শিবানী দাণ্ডেকাৰ-আখটাৰ (জন্ম- ২৭ আগষ্ট ১৯৮০) হৈছে এগৰাকী ভাৰতীয়-অষ্টেলিয়ান গায়িকা, অভিনেত্ৰী, ঘোষিকা, আৰু মডেল৷১ আমেৰিকান টেলিভিছনত এগৰাকী ঘোষিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি শিবানীয়ে পৰৱৰ্তী সময়ত ভাৰতলৈ ঘূৰি আহে আৰু হিন্দী টেলিভিছন জগতৰ বহুকেইটা অনুষ্ঠানত পৰিৱেশিকাৰ ভূমিকা পালন কৰে৷ সমান্তৰালভাৱে তেখেতে মডেলিং আৰু গায়িকা হিচাপেও বহু ক্ষেত্ৰত কাম কৰি যায়৷ ২০১৯ চনত অনুষ্ঠিত হোৱা আইচিচি ক্ৰিকেট বিশ্বকাপত শিবানীয়ে এগৰাকী সহ-ঘোষিকা হিচাপে জড়িত হয়৷২
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
ৰ সৈতে দাণ্ডেকাৰ]]
দাণ্ডেকাৰৰ জন্ম হৈছিল মাৰাঠী ভাষী এটি চিতপৱন ব্ৰাহ্মণ পৰিয়ালত৷৩ শিবানীৰ দুগৰাকী ভগ্নী আছে৷ এগৰাকীৰ নাম অনুষা আৰু আনগৰাকীৰ নাম অপেক্ষা৷ অনুষা বলিউডৰ এগৰাকী অভিনেত্ৰী-গায়িকা৷৪ ভগ্নী দুগৰাকীৰ লগত লগ হৈ শিবানীয়ে ডি-মেজৰ নামৰ এটি সাংগীতিক বেণ্ড আৰম্ভ কৰিছিল৷৫৬ শৈশৱৰ অধিকাংশ সময়েই শিবানীয়ে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাত কটাইছিল৷৭
২০১৮ চনৰ পৰা শিবানীয়ে ছবি-নিৰ্মাতা, প্ৰযোজক আৰু অভিনেতা ফাৰহান আখতাৰৰ লগত বৈবাহিক সম্বন্ধ আৰম্ভ কৰে৷ তাৰ কিছু দিন আগতেহে ফাৰহানৰ পূৰ্বৰ পত্নী অধুনা ভাবানীৰ লগত বিবাহ-বিচ্ছেদ সম্পন্ন হৈছিল৷ ৮ ২০২২ চনৰ ১৯ ফেব্ৰুৱাৰীত তেওঁলোকে দুয়োয়ে পিতৃৰ খাণ্ডালত থকা এটা ফাৰ্ম হাউছত ধৰ্মশূন্যভাৱে এটি অনুষ্ঠানত বৈবাহিক জীৱনৰ পাতনি মেলে৷৯
কৰ্মজীৱন
২০০১ চনত শিবানী নিউয়ৰ্ক চহৰলৈ ৰাওনা হয় আৰু আমেৰিকান টেলিভিছনত কাম কৰিবলৈ আৰম্ভ কৰে৷১০ শিবানীয়ে পৰিৱেশক হিচাপে নমস্তে আমেৰিকা, ভি দেশী আৰু এছিয়ান ভেৰাইটি শ্বৌ শীৰ্ষক অনুষ্ঠানত ৰাষ্ট্ৰীয় সহযোগিতাত কাম কৰে৷১১ এই অনুষ্ঠানৰ জৰিয়তে শিবানীয়ে বলিডদৰ মহাতাৰকাসকলক আমেৰিকাৰ দৰ্শকৰ লগত চিনাকি কৰাই দিয়ে আৰু শ্বাহৰুখ খানৰ সৈতে এন ইভিনিং উইথ শ্বাহৰুখ খান ইন এটলাণ্টিক অ’চেন শীৰ্ষক অনুষ্ঠানটো পৰিৱেশন কৰে৷ ইয়াৰ পিছত শিবানীয়ে ঝলক দিখলা জাত এগৰাকী প্ৰতিযোগী হিচাপে যোগদান কৰে৷১২ তাৰ ঠিক পিছতে শিবানীয়ে বিবিচি নেটৱৰ্কত ডান্সিং উইথ দ্য ষ্টাৰচ, কালাৰ্ছ টিভিৰ অনুষ্ঠানত সুত্ৰধাৰ হিচাপে কাম কৰে৷ ১৩
তাৰ পিছত শিবানী ভাৰতলৈ উভতি আহে আৰু টেলিভিছনৰ পৰিৱেশিকা হিচাপে নিজৰ কাম জাৰী ৰাখে৷ সমান্তৰালভাৱে তেখেতে মডেলিঙতো নিজৰ কৰ্মজীৱন আৰম্ভ কৰে৷
