অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভানুপ্ৰিয়া

মাংগাভানু (Mangabhanu; জন্ম: ১৫ জানুৱাৰী ১৯৬৭)-ৰ জনপ্ৰিয় নাম হৈছে ভানুপ্ৰিয়া। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী, কুচিপুড়ি নৃত্য পটিয়সী আৰু ভয়ছ আৰ্টিষ্ট। তেখেতে তেলুগু, তামিল, মালয়ালম, কন্নড় আৰু হিন্দী ছবিত অভিনয় কৰিছে।

হালনাগাদ: ১৭ জুলাই ২০২৫ ৩৪৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মাংগাভানু (Mangabhanu; জন্ম: ১৫ জানুৱাৰী ১৯৬৭)-ৰ জনপ্ৰিয় নাম হৈছে ভানুপ্ৰিয়া। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী, কুচিপুড়ি নৃত্য পটিয়সী আৰু ভয়ছ আৰ্টিষ্ট। তেখেতে তেলুগু, তামিল, মালয়ালম, কন্নড় আৰু হিন্দী ছবিত অভিনয় কৰিছে। ১৯৮৩ চনৰ পৰা ১৯৯৬ চনলৈকে প্ৰায় এক দশকজুৰি বৰ্তি থকা মূলসুঁতিৰ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত তামিল ভাষাৰ ছবি 'মেল্লা পেছুংগাল'ৰ জৰিয়তে তেখেতে অভিনয়ৰ জগতত পদাৰ্পণ কৰে।১ তাৰ পিছত তেখেতে তেলুগু ভাষাৰ হিট ছবি 'ছিটাৰা'ত কাম কৰে, যিখন ছবিয়ে তেলুগু ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হয়। ১৯৮৫ চনত মুক্তিলাভ কৰা ৰহস্যধৰ্মী ছবি 'অন্বেষণা'ত তেখেতে এগৰাকী পক্ষীবিদৰ ভূমিকা ৰূপায়ণ কৰে। ১৯৮৬ চনত 'দোস্তী দুশমনি' নামৰ ছবিখন আছিল তেখেতে অভিনয় কৰা প্ৰথমখন হিন্দী ভাষাৰ ছবি।২

১৯৯৮ চনত তেখেতে 'স্বৰ্ণকমলাম' নামৰ ছবিখনত অভিনয় কৰে। সেইখন ছবিয়ে ১৯৮৮ চনৰ আন্তৰ্জাতিক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামা শাখাত প্ৰদৰ্শিত হয়।৩ ইয়াৰ লগতে ছবিখন আন আৰ্বাৰ ছবি মহোৎসৱতো প্ৰদৰ্শিত হয়।৪ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ভানুপ্ৰিয়াই ১৯৮৮ চনত 'শ্ৰেষ্ঠ অভিনেত্ৰীৰ ইণ্ডিয়ান এক্সপ্ৰেছ বঁটা' লাভ কৰে।৫ ইয়াৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ নন্দী বঁটা আৰু তেলুগু ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাও অৰ্জন কৰে।৬৭ ১৯৮৯ চন আৰু ১৯৯১ চনত ভানুপ্ৰিয়াই দুখনকৈ হিট তামিল ছবি উপহাৰ দিয়ে। ছবি দুখন আছিল -'আৰাৰো আৰিৰাও' আৰু 'আঝগান'। ইয়াৰ বাবে তেখেতে তামিলনাডু ৰাজ্যিক ছবিৰ বিশেষ বঁটা লাভ কৰে।৮

