নীতু চন্দ্ৰা (জন্ম: ২০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু নাট্যশিল্পী। তেওঁ হিন্দী ভাষা, তামিল ভাষা আৰু তেলুগু ভাষা ছবিত অভিনয় কৰিছে।১ তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু খেলুৱৈও। এনবিএ-ৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ জৰিয়তে দেশত বাস্কেটবলৰ প্ৰসাৰৰ সৈতে তেওঁ জড়িত। ইয়াৰ উপৰি তেওঁ টাইকোৱাণ্ডোত ‘ফৰ্থ ডান ব্লেক-বেল্ট’ বিজয়ী।২ তেওঁৰ ‘চম্পাৰণ টকীজ’ নামৰ নিজা প্ৰডাকচন হাউচ আছে। তেওঁ প্ৰযোজনা কৰা মিথিলা মখান নামৰ ছবিখনে শ্ৰেষ্ঠ মৈথিলী ভাষা চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৩ ৰাষ্ট্ৰীয় বঁটা বিজয়ী এই ছবিখন পৰিচালনা কৰিছিল তেওঁৰ ভাতৃ নিতিন চন্দ্ৰাই।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
নীতু চন্দ্ৰাৰ জন্ম ১৯৮৪ চনৰ ২০ জুনত বিহাৰৰ পাটনাত হৈছিল। তেওঁৰ মাতৃভাষা হ’ল ভোজপুৰী ভাষা।৪ তেওঁ পাটনাৰ নটৰ ডেম একাডেমীত শিক্ষা লাভ কৰিছিল আৰু দিল্লীৰ ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।৫ তেওঁ মডেলিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তেওঁৰ সফলতাৰ কৃতিত্ব বিহাৰৰ পূব চম্পাৰণৰ নিবাসী মাতৃক প্ৰদান কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছৰেপৰা তেওঁ বিভিন্ন প্ৰতিষ্ঠানৰ বিজ্ঞাপন আৰু ভিডিঅ’ত অভিনয় কৰি আহিছে। তেওঁ টাইকোৱাণ্ডোত দুটাকৈ ডান ব্লেক বেল্ট লাভ কৰিছে আৰু ১৯৯৭ চনত হংকঙত অনুষ্ঠিত হোৱা বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৬
চন্দ্ৰাৰ ভাতৃ নিতিন চন্দ্ৰাই দেশৱা নামৰ কথাছবিখন পৰিচালনা কৰিছিল।৭
অভিনয় জীৱন
২০০৫ চনত গৰম মছলা নামৰ হিন্দী ছবিৰ জৰিয়তে চন্দ্ৰাই হিন্দী চলচ্চিত্ৰ জগতত অভিষেক ঘটায়, য’ত তেওঁ ছুইটি নামৰ এগৰাকী বিমান সেৱিকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৬ চনত তেওঁ তেলুগু ছবি গোদাবৰীত অভিনয় কৰে। ২০০৭ চনত তেওঁ মধুৰ ভাণ্ডাৰকাৰৰ ছবি ট্ৰাফিক চিগনেলত অভিনয় কৰিছিল।
২০০৮ চনত তেওঁৰ চাৰিখন ছবি মুক্তি পাইছিল, যিবোৰ পৰিচালনা কৰিছিল দিবাকৰ বেনাৰ্জী, ৰাহুল ঢোলাকীয়া, অশ্বিনী ধীৰ আৰু বিক্ৰমে। ২০০৯ চনত আৰ মাধৱনৰ সৈতে অভিনীত তেওঁৰ তামিল ছবি য়াভাৰুম নালাম এখন ডাঙৰ হিট ছবি হিচাপে পৰিগণিত হয়। ২০১০ চনত তেওঁক ৰাণ, এপাৰ্টমেণ্ট, নো প্ৰব্লেম—য’ত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল—আৰু সদিয়া নামৰ চাৰিখন হিন্দী ছবিৰ লগতে থিৰাধা বিলায়ত্তু পিল্লাই নামৰ এখন তামিল ছবিত দেখা গৈছিল।
২০১১ চনত তেওঁ প্ৰযোজনা কৰা আৰু ভাতৃয়ে পৰিচালনা কৰা দেশৱা নামৰ এখন ভোজপুৰী ছবি মুক্তি পায়।৮
