নতাশা ভাৰদ্বাজ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী ভাষা ৱেব ছিৰিজত অভিনয় কৰে। তেওঁ ২০১৮ চনত বাস্তৱ অনুষ্ঠান ইণ্ডিয়াজ্ নেক্স্ট চুপাৰষ্টাৰ্ছত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু বিজয়ী হৈছিল। তাৰ পিছত, তেওঁ ৱেব ছিৰিজ পৱন এণ্ড পূজা (২০২০)-ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। ভাৰদ্বাজ ২০২১ চনৰ ৱেব ছিৰিজ মুম্বাই ডায়েৰিজ ২৬/১১-ত তেওঁৰ ভূমিকাৰ বাবে বিশেষভাৱে পৰিচিত।১
প্ৰাৰম্ভিক জীৱন
ভাৰদ্বাজ ১৭ ছেপ্টেম্বৰ ১৯৯৭-ত মুম্বাইত জন্মগ্ৰহণ কৰে। তেওঁ মুম্বাইৰ জয় হিন্দ কলেজৰ পৰা স্নাতক সম্পন্ন কৰে। ভাৰদ্বাজে মিছ ডিভা ২০১৬ -ত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ ফাইনেলিষ্ট হৈছিল আৰু "য়ামাহা ফাচিনো মিছ টেলেণ্টেড" খিতাপ লাভ কৰিছিল।২
অভিনেত্ৰী হিচাপে
টেলিভিছন
| + | বছৰ | শিৰোনাম | চৰিত্ৰ | মন্তব্য | উৎস |
| ২০১৮ | India's Next Superstars | প্ৰতিযোগী | বিজয়ী | ৩ |
ৱেব ছিৰিজ
| + | বছৰ | শিৰোনাম | চৰিত্ৰ | মন্তব্য | উৎস |
| ২০২০ | পৱন এণ্ড পূজা | পূজা মাহেশ্বৰী | | ৪ |
| ২০২১–২০২৩ | মুম্বাই ডায়েৰীছ ২৬/১১ | ডাঃ দিয়া পাৰেখ | | ৫ |
| ২০২৩ | ইক্স নেক্সট ডোৰ | মেহেৰ কৌৰ চিক্কা | | ৬ |
সংগীত ভিডিঅ'
| + | বছৰ | শিৰোনাম | গায়ক | উৎস |
| ২০২২ | মান মেৰী জান | কিং | ৭ |
বঁটা আৰু মনোনয়ন
| + | বছৰ | বঁটা | শ্ৰেণী | কাম | ফলাফল | উৎস |
| ২০২২ | ভাৰতীয় টেলিভিছন একাডেমী বঁটা | OTT-ত শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী | মুম্বাই ডায়েৰীছ ২৬/১১ | | ৮ |