ববিতা শিৱদাসনী কাপুৰ( Babita), জন্ম ২০ এপ্ৰিল ১৯৪৭, যাক ববিতা বুলিও জনা যায়,[1] এগৰাকী হিন্দী চলচ্চিত্ৰৰ অৱসৰপ্ৰাপ্ত অভিনেত্ৰী। তেওঁ অভিনেতা হৰি শিৱদাসনীৰ কন্যা আৰু সেই সময়ৰ অভিনেত্ৰী সাধনা শিৱদাসনীৰ ভতিজী। তেওঁৰ প্ৰথম ছবি আছিল সফল নাটক দছ লাখ (১৯৬৬), কিন্তু ৰাজেশ খান্নাৰ বিপৰীতে অভিনয় কৰা ৰোমান্টিক থ্ৰিলাৰ ৰাজ (১৯৬৭)হে তেওঁক স্বীকৃতি দিছিল।
১৯৬৬ চনৰ পৰা ১৯৭৩ চনলৈকে বক্স অফিচত সফলতা লাভ কৰা উনৈশখন ছবিৰ দছ লাখ(১৯৬৬), ফৰ্জ(১৯৬৭), হাছিনা মান জায়েগী,কিছমত (দুয়োখন ১৯৬৮ চনত), এক শ্ৰীমান এক শ্ৰীমতী (১৯৬৯), ডলি (১৯৬৯), কব? কিউঁ? ঔৰ কাহাঁ? (১৯৭০), কল আজ আৰু কাল (১৯৭১) আৰু বনফুল (১৯৭১) আদি৷ ১৯৭১ চনত অভিনেতা ৰণধীৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত জীত (১৯৭২) আৰু এক হাছিনা দো দিৱানে (১৯৭২) ছবিত অভিনয় কৰে। তাৰ পিছত মুক্তি পোৱা সোনে কে হাথ (১৯৭৩)ৰ গড় সফলতা আছিল যদিও তেওঁ নিজৰ চলচ্চিত্ৰ জগত এৰি যোৱাৰ সিদ্ধান্ত লয়।১ দুয়োৰে একেলগে দুগৰাকী কন্যা অভিনেত্ৰী কৰিশ্মা আৰু কৰীনা।
নেপথ্যৰ জীৱন
সিন্ধী হিন্দু পৰিয়ালৰ অভিনেতা হৰি শিৱদাসানী আছিল ববিতাৰ পিতৃ৷ ববিতাৰ কৰাচীত জন্ম হৈছিল৷ তেওঁৰ মাতৃ আছিল, বৃটিছ খৃষ্টান বাৰবাৰা শিৱদাসনী৷ হৰি শিৱদাসনীয়ে ভাৰত বিভাজনৰ পূৰ্বে আৰু পিছত বম্বেত বসতি স্থাপন কৰিছিল আৰু এগৰাকী ব্ৰিটিছ খ্ৰীষ্টান মাতৃ বাৰ্বাৰা৷২ আইকনিক অভিনেত্ৰী সাধনা শিৱদাসনী তেওঁৰ খুৰাকৰ ছোৱালী আৰু তেওঁৰ সমবয়সীয়া আছিল৷৩
কৰ্মজীৱন
চিনেমা জীৱনত তেওঁ ঊনৈশখন ছবিত অভিনয় কৰিছিল। মুক্তি পোৱা প্ৰথমখন ছবি আছিল ১৯৬৬ চনৰ সফল ছবি দস লাখ, য’ত সঞ্জয় খান, ওম প্ৰকাশ আৰু নীতু সিঙে অভিনয় কৰিছিল। কিন্তু তেওঁ চুক্তিবদ্ধ হোৱা প্ৰথমখন ছবি আছিল প্ৰকৃততে ৰাজেশ খান্নাৰ সহ অভিনীত ৰাজ (১৯৬৭) নামৰ ছবিখন, যিখন ১৯৬৭ চনতহে মুক্তি পাইছিল। বক্স অফিচত তেওঁৰ আটাইতকৈ বেছি সফল ছবি আছিল সঞ্জয় খানৰ সৈতে দছ লাখ; শশী কাপুৰৰ সৈতে এক শ্ৰীমান এক শ্ৰীমতী আৰু হাছিনা মান জায়েগী (১৯৬৮), ফৰ্জ, বনফুল আৰু এক হাছিনা দো দিৱানে ছবি জীতেন্দ্ৰৰ সৈতে; ৰাজেশ খান্নাৰ সৈতে ডলী; তুমছে আছা কৌন হেই (১৯৬৯) শম্মি কাপুৰৰ সৈতে; কিছমত বিশ্বজীতৰ সৈতে; কব ? কিয়ন? ঔৰ কাহান?(১৯৭০) ধৰ্মেন্দ্ৰৰ সৈতে; পেহচান মনোজ কুমাৰৰ সৈতে৷ ১৯৭১ চনত কাল আজ ঔৰ কল ছবিখনত ৰণধীৰ কাপুৰৰ বিপৰীতে ৰাজ কাপুৰ আৰু পৃথ্বীৰাজ কাপুৰৰ বিপৰীতে অভিনয় কৰে। ৰণধীৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত দুয়োকে একেলগে অভিনয় কৰিছিল পৰিচালক কে শংকৰে জিত ছবিত, যিখন ছবি আছিল এম জি ৰামচন্দ্ৰন আৰু জয়াললিতা অভিনীত এন আন্নানৰ পুনৰ্নিৰ্মাণ। স্বামীৰ পাৰিবাৰিক পৰম্পৰা অনুসৰণ কৰি ১৯৭৩ চনত তেওঁ চলচ্চিত্ৰ উদ্যোগ এৰি থৈ যায়।৪
ব্যক্তিগত জীৱন