২০১৩ চনত তেওঁ জয়ম ৰবিৰ সৈতে তামিল একচন ছবি আমেৰিন আধি-ভগৱানত অভিনয় কৰে। ২০১৩ চনতে তেওঁ হ’ম ছুইট হ’ম নামৰ এখন গ্ৰীক ছবিৰ কাম সম্পূৰ্ণ কৰে,৯ য’ত তেওঁ এগৰাকী ভাৰতীয় ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে। পৰিচালক অনুৰাগ কাশ্যপৰ পৰামৰ্শ অনুসৰি তেওঁ স্কাইপৰ জৰিয়তে এই ছবিখনৰ বাবে অডিশ্যন দিছিল।১০ ছবিখনৰ বাবে তেওঁ গ্ৰীক ভাষা শিকিবলগীয়া হৈছিল আৰু নিজে ডাবিঙো কৰিছিল। পিছলৈ জানিব পৰা গৈছিল যে হ’ম ছুইট হ’ম আছিল ছবিখনৰ কাৰ্যকৰী নাম আৰু প্ৰকৃত নাম আছিল ব্লক ১২, য’ত তেওঁ এগৰাকী ভাৰতীয় দেৱীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩ চনত মুক্তি পোৱা এই ছবিখন দ্বিভাষিক আছিল।১১ তেওঁৰ কুচৰ প্ৰসাদ কা ভূত আৰু শ্বুটাৰ নামৰ দুখন হিন্দী ছবি আহিবলগীয়া আছে।৪
২০২০ চনত তেওঁ বলীউডৰ অভিনেতা ছেমী জন হিনিৰ সৈতে হলিউডৰ শ্ব’ গাউন এণ্ড আউট ইন বেভাৰ্লি হিলছত অভিনয় কৰে। ২০২১ চনত তেওঁ নাৰী-কেন্দ্ৰিক সমৰ কলাৰ ছবি নেভাৰ বেক ডাউন: ৰিভ’ল্টৰ জৰিয়তে হলিউডৰ চলচ্চিত্ৰত অভিষেক ঘটায়। এই ছবিখন নেভাৰ বেক ডাউন শৃংখলাৰ চতুৰ্থটো খণ্ড। তেওঁ ছবিখনত জয়া নামৰ এগৰাকী সমৰ কলাবিদৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ সদৰী কৰে যে ২০১৯ চনত চনী পিকচাৰ্ছ ষ্টুডিঅ’ত বেড বয়জ ফৰ লাইফৰ বিশেষ প্ৰদৰ্শনৰ সময়ত তেওঁ ছবিখনৰ প্ৰযোজক ডেভিদ জেলনক লগ পাইছিল, যিয়ে সেই সময়ত ছবিখনৰ বাবে এগৰাকী ভাৰতীয় অভিনেত্ৰীৰ সন্ধানত আছিল। জেলন তেওঁৰ পূৰ্বৰ কাম আৰু সমৰ কলাৰ অভিজ্ঞতাৰ দ্বাৰা ইমানেই প্ৰভাৱিত হৈছিল যে কোনো অডিশ্যন বা লুক টেষ্ট নোলোৱাকৈয়ে তেওঁক এই চৰিত্ৰটোৰ বাবে নিৰ্বাচিত কৰা হৈছিল। এই চৰিত্ৰটোৰ বাবে প্ৰস্তুত হ’বলৈ চন্দ্ৰাই কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ছবিখনত তেওঁৰ সকলো ষ্টাণ্ট কোনো বডী ডাবল ব্যৱহাৰ নকৰাকৈ নিজেই কৰিছিল। ১৬ নৱেম্বৰ ২০২১-ত ছবিখন ডিজিটেল প্লেটফৰ্ম আৰু ডিভিডিত মুক্তি পায়।
অন্যান্য কাম-কাজ
চন্দ্ৰা গীতাঞ্জলি ব্ৰেণ্ডৰ ‘হুপ’ৰ ব্ৰেণ্ড এম্বেছেডৰ হৈছিল।১২ তেওঁ মহীশূৰ চেণ্ডল ছোপৰ এটা বিজ্ঞাপনতো অংশ লৈছিল। নীতু চন্দ্ৰাই সংগীত পৰিচালক ইছমাইল দৰবাৰৰ সংগীত ভিডিঅ’ "ৰচিয়া চাজন"ত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছিল।১৩ তেওঁক বম্বে ভাইকিংছৰ গায়ক নীৰজ শ্ৰীধৰৰ হিট একক গীত "আ ৰহা হুঁ মই"-ৰ সংগীত ভিডিঅ’তো দেখা গৈছিল।১৪ ইয়াৰ উপৰি তেওঁ ‘সজনা হায় মুঝে’ গীতটোৰ এটা সফল ৰিমিক্সত অভিনয় কৰিছিল। চফী চৌধুৰীৰ সৈতে তেওঁৰ আন এটা হিট গীত আছিল ‘মেৰা বাবু ছাইল ছাবিলা’।
২০১৩ চনত চন্দ্ৰাই ‘উমৰাও’ নামৰ এখন নাটকত নামভূমিকাত অভিনয় কৰি মঞ্চ জগতত অভিষেক ঘটায়।১৫১৬ ২০১৭ চনৰ মে’ মাহৰপৰা তেওঁ ডিডি নেচনেলত ‘ৰঙ্গোলী’ অনুষ্ঠানটোৰ আঁত ধৰি আহিছে। ২০১৮ চনত চন্দ্ৰা প্ৰ’ কাবাডী লীগত পাটনা পাইৰেটছৰ ‘কমিউনিটি এম্বেছেডৰ’ হৈছিল।
