নিমিষা মেহতা১২ (ইংৰাজী ভাষা: Nimisha Mehta; জন্ম: ১৯৮৮ বা ১৯৮৯ চনত) এগৰাকী ভাৰতীয় গুজৰাটী ভাষা মূলৰ ব্ৰিটিছ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী, যি হিন্দী ভাষা চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত। তেওঁ ২০১৬ চনত ডেজ অফ টাফ্ৰী (গুজৰাটী ভাষা হিট ছবি চেল্ল’ দিৱসৰ ৰিমেক)ৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।৩৪ তেওঁ ধাৰাবাহিক এ.আই.এচ.এইচ.এ মাই ভাৰ্চুৱেল গাৰ্লফ্ৰেণ্ডত আয়েশা চৰিত্ৰত কৰা অভিনয়ৰ বাবেও জনাজাত।
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
মেহতাৰ জন্ম ১৯৮৮ বা ১৯৮৯ চনত গুজৰাটৰ আহমেদাবাদত পিতৃ বীৰেন আৰু মাতৃ নীলমাৰ গৰ্ভত হৈছিল। তেওঁৰ ২ বছৰ বয়সতে পৰিয়ালটো লণ্ডনলৈ স্থানান্তৰিত হয়। তেওঁৰ কৃপালী শ্বাহ নামৰ এগৰাকী ডাঙৰ ভগ্নী আছে। নিমিষাই লণ্ডনত স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু ৱেষ্টমিনিষ্টাৰ বিশ্ববিদ্যালয়ৰপৰা আইন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। পঢ়া-শুনাৰ সমান্তৰালভাৱে তেওঁ লণ্ডনত মডেলিং আৰু অভিনয়ৰ সৈতেও জড়িত আছিল। তেওঁ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড প্ৰতিযোগিতাৰ অংশ হিচাপে ২০১৩ চনত 'মিছ ইণ্ডিয়া লণ্ডন' খিতাপ অৰ্জন কৰিছিল।৫৬
কৰ্মজীৱন
তেওঁ ভূষণ গৌৰৰ পৰিচালনাত নিৰ্মিত ইংৰাজী চুটি ছবি দেয়াৰ উইল বি টুমৰোত সাহিল সালাথিয়াৰ বিপৰীতে অভিনয় কৰিছে।৭ ছবিখনক ২০১৬ চনত গোৱাত অনুষ্ঠিত এইচআইভি ৱৰ্ল্ড কংগ্ৰেছত পুৰস্কৃত কৰা হৈছিল।৮
মেহতাই ২০১৬ চনৰ কমেডী ছবি ডেজ অফ টাফ্ৰীত পূজাৰ চৰিত্ৰত অভিনয় কৰি হিন্দী চলচ্চিত্ৰত অভিষেক ঘটায়।৩ ইয়াৰ উপৰি অভিনেত্ৰীগৰাকীয়ে বিজ্ঞানভিত্তিক থ্ৰিলাৰ ৱেব ধাৰাবাহিক এ.আই.এচ.এইচ.এ মাই ভাৰ্চুৱেল গাৰ্লফ্ৰেণ্ডৰ দুটা ছিজনত অভিনয় কৰিছে।
চলচ্চিত্ৰপঞ্জী
| + | বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | টোকা | ৰেফাৰেন্স |
| ২০১৬ | শ্বকাৰ্ছ | ডিজনি+ হটষ্টাৰ ৱেব ধাৰাবাহিক | |||
| ২০১৬ | ডেজ অফ টাফ্ৰী | প্ৰিয়া | |||
| ২০১৬–২০১৯ | এ.আই.এচ.এইচ.এ মাই ভাৰ্চুৱেল গাৰ্লফ্ৰেণ্ড | এ.আই.এচ.এইচ.এ | আৰে ৱেব ধাৰাবাহিক | ||
| ২০১৬–২০২০ | ফ’ৰ ম’ৰ শ্বটছ প্লীজ! | মাইৰা | ৪টা খণ্ড | ||
| ২০১৯ | ঝুঠা কহি কা | ৰিয়া মেহতা | |||
| ২০২১ | আপকে কমৰে মে কোই ৰহতা হে | তৰুণী | এমএক্স প্লেয়াৰ ৱেব ধাৰাবাহিক |
তথ্যসূত্ৰ
- ↑ Nimisha Mehta (Actress) – Profile
- ↑ nimisha-mehta - Asiana.tv
- ↑ (22 September 2016). Interview: Nimisha Mehta Talks About 'Days of Tafree'
- ↑ (2 September 2016). Its a task for star kids to make a mark in Bollywood: Nimisha. Business Standard. Press Trust of India
- ↑ Walters, Max. Kenton actress in the running for Miss India UK title
- ↑ (6 October 2012). Actress crowned Miss India UK North London
- ↑ (31 May 2016). A film that gives you hope: Bhushan Gaur · Latest News & Updates at Daily News & Analysis. dna
- ↑ (1 April 2016). Creating a better tomorrow & Updates at Daily News & Analysis
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিমিষা মেহতা” প্ৰবন্ধৰ সংশোধন ৫৯১৭৭৩ (২১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।