প্ৰায় ৩৭ বছৰজোৰা সুদীৰ্ঘ কেৰিয়াৰত ভানুপ্ৰিয়াই ১৫৫খন কথাছবিত অভিনয় কৰিছে। তাৰে ৮৫খন তেলুগু, ৪৫খন তামিল, ১০খন হিন্দী, ৯খন মালায়ালাম আৰু ৬খন কন্নড়। ছবিসমূহত অভিনয় কৰি তেখেতে তিনিটাকৈ ৰাজ্যিক নন্দী বঁটা, তিনিটাকৈ তামিলনাডু ৰাজ্যিক ছবি বঁটা, দুটা চিনেমা এক্সপ্ৰেছ বঁটা, দুটাকৈ ফিল্মফেয়াৰ দাক্ষিণাত্য বঁটা আৰু দক্ষিণ ভাৰতীয় জেএফডব্লিউ দিৱস বঁটা লাভ কৰে। ভাৰতীয় ছবিজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতে জেমিনি টিভিৰ তৰফৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে।৯১০

প্ৰাৰম্ভিক জীৱন

১৯৬৭ চনত ১৫ জানুৱাৰীত ভানুপ্ৰিয়াৰ জন্ম হয়। জন্মস্থান আছিল অন্ধ্ৰপ্ৰদেশৰ ৰাজামুন্দ্ৰীত থকা এটা তেলুগুভাষী পৰিয়াল। পিতৃ আছিল পাণ্ডু বাবু আৰু মাতৃ আছিল ৰাগামলী। জন্মতে তেখেতে নাম ৰখা হৈছিল-মাংগাভানু।১১১২ পৰৱৰ্তী সময়ত তেখেতৰ পৰিয়ালটো চেন্নাই আৰু তামিলনাডুলৈ যায়। ভানুপ্ৰিয়াৰ জ্যেষ্ঠ ভগ্নী হৈছে গোপীকৃষ্ণন আৰু কনিষ্ঠা ভগ্নী হৈছে শান্তিপ্ৰিয়া। শান্তিপ্ৰিয়াও ১৯৯০ চনৰ পৰা ছবিজগতৰ লগত জড়িত।৯১০

ব্যক্তিগত জীৱন

১৯৯৮ চনৰ ১৪ জুন তাৰিখে ভানুপ্ৰিয়াই কেলিফৰ্ণিয়াৰ শ্ৰী ভেংকটাশ্বৰা মন্দিৰত আদৰ্শ কৌশল নামৰ এগৰাকী ডিজিটেল গ্ৰাফিক অভিযন্তাৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে। ২০০৩ চনত তেওঁলোক অভিনয়া নামৰ কন্যা সন্তান এটিৰ অভিভাৱক হয়।৯১০

তথ্যসূত্ৰ

  1. ↑ S.R. Ashok Kumar. (1 October 2006). For Bhanupriya family comes first now. The Hindu
  2. ↑ 32nd National Film Awards (PDF). Directorate of Film Festivals
  3. ↑ Directorate of Film Festival
  4. ↑ (2 May 2017). Dance without frontiers: K Viswanath – Director who aims to revive classical arts
  5. ↑ Express News Service. (11 March 1989). Cinema Express readers choose Agni Nakshathiram. The Indian Express. পৃ. 4
  6. ↑ (1989). Vidura. C. Sarkar
  7. ↑ - Ranjana Dave. (30 June 2011). The meaning in movement. The Asian Age
  8. ↑ Anandan, 'Film News'. (2004). Sadhanaigal Padaitha Thamizh Thiraipada Varalaru (Tamil Film History and Its Achievements). Sivagami Publications. পৃ. 738
  9. ↑ An Interview with Bhanu Priya. www.indolink.com
  10. ↑ For actor Banupriya family comes first now
  11. ↑ (2019-01-15). సితార - జనవరి 15 (సినీ చరిత్రలో ఈరోజు) - ఈరోజే. సితార
  12. ↑ Chauhan, Ramesh. (2017-01-07). నాట్య మయూరి భానుప్రియ!. Mana Telangana

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় নৃত্যশিল্পীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভানুপ্ৰিয়া” প্ৰবন্ধৰ সংশোধন ৫২৪৭৪৯ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।