অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিহাৰিকা ৰায়জাদা

নিহাৰিকা ৰায়জাদা (ইংৰাজী: Niharica Raizada; জন্ম: ১৮ এপ্ৰিল ১৯৯০) এগৰাকী লাক্সেমবাৰ্গীয় অভিনেত্ৰী। তেওঁ ২০১০ চনৰ মিছ ইণ্ডিয়া ইউকে খিতাপ জয় কৰিছিল আৰু ২০১০ চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইডত ৰানাৰ্ছ-আপ হৈছিল। তেওঁ প্ৰাক্তন বলিউড সংগীতজ্ঞ অ' পি নায়াৰৰ নাতিনী।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

নিহাৰিকা ৰায়জাদা (ইংৰাজী ভাষা: Niharica Raizada; জন্ম: ১৮ এপ্ৰিল ১৯৯০) ১ এগৰাকী লাক্সেমবাৰ্গীয় অভিনেত্ৰী।২৩৪৫৬ তেওঁ ২০১০ চনৰ ফেমিনা মিছ ইণ্ডিয়া ইউকে খিতাপ জয় কৰিছিল আৰু ২০১০ চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইডত ৰানাৰ্ছ-আপ হৈছিল।৭ তেওঁ প্ৰাক্তন বলিউড সংগীতজ্ঞ অ' পি নায়াৰৰ নাতিনী। তেওঁ আইবি৭১, মাচান, ৬-৫=২, দামাদল,৮৯ টোটেল ধামাল১০ (২০১৮) আৰু সূৰ্যবংশী (২০ ২০২১) আদি চলচ্চিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

নিহাৰিকা সংগীত পৰিচালক অ' পি নায়াৰৰ নাতিনী।১১১২ ভাৰতীয় পিতৃ-মাতৃৰ সন্তান নিহাৰিকাৰ জন্ম আৰু লালন-পালন লাক্সেমবাৰ্গত হৈছিল। তেওঁৰ মাতৃভাষা ফৰাচী আৰু ইয়াৰ উপৰি তেওঁ লাক্সেমবাৰ্গীয়, জাৰ্মান, ইংৰাজী, স্পেনিছ আৰু হিন্দী ভাষা ক'ব পাৰে।১১৩১৪ তেওঁৰ ভগ্নী নিৰেখনা ৰায়জাদা আৰু এজন ভাতৃ অৱনীশ ৰায়জাদা আছে।১৫১৬ অৰ্হতা অনুসৰি তেওঁ এগৰাকী চিকিৎসা বিজ্ঞানী১৭ আৰু তেওঁ লণ্ডনৰ ইম্পেৰিয়েল কলেজত ট্ৰেন্সলেচনেল মেডিচিনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।১৮ ইয়াৰ পিছত তেওঁ ফুলব্ৰাইট জলপানিৰ অধীনত জনছ হপকিন্স বিশ্ববিদ্যালয়ত (বাল্টিমোৰ) কাৰ্ডিঅ'লজীৰ গৱেষণা কৰিছিল। তেওঁ নিউয়ৰ্ক ফিল্ম একাডেমীৰপৰা অভিনয়ৰ প্ৰশিক্ষণ লৈছিল।১ তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু বেলে নৃত্যৰো প্ৰশিক্ষণপ্ৰাপ্ত।১১৩ নিহাৰিকা ২০১০ চনত মিছ ইণ্ডিয়া ইউকেৰ খিতাপ জয় কৰাৰ লগতে মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড ২০১০-ৰ প্ৰথম ৰানাৰ্ছ-আপ আছিল।১৪ নিহাৰিকাই ফৰাচী ভাষাত চেম্বৰ ব্ৰেণ্ডৰ বাবে এটা গান মুক্তি দিছিল। তেওঁ ২০১৩ চনৰ টাইমছ ৫০ গৰাকী মোষ্ট ডিজায়াৰেবল ৱমেনৰ তালিকাত ৪৫ নম্বৰ স্থানত আছিল আৰু ২০১৫ চনত ৪৪ নম্বৰ স্থানলৈ উন্নীত হৈছিল।১৯

২০১৩ চনত নিহাৰিকাই বঙালী ছবি দামাদলৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।২০ তেওঁ ২০১৬ চনত গুজৰাটী ছবি ভাৰ টু এন আৰ আই জেত অভিনয় কৰিছিল।২১ নিহাৰিকাই ২০১৬ চনত কৃষ্ণা অভিষেকৰ সৈতে ফুল ২ জুগাডু নামৰ এখন ছবিত কাম কৰিছিল।২২২৩

তেওঁ লাক্সেমবাৰ্গ আৰু ভাৰতৰ মাজৰ এজন সন্মানীয় সাংস্কৃতিক আৰু কলা দূত।১৩

২০২৫ চনৰ ১৮ আগষ্টত জয়পুৰৰ জি ষ্টুডিঅ'ত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৫ ৰ গ্ৰেণ্ড ফিনালেত নিহাৰিকা ৰায়জাদাই জুৰী সদস্য হিচাপে অংশগ্ৰহণ কৰে।২৪

