' সমালোচকসকলোৰ দ্বাৰা প্ৰশংসিত হ’লেও ছবিখন বক্স অফিচত ব্যৰ্থ হৈছিল,১০ কিন্তু তেওঁ ছবিত অভিনয় কৰাৰ বাবে প্ৰশংসা অৰ্জন কৰিছিল।১১১২ ২০০৬ চনত, প্ৰিয়ামণিয়ে তেলুগু ছবি 'পেল্লাইনা কোঠালো'ত অভিনয় কৰিছিল। এই ছবিখন জনপ্ৰিয় হৈছিল আৰু তেওঁ তিনখন তেলুগু ছবিত সুযোগ পাইছিল।৫১৩১৪
২০০৭-বৰ্তমানলৈ

আমিৰ চুলতান পৰিচালিত ২০০৭ চনৰ 'পাৰুথিউৰেন'ত যেতিয়া তেওঁ অভিনেতা কাৰ্তি শিৱকুমাৰৰ সৈতে অভিনয় কৰিছিল তেতিয়া প্ৰিয়ামাণিয়ে তেওঁৰ অভিনয়ৰ শংসাপত্ৰ আৰু বাণিজ্যিক আবেদন প্ৰমাণ কৰিব পাৰিছিল। মাদুৰাইয়ৰ এটি গাঁৱলীয়া বিষয় এক কুখ্যাত তৰুণ গাঁৱবাসীৰ গল্প বুলিছিল,১৫১৬১৭ ছবিখন সমালোচকসকলোৰ পৰা প্ৰশংসা অৰ্জন কৰিছিল আৰু বক্স অভিচৰ ব্লকবাষ্টাৰত অবাক কৰি দিছিল।১৮১৯ প্ৰিয়মণিৰ অভিনয় সমালোচকসকলোৰ দ্বাৰা সৰ্বসন্মতভাৱে প্ৰশংসিত হৈছিল। তেওঁ 'জাতীয় চলচ্চিত্ৰ বঁটা' পাইছিল,২০ ইয়াৰ পিছত 'দক্ষিণ ফিল্মফেয়াৰ বঁটা',২১ 'তামিলনাডু ৰাজ্য ফিল্ম বঁটা' আৰু এটা 'ওচিয়ান চিনেফেন ফেশ্বটিভেল অফ এছিয়ান এণ্ড আৰব চিনেমা' বঁটা লাভ কৰিছিল।২২
২০০৭ চনত তেলুগু ছবি 'ইয়ামডোঙ্গা'২৩২৪২৫ আৰু 'মালাইকোটাই'২৬২৭২৮ তামিল ছবিত তেওঁ আৰু বাণিজ্যিকভাৱে সফলতা লাভ কৰে। ২০০৮ চনত তেওঁ মালয়ালম ছবি 'তিৰক্কাথা'ত তেওঁ অভিনয়ৰ বাবে আকৌ সমালোচকসকলোৰ পৰা প্ৰশংসা লাভ কৰে, য’ত তেওঁ প্ৰয়াত চিত্ৰনায়িকা শ্ৰীবিদ্যাৰ অশান্ত জীৱনৰ বাস্তৱ জীৱনৰ গল্প অৱলম্বন কৰি ৰচা এটি চৰিত্ৰত অভিনয় কৰিছিল।২৯ তেওঁ তেওঁৰ অভিনয়ৰ বাবে পুনৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।৩০ তামিল ভাষাত, ২০০৮ চনত তেওঁৰ একক প্ৰকাশ হৈছিল: থোটা।
২০০৯ চনত তেওঁৰ দুখন তামিল ছবি মুক্তি পায়, 'মসলা ফিল্ম আৰুমুগাম' আৰু মালয়ালম ব্লকবাষ্টাৰ ছবি 'ক্লাচমেতচ্'ৰ পুননিৰ্মাণ ছবি,৩১৩২ 'নিনৈথালে ইনিক্কুম' শিৰোনামেৰে। পূৰ্বতে ব্যৱসায়িক ব্যৰ্থতা আছিল:৩৩৩৪ তেওঁৰ কন্নাড় ভাষাৰ আত্মপ্ৰকাশৰ চলচ্চিত্ৰ ৰাম বাণিজ্যিকভাৱে সাফল্য অৰ্জন কৰিছিল।৩৫৩৬৩৭৩৮ সেই বৰ্ষতে তেওঁৰ তিনিখন তেলুগু ছবি মুক্তি পাইছিল, অৱশ্যে, (দ্ৰোণ, মিত্ৰুডু, প্ৰভাৰখ্যুডু) বক্স অফিচত ইমান সফল নহ’ল।৩৯৪০৪১ ২০১০ চনত তেওঁ ব্যঙ্গাত্মক চলচ্চিত্ৰ 'প্ৰানচিয়েতান এণ্ড দ্যা চেণ্ট'ত অভিনয় কৰিছিল যি ২০০৫ চনৰ পিছৰ দীৰ্ঘকালীন চলন্ত মালয়ালম ছবিত পৰিণত হৈছিল।৪২ ছবিত মুম্বাই-ভিত্তিক ইণ্টিৰিয়ৰ ডেকৰেটাৰৰ চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰলৈ মনোনীত হৈছিল।