সংগীত আৰু মডেলিঙৰ বাহিৰেও শিবানীয়ে মেক্সিম হট ১০০, ৰোলছ ৰয়চ, পিউমা, মাৰ্ছিডিছ, তয়টা, হৰলিক্স, এইছএচবিচি, স্পাইচ মবাইল, এমটিভি কোক ষ্টুডিঅকে ধৰি অনেক অনুষ্ঠানত ঘোষিকা হিচাপে কাম কৰিছে৷ জি কাফেত আফটাৰ আৱাৰচ আৰু এ এক্স এন চেনেলত মেন ২.০ অনুষ্ঠানত শিবানীয়ে ঘোষিকা হিচাপে কাম কৰে৷ ১৪১৫ ২০১১ চনৰ পৰা শিবানীয়ে ছনি মেক্স টেলিভিছনত ইণ্ডিয়ান প্ৰিমিয়াৰ লিগৰ খেলৰ সময়ত সম্প্ৰচাৰিত এক্সট্ৰা ইনিংচ নামৰ অনুষ্ঠানো সহ-ঘোষিকা হিচাপে কাম কৰিছে৷১৬ একাদশসংখ্যক ভাৰতীয় টেলিভিছন একাডেমি বঁটাত শিবানীক কুইজ শ্ব'/গেমৰ শিতানত শ্ৰেষ্ঠ ঘোষিকাৰ বাবে মনোনীত কৰা হয়৷১৭ ১৮ ২০১৫ চনত তেখেতে ৰয় নামৰ হিন্দী ভাষাৰ চলচ্চিত্ৰখনত 'জয়া' নামৰ চৰিত্ৰ এটি ৰূপায়ন কৰে৷ </ref> ২০১৭ চনত শিবানীয়ে ফিয়েৰ ফেক্টৰ: খটৰো কে খিলাড়ীত অংশ লৈছিল যদিও প্ৰথম সপ্তাহতে বিদায় মাগে৷ প্ৰতিযোগিতাত দাণ্ডেকাৰৰ স্থান হয় দ্বাদশ৷
তথ্যসূত্ৰ
- ↑ (20 June 2011). Shibani Dandekar. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Shibani Dandekar hosts Farhan Akhtar in pre World Cup party at Buckingham Palace. CatchNews.com
- ↑ Cricket buff anchor. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ CCL Anchor. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (2010-09-08). Anushka and Shibani's band. দ্য হিন্দু
- ↑ IPL Eye Candy. India Today
- ↑ DNA India. (6 July 2011). Shibani Dandekar Interview
- ↑ (2019-03-06). Farhan Akhtar confirms he's dating Shibani Dandekar for a year, hints wedding may be on the cards. Hindustan Times
- ↑ (2022-02-19). Farhan Akhtar-Shibani Dandekar wedding: Javed Akhtar reads out poem for the occasion. The Tribune
- ↑ DNA India. (28 April 2006). American Born Glam Desi
- ↑ IPL's Host. Rediff.com
- ↑ Bollywood Life. (26 August 2012). Jhalak Dikhhla Jaa 5: Shibani Dandekar evicted!
- ↑ Shibani Dandekar Profile
- ↑ Now TV to bring spotlight back to men. The Indian Express
- ↑ Sisters, Anchors, Cricket Buffs. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Rediff. IPL Season 4
- ↑ Indian Television Academy. Event Details
- ↑ (4 March 2014). Shibani Dandekar: I am happy to have stepped into Marathi space!. Bollywoodlife
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিবানী দাণ্ডেকাৰ” প্ৰবন্ধৰ সংশোধন ৩৮২৯২৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।