পাৰ্ল মানে (ইংৰাজী ভাষা: Pearle Maaney; জন্ম: ২৮ মে' ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গীতিকাৰ, ইউটিউবাৰ আৰু টেলিভিছন উপস্থাপিকা। তেওঁ মূলতঃ মালয়ালম অনুষ্ঠানসমূহত কাৰ্যনিৰ্বাহ কৰে। মালয়ালম নৃত্যভিত্তিক ৰিয়েলিটি শ্ব’ ডি ৪ ডান্সৰ তিনিটা ছিজনৰ সহ-উপস্থাপনা কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।১ পাৰ্ল বিগ বছ মালয়ালম ছিজন ১-ৰ প্ৰথম ৰানাৰ্চ-আপ হিচাপেও পৰিগণিত হৈছিল।২
প্ৰাৰম্ভিক জীৱন
পাৰ্ল মানে কোচিস্থিত এটা চিৰো-মালাবাৰ ছেইণ্ট থমাছ খ্ৰীষ্টিয়ান৩ যৌথ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁলোকৰ আদি বাসস্থান আছিল চৌৱাৰাত।৩ তেওঁ থিৰুৱনন্তপুৰমৰ 'হোলী এঞ্জেলছ কনভেণ্ট' আৰু কালামাছেৰীৰ 'ৰাজগিৰি পাব্লিক স্কুল'ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ বেংগালুৰুৰ ক্ৰীষ্ট ইউনিভাৰ্চিটিৰপৰা মিডিয়া ষ্টাডিজ বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।৪ বৰ্তমান তেওঁৰ পিতৃ-মাতৃ থ্ৰিচূৰত বসবাস কৰে।৫৬
কৰ্মজীৱন
পাৰ্লে ইণ্ডিয়াভিছনৰ সহযোগী মালয়ালম টেলিভিছন চেনেল য়েছ ইণ্ডিয়াভিছনত সংগীতভিত্তিক অনুষ্ঠান য়েছ জুকবক্সৰ ২৫০ টাতকৈও অধিক খণ্ডৰ আঁত ধৰিছিল।৭ তেওঁ অমৃতা টিভিত সম্প্ৰচাৰিত ভ্ৰমণ আৰু ৰন্ধন প্ৰণালীভিত্তিক অনুষ্ঠান টেষ্ট অৱ কেৰালাত ছেৰা (Serah) ছদ্মনামেৰে উপস্থপনা কৰিছিল।৮৯
২০১৪ চনত অক্টোবৰ মাহত তেওঁ মাজহাভিল মনোৰমা চেনেলত গামঅন ডি২ নামৰ নৃত্যৰ ৰিয়েলিটি শ্ব’টোৰ উপস্থাপনা আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ইয়াৰ উপস্থাপিকা আছিল জুৱেল মেৰী। এই শ্ব’টোত তেওঁৰ সহ-উপস্থাপক আছিল গোবিন্দ পদ্মসূৰ্য।১০ ইয়াৰ উপৰি তেওঁ কৌমূদী টিভিৰ অনুষ্ঠান চিনেমা কোম্পানী (ছিজন ২)-ৰ আঁত ধৰিছিল। ২০১৮ চনত তেওঁ এছিয়ানেটত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব’ বিগ বছৰ প্ৰথম ছিজনত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে আৰু ৰানাৰ্চ-আপ খিতাপ দখল কৰে। ১০০ দিন সম্পূৰ্ণ কৰা তেৱেঁই আছিল একমাত্ৰ মহিলা প্ৰতিযোগী।
ব্যক্তিগত জীৱন
২০১৮ চনত বিগ বছ ৰিয়েলিটি শ্ব’ৰ প্ৰথম ছিজনৰ সময়ত তেওঁ সহ-প্ৰতিযোগী শ্ৰীনিশ অৰবিন্দৰ সৈতে এক ৰোমাণ্টিক সম্পৰ্কত আবদ্ধ হয় আৰু দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে।১১ ২০১৯ চনৰ ১৭ জানুৱাৰীত এটা ব্যক্তিগত অনুষ্ঠানত মানে শ্ৰীনিশ অৰবিন্দৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে।১২ ২০১৯ চনৰ ৫ মে'ত এই দম্পতীয়ে খ্ৰীষ্টিয় ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয় আৰু ২০১৯ চনৰ ৮ মে'ত তেওঁলোকৰ এটা হিন্দু বিবাহ অনুষ্ঠানও সম্পন্ন হয়।১৩ তেওঁলোকৰ নীলা আৰু নিতাৰা নামৰ দুগৰাকী কন্যা সন্তান আছে, যি ক্ৰমে ২০২১ চনৰ ২০ মাৰ্চ আৰু ২০২৪ চনৰ ১৩ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল।১৪১৫১৬
