অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পত্ৰলেখা পাল

পত্ৰলেখা মিশ্ৰ পাল (Patralekha Mishra Paul) (জন্ম ২০ ফেব্ৰুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ হানছাল মেহটাৰ দ্বাৰা পৰিচালিত হিন্দী চলচ্চিত্ৰ ’চিটি লাইটছ’ত ৰাজকুমাৰ ৰাওৰ বিপৰীতে অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলে। এই চলচ্চিত্ৰখনে ব্যৱসায়িক সফলতা আৰু সমালোচকৰ প্ৰশংসাও লাভ কৰে।

হালনাগাদ: ১০ আগষ্ট ২০২৫ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পত্ৰলেখা মিশ্ৰ পাল (Patralekha Mishra Paul) (জন্ম ২০ ফেব্ৰুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।১২৩ তেওঁ হানছাল মেহটাৰ দ্বাৰা পৰিচালিত হিন্দী চলচ্চিত্ৰ ’চিটি লাইটছ’ত ৰাজকুমাৰ ৰাওৰ বিপৰীতে অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলে।৪৫৬ এই চলচ্চিত্ৰখনে ব্যৱসায়িক সফলতা আৰু সমালোচকৰ প্ৰশংসাও লাভ কৰে। পত্ৰলেখাৰ দ্বিতীয় ছৱি, লাভ গেমছ, বিক্ৰম ভাটৰ দ্বাৰা পৰিচালিত আৰু মুকেশ ভাট আৰু মহেশ ভাটৰ দ্বাৰা প্ৰযোজিত এখন ৰহস্য চলচ্চিত্ৰ (urban-thriller)। এই চলচ্চিত্ৰখন ব্যৱসায়িক ভাৱে সফল নহ’ল যদিও পত্ৰলেখাৰ অভিনয়ে ইয়াতো প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

শৈশৱ

পত্ৰলেখাৰ জন্ম হৈছিল মেঘালয়ৰ শ্বিলঙত। তেওঁৰ আইতাক এগৰাকী কবি আছিল। তেওঁৰ দেউতাক এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু মাক গৃহিণী।৭ পত্ৰলেখাৰ সহোদৰ দুগৰাকী হ’ল পৰ্নলেখা মিশ্ৰ পাল আৰু অগনিশ পাল। তেওঁ অসমত অৱস্থিত আৱাসিক বিদ্যালয় ’আছাম ভেলী স্কুল’ত শিক্ষাগ্ৰহণ কৰে। ইয়াৰ পিছত পত্ৰলেখাই বেংগালুৰুৰ বিছপ কটন বালিকা বিদ্যালয় (Bishop Cotton Girls' School) ত স্কুলীয়া শিক্ষা সাং কৰে। তেওঁ এইচ আৰু কলেজ অব কমাৰ্চ আৰু ইক’ন’মিকছৰপৰা স্নাতক ডিগ্ৰী লয়। এই সময়ছোৱাত পত্ৰলেখাই ব্লেকবেৰী, টাটা ড’ক’ম আদিৰ বাবে কেইবাটাও বিজ্ঞাপনত অভিনয় কৰে।

কেৰিয়াৰ

পত্ৰলেখা পালে হানছাল মেহটাৰ দ্বাৰা পৰিচালিত হিন্দী চলচ্চিত্ৰ ’চিটি লাইটছ’ত ৰাজকুমাৰ ৰাওৰ বিপৰীতে অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলে। এই চলচ্চিত্ৰখনত ৰাজস্থানৰ পৰা জীৱিকাৰ সন্ধানত মুম্বাইলৈ পৰিব্ৰজন কৰা এহাল দুখীয়া মানুহৰ জীৱন সংগ্ৰাম বৰ্ণিত হৈছে। সীমিত বাজেটেৰে কৰা এই চলচ্চিত্ৰখনে ব্যৱসায়িক সফলতা লাভ কৰিবলৈ সক্ষম হয়।৮ তদুপৰি চিটি লাইটছে চিত্ৰনাট্য, পৰিচালনা আৰু অভিনয়ৰ বাবে সমালোচকৰ প্ৰশংসাও লাভ কৰে।

