অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পায়েল ঘোষ

পায়েল ঘোষ (জন্ম ১৯৮৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মুখ্যতঃ তেলেগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ মহিলা শাখাৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পায়েল ঘোষ (জন্ম ১৯৮৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মুখ্যতঃ তেলুগু ভাষা আৰু হিন্দী ভাষা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ মহিলা শাখাৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১

প্ৰাৰম্ভিক জীৱন

পায়েল ঘোষে কলিকতাস্থিত ছেইণ্ট পলছ মিছন স্কুলত অধ্যয়ন কৰে।২ তেওঁ স্কটিছ চাৰ্চ কলেজ, কলকাতা পৰা ৰাজনীতি বিজ্ঞানত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ মুম্বাইত বসবাস কৰি পেচাগত কামত নিয়োজিত।

অভিনয় জীৱন

১৭ বছৰ বয়সত পায়েল ঘোষে এগৰাকী বন্ধুৰ সৈতে শ্বাৰপচ পেৰিল নামৰ বিবিচি টেলিফিল্মখনৰ অডিচনত অংশ লয় আৰু তাতেই অভিনয়ৰ সুযোগ লাভ কৰে। এই ঐতিহাসিক চলচ্চিত্ৰখনত তেওঁ বংগৰ এগৰাকী বিপ্লৱী স্বাধীনতা সংগ্ৰামীৰ কন্যাৰ ভূমিকাত অভিনয় কৰে।

পাছত তেওঁ এখন কানাডিয়ান চলচ্চিত্ৰত অভিনয় কৰে, য’ত তেওঁ এগৰাকী ছাত্ৰীৰ চৰিত্ৰ ৰূপায়ণ কৰে।৩

পিতৃ-মাতৃৰ আপত্তিৰ পিছতো কলেজৰ বন্ধৰ সময়ত তেওঁ কলকাতা এৰি মুম্বাইলৈ যায় আৰু অভিনেতা নমিত কিশোৰৰ অভিনয় একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে। তাতেই পৰিচালক চন্দ্ৰ শেখৰ ইয়েলেটিৰ সৈতে পৰিচয় হৈ তেওঁ তেলেগু চলচ্চিত্ৰ প্ৰয়াণমত মুখ্য ভূমিকাত অভিনয়ৰ সুযোগ লাভ কৰে।

ইয়াৰ পাছত তেওঁ মিষ্টাৰ ৰাচকেল, ওছাৰাভেল্লী আৰু কন্নড় চলচ্চিত্ৰ বৰ্ষাধাৰেত অভিনয় কৰে। তেওঁ প্ৰথম তামিল চলচ্চিত্ৰ থেৰ’ডাম ভিদিয়িলেত অভিনয় কৰে আৰু ২০১২ চনত বিবেক অগ্নিহোত্ৰীৰ হিন্দী চলচ্চিত্ৰ ফ্ৰিডমত নিৰ্বাচিত হয়।৪

২০১৭ চনত তেওঁৰ অভিনীত হিন্দী চলচ্চিত্ৰ পেটেল কী পঞ্জাবী সাথী মুক্তি লাভ কৰে।

২০২০ চনৰ এপ্ৰিল মাহত তেওঁ আৰ্থিক সংকটত ভুগি থকা বুলি প্ৰকাশ কৰে।৫

মানহানি মামলা

২৩ ছেপ্টেম্বৰ ২০২০ তাৰিখে পায়েল ঘোষে পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।৬ এই অভিযোগৰ পাছত বিষয়টো দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰে।

পাছত অভিনেত্ৰী ৰিচা চন্দায়ে পায়েল ঘোষৰ বিৰুদ্ধে মানহানিৰ মামলা ৰুজু কৰে আৰু পৰৱৰ্তী সময়ত পায়েল ঘোষে নিঃশৰ্ত ক্ষমা বিচাৰে।৭

ৰাজনৈতিক জীৱন

২৬ অক্টোবৰ ২০২০ তাৰিখে পায়েল ঘোষে ৰামদাস আঠাৱালেৰ নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ত যোগদান কৰে আৰু সেইদিনাই দলটোৰ মহিলা শাখাৰ উপ-সভানেত্ৰী হিচাপে নিযুক্ত হয়।৮

ফিল্ম'গ্ৰাফী

চলচ্চিত্ৰসমূহ

চনশীৰ্ষকভূমিকাভাষাটোকা
২০০৮শ্বাৰপচ পেৰিলপেডমেইংৰাজীব্ৰিটিছ চলচ্চিত্ৰ
২০০৯প্ৰিয়মহৰিকাতেলেগু
২০১০বৰ্ষাধাৰেমিথিলীকন্নড়
২০১১ওছাৰাভেল্লীচিত্ৰাতেলেগু
মিষ্টাৰ ৰাচকেলসৌন্দৰ্য
২০১৭পেটেল কী পঞ্জাবী সাথীপূজাহিন্দী

টেলিভিছন

চনশীৰ্ষকভূমিকাচেনেল
২০১৬সাথ নিভানা সাথিয়েৰাধিকাষ্টাৰ প্লাছ

তথ্যসূত্ৰ

  1. ↑ (28 January 2017). Payal Ghosh makes her debut with industry veterans-Times of India. TimesofInia.indiantimes.com
  2. ↑ (3 September 2010). Southern Sirens. The Telegraph (India)
  3. ↑ k.r. manigandan. (16 September 2012). A step forward. The Hindu
  4. ↑ (22 December 2012). Payal ghosh to make her Bollywood debut. The Times of India
  5. ↑ Payal Ghosh is 'financially broken, living a life never imagined'. MSN
  6. ↑ Payal Ghosh: Anurag Kashyap got naked in front of me. Times of India
  7. ↑ Payal Ghosh Tenders Unconditional Apology To Richa Chadha. livelaw.in
  8. ↑ Actor Who Accused Anurag Kashyap Of Rape Joins Ramdas Athawale's Party. NDTV

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় ৰাজনীতিবিদহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পায়েল ঘোষ” প্ৰবন্ধৰ সংশোধন ৫৭৪৯৫২ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।