পৰৱৰ্তীকালত পৰিচালক মণি ৰত্নমৰ দ্বিভাষিক চলচ্চিত্ৰৰ বাবে যথাক্ৰমে তামিল আৰু হিন্দীত ৰাৱণান আৰু ৰাৱণৰ বাবে চুক্তিবদ্ধ হয়।৪৩ ইয়াৰ পিছত, 'পাৰ্থিভেৰান'ত তেওঁ জাতীয় পুৰস্কাৰ-বিজয়ী অভিনয় দেখি বলিউডৰ পৰিচালক-প্ৰযোজক ৰাম গোপাল বৰ্মাৰ ত্ৰিভাষিক ছবি 'ৰক্ত চৰিত্ৰ'ৰ বাবে তেওঁক অভিনেত্ৰী হিচাপে লোৱাৰ সিদ্ধান্ত লয়।৪৪ তেওঁৰ কন্নড় চলচ্চিত্ৰ বিষ্ণুবৰ্ধন ব্লকবাষ্টাৰ হিট হয়।৪৫৪৬ আৰু পিছত তেওঁ 'অন্না বণ্ড'ত অভিনয় কৰিছিল,৪৭ যদিও চলচ্চিত্ৰখন সমালোচকসকলোৰ দ্বাৰা বেয়া বুলি গ্ৰহণ কৰা হৈছিল আৰু ৰেডিফৰ “মোষ্ট হতাশাৰ কন্নড় ফিল্মচ্ অফ ২০১২” তালিকাত স্থান পায়,৪৮ ই বক্স অফিচত এটি সফল উদ্যোগত পৰিণত হৈছিল।৪৯ তেওঁ বলিউড ছবি 'চেন্নাই এক্সপ্ৰেচ'ত এটি আইটেম নম্বৰত হাজিৰ হৈছিল।৫০ তেওঁ এটি মালয়ালম চলচ্চিত্ৰ, 'ট্ৰু ষ্ট’ৰি' আৰু তেলুগু চলচ্চিত্ৰ 'চণ্ডিৰ শ্বুটিং' শেষ কৰিছিল, য’ত তেওঁ এগৰাকী মুক্তিযোদ্ধাৰ নাতিনী গঙ্গাৰ চৰিত্ৰত অভিনয় কৰিছিল, যি তেওঁৰ পৰিবাৰক যি সমস্যাৰ মুখোমুখি হৈছিল তাৰে প্ৰতিশোধ লৈছিল।৫১ তেওঁ ২০১৪ চনৰ কন্নড় ছবি 'আম্বৰেশ'ত 'দৰ্শন'ৰ বিপৰীতে অভিনয় কৰিছিল।৫২৫৩
২০১৪ চনত, তেওঁ পিটা বিজ্ঞাপন প্ৰচাৰৰ পক্ষত আছিল, জনসাধাৰণক পিঞ্জৰা বাঘৰ বৈশিষ্ট্যযুক্ত চিৰিয়াখানাটো বৰ্জন কৰাৰ আহ্বান জনাইছিল।৫৪৫৫৫৬ 'দ্যা ফেমিলি মেন'ত মনোজ ভাজপাইৰ চুপাৰ স্পাইৰ স্মাৰ্ট, সুন্দৰ আৰু দক্ষ স্ত্ৰী হিচাবে ৱেব চিৰিজ জগতত অভিনয় কৰে।
ব্যক্তিগত জীৱন
প্ৰিয়ামণি ২০১৭ চনৰ ২৩ আগষ্টত এটি অনুষ্ঠানত মুস্তফা ৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৫৭
বঁটা আৰু মনোনয়ন
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৬) - 'পাৰুথিভেৰান'
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে তামিলনাডু ৰাজ্য চলচ্চিত্ৰ বঁটা (২০০৬) - 'পাৰুথিভেৰান'
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বিকাটান বঁটা (২০০৬) - 'পাৰুথিভেৰান'
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল (২০০৭) - 'পাৰুথিভেৰান'
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে বিজয় বঁটা (২০০৭) - 'পাৰুথিভেৰান'
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - মালায়লম (২০০৮) - 'থিৰাক্কাথা'
- মননীত—শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা (২০০৯) - 'ৰাম'
- শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীৰ বাবে চান্দালউড ষ্টাৰ বঁটা (২০১১) - 'বিষ্ণুবৰ্ধন'
- মননীত—শ্ৰেষ্ঠ ঋণাত্মক চৰিত্ৰৰ বাবে বাংগালুৰু টাইমচ্ ফিল্ম বঁটা (২০১১) - 'বিষ্ণুবৰ্ধন'
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা – কন্নড় (২০১২) - 'চাৰুলথা'
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে SIIMA বঁটা (২০১২) - 'চাৰুলথা'
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে সুবৰ্ণ ফিল্ম বঁটা (২০১২) - 'চাৰুলথা'