পত্ৰলেখাৰ দ্বিতীয় ছৱি, ’লাভ গেমছ’, বিক্ৰম ভাটৰ দ্বাৰা পৰিচালিত আৰু মুকেশ ভাট আৰু মহেশ ভাটৰ দ্বাৰা প্ৰযোজিত এখন ৰহস্য চলচ্চিত্ৰ (urban-thriller)। এই ছৱিখনৰ মুখ্য অভিনেতাসকল হৈছে পত্ৰলেখা, গৌৰৱ আৰোৰা আৰু তাৰা আলিশা বেৰী (Tara Alisha Berry)। ’লাভ গেমছ’ চলচ্চিত্ৰখন ২০১৬ চনৰ আঠ এপ্ৰিলত মুক্তি দিয়া হয়। চলচ্চিত্ৰখনে মূলত সমমালোচকৰ ঋণাত্মক মন্তব্য লাভ কৰে যদিও পত্ৰলেখাৰ অভিনয়ে ইয়াতো প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

২০১৮ চনত পত্ৰলেখা পলে ’নানু কি জানু’ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰে। ফাৰাজ হায়দাৰ (Faraz Haider) ৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন ভৌতিক-কমেডী। ইয়াত পত্ৰলেখাই অভয় দেউলৰ বিপৰীতে অভিনয় কৰিছে। ’নানু কি জানু’-এ ২০১৮ চনৰ ২০ এপ্ৰিলত মুক্তি লাভ কৰে।

ব্যক্তিগত জীৱন

পত্ৰলেখা বৰ্তমান অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে সম্পৰ্কত আবদ্ধ হৈ আছে।৯

অভিনীত চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
২০১৪চিটিলাইটছৰাখী সিংসৰ্বোৎকৃষ্ট নৱাগতাৰ বাবে ষ্টাৰ এৱাৰ্ড
২০১৬লাভ গেমছৰ’মনা ৰায়চাণ্ড
২০১৮নানু কি জানুসিদ্ধি
২০১৯Where is My KannadakaTBA

দূৰদৰ্শন

বৰ্ষনামচৰিত্ৰনেটৱৰ্কটোকা
২০১৭বোস:ডেড/এলাইভনন্দিনীবালাজী

বঁটা

বৰ্ষবঁটাবিভাগঅৱদানফলাফল
২০১৫ষ্টাৰ স্ক্ৰীণ এৱাৰ্ডআটাইতকৈ সম্ভাৱনাপূৰ্ণ মহিলা অভিনেত্ৰীৰ বাবে ষ্টাৰ স্ক্ৰীণ বঁটা

তথ্যসূত্ৰ

  1. ↑ (6 May 2014). Why Rajkummar and Patralekha are tight-lipped about their relationship. The Times of India
  2. ↑ IANS. (29 May 2014). Newcomer Patralekha eyeing Hollywood. The Times of India
  3. ↑ Anand Vaishnav. (28 May 2014). CityLights Actress Patralekha Is Happy With Her Unconventional Debut. Indiatimes.com
  4. ↑ IANS. (29 May 2014). Newcomer Patralekha eyeing Hollywood. The Times of India
  5. ↑ Indo-Asian News Service. (29 May 2014). Patralekha Wants to go to Hollywood, Star With Streep, Roberts and Winslet. NDTV Movies.com
  6. ↑ Aanchal Tuli. (11 May 2014). Patralekha talks about memories of Delhi. The Times of India
  7. ↑ IANS. (28 May 2014). Vidya Balan my inspiration: Patralekha. The Times of India
  8. ↑ IANS. (12 June 2014). Patralekha dedicates ‘Citylights’ success to Mahesh Bhatt, Hansal Mehta. The Indian Express
  9. ↑ Bollywood celebs on a vacation

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পত্ৰলেখা পাল” প্ৰবন্ধৰ সংশোধন ৫৩১৩৪৮ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।