বিতৰ্ক
২০২৬ চনৰ জুলাই মাহত পাৰ্লে শিক্ষাৰ্থীসকলৰ নেতৃত্বত হোৱা ২০২৬ দিল্লী যন্তৰ মন্তৰ প্ৰতিবাদ সন্দৰ্ভত মন্তব্য কৰি এটা ইনষ্টাগ্ৰাম প’ষ্ট কৰিছিল। তেওঁৰ এই প’ষ্টটোৱে মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল, যিবোৰৰ বেছিভাগেই আছিল নেতিবাচক।১৭ তেওঁক সমালোচনা কৰাসকলৰ ভিতৰত আছিল চলচ্চিত্ৰ পৰিচালক চিবি মালায়িলৰ পুত্ৰ জো চিবি মালায়িল।১৮ পাৰ্লে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত জো-ৰ উত্তৰ দি চিবি মালায়িলক এজন ব্যৰ্থ চলচ্চিত্ৰ নিৰ্মাতা বুলি কটাক্ষ কৰে, যিটো তেওঁ পিছত মচি পেলায়।১৯২০২১
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰসমূহ
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা | প্ৰসংগ |
|---|---|---|---|---|
| ২০১৩ | নীলাকাশম পচাকডল চুভন্না ভূমি | বাইকাৰ গাৰ্ল | ২২ | |
| ২০১৪ | দ্য লাষ্ট চাপৰ | পেৰ্লি | ২৩ | |
| জ্ঞান | বল্লী | ২৪ | ||
| ২০১৫ | লোহম২৫২৬ | কনে | ২৭ | |
| ডাবল বেৰেল | শ্বী | ২৮ | ||
| জো এণ্ড দ্য বয় | মিথু | ২৪ | ||
| ২০১৬ | কল্যাণ বৈভোগমে | বৈদেহী | তেলুগু ভাষা চলচ্চিত্ৰ | ২৯ |
| প্ৰেথম | সুহান্নিছা | ২৪ | ||
| কাপ্পিৰি থুৰুথু | য়ামী | ৩০ | ||
| ২০১৭ | টিম ৫ | সুৰেশ আলীনা | ||
| পুল্লীকাৰণ ষ্টাৰা | এঞ্জেলিনা | ৩১ | ||
| ২০১৮ | হু | ডলৰেছ | ইংৰাজী/মালয়ালম দ্বিভাষী চলচ্চিত্ৰ | ৩২ |
| ২০২০ | লুডো | শ্বীজা থমাছ | হিন্দী ভাষা চলচ্চিত্ৰ, নেটফ্লিক্সত মুক্তিপ্ৰাপ্ত | ৩৩ |
| ২০২২ | বলিমাই | ক্ৰিষ্টিনা | তামিল ভাষা চলচ্চিত্ৰ | ৩৪ |
| ২০২৩ | কুইন এলিজাবেথ | চেলিব্ৰিটি | ||
| ২০২৫ | ডিটেক্টিভ উজ্জ্বলন | দিব্যা | কেমিঅ’ ভূমিকা | ৩৫ |
চুটি চলচ্চিত্ৰসমূহ
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | প্ৰসংগ |
|---|---|---|---|
| ২০১৫ | পুঞ্চীৰিক্কু পৰস্পৰম | বাইকাৰ গাৰ্ল | ৩৬ |
| ২০১৭ | হেণ্ড অৱ গড | নিজ ভূমিকা (কাৰ গাৰ্ল) | ৩৭ |
| ২০২৩ | দা ডিলে | প্ৰতিৱেশী |
টেলিভিছন
উপস্থাপিকা হিচাপে
| বৰ্ষ | অনুষ্ঠান | চেনেল | টোকা |
|---|---|---|---|
| ২০০৮ | য়েছ জুকবক্স | ইণ্ডিয়াভিছন | |
| ২০১০–২০১২ | টেষ্ট অৱ কেৰালা | অমৃতা টিভি | "ছেৰা" হিচাপে ক্ৰেডিট দিয়া হৈছে |
| ২০১৪ | ডি ৪ ডান্স | মাজহাভিল মনোৰমা | জুৱেল মেৰীৰ স্থলাভিষিক্ত হয় সহ-উপস্থাপক গোবিন্দ পদ্মসূৰ্য |
| ২০১৪–২০১৫ | ডি২ – ডি ৪ ডান্স | সহ-উপস্থাপক গোবিন্দ পদ্মসূৰ্য | |
| ২০১৫–২০১৬ | চিনেমা কোম্পানী ছিজন ২ | কৌমূদী টিভি | |
| ২০১৫ | আইফা উৎসৱম | ছান টিভি নেটৱৰ্ক | সূৰজ ভেঞ্জাৰামূডুৰ সৈতে |
| ২০১৫ | ৰাণীপদ্মিনীমাৰ | মাজহাভিল মনোৰমা | |
| ২০১৫ | কাব্যকোপ্পম জিপিউম পেৰ্লীয়ুম | মাজহাভিল মনোৰমা | |
| ২০১৬ | ডি৩ – ডি ৪ ডান্স | মাজহাভিল মনোৰমা | সহ-উপস্থাপক আদিল ইব্ৰাহিম |
