নিগাৰ খান (ইংৰাজী ভাষা: Nigaar Khan; জন্ম: ২ মে' ১৯৭৯)১ এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী, যি মূলতঃ তেওঁৰ খলনায়ক চৰিত্ৰসমূহৰ চিত্ৰায়ণৰ বাবে পৰিচিত।২৩
প্ৰাৰম্ভিক জীৱন

খানৰ জন্ম আৰু লালন-পালন মহাৰাষ্ট্ৰৰ পুনেত হৈছিল। তেওঁ মডেল তথা অভিনেত্ৰী গৌহৰ খানৰ জ্যেষ্ঠ ভগ্নী।৪৫৬
কৰ্মজীৱন
২০০৮ চনত খানে ভাৰতীয় ক্ৰিকেটাৰ দিনেশ কাৰ্তিকৰ সৈতে নৃত্য প্ৰতিযোগিতামূলক অনুষ্ঠান এক খিলাড়ী এক হাছিনাত অংশগ্ৰহণ কৰিছিল।৭ অনুষ্ঠানটোৰ এটা খণ্ডত "ৱহ লড়কী হ্যায় কাহাঁ" (দিল চাহতা হ্যায়) গীতত তেওঁলোকৰ নৃত্যক বিচাৰক সুস্মিতা সেন আৰু ৱাচিম আক্ৰামৰ লগতে দৰ্শকেও যথেষ্ট প্ৰশংসা কৰিছিল।৮
২০১১ চনত ৰিয়েলিটী শ্ব' দ্য খান চিষ্টাৰ্ছত খান আৰু তেওঁৰ ভগ্নী গৌহৰৰ জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। পিছৰ বছৰত খানক সচ্চ কা চামনা অনুষ্ঠানত দেখা গৈছিল। তেওঁ লাভ ষ্ট'ৰী নামৰ অনুষ্ঠানটোৰ আঁত ধৰিছিল,৯ য’ত বলীউডৰ কিছু প্ৰেম কাহিনী প্ৰদৰ্শন কৰা হৈছিল। খানে কাহিনীসমূহ উপস্থাপন কৰিছিল আৰু বিভিন্ন তাৰকাসকলৰ সাক্ষাৎকাৰ লৈছিল।১০
২০১৩ চনত খানে ভিজে এণ্ডী, ৰাগিনী খান্না আৰু চানায়া ইৰাণীৰ সৈতে ৰিয়েলিটী শ্ব' ৱেলকাম – বাজী মেহমান-নৱাজী কীত অংশ লৈছিল।১১১২ ২০১৩ চনৰ ছেপ্টেম্বৰৰপৰা খানে গৌতম বুদ্ধৰ জীৱনৰ ওপৰত আধাৰিত পৌৰাণিক ধাৰাবাহিক বুদ্ধত অভিনয় কৰিছিল। ইয়াত তেওঁ বুদ্ধৰ পেহীয়েক আৰু দেৱদত্তৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।১৩
২০১৪ চনৰ নৱেম্বৰত নিগাৰে ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে বিগ বছ ৮ত অংশগ্ৰহণ কৰিছিল। তেওঁ তাত ২ সপ্তাহ আছিল।
২০১৬ চনৰ জুন মাহত তেওঁ এছ এ বি টিভিৰ শিশুৰ অনুষ্ঠান বাল বীৰত প্ৰচণ্ডিকা নামৰ এগৰাকী দুষ্ট পৰীৰ চৰিত্ৰত অভিনয় কৰি টেলিভিশ্যনলৈ প্ৰত্যাৱৰ্তন কৰে।
তথ্যসূত্ৰ
- ↑ Navdeep Kaur Marwah. (18 October 2011). TV show on Gauhar and Nigaar Khan. Hindustan Times
- ↑ (30 January 2014). I was born to do negative roles: Nigaar Khan - Times Of India. The Times of India
- ↑ (28 January 2014). Nigaar Khan joins Taarak Mehta Ka Ooltah Chashmah - Times Of India. The Times of India
- ↑ Negaar & Gauhar Khan: The Indian Kardashians. The Times of India
- ↑ (28 December 2013). Tanishaa-Gauahar can be good friends: Nigaar Khan - The Times of India. The Times of India
- ↑ (7 February 2012). Nigar and Gauhar Khan's sister pact. The Times of India
- ↑ Bandekar, Prathamesh. (31 January 2009). Nigaar Khan 2 of 7. The Times of India
- ↑ (9 October 2008). When Nigaar got emotional. The Times of India
- ↑ Patel, Ano. (10 July 2012). I am not ashamed of my life: Nigaar Khan. The Times of India
- ↑ Patel, Ano. (16 July 2012). I don't like the term – item girl: Nigaar Khan. The Times of India
- ↑ Saxena, Poonam. (1 February 2013). Fact and fiction meet in a new show on DD. Hindustan Times
- ↑ Dipti Nagpaul-D'Souza. (1 February 2013). Dining with the Stars. The Indian Express
- ↑ (25 September 2013). I can't dance in a two-piece: Nigaar Z. Khan. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিগাৰ খান” প্ৰবন্ধৰ সংশোধন ৫৯৯৩২০ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।