সংবাদ মাধ্যমত
২০০৮ চনত ৭ চিছ টেকন’লজিছে নীতু চন্দ্ৰাক মুখ্য চৰিত্ৰ হিচাপে লৈ নীতু — দ্য এলিয়েন কিলাৰ নামৰ এটা ত্ৰিমাত্ৰিক (3D) ম’বাইল গেম মুকলি কৰিছিল।১৭
২০০৯ চনৰ জানুৱাৰী মাহৰ মেক্সিম ইণ্ডিয়া আলোচনীৰ বেটুপাতত নীতু চন্দ্ৰাক প্ৰদৰ্শিত কৰা হৈছিল।১৮
চলচ্চিত্ৰপঞ্জী
অভিনেত্ৰী হিচাপে
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ২০০৩ | বিষ্ণু | তেজজু | তেলুগু | তেলুগু অভিষেক কথাছবি |
| ২০০৫ | গৰম মচলা | ছুইটি | হিন্দী | হিন্দী অভিষেক কথাছবি |
| ২০০৬ | গোদাবৰী | ৰাজেশ্বৰী ‘ৰাজি’ | তেলুগু | |
| ২০০৭ | ট্ৰাফিক চিগনেল | ৰাণী | হিন্দী | |
| ২০০৮ | ৱান টু থ্ৰী | ইনস্পেক্টৰ মায়াৱতী চৌতালা | ||
| চামাৰ ২০০৭ | গীতত বিশেষ উপস্থিতি | |||
| অয় লাকী! লাকী অয়! | সোনাল | |||
| ২০০৯ | সত্যমেৱ জয়তে | বাচৰা পাপা | তেলুগু | |
| য়াভাৰুম নালাম | প্ৰিয়া মনোহৰ | তামিল | দ্বিভাষিক কথাছবি তামিল অভিষেক | |
| ১৩বি | হিন্দী | |||
| ২০১০ | মুম্বাই কাটিং | |||
| ৰাণ | য়াচমিন হুছেইন | |||
| এপাৰ্টমেণ্ট | নেহা ভাৰ্গৱ | |||
| নো প্ৰব্লেম | চোফিয়া | |||
| সদিয়া | গীতত বিশেষ উপস্থিতি | |||
| থিৰাধা বিলায়ত্তু পিল্লাই | তেজস্বিনী | তামিল | ||
| ২০১১ | যুদ্ধম চেই | কেবেৰে নৃত্যশিল্পী | "কান্নিথেভু পন্না" গীতত বিশেষ উপস্থিতি | |
| কুচ লাভ জয়ছা | ৰিয়া | হিন্দী | ||
| দেশৱা | ভোজপুৰী | বিশেষ উপস্থিতি | ||
| ২০১৩ | আধি ভগৱান | ৰাণী সম্পথা / কৰিষ্মা | তামিল | শ্ৰেষ্ঠ খলনায়িকাৰ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA) |
| চেট্টাই | নিজে | "লাইলা লাইলা" গীতত বিশেষ উপস্থিতি | ||
| ব্লক ১২ | ভাৰতীয় দেৱী | গ্ৰীক | গ্ৰীক চলচ্চিত্ৰত অভিষেক | |
| ২০১৪ | মনম | বিমান সেৱিকা | তেলুগু | কেমিঅ’ উপস্থিতি |
| পাৱাৰ | কানাড়া | "হোৱাই হোৱাই" গীতত বিশেষ উপস্থিতি | ||
| ২০১৫ | থিলাগৰ | গ্ৰাম্য নৃত্যশিল্পী | তামিল | গীতত বিশেষ উপস্থিতি |
| ২০১৭ | চিল্কম ৩ | বাৰ ডান্সাৰ | "অ’ চ’নে চ’নে" গীতত বিশেষ উপস্থিতি | |
| ভাইগাই এক্সপ্ৰেছ | ৰাধিকা/ জ্যোতিকা | দ্বৈত ভূমিকা | ||
| ব্ৰহ্মা.কম | নীতু চন্দ্ৰা | |||
| ২০২১ | নেভাৰ বেক ডাউন: ৰিভ’ল্ট | জয়া | ইংৰাজী | হলিউডত অভিষেক১৯২০ |
| ২০২৬ | নো মিন্স নো | ইংৰাজী, হিন্দী, পলিছ | ত্ৰিভাষিক কথাছবি |
প্ৰযোজক হিচাপে
| বৰ্ষ | চলচ্চিত্ৰ | ভাষা | টোকা |
|---|---|---|---|
| ২০১১ | দেশৱা | ভোজপুৰী | |
| ২০১৬ | মিথিলা মখান | মৈথিলী |
দূৰদৰ্শন
| বৰ্ষ | অনুষ্ঠান | চৰিত্ৰ | চেনেল | টোকা | সংগ্ৰহ |