| ডি ৪ ডান্স ৰিলোডেড | সহ-উপস্থাপক আদিল ইব্ৰাহিম | ||
| ২০১৬–২০১৭ | কাট্টুৰুম্বু | ফ্লাৱাৰ্ছ | |
| ২০১৭ | ফ্লাৱাৰ্ছ টিভি এৱাৰ্ডছ ২০১৭ | বঁটা প্ৰদান অনুষ্ঠান | |
| ২য় আইফা উৎসৱম | সূৰ্য টিভি | টিনি টমৰ সৈতে | |
| ২০১৭–২০১৮ | মান্য মহা জনঙ্গলে | কাইৰালী টিভি | বিচাৰক হিচাপেও |
| ২০১৮–বৰ্তমান | পাৰ্ল মানে শ্ব’ | ইউটিউব | পাৰ্ল প্ৰডাকচন্ছ |
| ২০১৭ | তামাৰ পদৰ | ফ্লাৱাৰ্ছ | লক্ষ্মী নক্ষত্ৰৰদ্বাৰা স্থলাভিষিক্ত হয় |
| ২০১৮ | মিৰ্চি মিউজিক এৱাৰ্ডছ চাউথ | এছিয়ানেট | বঁটা প্ৰদান অনুষ্ঠান |
| এছিয়ানেট কমেডী এৱাৰ্ডছ | বঁটা প্ৰদান অনুষ্ঠান | ||
| এছিয়ানেট টেলিভিছন এৱাৰ্ডছ ২০১৮ | বঁটা প্ৰদান অনুষ্ঠান | ||
| মিডুক্কী | মাজহাভিল মনোৰমা | ||
| আম্মা মাজহাভিল্লু ভিলম্বৰম | |||
| নায়িকা নায়কন | অশ্বথী শ্ৰীকান্তৰদ্বাৰা স্থলাভিষিক্ত হয় | ||
| ২০১৯ | ৮ম চাউথ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল মুভি এৱাৰ্ডছ | সূৰ্য টিভি | বঁটা প্ৰদান অনুষ্ঠান |
| ২০১৯–২০২০ | ডান্স জোড়ী ডান্স ৩.০ | জি তামিল | তামিল ৰিয়েলিটি শ্ব’ সহ-উপস্থাপক দীপক দিনকৰ |
| ২০২০ | ফানী নাইটছ উইথ পাৰ্ল মানে | জি কেৰালাম | সূৰজ ভেঞ্জাৰামূডুৰদ্বাৰা স্থলাভিষিক্ত হয় আৰু "ফানী নাইটছ" নামেৰে পুনৰ মুকলি কৰা হয় |
| লকডাউন টকছ | ইউটিউব | কোৱাৰেণ্টাইন বিশেষ অনুষ্ঠান | |
| ২০২১ | ১০ম চাউথ ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল মুভি এৱাৰ্ডছ | সূৰ্য টিভি | বঁটা প্ৰদান অনুষ্ঠান গোবিন্দ পদ্মসূৰ্যৰ সৈতে |
| ২০২২ | কুক উইথ কমেডী | এছিয়ানেট |
অন্যান্য ভূমিকা
| বৰ্ষ | অনুষ্ঠান | চৰিত্ৰ | চেনেল | টোকা |
|---|---|---|---|---|
| ২০১১–২০১২ | চুম্মা | ছেৰা | অমৃতা টিভি | টিভি ধাৰাবাহিক |
| ২০১৫ | তেঙ্গাকোলা মঙ্গাতোলী | নিজ ভূমিকা | মাজহাভিল মনোৰমা | সংগীত এলবাম (গোবিন্দ পদ্মসূৰ্যৰ সৈতে) |
| ২০১৫ | চেলিব্ৰেট হেপিনেছ | নিজ ভূমিকা | মিউজিক ভিডিঅ’ | |
| ২০১৬ | দেশদানকিলী কৰায়ৰিলা | নিজ ভূমিকা | ভিডিঅ’ এলবাম | |
| ২০১৭ | হেণ্ড অৱ গড | নিজ ভূমিকা (কাৰ গাৰ্ল) | হ্ৰস্ব চলচ্চিত্ৰ | |
| ২০১৭ | মিনিট টু উইন ইট | অংশগ্ৰহণকাৰী | গেম শ্ব’ | |
| ২০১৮ | বিগ বছ (মালয়ালম ছিজন ১) | প্ৰতিযোগী (নিজ ভূমিকা) | এছিয়ানেট | ৰিয়েলিটি শ্ব’; প্ৰথম ৰানাৰ্চ-আপ ৩৮ |
| ২০১৮–২০৯৯ | পাৰ্লীশ ছিজন ১, ২ | পাৰ্ল | ইউটিউব | সংগীত এলবাম / ৱেব চিৰিজ (শ্ৰীনিশ অৰবিন্দৰ সৈতে) |
| ২০১৯ | অৰু কুথু কথা | পাৰ্ল | সংগীত এলবাম / ৱেব চিৰিজ (শ্ৰীনিশ অৰবিন্দ / শ্বিয়াছ কৰিমৰ সৈতে) | |
| ২০২০ | কিচেন, খন্না এণ্ড কনভাৰ্চেশ্যন ছিজন ৩ | ৰান্ধনী (চেফ) | হটষ্টাৰ | ৰন্ধন প্ৰণালীৰ অনুষ্ঠান |
| ২০২০ | প্লাষ্টিক এণ্ড ইলাষ্টিক | প্লাছ | ইউটিউব | ৱেব চিৰিজ |
| ২০২০ | অৱস্থা | ঐশ্বৰ্য | ৱেব চিৰিজ | |
| ২০২০ | চেল্লাকুট্টিয়ে | তামিল সংগীত এলবাম | ||