ববিতাই কল আজ ঔৰ কাল(১৯৭১) ছবিখনত অভিনয় কৰাৰ সময়তে সহ অভিনেতা ৰন্ধিৰ কাপুৰৰ প্ৰেমত পৰিছিল৷ ১৯৭১ চনৰ ৬ নৱেম্বৰত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁলোকৰ বিবাহ হয়।৫ তেওঁলোকৰ দুটা সন্তান আছে, অভিনেত্ৰী কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰ।৬৭৮ আশীৰ দশকত অভিনেতা হিচাপে ৰণধীৰৰ কেৰিয়াৰ অৱনমিত হ’বলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত সম্পৰ্কও তিক্ত হৈ পৰিল। বৈধ বিবাহত আৱদ্ধ হোৱা দম্পতীহালৰ বিবাহ বিচ্ছেদ কৰাৰ কোনো উদ্দেশ্য নাছিল যদিও তেওঁলোক দুয়ো কেইবাবছৰ ধৰি সুকীয়া ঘৰত বাস কৰিছিল। কেইবাবছৰ ধৰি পৃথকে পৃথকে থকাৰ পিছত ২০০৭ চনত এই দম্পতীহালে পুনৰ মিলিত হয়।৫
ববিতা অভিনীত কথাছবি
| বছৰ | চলচ্চিত্ৰ | ভূমিকা | টোকাসমূহ |
|---|---|---|---|
| ১৯৬৬ চনত | দছ লাখ | ৰীতা | প্ৰথম ছবি |
| ১৯৬৭ চনত | ৰাজ (১৯৬৭ চনৰ ছবি) | সপনা | |
| ফৰ্জ (১৯৬৭ চনৰ ছবি) | সুনীতা | ||
| ১৯৬৮ চনত | কিছমত (১৯৬৮ চনৰ ছবি) | ৰোমা | |
| হাছিনা মান জায়েগী | অৰ্চনা (আৰ্চি) | ||
| আউলাদ (১৯৬৮ চনৰ ছবি) | ভাৰতী | ||
| ১৯৬৯ চনত | তুমছে আছা কৌন হায় | আশা | |
| এক শ্ৰীমান এক শ্ৰীমতী | দীপালী লখানপাল | ||
| ডোলি (চলচ্চিত্ৰ) | আশা | ||
| অনমোল মতি | মনীষা | ||
| অঞ্জনা | ৰচনা মালহোত্ৰা | ||
| ১৯৭০ চনত | কব? কিয়ন? ঔৰ কাহান? | আশা প্ৰসাদ | |
| পেহচান (১৯৭০ চনৰ ছবি) | বৰখা | ||
| ১৯৭১ চনত | কল আজ আৰু কাল | মনিকা (মোনা) | Randhir Kapoor ৰ সৈতে তেওঁৰ প্ৰথম ছবি৯ |
| বিখৰে মোতি | ইন্দ্ৰাণী | ||
| বনফুল | গুলাবি | ||
| ১৯৭২ চনত | জীত (১৯৭২ চনৰ ছবি) | কয়লি / ৰাচিলি | |
| এক হাছিনা দো দিৱানে | নীতা | ||
| ১৯৭৩ চনত | সোনে কে হাথ | প্ৰেমা |
তথ্যসূত্ৰ
- ↑ Sone Ke Haath (1973) - Trivia - IMDb
- ↑ (23 December 2008). Saif to join girlfriend Kareena and her family for midnight mass. Mid-Day
- ↑ (2 December 2013). I don't acknowledge Babita: Sadhana - Times of India. The Times of India
- ↑ An ode to Bollywood's yesteryear superstar Babita Kapoor. filmfare.com
- ↑ Monika Rawal Kukreja. (25 April 2017). Why should I want to divorce Babita?' asks Randhir Kapoor about his estranged wife. Hindustan Times
- ↑ Meena Iyer. (24 February 2010). Kareena: Yes, I eat!. The Times of India
- ↑ (26 December 2011). Kareena, Saif at St Andrew's Church in Mumbai. The Times of India
- ↑ (26 December 2008). Kareena, family and friends go to midnight mass at St Andrews. Mid-day.com
- ↑ (16 এপ্ৰিল 2016). ত উপস্থিত হৈছিল -favourite-randhir-kapoor/story-G3fHPnV8pc16ql4N5CewjK.html কাল আজ ঔৰ কল সদায় মোৰ প্ৰিয় হ'ব: ৰণধীৰ কাপুৰ. হিন্দুস্তান টাইমছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ববিতা” প্ৰবন্ধৰ সংশোধন ৫১৪৯৬৭ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।