নিমৃত কৌৰ আহলুৱালিয়া (ইংৰাজী ভাষা: Nimrit Kaur Ahluwalia; জন্ম: ১১ ডিচেম্বৰ ১৯৯৪), যাক নিমৃত আহলুৱালিয়া নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে।১ তেওঁ ফেমিনা মিছ মণিপুৰ (২০১৮) খিতাপ জয় কৰিছিল আৰু ফেমিনা মিছ ইণ্ডিয়া ২০১৮-ৰ শীৰ্ষ ১২ গৰাকী প্ৰতিযোগীৰ ভিতৰত আছিল।২ তেওঁ ‘চোটি চৰ্দাৰনী’ ধাৰাবাহিকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে আৰু ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৬’ তথা ‘খতৰো কে খিলাড়ী ১৪’-ত অংশগ্ৰহণৰ বাবেও তেওঁ পৰিচিত।
প্ৰাৰম্ভিক জীৱন
আহলুৱালিয়াৰ জন্ম ১৯৯৪ চনৰ ১১ ডিচেম্বৰত নতুন দিল্লীত হৈছিল।৩ শিক্ষা জীৱনত তেওঁ নিজৰ ওজনৰ বাবে সহপাঠীৰদ্বাৰা ইতিকিং (bullying) বা উপলুঙাৰ বলি হৈছিল, যিয়ে তেওঁৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাইছিল।৪
কৰ্মজীৱন
মডেলিং কেৰিয়াৰ আৰম্ভ কৰি ২০১৮ চনত ফেমিনা মিছ মণিপুৰ খিতাপ জয় কৰাৰ পাছত তেওঁ বি প্ৰাকৰ সংগীত ভিডিঅ’ ‘মস্তানী’-ত অভিনয় কৰে, যিয়ে তেওঁৰ মনোৰঞ্জন জগতৰ কেৰিয়াৰক আগুৱাই লৈ যায়।৫
২০১৮ চনত প্ৰিয়কান্ত লাইশ্ৰামৰ শিক্ষামূলক ছবি ‘হু ছেইড বয়জ কাণ্ট ৱেৰ মেকআপ?’-ত আহলুৱালিয়াই অভিনয় কৰিছিল।৬
২০১৯ চনত তেওঁ ধাৰাবাহিক ‘চোটি চৰ্দাৰনী’-ত অভিনয় কৰে, যিটো তেওঁৰ কেৰিয়াৰৰ এটা গুৰুত্বপূৰ্ণ মোৰ হিচাপে প্ৰমাণিত হয়। তেওঁ মেহৰ ধিলন আৰু সেহৰ গিলৰ চৰিত্ৰত কৰা অভিনয়ে ২০২২ চনত ধাৰাবাহিকখন শেষ নোহোৱালৈকে তেওঁক ঘৰে ঘৰে জনপ্ৰিয় কৰি তুলিছিল।৭৮ ২০২১ চনত তেওঁ বনেট দচাঞ্জৰ ‘চিৰিয়াছ’ নামৰ এটা সংগীত ভিডিঅ’ত অভিনয় কৰে।৯
২০২২ চনৰপৰা ২০২৩ চনলৈ আহলুৱালিয়াই কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৬’-ত অংশগ্ৰহণ কৰে,১০ য’ত তেওঁ ফাইনেল সপ্তাহত বাহিৰ হয় আৰু ষষ্ঠ স্থান লাভ কৰে।১১ ২০২৪ চনত তেওঁ ‘খতৰো কে খিলাড়ী ১৪’-ত এগৰাকী প্ৰতিযোগী হিচাপে অংশ লয়।
নিমৃতে গুৰু ৰান্ধাৱাৰ বিপৰীতে পঞ্জাবী ছবি ‘শৌনকী চৰ্দাৰ’ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিব।১২
তথ্যসূত্ৰ
- ↑ (June 7, 2021). Choti Sardarni's Nimrit Kaur Ahluwalia opens up on mental health; writes 'There were endless days of not wanting to wake up and feeling claustrophobic'. The Times of India
- ↑ Nimrit Kaur Ahluwalia Shares Her Transformational Journey After Femina Miss India 2018 - Beauty Pageants - Indiatimes
- ↑ (2022-12-11). Nimrit Kaur Ahluwalia Receives Wishes on her 28th Birthday From Rumoured Boyfriend Mahir Pandhi. news.abplive.com
- ↑ (2020-04-09). Exclusive - I was fat-shamed and bullied in college, says Choti Sardarni's Nimrit Kaur Ahluwalia. The Times of India
- ↑ 'Masstaani': B Praak's latest has a strong message. The Times of India
- ↑ (16 April 2023). 2018 Manipuri film Who Said Boys Can't Wear Makeup is no less than a revolution. Imphal Times
- ↑ Maheshwri, Neha. Exclusive! I had to be fair to myself: Nimrit Kaur Ahluwalia on quitting Choti Sarrdaarni. The Times of India
- ↑ (October 12, 2021). Actress Nimrit Kaur Ahluwalia says social media should never become criteria for judging TV actors. PINKVILLA
- ↑ Nimrit Kaur Ahluwalia to grace the 'Khatra Khatra Khatra' show - Beauty Pageants - Indiatimes. Femina Miss India
- ↑ Bigg Boss 16 contestant Nimrit Kaur Ahluwalia: Here's all you need to know about the Choti Sardarni actress. The Times of India
- ↑ Bigg Boss 16: After Nimrit Kaur Ahluwalia's Surprise Exit, Here Are The 5 Finalists. NDTV.com
- ↑ Nimrit Kaur Ahluwalia, set for a debut with Punjabi film Shaunki Sardar, believes one must be open to new experiences in life. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিমৃত কৌৰ আহলুৱালিয়া” প্ৰবন্ধৰ সংশোধন ৫৯৯৩২৮ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।