| ২০২১ | মাভেলি | নিজ ভূমিকা | নেটফ্লিক্স | হ্ৰস্ব চলচ্চিত্ৰ |
সংগীতপঞ্জী
| বৰ্ষ | গীত | চলচ্চিত্ৰ/অনুষ্ঠান | গীতিকাৰ | গায়ক | সুৰকাৰ | ভাষা | টোকা |
|---|---|---|---|---|---|---|---|
| ২০১৪ | বেল্লী চং | দা লাষ্ট চাপৰ | গোপী সুন্দৰ | আৰবী | |||
| ২০১৬ | পল পল | কল্যাণ বৈভোগমে | কল্যাণ কডুৰী | তেলেগু | ৰাহুল নাম্বিয়াৰ (সহ-গায়ক) | ||
| ২০১৮ | টাইটেল চং | পাৰ্ল মানে শ্ব’ (ৱেব চিৰিজ) | গোপী সুন্দৰ | ইংৰাজী | |||
| ফ্লাই উইথ ইউ | পাৰ্লীশ (ৱেব চিৰিজ) | জেচিন জৰ্জ | তামিল | জেচিন জৰ্জ (সহ-গায়ক) | |||
| ২০১৯ | হু আৰ ইউ | হু | মংগল সুৱৰ্ণন | ইংৰাজী | |||
| লোনলী লেক | মণিকণ্ঠন আয়াপ্পা | ||||||
| মুন্নালে পোনালে | অৰু অডাৰ লাভ | শান ৰহমান | তামিল | ||||
| ২০২০ | চেল্লাকুট্টিয়ে | অৱস্থা (ৱেব চিৰিজ) | জেচিন জৰ্জ | ||||
| চেল্লাকান্নানে | মিউজিক ভিডিঅ’ | জেচিন জৰ্জ | জেচিন জৰ্জ (সহ-গায়ক) | ||||
| ২০২১ | ক্ৰেজী ৱৰ্ল্ড | মিউজিক ভিডিঅ’ | জেচিন জৰ্জ | ইংৰাজী |
তথ্যসূত্ৰ
- ↑ (1 June 2013). Pearle Maaney in Sameer Thahir's next film. The Times of India
- ↑ Bigg Boss Malayalam Season 1 Grand Finale: Sabumon Emerges As The Big Winner!, *Filmibeat*, 1 October 2018. Retrieved from www.filmibeat.com/malayalam/news/2018/bigg-boss-
- ↑ (6 May 2019). In pics: 'Bigg Boss' Malayalam stars Pearle Maaney and Srinish get married. The News Minute
- ↑ (7 October 2013). Catching up with Pearle Maaney. MalayaliMag.com
- ↑ (4 January 2015). Very Pearle – WtzUp Kochi. WtzUp Kochi
- ↑ (24 May 2014). People think I'm of Arab origin: Pearle Maaney. The Times of India
- ↑ Pearle Maaney Biography. DROLLYDOLL
- ↑ Serah Profile on Amrita TV. Amrita TV
- ↑ Taste of Kerala – With SALT & PEPPER Team 1/3
- ↑ (29 October 2014). Pearle Maaney replaces Jewel in D for Dance. The Times of India
- ↑ ഞാന് ശ്രീനിയെ ശരിക്കും സ്നേഹിക്കുന്നു; ബിഗ് ബോസിന് പുറത്തും പേളി പറയുന്നു. Mathrubhumi
- ↑ Bigg Boss Malayalam runner-up Pearle Maaney engaged to Srinish. Kerala Wedding Trends
- ↑ Pearle and Srinish make it official; see wedding pics here. Mathrubhumi
- ↑ It's A Baby Girl For Ludo Actress Pearle Maaney.. NDTV
- ↑ Its a baby girl for TV couple Pearle Maaney and Srinish Aravind; the latter says 'both big baby and small baby are adipoli'. The Times of India
- ↑ (13 January 2024). TV couple Pearle Maaney and Srinish Aravind welcome their second baby girl, Nitara Srinish
- ↑ Pearle Maaney faces massive backlash for comments on student protests, loses 2 lakh Instagram followers. @onmanorama