- শ্ৰেষ্ঠ চেলিব্ৰিটি বিচাৰকৰ বাবে এছিয়াভিশ্বন টেলিভিচন বঁটা (২০১৫) - 'ডি২ - ডি৪ ডাঞ্চ'
- মননীত—শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা – তেলুগু (২০১৬) - 'মন ওৰি ৰামায়ণাম'
- শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে টিএছআৰ টিভি৯ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - কন্নড় (২০১৮)- 'দ্বজা'
চলচ্চিত্ৰপুঞ্জী
| +টোকা | এতিয়াও মুক্তি লাভ কৰা নাই |
| চন | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ২০০৩ | ইভাৰে এটাগাদু | প্ৰিয়ামণি | তেলুগু | |
| ২০০৪ | কাংগালাল কৈধু চেই | দিব্যা সাদাগোপ্পান | তামিল | |
| সত্যম | সনা | মালায়লম | ||
| ২০০৫ | অধু ওৰু কানা কালাম | তুলসী | তামিল | |
| অট্টা নানায়াম | ৰেস্মা | মালায়লম | ||
| ২০০৬ | পেলৈনা কথালো | লক্ষ্মী | তেলুগু | |
| মধু | মিৰ্চি | তামিল | ||
| ২০০৭ | পাৰুথিভিৰাম | মুথাজাগু | শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৬) | |
| ট’চ | নেইনা | তেলুগু | ||
| য়ামাদঙ্গা | মহেশ্বৰী | |||
| নৱ বাচান্তাম | অঞ্জলি | |||
| মালৈকোট্টাই | মালাৰ | তামিল | ||
| ২০০৮ | থোটা | নলিনা | ||
| থিৰাকাথা | মালবিকা | মালায়লম | ||
| হাৰে ৰাম | অঞ্জলি | তেলুগু | ||
| কিং | অজ্ঞাত | "নুভু ৰেডী নেনু ৰেডী" গীতত স্পেচিয়েল এপিয়াৰেঞ্চ | ||
| ২০০৯ | দ্ৰণা | ইন্দু | ||
| মিথ্ৰুদু | ইন্দু | |||
| পুথিয়া মুখাম | অঞ্জনা | মালায়লম | ||
| আৰুমুগাম | যামিনী | তামিল | ||
| নিনৈথালে ইনিক্কুম | মীৰা | |||
| প্ৰাভাৰাখ্যুদু | সৈলাজা | তেলুগু | ||
| ৰাম | পূজা | কন্নড় | ||
| ২০১০ | চামবু শিৱা চামবু | মুনিম্মা | তেলুগু | |
| সধ্যাম | চৌহানী | |||
| গুলিমাৰ | পৱিত্ৰা | |||
| ৰাৱণন | ভিন্নীলা | তামিল | ||
| ৰাৱণ | যমুনা | হিন্দী | ||
| প্ৰাঞ্চিয়েত্তান এণ্ড দ্যা চেইণ্ট | পদ্মশ্ৰী | মালায়লম | ||
| এনো অনথাৰা | মধুমথী | কন্নড় | ||
| ৰক্ত চৰিত্ৰ -২ | ভৱানী | হিন্দী | ||
| ৰক্ত চৰিত্ৰ -২ | ভৱানী | তামিল | ||
| ৰাগাদা | প্ৰিয়া/ অস্তলক্ষ্মমী | |||
| ২০১১ | ৰাজ | মাইথেলী | ||
| কশেস্ত্ৰা | নাগা পেনচালামা/ চহিনী আগৰৱাল | |||
| বিষ্ণুবৰ্ধন | মীৰা | কন্নড় | ||
| ২০১২ | ক’ ক’ | কৌৱেৰী | ||
| উল্লাম | কবিতা | তামিল | প্ৰথম ছবি; প্ৰত্যক্ষভাৱে টেলিভিচনত | |
| অন্না বণ্ড | মীৰা | কন্নড় | ||
| গ্ৰেণ্ডমাষ্টৰ | দীপ্তি | মালায়লম | ||
| চাৰুলতা | চাৰু/লতা | তামিল | ||
| কন্নড় | বিলিংগুৱেল | |||
| ২০১৩ | লক্ষ্মী | প্ৰিয়া | ||
| চেন্নাই এক্সপ্ৰেছ | ডাঞ্চৰ | হিন্দী | "ৱান টু থ্ৰী ফ’ৰ গেট অন দ্যা ডাঞ্চ ফ্ল’ৰ" গীতত স্পেচিয়েল এপিয়াৰেঞ্চ। | |