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
২০১৩দামাদলনৃত্যশিল্পীবঙালী ভাষা ভাষাৰ ছবি
২০১৪৬-৫=২প্ৰিয়া
২০১৫মাচানভ্ৰমণকাৰী ছোৱালী
এলোনঅনু
বেবীৰিপোৰ্টাৰ
এক কলিচুটি ছবি২৫
২০১৬ৱাৰিয়ৰ সাৱিত্ৰীসাৱিত্ৰী
ভাৰ টু এন আৰ আই জেতেজস্বিনীগুজৰাটী ভাষা ভাষাৰ ছবি
২০১৭দ্বাৰকাতেলুগু ভাষা ছবি; "আল্লাবি আল্লাবি" গীতত বিশেষ উপস্থিতি ২৬
২০১৯দ্য পাৰফেক্ট মাৰ্ডাৰকেৰলচুটি ছবি২৭২৮২৯
টোটেল ধামালড্ৰিম গাৰ্ল৩০
২০২১সূৰ্যবংশীপৰিদৰ্শক তাৰা মানচান্দানী৩১
হিমবেৰেন মিট চেনফযুৱতী পত্নীজাৰ্মান ভাষা ভাষাৰ ছবি৩২
২০২৩আইবি৭১এয়াৰ হষ্টেছ৩৩
২০২৪জন্ম ঋণমাৰাঠী ভাষা ভাষাৰ ছবি ৩৪
২০২৫আৰ্দ্ৰিকামালয়ালম ভাষা ভাষাৰ ছবি ৩৫

ৱেব ছিৰিজ

বৰ্ষৱেব ছিৰিজচৰিত্ৰভাষাটোকা
২০১৯আচল শব্দমিয়া গুপ্তাহিন্দী ভাষা
২০২১কয়োটছফৰাচী ভাষা৩২

তথ্যসূত্ৰ

  1. ↑ NIHARICA RAIZADA. Association des actrices et des acteurs du Luxembourg
  2. ↑ Bauldry, Jess. (28 June 2018). A Luxembourger in Bollywood. Delano
  3. ↑ Schulke, Sophia. (21 December 2018). Morgens Bollywood, nachmittags Forschung. Luxemburger Wort
  4. ↑ Kugener, Jean Claude. INDIA - LUXEMBOURG: VIBRANT INVESTMENT IN LONG TERM TIES. Chambre de Commerce Luxembourg
  5. ↑ Niharica Raizada. Human Capital Europe
  6. ↑ Gupta, Rachit. (28 June 2018). Actress Niharica Raizada's Luxembourg connection. The Times of India
  7. ↑ (27 December 2017). Miss India UK Niharica Raizada bags Madhuri Dixit, Ajay Devgn starrer Total Dhamaal. Deccan Chronicle
  8. ↑ She's no item girl!. The Telegraph (India)
  9. ↑ OP Nayyar's granddaughter Niharica to act in a comedy film. The Times of India
  10. ↑ Pauly, Serge. (7 December 2018). Mam Niharica Raizada, indesch Actrice mat Lëtzebuerger Wuerzelen. RTL Télé Lëtzebuerg
  11. ↑ (28 January 2017). 'Waarrior Savitri' gets a release date. The Times of India
  12. ↑ (14 November 2014). Niharica Raizada: It was not an easy job to trek. mid-day.com
  13. ↑ Paknikar, Sheetal. (23 January 2019). Niharica Raizada has hearts beating from Luxembourg to India!. Openingdoorz
  14. ↑ Sharma, Garima. (13 November 2014). Niharica Raizada: I like to be in the limelight. The Times of India
  15. ↑ Niharika Raizada Biography. CrunchWood
  16. ↑ (7 September 2023). Niharika Raizada WKND.in Cover Feature. WKND.in
  17. ↑ Musician O P Nayyar's cardiologist grand-daughter Niharica Raizada in an item number
  18. ↑ Page 21 Niharica Molecular Biosciences 2011 Postgraduate Awards
  19. ↑ (30 May 2014). Deepika Padukone: 2013's Most desirable woman. The Times of India
  20. ↑ Tollywood gets a new item girl. The Times of India
  21. ↑ Var To NRI J being shot in Vadodara. The Times of India
  22. ↑ कृष्णा और उनकी लीड एक्ट्रेस निहारिका रायजादा ने मीडिया से बातचीत की. Dainik Bhaskar
  23. ↑ Photos: Krushna Abhishek Starts Shooting for His Film Full2 Jugadu!. Dainik Bhaskar
  24. ↑ Venkatesh, Jyothi. (2025-08-21). Niharica Raizada Judging Miss Universe India in Jaipur. DeshWale
  25. ↑ Ek Kali - Short Film (HD) · Feat: Niharica Raizada, Hemant Somaiya, Aayan Shinde · YouTube
  26. ↑ "Allabi Allabi|Niharica Raizada" YouTube
  27. ↑ 'Doctoring' a perfect murder!. afternoondc.in
  28. ↑ Quest Mercury. (29 January 2019). The Perfect Murder - Crime Drama Short Film · YouTube
  29. ↑ TellyTalkIndia. (28 January 2019). The Perfect Murder short film screening · Hiba Nawab, Rohan Gandotra, Niharica Raizada & more
  30. ↑ Hoover, Mashoor. (18 January 2022). All About Niharica Raizada
  31. ↑ (11 May 2019). रोहित शेट्टी की फिल्म में नजर आएंगी निहारिका रायजादा?. mumbailive.com
  32. ↑ (23 February 2021). DE LUXEMBOURG À BOLLYWOOD. PREMIUM
  33. ↑ (13 January 2022). Vidyut Jammwal to star in and co-produce IB 71 with Bhushan Kumar; shoot begins. Bollywood Hungama
  34. ↑ (18 March 2024). Janma Runn Movie (2024): Cast, Trailer, OTT, Songs, Release Date · Exclusive 2024 - Rang Marathi. Rang Marathi
  35. ↑ (2024-04-22). Malayalam Film Aadrika's Director Abhijit Adhya Sets Buzz at Mumbai Event with Shakun Batra. www.aninews.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীসৌন্দৰ্য প্ৰতিযোগীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীগুজৰাটী চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিহাৰিকা ৰায়জাদা” প্ৰবন্ধৰ সংশোধন ৬৩৪৯১১ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।