- ↑ ‘You’re messing with the wrong person’: Pearle Maaney hits back at backlash over student protest remarks, deletes post calling out ‘failed filmmaker’. The Times of India
- ↑ Bureau, The Hindu. (2026-07-24). Internet rallies behind filmmaker Sibi Malayil after influencer Pearle Maaney’s “failed filmmaker” dig. The Hindu
- ↑ Das, Santanu. (2026-07-24). Did Pearle Maaney call Sibi Malayil a failed filmmaker? His son fires back after she deletes post. Hindustan Times
- ↑ Prakash, സമകാലിക മലയാളം ഡെസ്ക്,Hima. (2026-07-08). 'കശ്മീരിൽ കല്ലേറ് നിർത്തിച്ചവർ, ഡൽഹിയിൽ കല്ലേറ് നിർത്തിക്കാൻ വന്നിട്ട് തിരിച്ചു പോയീന്ന് കേട്ടു'; കൃഷ്ണകുമാറിനും പേളിക്കുമെതിരെ ചന്തു. Samakalika Malayalam - The New Indian Express
- ↑ Pearle Maaney in Sameer Thahir's next film. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (12 May 2014). The Last Supper. Sify
- ↑ Watch Latest Full Movies Online in HD for Free: All Genres & Languages streaming on jiocinema.com. www.jiocinema.com
- ↑ Radhika C Pillai. (8 April 2015). Pearle Maaney to do a cameo in Mohanlal film. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Litty Simon. (24 August 2015). Curly 'Mane'y on a roll. Malayala Manorama
- ↑ Pearle Maaney will be part of Ranjith's Loham. Cochin Talkies
- ↑ (29 October 2014). Pearle Maaney is Asif's heroine in Double Barrel. The Times of India
- ↑ Kalyana Vaibhogame review by jeevi - Telugu cinema review - Naga Shourya & Malavika Nair. www.idlebrain.com
- ↑ (2016-12-11). Kappiri Thuruthu movie review: Peek into Fort Kochi's music trove. Deccan Chronicle
- ↑ Watch Pullikkaran Stara. Disney+ Hotstar
- ↑ (5 January 2018). What is Pearle Maaney's character in Who?. The Times of India
- ↑ Ludo. নেটফ্লিক্স
- ↑ Watch Valimai (2022) Full HD Tamil Movie Online on ZEE5. ZEE5
- ↑ (18 July 2025). Exclusive · 'Detective Ujjwalan' Directors To Make Big-Budget Superhero Film Next. Hollywood Reporter India
- ↑ Sanjith Sidhardhan. (3 November 2015). Mammootty, Mohanlal unite for a 'smile' venture. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (5 September 2017). Hand of God
- ↑ Bigg Boss Malayalam highlights: Host Mohanlal locks the contestants with 'Manichithra Poottu' in the house. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্ল মানে” প্ৰবন্ধৰ সংশোধন ৬২৬৫৯৭ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।