|---|---|---|---|---|---|
| ২০১৭–২০১৮ | ৰঙ্গোলী | সূত্ৰধাৰী/উপস্থাপিকা | ডিডি নেচনেল | ২১ |
তথ্যসূত্ৰ
- ↑ 'Mithila Makhaan' has something for all: Neetu Chandra. The Times of India
- ↑ (17 October 2012). 'Taekwondo' has something for all: Neetu Chandra. The Times of India
- ↑ 'Champaran Talkies' has something for all: Neetu Chandra. Champaran Talkies
- ↑ (4 September 2013). Bhojpuri film industry not growing: Neetu Chandra. Sify
- ↑ (3 September 2012). Neetu shoots kick & punch. The Telegraph (Calcutta)
- ↑ (17 October 2012). Neetu Chandra receives second black belt in Taekwondo. The Times of India
- ↑ (5 April 2013). Patna boy to represent India at global business meet in Ireland. The Times of India
- ↑ (12 December 2011). Timing relief for Deswa. The Telegraph
- ↑ (4 July 2013). Rediscovered myself with my Greek film: Neetu Chandra. The Times of India. Indo-Asian News Service
- ↑ (3 July 2012). Neetu in awe of her Greek film look. Hindustan Times
- ↑ (5 September 2013). I'm too young for marriage: Neetu Chandra. The Times of India
- ↑ Das, Chuman. (29 January 2009). Neetu Chandra signs her first ad campaign. Businessofcinema.com
- ↑ (5 January 2008). https://www.bollywoodhungama.com/news/box-office-special-features/2007-30-screens-in-u-k/. Bollywood Hungama
- ↑ (3 July 2013). Bombay Vikings - Aa Raha Hoon Main. Universal Music India/Vevo
- ↑ Jha, Subhash K. (12 November 2013). Don't want to dilute my moment of glory: Neetu Chandra. The New Indian Express
- ↑ (15 November 2013). Theatre Review: Umrao. The Times of India
- ↑ (20 March 2008). 7Seas Technologies ropes in Neetu Chandra for 3D mobile action game — The Economic Times. The Times of India
- ↑ Bollywood Movie News, Desi Blog: Neetu Chandra Maxim January 2009
- ↑ D'Alessandro, Anthony. (11 November 2020). 'Never Back Down: Revolt': Kellie Madison Directing For Mandalay, Wonder Street & SPWA. Deadline
- ↑ Unnikrishnan, Abhilasha. (31 December 2020). Neetu Chandra on making her Hollywood debut in 'Never Back Down: Revolt'. The Hindu
- ↑ Swara Bhaskar bids adieu to DD National's 'Rangoli'
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীতু চন্দ্ৰা” প্ৰবন্ধৰ সংশোধন ৬৩৭৩০০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।