অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিশা পাৰমাৰ

দিশা পাৰমাৰ বৈদ্য (Disha Parmar Vaidya; জন্ম: ১১ নৱেম্বৰ ১৯৯৪) হিন্দী টেলিভিছন জগতৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১২ চনত অভিনয়ত আত্মপ্ৰকাশ কৰা দিশাই প্যাৰ কা দৰদ হায় মীথা মীথা প্যাৰা প্যাৰা ছবিখনত পংকুৰি গুপ্তাৰ চৰিত্ৰত অভিনয় কৰি পৰিচয় লাভ কৰে।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৫ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দিশা পাৰমাৰ বৈদ্য (Disha Parmar Vaidya; জন্ম: ১১ নৱেম্বৰ ১৯৯৪) হিন্দী টেলিভিছন জগতৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১২ চনত অভিনয়ত আত্মপ্ৰকাশ কৰা দিশাই প্যাৰ কা দৰদ হায় মীথা মীথা প্যাৰা প্যাৰা ছবিখনত পংকুৰি গুপ্তাৰ চৰিত্ৰত অভিনয় কৰি পৰিচয় লাভ কৰে। বড়ে অচ্ছে লগাতে হায় ২ত প্ৰিয়া ছুদৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বহুল স্বীকৃতি লাভ কৰে।১২

প্ৰাৰম্ভিক জীৱন

দিশা পাৰমাৰে ১৯৯৪ চনৰ ১১ নৱেম্বৰত নতুন দিল্লীত জন্মগ্ৰহণ কৰিছিল।৩ পৰৱৰ্তী সময়ত তেওঁ দিল্লীৰ সাধু বাসৱানী ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। উচ্চতৰ মাধ্যমিক শিক্ষাৰ সময়ছোৱাত তেওঁ নৃত্য প্ৰতিযোগিতা, নাটক আৰু ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিছিল।৪

দিল্লীত কেইবাটাও ছপা আৰু বাণিজ্যিক বিজ্ঞাপনত পাৰমাৰে অভিনয় কৰিছিল। দিশাই বিজনেছ মাৰ্কেটিঙত স্নাতক শিক্ষা লাভ কৰি আছিল যদিও ধাৰাবাহিক 'প্যাৰ কা দৰ্দ হায় মীথা মীথা প্যাৰা প্যাৰা'ৰ বাবে নিৰ্বাচিত হোৱাত দিশাই স্নাতক অধ্যয়ন মাজভাগত এৰি থৈ যায়।৫৬

ব্যক্তিগত জীৱন

গায়ক ৰাহুল বৈদ্যই তেওঁৰ জন্মদিনত দিশা পৰমাৰক বিবাহৰ প্ৰস্তাৱ দিছিল, বিগ বছ ১৪ত তেওঁৰ অংশগ্ৰহণৰ সময়ছোৱাত।৭৮ পাৰমাৰে ২০২১ চনৰ ১৬ জুলাইত মুম্বাইত বৈদ্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৯১০

কেৰিয়াৰ

এবছৰ ধৰি পাৰমাৰে দিল্লীস্থিত কোম্পানী এলিট মডেল মেনেজমেণ্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেডত কাম কৰিছিল। তেওঁ ৰাজশ্ৰী প্ৰডাকচনৰ বাবে অডিচনৰ আয়োজন কৰে।

অডিচনৰ বাবে নামভৰ্তি কৰি প্যাৰ কা দৰ্দ হায় মীথা মীথা প্যাৰা প্যাৰা ধাৰাবাহিকত পাংকুৰিৰ মুখ্য চৰিত্ৰৰ বাবে দিশা নিৰ্বাচিত হয়। সেই সময়ত তেওঁৰ বয়স আছিল ১৭ বছৰ।১১ সহ-অভিনেতা নকুল মেহতাৰ সৈতে আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেওঁ প্ৰশংসা লাভ কৰিছে।ধাৰাবাহিকখনৰ লগতে দিশাই সমান্তৰালভাৱে বিজ্ঞাপনতো কাম কৰি থাকিল।১২ She continued working in commercials along with the serial.১৩

২০১৬ চনত পাৰমাৰে আৰ্‌ৰেৰ দ্বাৰা মুকলি হোৱা ৱেব ধাৰাবাহিক আই ডন'ট ৱাচ টিভিত অভিনয় কৰে।১৪ ২০১৭ চনত জি টিভিৰ দৈনিক ধাৰাবাহিক ৱহ আপনা সাত জিয়া/জাহ্নৱীৰ মুখ্য চৰিত্ৰত অভিনয় কৰে।১৫

ৰাহুল বৈদ্যৰ সৈতে মিউজিক ভিডিঅ' "য়াদ তেৰী" আৰু "মাধন্যা" দুয়োটাতে দিশাই অভিনয় কৰিছিল। পিছলৈ ২০১৪ চনত বক্স ক্ৰিকেট লীগত খেলুৱৈ হিচাপে তেওঁক দেখা যায়। ভেলেন্টাইন ডে'ত প্ৰেমিক ৰাহুল বৈদ্যক লগ কৰিবলৈ বিগ বছ ১৪ত অতিথি হিচাপেও অংশগ্ৰহণ কৰে।১৬

