দুশাৰা বিজয়ন (ইংৰাজী ভাষা: Dushara Vijayan; জন্ম: ১৪ অক্টোবৰ ১৯৯৭)১২ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষা চলচ্চিত্ৰত কাম কৰে। তেওঁ বোধাই এৰি বুদ্ধি মাৰি (২০১৯) নামৰ তামিল ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল আৰু সাৰপাট্টা পৰম্বৰাই (২০ ২০২১), নক্ষত্ৰম নগৰগিৰধু (২০২২), ৰায়ন (২০২৪) আৰু ভেট্টায়ান (২০২৪) ছবিত কৰা অভিনয়ৰ বাবে স্বীকৃতি লাভ কৰিছিল।৩৪ ২০২২ চনৰ ছবি নক্ষত্ৰম নগৰগিৰধুত আগবঢ়োৱা অভিনয়ৰ বাবে ২০২৬ চনৰ জানুৱাৰ মাহত তেওঁ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ (বিশেষ বঁটা) সন্মান লাভ কৰে।৫
কৰ্মজীৱন
দিণ্ডিগুলৰ স্থানীয় ডি এম কে কোষাধ্যক্ষ কে. বিজয়ৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰা দুশাৰাই প্ৰথমতে অভিযান্ত্ৰিক ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল, কিন্তু পিছলৈ সেয়া আধাতে এৰি ফেশ্বন ডিজাইনৰ শিক্ষা গ্ৰহণ কৰে।৬ তেওঁ নৱাগতসকলৰদ্বাৰা নিৰ্মিত ছবি বোধাই এৰি বুদ্ধি মাৰি (২০১৯) যোগে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু ইয়াৰ পিছত এটা কুকুৰৰ ওপৰত আধাৰিত ছবি অন্বুল্লা গিল্লী (২০২২) ত কাম কৰে।৭৮
দুশাৰাৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট আছিল ক্ৰীড়া ড্ৰামা সাৰপাট্টা পৰম্বৰাই (২০২১), য’ত তেওঁ ১৯৭০ চনৰ মাদ্ৰাজৰ এগৰাকী তেজস্বী মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। পৰিচালক পা. ৰঞ্জিতে টুইটাৰত তেওঁৰ এখন ফটো দেখি বিছ মিনিটৰ এটা অডিশ্যনৰ বাবে মাতিছিল আৰু তাৰ পিছতেই তেওঁক এই ছবিৰ বাবে নিৰ্বাচিত কৰা হৈছিল। প্ৰথম অৱস্থাত নিশ্চিত নহ’লেও ৰঞ্জিতে পিছলৈ তেওঁক সেই চৰিত্ৰটোৰ বাবে বাছনি কৰে। ছবিখনৰ প্ৰস্তুতিৰ বাবে তেওঁ উত্তৰ চেন্নাইৰ কথিত ভাষা শিকিছিল আৰু চৰিত্ৰটোৰ বিশেষ আচৰণসমূহ আয়ত্ত কৰিছিল।৯ ছবিখনে ইতিবাচক সঁহাৰি লাভ কৰাৰ লগতে দুশাৰাৰ অভিনয়কো ভূয়সী প্ৰশংসা কৰা হয়।১০
পৰৱৰ্তী সময়ত দুশাৰাক পা. ৰঞ্জিতৰ ৰোমাণ্টিক ড্ৰামা নক্ষত্ৰম নগৰগিৰধু (২০২২) আৰু অৰ্জুন দাসৰ বিপৰীতে বসন্তবালানৰ থ্ৰিলাৰ ছবি অনীতি (২০২৩) ত দেখা গৈছিল।১১১২ ২০২৪ চনত তেওঁ ধনুশৰ এক্সন ড্ৰামা ৰায়নত অভিনয় কৰে আৰু ইয়াৰ বাবে সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।১৩ দুশাৰা বিজয়নে ভেট্টায়ান (২০২৪) ছবিত ৰজনীকান্তৰ সৈতে চৰণ্যা নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে।১৪ ২০২৫ চনৰ ছবি বীৰা ধীৰা শূৰন: পাৰ্ট ২ ত তেওঁ বিক্ৰমৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে।১৫
তথ্যসূত্ৰ
- ↑ Instagram. instagram.com
- ↑ Mishra, Baisakhi. (3 October 2024). Meet actor who wants to quit acting at 35, left engineering to pursue fashion design, and has worked with Dhanush. PINKVILLA
- ↑ efhttps://www.reporterlive.com
- ↑ 2.0, ദര്ബാര്, ലാല് സലാം ദേ ഇപ്പോള് വേട്ടൈയനും.. ലൈക്കയുടെ നഷ്ടം നികത്താന് അഞ്ചാമത്തെ സിനിമയും കമ്മിറ്റ് ചെയ്ത് രജിനികാന്ത്
- ↑ (30 January 2026). Dushara Vijayan wins State Film Award for Best Actress for 'Natchathiram Nagargiradhu'. The Times of India
- ↑ Meet actor who wants to quit acting at 35... Pinkvilla
- ↑ (28 August 2021). Meet Kollywood's Newbie, Dushara Vijayan. femina.in
- ↑ Subramanian, Anupama. (24 February 2019). From modelling to tinsel town. Deccan Chronicle
- ↑ (21 July 2021). 'Sarpatta Parambarai' changed me as a person: Dushara Vijayan. The New Indian Express
- ↑ (27 July 2021). I still can't move on from being Mariyamma: Dushara Vijayan. dtNext.in
- ↑ (28 July 2021). Dushara to team up with Pa Ranjith again for 'Natchathiram Nagargirathu'. The Times of India
- ↑ (10 September 2021). Aneethi teaser: Arjun Das hunts for blood in Vasanthabalan's next. Cinema Express
- ↑ (26 July 2024). Raayan movie review: Dhanush crafts an almost compelling film that needed a lot more heft. The Indian Express
- ↑ 'Vettaiyan' makers reveal character glimpses of Dushara Vijayan and Ritika Singh from the film. The Times of India
- ↑ Veera Dheera Sooran Review: Impactful But Drags. M9.News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুশাৰা বিজয়ন” প্ৰবন্ধৰ সংশোধন ৫৯৩৬৭৫ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।