| চান্দী | গংগা/চান্দী | তেলুগু | ||
| ২০১৪ | আলিচ: এ ট্ৰু ষ্ট’ৰী | আলীচ/উমা | মালায়লম | |
| নজাঙ্গালুদে ভেট্টিল অথিধিকাল | ভৱানা | |||
| অমবাৰেশ | স্মিতা | কন্নড় | ||
| ২০১৫ | ৰান্না | নিজে | "হোৱাট টু ডু" গীতত স্পেচিয়েল এপিয়াৰেঞ্চ। | |
| ২০১৬ | কাথে চিত্ৰাকাথে নিৰ্দেশনা পুট্টান্না | গীতাঞ্জলি | ||
| কল্পনা ২ | কল্পনা | |||
| দানা কোয়নু | জুম্মী | |||
| আইডল ৰামায়ণা | সুচীলা | |||
| মন ওৰি ৰামায়ণম | তেলুগু | |||
| ২০১৭ | চওকা | মাৰীয়া ডি চৌজা | কন্নড় | |
| ২০১৮ | ধ্বজা | ৰম্যা | ||
| আচিক ভান্না দিভাচাম | চাইনী | মালায়লম | ||
| ২০১৯ | পাথিনেত্তাম পাদী | গৌৰী বাসুদেৱ | কেমিঅ’ এপিয়াৰেঞ্চ। | |
| নান্না প্ৰাকাৰা | ড॰ আম্ৰুতা | কন্নড় | ||
| ২০২০ | অতীত | জানৱী | হিন্দী | জি৫ অৰিজিনেল ফিল্ম |
| বিৰাট পাৰভাম ১৯৯২ | কমৰেড ভাৰাটাক্কা | তেলুগু | ফিল্মিং৫৮৫৯৬০৬১ | |
| নাৰাপ্পা | সুন্দৰমা | ফিল্মিং৬২৬৩৬৪৬৫ | ||
| শিৰিভেনেল্লা | প’ষ্ট প্ৰডাকচন৬৬৬৭৬৮৬৯ | |||
| ড॰৫৬ | কন্নড় | ফিল্মিং৭০৭১ | ||
| ২০২১ | মৈদান | হিন্দী | ফিল্মিং৭২ |
টেলিভিচন
ৰিয়েলিটি শ্ব’ৰ বিচাৰক হিচাপে
| বচৰ | অনুষ্ঠান | ভাষা | চেনেল | টোকা |
|---|---|---|---|---|
| ২০১৪ | ডি ৪ ডাঞ্চ | মালয়ালম | মজাভীল মনোৰমা | |
| ২০১৫ | ডি ২ - ডি ৪ ডাঞ্চ | |||
| ডাঞ্চিং ষ্টাৰ ২ | কন্নড় | ইটিভি কন্নড় | ||
| ২০১৬ | ডাঞ্চিং ষ্টাৰ জুনিয়ৰ | |||
| কিংচ্ অফ ডাঞ্চ | তামিল | ষ্টাৰ বিজয় | ||
| ডি ৩ - ডি ৪ ডাঞ্চ | মালয়ালম | মজাভীল মনোৰমা | শ্ৰেষ্ঠ চেলিব্ৰিটি বিচাৰকৰ বাবে এছিয়াভিশ্বন টেলিভিচন বঁটা | |
| ডাঞ্চিং ষ্টাৰ ৩ | কন্নড় | কালাৰ্চ কন্নড় | ||
| ২০১৭ | ডি ৪ জুনিয়ৰ বনাম (v/s) চেনিয়ৰ | মালয়ালম | মজাভীল মনোৰমা | |
| ডাঞ্চ জড়ি ডাঞ্চ ২ | তামিল | জি তামিল | ||
| ধী ১০ | তেলুগু | ইটিভি তেলুগু | ||
| ২০১৮-২০১৯ | ধী ১১ | ইটিভি তেলুগু | ||
| ২০১৮ | মাষ্টৰ ডাঞ্চাৰ | কন্নড় | কালাৰ্চ কন্নড় | চেলিব্ৰিটি বিচাৰক |
| ২০১৮-২০১৯ | ডাঞ্চ কেৰালা ডাঞ্চ | মালয়ালম | জি কেৰালাম | |
| ২০১৯ | টিচ বেষ্ট পাৰ্টনাৰ | মজাভীল মনোৰমা | ||
| কেৰালা ডাঞ্চ লীগ | অমৃতা টিভি | চেলিব্ৰিটি বিচাৰক | ||
| কমেডী ষ্টাৰচ্ | এছিয়ানেট | চেলিব্ৰিটি বিচাৰক | ||
| ডি৫ জুনিয়ৰ | মজাভীল মনোৰমা | গ্ৰেণ্ড ফাইনেল জুৰি | ||
| ২০১৯-২০২০ | কমেডী ষ্টাৰচ্ ৱেকেণ্ড চেলেঞ্জ | এছিয়ানেট | ||
| ডাঞ্চ জড়ি ডাঞ্চ ৩.০ | তামিল | জি তামিজ |
অন্যান্য শ্ব’
| চন | অনুষ্ঠান | চৰিত্ৰ | ভাষা | চেনেল | টোকা |
|---|---|---|---|---|---|
| ২০০৯ | অনাচাল্লাপাম | নিজে | মালয়ালম | এচিভি | অতিথি |