২০২১ চনৰ আগষ্ট মাহৰ পৰা পাৰমাৰে একতা কাপুৰৰ বড়ে আচ্ছে লগা হায় ২ত প্ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে।১৭ দিশাই অভিনয়ৰ বাবে ইতিবাচক সমালোচনা লাভ কৰে আৰু মেহতাৰ সৈতে আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ বহুল প্ৰশংসিত হয়।১৮

বঁটা আৰু মনোনয়ন

বৰ্ষবঁটাশ্ৰেণীকৰ্মফলাফলতথ্যসূত্ৰত
২০১৩ভাৰতীয় টেলি বঁটানতুন মুখ-মহিলাপ্যাৰ কা দৰ্দ হ্যেয় মিঠা মিঠা প্যাৰা' | |১৯ |- | বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটা |বৰ্ষটোৰ মনোৰঞ্জনকাৰী (মহিলা) | | |- |২০১৪ |ভাৰতীয় টেলি বঁটা |টিভিৰ শ্ৰেষ্ঠ প্ৰেমিকযুগল,নকুল মেহতাৰ সৈতে | |২০ |- |rowspan="3"|২০২২ |ভাৰতীয় টেলিভিছন একডেমী বঁটা |জনপ্ৰিয় অভিনেত্ৰী (ড্ৰামা) |rowspan="3"|বড়ে অচ্চে লগতে হ্যেয়''২১
ভাৰতীয় টেলিভিছন একাডেমী বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী-ড্ৰামা২২
গোল্ড বঁটামুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়-মহিলা২৩

তথ্যসূত্ৰ

  1. ↑ Tiwari, Vijaya. (12 August 2013). Revelations and marred relations in Pyaar Ka Dard.. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (11 November 2020). Who is Disha Parmar everything you need to know about Bigg Boss 14 contestant Rahul Vaidya's ladylove. Zee News
  3. ↑ Rahul Vaidya shares romantic pictures from Kashmir wishes birthday girl Disha Parmar with this adorable post. India Times
  4. ↑ तारा सुतारिया पर भारी पड़ गई राहुल वैघ की दुल्हनिया, पिंक लहंगा पहन यूं चुरा ले गई दिल. Navbharat Times
  5. ↑ Disha Parmar ने आखिर 17 साल की उम्र में क्यों छोड़ दी थी पढ़ाई?, अब 'प्रिया' बन जीत रही हैं सबका दिल. ABP News
  6. ↑ (20 August 2013). TV actresses wish Happy Raksha Bandhan!. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ (11 November 2020). Bigg Boss 14's Rahul Vaidya proposed to girlfriend Disha Parmar for marriage on national TV; a look at their adorable relationship. The Times of India
  8. ↑ (20 July 2021). Rahul Vaidya, Disha Parmar get married: Looking at their intimate wedding ceremony, grand reception in Mumbai
  9. ↑ (20 July 2021). Rahul Vaidya And Disha Parmar Are Now Married. Pics Here
  10. ↑ (16 July 2021). Rahul Vaidya Wedding Photos and Disha Parmar Marriage Images & Pictures: Rahul Vaidya and Disha Parmar look made for each other in their dreamy wedding photos. The Times of India
  11. ↑ (PHOTOS) Disha Parmar is one of the hottest divas of the telly world; these glamorous clicks are proof!. zoomtventertainment.com
  12. ↑ (15 August 2013). I-Day special: Drashti, Vivian, Surabhi, Hina wish fans. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ 5 Times Disha Parmar's gorgeous pink outfits made us crush hard on her. pinkvilla.com
  14. ↑ I Don't Watch TV | #LaughterGames
  15. ↑ I pretty much relate to my character, says Disha Parmar. Latest Indian news, Top Breaking headlines, Today Headlines, Top Stories · Free Press Journal
  16. ↑ (11 November 2020). Bigg Boss 14's Rahul Vaidya proposed to girlfriend Disha Parmar for marriage on national TV; a look at their adorable relationship. The Times of India
  17. ↑ Bade Achhe Lagte Hain 2 promo: Ekta Kapoor praises Nakuul Mehta and Disha Parmar; reveals Ram and Sakshi were called an 'odd-couple' before the show - Times of India. The Times of India
  18. ↑ Bade Acche Lagte Hain 2 First Impression: Disha's Humour Drives the Show, Nakuul Complements Her. News18
  19. ↑ Telly awards 2013 Popular Awards winners
  20. ↑ Telly awards 2014 Popular Awards nominees and winners
  21. ↑ The 21st ITA Awards. theita2021.com
  22. ↑ ITA Awards 2022 complete winners list: Varun Dhawan, Nakuul Mehta, Disha Parmar, The Kashmir Files win big. Indian Express
  23. ↑ 14th Boroplus Gold Awards, 2022: Check Out The List Of Nominees. Gold Awards

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিশা পাৰমাৰ” প্ৰবন্ধৰ সংশোধন ৫৪৮৪১৩ (৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।