| ২০১৩ | প্ৰেমাথহ মী লক্ষ্মী | তেলুগু | ইটিভি তেলুগু | ||
| ইএন | মালয়ালম | এছিয়ানেট নিউজ | |||
| ২০১৪ | বিগ স্ক্ৰীণ | কৈৰালী টিভি | অতিথি | ||
| ২০১৫ | বিগ বস ৩ | কন্নড় | কালাৰ্চ কন্নড় | ||
| ডাঞ্চিং টকিজ | |||||
| ২০১৬ | আই পাৰচনেলী | মালয়ালম | কাপ্পা টিভি | গেষ্ট এপিয়াৰেঞ্চ | |
| মাজা টকিজ | কন্নড় | কালাৰ্চ কন্নড় | |||
| বাডাই বুংগালৱ | মালয়ালম | এছিয়ানেট | |||
| জেবি জাংকচন | কৈৰালী টিভি | ||||
| গেট চেট চাট | কৌমুডী টিভি | ||||
| লাঘিং ভিল্লা | সূৰ্য্য টিভি | ||||
| কমেডী চুপাৰ নাইট ২ | ফ্লৱাৰচ্ টিভি | ||||
| অন্নুম অন্নুম মোনু | মাজাভীল মনোৰমা | ||||
| আলিথো চাৰাদাগা | তেলুগু | ইটিভি তেলুগু | |||
| ২০১৭ | ৱেকেণ্ড ৱিথ ৰমেশ | কন্নড় | জি কন্নড় | গেষ্ট এপিয়াৰেঞ্চ | |
| হেণ্ড অফ গড | ইলীনা | মালয়ালম | মাজাভীল মনোৰমা | চুটি ছবি | |
| ২০১৮ | মাজা টকিজ | গেষ্ট এপিয়াৰেঞ্চ | কন্নড় | কালাৰ্চ চুপাৰ | |
| চাধানীম্মোনদিগ্গে | উদয় টিভি | ||||
| ২০১৯ | ফেমাছলী ফিল্মফেয়াৰ | আঁচৰ | মালয়ালম | এমএক্স প্লেয়াৰ | |
| কন্নড় | |||||
| ৱাইট | অন্ধ নাৰী | ইংৰাজী | চুটি ছবি |
ৱেব চিৰিজ
| + | চন | শিৰোনাম | চৰিত্ৰ | ভাষা | চেনেল | টোকা |
| ২০১৯ | দ্য ফেমিলি মেন | সুচিত্ৰা | হিন্দী | প্ৰাইম ভিডিঅ’ |
তথ্যসূত্ৰ
- ↑ The Rajmouli-NTR Jr winning combination. www.rediff.com
- ↑ Southern hottie Priyamani. NDTVMovies.com
- ↑ (27 May 2014). Priya Mani`s candid confessions. Sify
- ↑ പ്രിയമാണ് എനിക്ക് പ്രണയം... mangalamvarika.com
- ↑ Nagarajan, Saraswathy. (13 April 2012). Ms. Confidence. The Hindu
- ↑ Not going to ask Vidya Balan for advice: Priyamani. Deccan Chronicle
- ↑ Priya Mani – Interview. Behindwoods.com. Retrieved on 5 July 2011
- ↑ (22 December 2003). Graceful debut. Metro Plus Coimbatore. দ্য হিন্দু
- ↑ (2005-03-09). He can't stop talking about Priya Mani. Indiaglitz
- ↑ (2006-01-28). Style meets substance. The Hindu
- ↑ Athu Oru Kanaa Kaalam – Dreamy desires. Indiaglitz
- ↑ Tamil Movie Review: Athu Oru Kanakalam. Behindwoods
- ↑ (2009-12-01). Pellaina Kothalo trio returns. Rediff
- ↑ Ranganath, Vanaparthy. (2006-12-27). TOP 10 MOVIES OF 2006. idlebrain.com
- ↑ 'Paruthi Veeran' 357 not out!. indiaglitz
- ↑ (27 February 2007). Box Office Analysis. Indiaglitz
- ↑ (16 April 2007). The next pin-up boy!. Sify
- ↑ Paruthi Veeran Tamil Movie Review – cinema preview stills gallery trailer video clips showtimes . Indiaglitz.com (24 February 2007). Retrieved on 2013-07-11
- ↑ Movie Review: Paruthiveeran. Sify.com. Retrieved on 11 July 2013
- ↑ Priya Mani bags National Award for Best Actress. Sify
- ↑ 'Paruthi Veeran' rules the roost at filmfare awards. Indiaglitz
- ↑ Top Tamil heroines of 2007. Rediff
- ↑ Yamadonga 100 days celebrations in New Jersey, USA. idlebrain.com
- ↑ TOP 10 MOVIES OF 2007 by Ranganath Vanaparthy. idlebrain.com
- ↑ Top five Telugu films of 2007. Rediff
- ↑ BOX OFFICE TOP 10 MOVIES OF 2007. Behindwoods
- ↑ Malaikottai’s success delights Vishal. Times of India
- ↑ Malaikottai – 125 days celebrated. Sify
- ↑ (11 July 2008). Search for inspiration. Friday Review Thiruvananthapuram. দ্য হিন্দু
- ↑ Ramanjuam, Srinivasa. (2 August 2009). The glowing filmfare night!. The Times Of India
- ↑ Ninaithale Inikkum is worth a watch. Rediff
- ↑ Variety is the spice of life. Times of India
- ↑ Will lady luck shine on Bharath?. Sify
- ↑ Suresh Krishna is back with Aahaa. chakpak.com
- ↑ 'Prithvi' 50 days, 'Raam' 25 weeks!. Indiaglitz
- ↑ Puneet Rajkumar: The impeccable aura of the Powerstar continues to dazzle. Southscope
- ↑ Veeresh, K. M. (12 November 2010). GANDHINAGAR GOSSIP. The Hindu
- ↑ I don’t want to disappoint my fans: Puneeth. Sify
- ↑ Exclusive: Priya Mani's Kannada debut. Rediff
- ↑ Narasimham, M.L. (25 December 2009). Of colossal hits and flops. The Hindu
- ↑ Tollywood’s report card of 2009. Times of India
- ↑ Nair, Unni R. (18 March 2011). Pranchiyettan And The Saint still running strong. Indian Express
- ↑ Raghavan, Nikhil. (23 January 2009). Out in the woods. Cinema Plus. দ্য হিন্দু
- ↑ Priyamani was uncertain in acting in Rakta Charitra. Entertainment.oneindia.in (23 March 2010). Retrieved on 2011-07-05
- ↑ South's biggest blockbusters of 2011. IBN Live
- ↑ Rajapur, V.S. (29 December 2011). Kannada film industry looks up: Success ratio up. Hindustan Times
- ↑ Kannada Review: 'Only Vishnuvardhana' is racy . Ibnlive.in.com (11 December 2011). Retrieved on 2013-07-11
- ↑ (19 January 2013). The Most Disappointing Kannada Films of 2012. Rediff
- ↑ Sandalwood Half Yearly Report: Anna Bond biggest hit so far. Filmibeat.com
- ↑ Pacheco, Sunitra. (22 January 2013). Shah Rukh Khan's latkas jhatkas in Chennai Express item number. The Indian Express
- ↑ I don't mind being an ‘eye candy' - The Times of India. The Times Of India
- ↑ A. Sharadhaa. (12 October 2013). Enjoying being the not so nice one. The New Indian Express
- ↑ Priyamani in Ambarisha — The Times of India. The Times Of India
- ↑ "Priyamani Turns Tigeress for PETA," The Times of India, 17 September 2014
- ↑ (9 May 2016). Actor Amala Paul apologises to Jisha’s mother on Mother’s Day. thenewsminute.com
- ↑ Actor Asks Women to Leave Country After Jisha Rape, Gets Trolled. thequint.com
- ↑ (29 May 2016). Actor Priyamani gets engaged. The Hindu
- ↑ Priyamani turns Naxalite for Virata Parvam 1992. The New Indian Express
- ↑ Ravi, Murali. (2019-04-29). Priyamani to play key role in Rana Daggubati and Sai Pallavi Virata Parvam · Tollywood Latest Updates. Tollywood
- ↑ Vyas. (2019-05-01). Priyamani Roped In for Rana's Next. www.thehansindia.com
- ↑ Ravi, Murali. (2019-05-01). Priyamani is yet to get her due! She turns rebellious singer Belli Lalitha · Tollywood Latest News. Tollywood
- ↑ Priyamani in asuran Telugu remake. The New Indian Express
- ↑ Priyamani all set to star opposite Venkatesh Daggubati in the Telugu remake of Asuran; Read details. PINKVILLA
- ↑ 2. (2020-01-02). Venky's Wife Role: Shriya Out, She Is In. Gulte
- ↑ Team, Koimoi com. (2020-01-01). Priyamani To Play A Female Lead In Telugu Remake Of Dhanush's Asuran?. Koimoi
- ↑ Priyamani is ready for a comeback. Sify
- ↑ Priyamani to make comeback with Telugu flick 'Sirivennela'. www.thenewsminute.com
- ↑ ‘Sirivennela’ team to wrap up work on the Priyamani-starrer with a song shoot - Times of India. The Times of India
- ↑ ‘Sirivennela’: Makers treat fans with a new poster of the Priyamani starrer - Times of India. The Times of India
- ↑ Priyamani’s next will be the Kannada ‘Doctor 56’. www.thenewsminute.com
- ↑ Priya Mani roped in to play CBI officer in bilingual. www.thenewsminute.com
- ↑ Maidaan: Ajay Devgn film to release on August 13, 2021. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ামণি” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৯৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।